Digital-Divide/C2/Pre-Natal-Health-Care/Assamese

From Script | Spoken-Tutorial
Revision as of 11:26, 29 October 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:06 অভিনন্দন। অনুগ্রহ কৰি বহক।
00:10 অনিতা, আপোনি অন্তিম অ্যাপয়েন্টমেন্ট কেতিয়া লৈছিলে?
00:12 মটামটি 2 মাহৰ আগত।
00:15 এতিয়া মই গর্ভাবস্থাৰ চর্তুথ মাহত আছো।
00:19 গর্ভাবস্থাত নিয়মিত পৰীক্ষাৰ প্রয়োজন।
00:23 গর্ভাবস্থাত পৰীক্ষণ, সম্ভাব্য স্বাস্থ্য সমস্যাৰ এটা সুৰক্ষিত যত্ন।
00:29 এইটো গর্ভাবস্থাত হোৱা জটিলতা কমাবলৈ সাহায্য কৰে।
00:33 পৰীক্ষণৰ প্রতি 3 মাহ অন্তৰ আৰু গর্ভাবস্থাৰ অন্তিম মাহত সাপ্তাহিক হোৱা উচিত।
00:41 পৰীক্ষণে নিম্ন বিষয়ৰ তথ্য প্রদান কৰে:
00:43 মাকৰ মানসিক পৰিবর্তন,
00:46 জন্মৰ পূর্বৰ পুষ্টি আৰু খাদ্য,
00:48 ভিটামিন আৰু
00:50 জৈব পৰিবর্তন।
00:52 এই অবস্হা মোৰ বাবে প্রথম হয় আৰু সেয়ে মই এইবোৰৰ বাবে নতুন।
00:55 সেয়ে মোৰ আৰু শিশুৰ ভাল যত্নৰ বাবে পৰামর্শ দিয়ক।
01:00 Prenatal health care ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
01:04 ইয়াত, গর্ভাবস্থাত গর্ভবতী মাকৰ স্বাস্থ্য সম্বন্ধীয় তথ্য সম্পর্কে আলোচনা কৰা হব।
01:10 মাকৰ স্বাস্থ্য প্রথম আৰু সবতচে গুৰুত্বপূর্ণ।
01:14 সেয়ে আয়ৰনৰ অভাব প্রতিৰোধ কৰা সবতচে জৰুৰী।
01:18 গর্ভাবস্থাত গর্ভবতী মাকে আয়ৰন যুক্ত খাদ্য গ্রহণ কৰা উচিত।
01:23 গর্ভাবস্থাত, শৰীৰত অধিক ৰক্তৰ প্রয়োজন।
01:27 শিশুক অতিৰিক্ত ৰক্তৰ প্রয়োজন অনুযায়ী হিমোগ্লোবিন তৈয়াৰ কৰিবলৈ বেশী আয়ৰন লোৱা দৰকাৰ।
01:34 আপোনি আয়ৰন যুক্ত খাদ্য লোৱা দৰকাৰ।
01:38 সেউজীয়া সবজি,
01:40 ডিমৰ কুহুম,
01:41 শুকান ফল,
01:42 মটৰ গুটি 
01:43 আয়ৰন সমৃদ্ধ শস্য।
01:46 সিজাৰিয়ান প্রসবত অনেক বিপদৰ সম্ভাৱনা থাকে।
01:50 কর্তনৰ(incision) স্থানত সংক্রমণ আৰু
01:52 ৰক্ত ক্ষয় হোৱাত অ্যানিমিয়া হব পাৰে।
01:56 গর্ভবতী মহিলাৰ বাবে স্বাভাবিক প্রসবৰ চেষ্টা কৰা উচিত।
01:59 এইটো প্রসবৰ পূর্বত সঠিক যত্ন আৰু স্বাস্থ্যৱান খাদ্য খালেহে সম্ভব হয়।
02:04 নিজৰ শক্তিৰ স্তৰ বৃদ্ধি কৰিবলৈ ভালমতে ব্যায়াম কৰা জৰুৰী।
02:09 ব্যায়াম কৰিলে পীঠিৰ সমস্যাবোৰত আৰাম পায়, কোষ্ঠকাঠিন্য ঘটা কম হয় আৰু চাপও হ্রাস পায়।
02:16 এই মেশিনে কি কৰে?
02:18 এইটো সোনোগ্রাফি মেশিন।
02:20 এইটো শিশুৰ স্বাস্থ্য আৰু বিকাশ নিৰীক্ষণ কৰিবলৈ ব্যবহৃত হয়।
02:25 অনিতা, শুই যাওক যাতে সোনোগ্রাফিৰ গুৰুত্ব প্রদর্শন কৰিবলৈ পাৰো।
02:30 সাধাৰণতে সোনোগ্রাফি গর্ভাবস্থাৰ 20 সপ্তাহত সঞ্চালিত হয়।
02:36 নাড়ি (placenta) সুস্থ আছে কি নাই আৰু
02:37 শিশু জৰায়ুৰ ভিতৰত সঠিকভাবে বৃদ্ধি পাইছে কি নাই
02:40 এইটো সিনাক্ত কৰিবলৈ ব্যবহৃত হয়।
02:43 এইটোৱে শিশুৰ জন্মৰ সময়ত, কম ওজন হোৱাৰ নিচিনা গুৰুতৰ সমস্যাবোৰক সিনাক্ত কৰিবলৈ সাহায্য কৰে।
02:48 লগতে গর্ভপাত আৰু গর্ভপাত প্রতিৰোধ কৰিবলৈও সাহায্য কৰে।
02:54 গর্ভাবস্থাত নিম্নলিখিত জিনিসবোৰ গুৰুত্বপূর্ণ -
02:58 নিয়মিত পৰীক্ষণ,
03:00 সোনোগ্রাফিৰ গুৰুত্ব,
03:02 আয়ৰনৰ অভাব প্রতিৰোধ আৰু সঠিক পুষ্টি।
03:05 সিজাৰিয়ান প্রসবৰ তথ্য।
03:07 ব্যায়ামৰ গুৰুত্ব।
03:09 এই তথ্য দিয়াৰ বাবে ডাক্তৰক ধন্যবাদ জনাও। সেয়ে তাৰ নির্দেশাবলী অনুসৰণ কৰিব।
03:16 গর্ভাবস্থাত ভাল যত্ন লোৱাৰ বাবে আপোনাৰ উপৰত গর্বিত।
03:20 এই কাৰণে মা আৰু শিশু উভয়ে সুস্থ আৰু সুখী হয়।
03:24 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। গর্ভাবস্থাত ভাল যত্ন লোৱা আৰু পুষ্টিকৰ খাদ্য খাবলৈ মনত ৰাখিব।
03:32 শোনাৰ বাবে আপোনাক ধন্যবাদ।
03:35 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
03:38 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
03:40 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
03:45 স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
03:49 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
03:53 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক।
04:00 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
04:05 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
04:11 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
04:21 মই মৌচুমী মেধি বিদায় লৈছো।
04:25 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi