Firefox/C4/Extensions/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | মোজিলা ফায়াৰফক্সত "এক্সটেনশান" এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত। |
00:05 | এই টিউটোৰিয়েলত আমি শিকিম: এক্সটেনশান বা অ্যাড-অনস, এক্সটেনশান সংস্থাপিত কৰা, প্রস্তাবিত এক্সটেনশান। |
00:14 | ইয়াত আমি উবুন্টু 10.04ত ফায়াৰফক্স 7.0 ব্যবহাৰ কৰিছো। |
00:20 | এতিয়া ফায়াৰফক্স ব্রাউজাৰ খুলো। |
00:23 | ডিফল্টৰুপে, Yahoo হোম পেজ খোলে। |
00:27 | এক্সটেনশান বা অ্যাড-অনস কি? |
00:29 | এক্সটেনশানে আপোনাক: |
00:31 | * ফায়াৰফক্স ব্রাউজাৰত নতুন বৈশিষ্ট্য যোগ কৰা, |
00:35 | * বিদ্যমান বৈশিষ্ট্য উন্নত কৰা, |
00:37 | * আপোনাৰ পছন্দ অনুযায়ী ফায়াৰফক্স ব্রাউজাৰক কাস্টমাইজ কৰাৰ অনুমতি দেয়। |
00:42 | * এক্সটেনশন, ফায়াৰফক্স ব্রাউজাৰৰ এটা অংশ, |
00:45 | * আৰু ব্রাউজাৰৰ ক্ষমতা প্রসাৰিত কৰে। |
00:48 | উদাহৰণস্বৰুপে, আপোনি এক্সটেনশন ইনস্টল কৰিবলৈ পাৰিব যি: |
00:51 | # বিজ্ঞাপন বা পপআপ ব্লক কৰে। |
00:54 | # পণ্যৰ (commodities) মূল্য তুলনা কৰে। |
00:56 | # আৰু বতৰৰ(weather) আপডেটও প্রদর্শন কৰে। |
01:00 | Grab and Drag এক্সটেনশন সংস্থাপিত কৰো। |
01:03 | Grab and Dragএ আপোনাক ভিন্ন উপায়েৰে ওয়েব পেজ স্ক্রল কৰিবলৈ দিয়ে। |
01:07 | এইটো Adobe Acrobat ত Grab and Drag ফাংশনৰ অনুৰুপ। |
01:12 | Menu bar পৰা Tools আৰুAdd-ons ত টিপক। |
01:16 | Add-ons Manager ট্যাব খোলে। |
01:20 | বিকল্পৰুপে, Add-ons Manager ট্যাব খুলিবলৈ আপোনি CTRL+Shift+A কী একলগেও টিপিব পাৰিব। |
01:28 | Add-ons Manager ত থকা বাওপ্যানেলে উপলব্ধ বিকল্পবোৰ প্রদর্শন কৰে। |
01:34 | লক্ষ্য কৰক, ডিফল্টৰুপে, Get Add-ons বিকল্প নির্বাচিত। |
01:39 | সো প্যানেলে বাওপ্যানেলত নির্বাচিত বিকল্পৰ বাবে তথ্য প্রদর্শন কৰে। |
01:45 | সেয়ে, সো প্যানেলে Add-ons সংজ্ঞায়িত কৰে আৰুAdd-ons এৰ সৈতে কি ভাবে আৰম্ভ কৰে তাক কয়। |
01:51 | এইটোৱে আৰো কিছু Add-ons এৰ তালিকা দিয়ে যাক আপোনি সংস্থাপিত কৰিবলৈ পাৰিব। |
01:55 | এতিয়া, আমি নতুন Add-on: Grab and Drag সংস্থাপিত কৰিম। |
01:59 | প্রথমে, উপৰৰ সোফালে অবস্থিত সার্চ বাৰত, Grab and Drag লিখক।
Enter লিখক। |
02:08 | সো প্যানেলে, এতিয়া add-ons এৰ তালিকা বনায়, যি আমাৰ দ্বাৰা অন্বেষিত নামৰ সৈতে মিলে। |
02:14 | আৰু, লক্ষ্য কৰক যে, সকলো add-ons যাৰ শিৰোনামত drag শব্দটো আছে, তাক প্রদর্শিত কৰা হৈছে। |
02:20 | লক্ষ্য কৰক যে, তালিকাত প্রথম নাম Grab and Drag, এটা সঠিক মিল। |
02:26 | Install ত টিপক। |
02:28 | অধিকাংশ সফ্টওয়্যাৰৰ নিচিনা, কিছু add-ons ত, End-User License Agreements ও থাকিব পাৰে। |
02:35 | End-User License Agreement ডায়লগ বাক্সত, Accept and Install ত টিপক। |
