Digital-Divide/C2/How-to-buy-the-train-ticket/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Online Train Booking ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:08 | এই টিউটোৰিয়েলত irctc ত টিকেট নির্বাচন কৰা শিকিম। |
00:13 | ভ্রমণৰ সেক্টৰ নির্বাচন কৰা। |
00:16 | ট্রেন আৰু ভ্রমণৰ ক্লাস নির্বাচন কৰা। |
00:19 | ইউসাৰৰ তথ্য লিখিবলৈ E-ticket বা I-ticket নির্ধাৰিত কৰা। |
00:24 | প্রথম বাৰ ডেবিট কার্ডৰ ব্যবহাৰ ব্যাখ্যা কৰিম আৰু ইয়াৰ দ্বাৰা অনলাইন টিকেট কিনাৰ বিষয়ে ব্যাখ্যা কৰিম। |
00:32 | টিকেট কিনবলৈ নিম্ন বিকল্প প্রয়োজন হয়: |
00:36 | ATM কার্ড সহ ব্যাঙ্কৰ অ্যাকাউন্ট, |
00:39 | অনলাইন ট্রানসাকশান ক্ষমতা সহ ব্যাঙ্কৰ অ্যাকাউন্ট, |
00:43 | Credit কার্ড |
00:44 | আৰু অবশ্যই ইন্টাৰনেট সংযোগ সহ কম্পিউটাৰ। |
00:48 | নিম্ন পদ্ধতি নির্বাচন কৰিম: |
00:50 | আমাৰ উচৰত ICICI ATM কার্ড আছে। |
00:53 | Visa ডেবিট কার্ড ও আছে। |
00:56 | এতিয়া এটা টিকেট বুক কৰিম। |
00:59 | Username হিসাবে লিখক kannan_mou, আৰু Password .... লিখি Login ত টিপক। |
01:12 | ধৰক Mumbaiৰ পৰা যাব বিচাৰো, সেয়ে 4টা অক্ষৰ লেখাত এইটোৱে বিকল্প দিয়ে, Mumbai Central নির্বাচন কৰো, পিছত 4টা অক্ষৰ SURA লিখি অপেক্ষা কৰক। |
01:26 | আসলতে মই Surat লৈ যাব বিচাৰো। |
01:28 | স্টেশন কোড চাওক, BCT, Bombay Central ৰ বাবে আৰু ST, Surat ৰ বাবে। |
01:35 | ভবিষ্যতে, আমি সৰাসৰি BCT আৰু ST লিখিব পাৰিম, উদাহৰণ স্বৰুপে, এইটো মুছি BCT লিখো, এইটোক এইভাবে এৰি দিও। |
01:47 | Date হিসাবে 23 ডিসেম্বৰ নির্বাচন কৰি বাকি বিকল্প একেইৰকমে ৰাখক E-ticket আৰু General. |
01:55 | মই E-ticket বা I-ticket আৰু বিকল্প সম্পর্কে কম। |
01:59 | পার্থক্যবোৰ কি, মই পিছত ব্যাখ্যা কৰিম. |
02:02 | Find Trains ত টিপক। সোফালে চাওক। |
02:08 | ইয়াত অনেক ট্রেন আছে। ফন্টটো অলপ সৰু কৰো, |
02:11 | যাতে সকলো ট্রেন চাব পাৰো। |
02:15 | ধৰক, আমি ট্রেন সংখ্যা 12935 দ্ৱাৰা যাব বিচাৰো। |
02:19 | সেয়ে, দ্বিতীয় ক্লাস 2S ৰ অধীনত উপলব্ধ টিকেট চাও। |
02:24 | অলপমান তললৈ চাও, ই কয় যে এইটো প্রতিক্ষা সূচীত আছে। |
02:29 | এইটো প্রতিক্ষা সূচীত আছে যদিও মই এইটো বুক কৰিব বিচাৰো। |
02:34 | Book ত টিপিলে এইটোৱে এটা ম্যাসেজ দিয়ে যে আমি যি স্টেশন নির্বাচন কৰিছো সেইটো এই ৰুটত উপস্থিত নাই। |
02:44 | সেয়ে, ধৰক আমি Bandra Terminus নির্বাচন কৰিব বিচাৰো, ইয়াত গৈ Book ত টিপো। |
