Digital-Divide/C2/Oral-Dental-Hygiene-and-Care/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | ৰামুয়ে ৰাতিপোৱা উঠি স্কুল যাবলৈ তৈয়াৰ হয়। |
00:08 | সি নিদ্রালু হলেও ব্রাশত পেস্ট লগায় দাঁত মাজা আৰম্ভ কৰে। |
00:15 | সোনকালে স্কুল যোৱাৰ বাবেহে সি তাড়াতাড়ি দাঁত মাজে। |
00:20 | সি মুখ ধুই স্নান কৰিবলৈ যায় আৰু তৈয়াৰ হয়। |
00:25 | ৰামুৰ মাকে তাক জলপান খাবলৈ মাতে। |
00:28 | ৰামুয়ে জলপান খায়। |
00:31 | খাদ্য খাওতে তাৰ দাঁতৰ মাঝত আটকি যোৱাত সি জোৰত চিঞৰে। |
00:36 | মাকে তাক পানী খাব দিয়ে আৰু ইতিমধ্যে দেৰী হোৱাৰ বাবে তাক স্কুললৈ বেগে যাব কয়। |
00:43 | ৰামু এতিয়াও বিষৰ বেদনাত আছে, সি ব্যাগটো লৈ ঘৰৰ পৰা যায়। |
00:48 | পথত তাৰ এটা বন্ধুৰ সৈতে দেখা হয়। |
00:51 | তাক কষ্টত দেখি তাৰ বন্ধু সুৰেশে তাক বেদনাৰ কাৰণ সোধে। |
00:56 | ৰামুয়ে ঘটনাৰ বর্ণন কৰে। |
00:59 | সুৰেশে ধৈর্যশীল হৈ ৰামুৰ কথা শোনে। |
01:02 | সি তাৰ ঘৰৰ উচৰত থকা দাঁতৰ চিকিৎসক এজনৰ বিষয়ে কয়। |
01:07 | সুৰেশে স্কুলৰ পিছত তাক চিকিৎসকৰ উচৰত লৈ যোৱাৰ কথা কয়। |
01:13 | Digital Divide ক নির্মানৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
01:18 | ইয়াত দাঁত সংক্রান্ত স্বাস্থ্যবিধি, প্রাথমিক যত্ন লোৱা আৰু দন্ত-চিকিৎসকৰ পৰামর্শ সম্পর্কে শিকিম। |
01:27 | স্কুলৰ পৰা উভতি আহোতে সুৰেশে আৰু ৰামুয়ে চিকিৎসকৰ সৈতে দেখা কৰে। |
01:33 | চিকিৎসকে ৰামুৰ দাঁত পৰীক্ষা কৰি কয় যে তাৰ দাঁতত সৰু ক্যাভিটি হৈছে। |
01:39 | তাৰপিছত ক্যাভিটি হোৱাৰ সম্পর্কে কয়। |
01:45 | দাঁতৰ মাঝত খাদ্য আটকি গলে, |
01:48 | ভালমতে দাঁত নামাজিলে, |
01:52 | কোল্ড ড্রিঙ্কস যাৰ সিট্রিক অ্যাসিডৰ শতকৰা হাৰ বেশি থাকে। |
01:57 | ইয়াৰ পিছত চিকিৎসকে এই ধৰনৰ বিষৰ পৰা ৰেহায় পাবলৈ কিছো উপায় সম্পর্কে কয়। |
02:04 | মিনৰেল আৰু ক্যালসিয়াম যুক্ত খাদ্য খোৱা। |
02:08 | ভালমতে দাঁত মাজা। |
02:11 | দিনত দুইবাৰ দাঁত মাজা। |
02:14 | প্রতিবাৰ খোৱাৰ পিছত মুখ ধোৱা। |
02:17 | সকলোৱে প্রতি ছয় মাহত এবাৰ দাঁতৰ চিকিত্সকৰ উচৰত যোৱা এটা ভাল উপায় হয়। |
02:24 | দন্ত-চিকিৎসকৰ উচৰত যাওক: |
02:25 | যদি দাঁত অসমান, ঠাহি বা বিশৃঙ্খল হয়, |
02:31 | দাঁতত ক্যাভিটি দেখা দিলে, |
02:34 | গৰম আৰু ঠান্ডা খাদ্য খোৱাৰ বাবে দাঁতত সংবেদনশীল হলে। |
02:38 | চোবোৱাৰ এলাকাৰ বাহিৰৰ আৰু ভিতৰৰ ফালে নম্রভাবে মাজক। |
02:45 | জীভাও মাজক যাতে ভাল নিশ্বাস বজায় ৰাখিব পাৰে আৰু জীবাণুৰ পৰা মুক্তি দিয়ে। |
02:53 | প্রাকৃতিক বিকল্প, Miswak এটা চোবোৱা ঠাৰি হয় যি পিলু গছৰ ডালৰ পৰা কটা হয়। |
02:58 | এই ঠাৰিডাল চোবোৱা প্রয়োজন হয়। |
03:01 | তাৰপিছত এই চোবোৱ ঠাৰিডাল প্রাকৃতিক ব্রাশ হিসাবে ব্যবহাৰ কৰা যাব পাৰে। |
03:06 | মনত ৰাখিব, দাঁতৰ যত্ন লোৱা আৰু সময়ে সময়ে দাঁতৰ চিকিত্সকৰ উচৰত যোৱা, দাঁত সংক্রান্ত স্বাস্থ্যবিধি বজায় ৰাখিবলৈ সাহায্য কৰে। |
03:14 | শোনাৰ বাবে ধন্যবাদ। সুৰক্ষিত থাকক। |
03:17 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
03:21 | এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়। |
03:24 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
03:29 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
03:35 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
03:38 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক । |
03:46 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
03:51 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
03:57 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
04:14 | মই মৌচুমী মেধি বিদায় লৈছো। |
04:21 | অংশগ্রহনৰ বাবে ধন্যবাদ। |