02:41 | অ্যাড অন ডাউনলোড প্রগতি(progress) বাৰ প্রদর্শিত হয়। |
02:46 | ইয়াৰ পিছত, এটা ম্যাসেজ add-on will be installed |
02:50 | after you restart Firefox প্রদর্শিত হয়। |
02:54 | Restart Now ত টিপক। |
02:57 | ফায়াৰফক্স ব্রাউজাৰ বন্ধ হৈ আকৌ এবাৰ খোলে। |
03:01 | Add-ons Managerএ এটা নতুন ট্যাবে খোলে। |
03:05 | লক্ষ্য কৰক, Grab and Drag এক্সটেনশন এক্সটেনশন ট্যাবৰ সোফালৰ প্যানেলত প্রদর্শিত হৈছে।
|
03:11 | পূর্ববর্তী ধাপবোৰ অনুসৰণ কৰি অন্য এক্সটেনশন Scrap Book সংস্থাপিত কৰক। |
03:18 | Scrap Book এ ওয়েব পেজ সংগ্রহক সংৰক্ষণ আৰু পৰিচালনা কৰাৰ অনুমতি দিয়ে। |
03:24 | * লক্ষ্য কৰক, ইনস্টলেশন প্রগতি বাৰ আৰু মেছেজ restart Firefox, বেলেগ ভাবে প্রদর্শিত নহয়। |
03:33 | * সেইবোৰ Scrap Book বাৰত প্রদর্শিত হৈছে। |
03:36 | Restart Nowত টিপক। |
03:40 | Scrap Book ফায়াৰফক্সত সংস্থাপিত হৈছে। |
03:44 | এই টিউটোৰিয়েলটো ৰখাওক আৰু নির্দেশিত কামটো কৰক। |
03:48 | * ফায়াৰফক্স ব্রাউজাৰত Add-ons Manager খোলক। |
03:52 | * Get Add-ons বিকল্পত, Featured 'Add-ons' এৰ তালিকাৰ পৰা এটা নতুন add-on সংস্থাপিত কৰক। |
03:59 | * Add-ons Manager ত Extensions বিকল্প ব্যবহাৰ কৰি আপোনি এক্সটেনশন পৰিচালনা কৰক, |
04:03 | * অর্থাত তাক যোগ কৰা, |
04:06 | * মুছি পেলোৱা বা আপডেট কৰা। |
04:08 | ফায়াৰফক্স ব্রাউজাৰত Add-ons Manager ট্যাবত টিপক। |
04:13 | বাওপ্যানেলৰ পৰা, Extensions ত টিপক। |
04:16 | সো প্যানেলে, এতিয়া আপোনাৰ কম্পিউটাৰত সংস্থাপিত কৰা এক্সটেনশনস প্রদর্শন কৰে। |
04:22 | ScrapBook সম্পর্কে অধিক জানিবলৈ, এইটো নির্বাচন কৰি More ত টিপক। |
04:27 | * ScrapBook সম্পর্কে বিশদ বিবৰণ প্রদর্শিত হৈছে। |
04:31 | * এক্সটেনশন সম্পর্কে সকলো জানিবলৈ ওয়েবসাইট লিঙ্কত টিপক। |
04:35 | এতিয়া, বাওপ্যানেলৰ পৰা, Extensions বিকল্পত টিপক। |
04:40 | লক্ষ্য কৰক, প্রতিটো এক্সটেনশনৰ বাবে আপোনি, প্রেফেৰেন্সেস সেট কৰিবলৈ পাৰিব, তাক নিষ্ক্রিয় বা মুছি পেলাবলৈও পাৰিব। |
04:46 | Grab and Drag নির্বাচন কৰক আৰুPreferences ত টিপক। |
04:49 | আপোনি এই ডায়লগ বাক্স ব্যবহাৰ কৰি প্রেফেৰেন্সেস সেট কৰিবলৈ পাৰিব। |
04:53 | ডায়লগ বাক্স বন্ধ কৰিবলৈ Cancel ত টিপক। |
04:57 | এতিয়া Scrap Book নির্বাচন কৰক আৰুPreferences ত টিপক। |
05:01 | লক্ষ্য কৰক যে, Scrap Book Options ডায়লগ বাক্স Grab and Drag Preferences ডায়লগ বাক্সৰ পৰা ভিন্ন হয়। |
05:09 | * সেয়ে, প্রতিটো এক্সটেনশনত ভিন্ন সেটিংস আছে যি সলাব পাৰি। |
05:13 | * যদি এটা এক্সটেনশনৰ বাবে Preferences বাটন দৃশ্যমান নহয়, |
05:17 | * ইয়াৰ অর্থ হৈছে ইয়াৰ বাবে কোনো প্রেফেৰেন্সেস নাই। |
05:21 | Scrap Book Options ডায়লগ বাক্স বন্ধ কৰিবলৈ Close ত টিপক। |