02:57 | Name ফীল্ডত লিখক Kannan Moudgalya, Age ত 53, Male, Berth preference ত - Window seat. |
03:12 | Senior Citizen বোতামত টিপিলে এইটোৱে কয় যে যাত্রীৰ বয়স 60 বছৰ বা তাৰ অধিক হব লাগিব. OK বোতামত টিপক। |
03:22 | যদি Female নির্বাচন কৰি Senior Citizen ত টিপে যাত্রীৰ বয়স 58 বছৰ বা তাৰ বেশী হব লাগিব। |
03:31 | সেয়ে বৰিষ্ঠ নাগৰিক হিসাবে মহিলাৰ বাবে58 আৰু পুৰুষৰ বাবে 60 নির্ধাৰিত। |
03:39 | বৰিষ্ঠ নাগৰিকৰ বাবে কিছো সুবিধা আছে। |
03:41 | এতিয়া Male ত উভতি গৈ Window Seat নির্বাচন কৰক। |
03:45 | এইবোৰৰ বাবে চিন্তা কৰা কোনো প্ৰয়োজন নাই, মই এই ইমেজটো E37745A প্রবিষ্ট(enter) কৰিব লাগে। |
03:58 | Go ত টিপক। |
04:03 | এইটোৱে সকলো বর্ণনা দিয়ে আৰু কয় যে টিকেটৰ মুল্য হল 99. |
04:11 | এতিয়া ইয়াত Make Payment বোতামত টিপো, টকা দিবলৈ। |
04:20 | ইয়াৰে যি কোনো বিকল্প বাছনি কৰিব পাৰো। |
04:22 | আমি Credit Card, Net Banking, Debit Card, Cash Card ব্যবহাৰ কৰিব পাৰো। |
04:29 | অধিকাংশ মানুহৰ বাবে অ্যাক্সেস যোগ্য কৰিবলৈ Debit Card ৰ ব্যবহাৰ ব্যাখ্যা কৰিম। |
04:38 | মই যি কোনো এটা বিকল্প চয়ন কৰিব পাৰিম, কিন্তু মোৰ উচৰত থকা ICICI ব্যাঙ্কৰ বিকল্প ইয়াত নাই। |
04:46 | কিন্তু এইটোৱে কয় যে, ইয়াত তালিকাভুক্ত নথকা কার্ড থাকিলে, ভিসা বা মাস্টাৰ ডেবিট কার্ডৰ বাবে Click Here ত টিপক। |
04:55 | ইয়াত টিপিলে এইটোৱে কয় যে নিম্নলিখিত ব্যাঙ্কৰ ভিসা/মাস্টাৰ কার্ড সেই তাৰিখত অনলাইন ট্রানসাকশন কৰিবলৈ ব্যবহাৰ কৰা যাব পাৰে। |
05:09 | ICICI bank ইয়াত তালিকাভুক্ত আছে। সেয়ে এইটো বন্ধ কৰি এইটো বিকল্প চয়ন কৰো। |
05:16 | আমি Visa/Master নির্বাচন কৰিম, Card Type ত Visa লিখক। |
05:23 | আমি আমাৰ ATM কার্ডৰ নম্বৰ প্রদর্শন নকৰো। |
05:27 | প্রথমে ডেবিট কার্ডত থকা 16 অঙ্কৰ সংখ্যা লিখি Credit Card Expiry ত তাৰিখ আৰু তাৰপিছত CVV Number লিখক। |
05:39 | CVV হল ডেবিট কার্ডৰ পিছফালে থকা সংখ্যাৰ শেষৰ তিনটা অঙ্কৰ সংখ্যা। |
05:44 | পিছত আপোনাৰ হস্তাক্ষৰ। এই তথ্য লেখাৰ পিছত আমি Buy বোতামত টিপো। |
05:52 | এইটোক কৰাৰ পিছত ICICI ব্যাঙ্কৰ পৰা নিম্ন ম্যাসেজ পাও। |
05:57 | মই Validity Date, Date Of Birth আৰু ATM PIN দিব লাগিব। |
06:04 | এইভাবে অনলাইন ট্রানসাকশনৰ বাবে এই কার্ড ৰেজিস্টাৰ কৰা হয়। |
06:09 | এইটোক অলপ ডাঙৰ কৰি চাও। |
06:14 | মই লিখা এইবোৰ আপোনালোকক প্রদর্শন কৰাব বিচাৰো। |
06:21 | এইটো কৰাৰ সৈতে আমি এই ম্যাসেজ পাও। |
06:26 | মই 6 অঙ্কৰ সংখ্যা সঠিকভাবে চয়ন কৰো, যাতে এইটো আমাৰ মনত ৰাখিবলৈ সহজ হয় আৰু অন্যৰ বাবে জটিল হয়। |
06:36 | পাসওয়ার্ড সঠিকভাবে তৈয়াৰ কৰিবলৈ এইটো দুইবাৰ লিখিব লাগিব। এইটোৱে ভুল লিখাত প্রতিৰোধ কৰে। |
06:45 | এই পাসওয়ার্ডটো এবাৰেই তৈয়াৰ কৰিব লাগে। |
06:48 | এতিয়াৰ পৰা, আপোনি ডেবিট কার্ডৰ সৈতে এই পাসওয়ার্ড ব্যবহাৰ কৰিব পাৰে, Submit বোতামত টিপি চাওক যে কি হয়। |
07:00 | এইটোৱে কয় যে, অভিনন্দন! আপোনাৰ টিকেট বুক হৈছে। |
07:06 | টিকেট সম্পর্কে সকলো তথ্য ইয়াতে দিয়া হৈছে, PNR নম্বৰ সৈতে। |
07:13 | যাত্রাৰ পূর্বে প্রতিক্ষা সূচীৰ PNR নম্বৰৰ টিকেট নিশ্চিত হৈছে কি নাই চাওক। |
07:21 | IRCTC দ্বাৰা পঠোৱা স্বয়ংক্রিয় ইমেল চাও। টিকেটৰ বর্ণন ইয়াতে আছে। |
07:29 | আপোনি প্রিন্ট লব পাৰে। এতিয়া স্লাইডলৈ উভতি যাও। |
07:36 | স্লাইডলৈ উভতি আহিছো। এতিয়া কি কৰা যায়? |
07:39 | আপোনি টিকেটৰ প্রিন্ট লব পাৰে। |
07:42 | প্রতিক্ষা সূচীৰ টিকেট ভ্রমণৰ পূর্বে নিশ্চিত হোৱা জৰুৰী। |
07:47 | প্রতিক্ষা সূচীৰ টিকেট প্রিন্ট লোৱা যথেষ্ট। |
07:51 | আকৌ এবাৰ প্রিন্ট কৰাৰ দৰকাৰ নাই। |
07:53 | এবাৰ টিকেট নিশ্চিত হৈ গলে, কোনো সমস্যা নাই। |
07:58 | এই টিউটৰিয়েলত দেখোৱা পদ্ধতি কিমান সার্বজনীন হয়? |
08:03 | বিভিন্ন ATM কার্ডত সামান্য ভিন্ন হব পাৰে। |
08:07 | ক্রেডিট কার্ডৰ পদ্ধতি একেই, অনলাইন ব্যাঙ্ক ট্রানসাকশনও ইয়াত একেই। |
08:14 | কিন্তু সমগ্র পদ্ধতি সকলো পদ্ধতিৰ ক্ষেত্রত অনন্য। |
08:20 | কার্ড বা অ্যাকাউন্টৰ তথ্য লিখা। |
08:23 | পাসওয়ার্ড লিখা, কেতিয়াবা মোবাইলত পঠোৱা এটা অস্থায়ী কোড প্রয়োজন হব পাৰে। |
08:31 | পিছৰ প্রশ্ন হল E-ticket নে i-ticket কিনিব। |
08:36 | E-ticket ৰ ক্ষেত্রত, এইটো অন্তিম মিনিটতোও কিনা যাব পাৰে। |
08:41 | এজনক প্রিন্টাৰ বা স্মার্ট ফোনৰ দৰকাৰ যদিও এইটো হেৰোৱাৰ কোনো ভয় নাই। |
08:48 | যদি হেৰাই যায়, আৰু এটা প্রিন্ট লব পাৰি। |
08:51 | ভ্রমণৰ সময়ত পৰিচয় প্রমাণৰ প্রয়োজন। |
08:55 | i-Ticket হলে এইটো কুৰিয়াৰ দ্বাৰা পঠোৱা হব, ইয়াৰ বাবে50 টকা দিব লাগিব। |
09:03 | ডাক বিতৰণৰ বাবে 2-3 দিন সময় লাগে। |
09:07 | এইটো সকলো নগৰ আৰু গ্রামৰ বাবে উপলব্ধ নহয়। |
09:11 | টিকেট মাত্র কাউন্টাৰত ক্যানসেল হয়। |
09:15 | i-ticket ৰ মাধ্যমেৰে ভ্রমন কৰিলে পৰিচয় প্রমাণৰ প্রয়োজন নাই। |
09:21 | পৰিচয় প্রমাণ কি? |
09:22 | এইটো ছবি সহ সৰকাৰ দ্বাৰা জাৰি কৰা কার্ড; |
09:26 | এইটোPAN card, |
09:27 | Election card |
09:28 | Driving license |