05:26 | অধিকাংশ সফ্টওয়্যাৰৰ নিচিনা, অ্যাড- অনস ও নিয়মিত আপডেট কৰা হয়। |
05:31 | Scrap Book আপডেট কৰিবলৈ, এইটো নির্বাচন কৰক, ৰাইট ক্লিক কৰক আৰুFind Updates ত টিপক। |
05:37 | যদি আপডেট পোৱা যায় তেনেহলে, Update বাটন প্রদর্শিত হয়। |
05:42 | অ্যাড- অন আপডেট কৰিবলৈ ইয়াৰ উপৰত টিপক। |
05:47 | যিহেতু ইয়াতScrap Book এৰ কোনো আপডেট নাই, Update বাটন প্রদর্শিত নহয়। |
05:51 | অবশেষত, আপোনি এক্সটেনশন ব্যবহাৰ কৰিব নিবিছাৰিলে Disable বাটনত টিপক। |
05:58 | আৰু আপোনাৰ কম্পিউটাৰৰ পৰা এক্সটেনশন মুছি পেলাবলৈ Remove ত টিপক। |
06:03 | আমি এক্সটেনশন সম্পর্কে সকলো শিকিছো! |
06:06 | এতিয়া আপোনি ফায়াৰফক্সত আৰো বৈশিষ্ট্য যুক্ত কৰি কামবোৰ কার্যকৰ কৰিবলৈ এক্সটেনশন ব্যবহাৰ কৰিবলৈ পাৰিব। |
06:13 | * আপোনি একাধিক অ্যাড- অনস সম্পর্কে জানিবলৈ Get Add-ons বিকল্প ব্যবহাৰ কৰিবলৈ পাৰিব। |
06:18 | * ইয়াৰ পিছত আপোনি সবতচে উপযোগী বা প্রাসঙ্গিক অ্যাড- অন নির্বাচন কৰি তাক সংস্থাপিত কৰিব পাৰিব। |
06:24 | Firefox Extensions সম্পর্কে আৰো জানিবলৈ ফায়াৰফক্স ওয়েবসাইটত চাওক। |
06:31 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
06:34 | এই টিউটোৰিয়েলত আমি এক্সটেনশন, এক্সটেনশন সংস্থাপিত কৰা, প্রস্তাবিত এক্সটেনশন সম্পর্কে শিকিছো। |
06:42 | এতিয়া নির্দেশিত কাম। |
06:45 | * WebMail Notifier এক্সটেনশন বিছাৰক আৰু |
06:49 | * আপোনাৰ কম্পিউটাৰত এইটো সংস্থাপিত কৰক। |
06:52 | * এই এক্সটেনশনৰ বৈশিষ্ট্য সম্পর্কে জানক আৰু আপোনাৰ মেইল অ্যাকাউন্টৰ পৰা অপঠিত(unread) মেইল চেক কৰিবলৈ ইয়াক ব্যবহাৰ কিভাবে কৰে চাওক। |
07:01 | * এক্সটেনশন অক্ষম কৰক। |
07:03 | * তাৰপিছত এইটোক ফায়াৰফক্সৰ পৰা অতৰুৱাই দিয়ক। |
07:07 | * এই লিঙ্কত উপলব্ধ ভিডিও-টি চাওক। |
07:10 | * এইটোৱে Spoken Tutorial প্রকল্পৰ সাৰংস বোঝায়। |
07:13 | *যদি ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি ভিডিও-টো ডাউনলোড কৰিও চাব পাৰিব। |
07:18 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
07:19 | * স্পোকেন টিউটোৰিয়েল-বোৰ ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
07:23 | * যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র দিয়ে। |
07:27 | * এই বিষয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
07:33 | * স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
07:37 | * এইটো ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
07:45 | * এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কতপ্রাপ্তিসাধ্য। |
07:48 | * spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
07:56 | * মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। |
08:00 | * অংশগ্রহনৰ বাবে ধন্যবাদ। |