09:29 | বা Passport যিকোনো এখন হব পাৰে। |
09:33 | ইতিমধ্যে এটা ওয়েবসাইট খুলিছো. এইটোৱে কয় যে এইবোৰৰ পৰা ছবি সহ এখন বহন কৰিব লাগে। |
09:41 | স্লাইডলৈ উভতি যাও। |
09:43 | সুবিধা সহ (concessional rates) দাম উপলব্ধ। |
09:46 | ইয়াত উপযোগী সাইট উপলব্ধ। এতিয়া এই সাইটলৈ যাও। |
09:55 | স্লাইডলৈ উভতি আহো, বৰিষ্ঠ নাগৰিকে প্রায় 40 শতাংশ ৰেহায় পায়। |
10:01 | বৰিষ্ঠ নাগৰিক হল পুৰুষৰ ক্ষেত্রত 60 বছৰ বা ঊর্ধ, মহিলাৰ ক্ষেত্রত 58 বছৰ বা ঊর্ধ। |
10:09 | ৰেহায় পোৱাৰ বাবে ভ্রমণৰ সময়ত প্রমাণৰ প্রয়োজন লাগে। |
10:15 | E-ticket বুক কৰা থাকিলে ভ্রমনৰ সময়ত টিকেটৰ প্রমানৰ বাবে স্মার্ট ফোনত E-copy বা টিকেটৰ এটা প্রিন্ট আৰু এখন পৰিচয় প্রমাণ। |
10:29 | অথবা i-ticket. |
10:32 | i-ticket ৰ ক্ষেত্রত পৰিচয় প্রমাণৰ প্রয়োজন নাই। |
10:37 | নিম্ন দৰকাৰী পৰামর্শ/উপায় আছে। |
10:40 | অগ্রিম(advance) বুকিং কৰক। |
10:42 | ভ্রমণৰ সম্ভাবনা কম হলেও টিকেট বুক কৰক। |
10:46 | আপোনি সর্বদা টিকেট ক্যানসেল কৰিব পাৰে, যদিও ইয়াত কিছু টকা কাটিব। |
10:51 | এইটো টিকেট নোপোৱাতচে ভাল বিকল্প হয়। |
10:55 | অন্তিম সময়ত টিকেট কাটিব নোৱাৰে। |
10:57 | IRCTC ওয়েবসাইট দ্রুত হলে বুক কৰক। |
11:01 | সাধাৰণতে মাজ দুপৰিয়া বা অধিক ৰাতি এইটো দ্রুত হয়। |
11:06 | পাৰিলে ৰাতিপূৱা 8 টাৰ পৰা 10 টা পর্যন্ত এড়ি চাব। |
11:10 | পিছৰ টিউটোৰিয়েলত IRCTC ৰ মাধ্যমেৰে বুক কৰা টিকেট পৰিচালনা কৰা দেখাব। |
11:18 | আগৰ বুকিং দেখোৱা। |
11:20 | PNR স্টেটাস ছেক কৰা |
11:23 | টিকেট ক্যানসেল কৰা। |
11:25 | এতিয়া স্পোকেন টিউটোৰিয়েল প্রকল্প সম্পর্কে কও। |
11:28 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
11:35 | এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়। |
11:38 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
11:43 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে |
11:45 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
11:48 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
11:51 | বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। |
11:54 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
11:58 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
12:03 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
12:12 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
12:15 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |