LibreOffice-Suite-Base/C4/Database-Design-Purpose-OrganizeTables/Assamese

From Script | Spoken-Tutorial
Revision as of 13:13, 28 August 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

LibreOffice-Suite-Base/C4/Database-Design-Purpose-OrganizeTables/English-timed

Time ASSAMESE
00:00 লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
00:04 এই টিউটৰিয়েলত,

আমি ডাটাবেছ ডিজাইন সম্পৰ্কত এই বিষয়কেইটা শিকিম:

00:09 আমাৰ ডাটাবেছৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা
00:12 দৰকাৰ হোৱা তথ্য বিচৰা আৰু সজোৱা
00:15 তথ্যবিলাক টেবুলত বিভক্ত কৰা।
00:19 ডাটাবেছ ডিজাইন কি?
00:21 কোনো এটা ডাটাবেছৰ পুংখানুপুংখ ডাটা মডেল তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটোক ডাটাবেছ ডিজাইন বুলি কোৱা হয়।
00:28 এটা ভালদৰে ডিজাইন কৰা ডাটাবেছে
00:32 একেবাৰে শেহতীয়া, নিৰ্ভুল আৰু সম্পূৰ্ণ তথ্য আগবঢ়াব পাৰে।
00:37 ইয়াৰ অৰ্থ হৈছে, বিভিন্ন পৰ্যায়ত আমাৰ তথ্যৰ শুদ্ধতা সম্পৰ্কে আমি নিশ্চিত হ’ব পাৰোঁ
00:43 ডাটা প্ৰচেচিং আৰু ৰিপৰ্টিঙৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰে
00:48 আৰু সহজে সাল-সলনি গ্ৰহণ কৰে।
00:51 ডাটাবেছ ডিজাইন প্ৰক্ৰিয়া এইকেইটা ধাপেৰে গঠিত হৈছে—
00:57 আমাৰ ডাটাবেছৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা
01:00 দৰকাৰী তথ্য বিচৰা আৰু সজোৱা
01:04 তথ্যসমূহ টেবুলত বিভক্ত কৰা
01:07 তথ্যৰ বিষয়বস্তু কলমলৈ পৰিৱৰ্তন কৰা
01:11 প্ৰাইমেৰী কী নিৰ্ধাৰণ কৰা
01:14 টেবুল ৰিলেশ্বনশ্বিপ চেটআপ কৰা
01:17 আমাৰ ডিজাইনৰ অশুদ্ধি দূৰ কৰা
01:20 নৰমেলাইজেশ্যন ৰুল প্ৰয়োগ কৰা
01:23 আৰু শেষত, ডাটাবেছটো পৰীক্ষা আৰু ৰান কৰা আৰু ইয়াক মেইনটেইন কৰা।
01:28 ঠিক আছে, প্ৰথমটো ধাপলৈ যোৱা যাওক, সেইটো হৈছে
01:32 আমাৰ ডাটাবেছৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা।
01:35 এটা চিম্পল লাইব্ৰেৰী এপ্লিকেশ্যন লোৱা যাওক।
01:38 এটা লাইব্ৰেৰীত সাধাৰণতে কিতাপ থাকে।
01:41 আৰু এই কিতাপবোৰ লাইব্ৰেৰীৰ ৰেজিষ্টাৰ্ড সদস্যলৈ ইছ্যু কৰা হয়।
01:45 গতিকে কিতাপ আৰু সদস্যসকলৰ তালিকা মেইনটেইন কৰাৰ বাবে
01:51 আৰু সদস্যসকললৈ কিতাপ ইছ্যু কৰাটো ট্ৰেক কৰাৰ বাবে আমাক এটা লাইব্ৰেৰী এপ্লিকেশ্যন লাগে।
01:56 আমাৰ প্ৰথম কাম হ’ব প্ৰয়োজনীয় তথ্য বিচাৰি উলিওৱা আৰু সেইবোৰ সজোৱা।
02:01 এয়াই হৈছে সেই ঠাই, য’ত আমাৰ ডাটাবেছত ৰেকৰ্ড কৰিব বিচৰা সকলো ধৰণৰ তথ্য আমি গোট খুৱাওঁ।
02:09 এতিয়া যিহেতু লাইব্ৰেৰী এপ্লিকেশ্যনটোৰ উদ্দেশ্য আমি জানো, গতিকে ইয়াত আইটেমবোৰ চিনাক্ত কৰা যাওক।
02:17 এইবোৰ হৈছে কিতাপ।
02:19 এখন কিতাপৰ এটা শিৰোনাম, এজন লেখক, এজন প্ৰকাশক আৰু এটা মূল্য থাকে।
02:24 আৰু আমি লেখকৰ তথ্যও ৰাখিব পাৰোঁ, যেনে— জন্মৰ তাৰিখ আৰু কোনখন দেশত তেখেতৰ ঘৰ আদি।
02:33 আমি প্ৰকাশকৰ নাম, ঠিকনা আৰু ফোন নম্বৰো ৰাখিব পাৰোঁ।
02:38 ইয়াৰ উপৰি, লাইব্ৰেৰীৰ সদস্যসকল আছে, যিসকলৰ নাম, ফোন নম্বৰ আৰু ঠিকনা আছে।
02:45 যেতিয়া এখন কিতাপ এজন সদস্যলৈ ইছ্যু কৰা হয়, তেতিয়া
02:49 কিতাপ ইছ্যু কৰা তাৰিখ, ঘূৰাই দিয়া তাৰিখ, প্ৰকৃততে ঘূৰাই দিয়া তাৰিখ আৰু চেকড্ ইন ষ্টেটাচ থাকে।
02:56 এই ইণ্ডিভিজুৱেল আইটেমবিলাকক এট্ৰিবিউটচ্ বুলিও কোৱা হয়।
03:01 ইয়াৰ প্ৰত্যেকটো এট্ৰিবিউটে এখন টেবুলৰ একোটা পটেনচিয়েল কলমক প্ৰতিনিধিত্ব কৰে।
03:08 এই মুহূৰ্তত আমি প্ৰশ্নবিলাকক এই ধৰণে প্ৰণালীবদ্ধ কৰিব পাৰোঁ:
03:12 কোনো এজন প্ৰকাশকে লাইব্ৰেৰীক যোগান ধৰা নতুন কিতাপৰ এটা চেট সম্পৰ্কত আমি কেনেকৈ তথ্য যোগ দিম?
03:20 ইয়াৰ সদস্যসকলৰ এখন তালিকা আমি কেনেকৈ মেইনটেইন কৰিম?
03:25 যদি কোনো এজন সদস্য লাইব্ৰেৰীৰ পৰা ওলাই যায় বা কোনো এজনে তেওঁৰ ঠিকনা সলনি কৰিব বিচাৰে, তেতিয়া কি হ’ব?
03:32 এজন সদস্যই যেতিয়া এখন কিতাপ ঘূৰাই দিয়ে, সেই তথ্য আমি কেনেকৈ আপডেট কৰিম?
03:38 কেনেকুৱা ধৰণৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিব বিচাৰিম?
03:42 কোনখন কিতাপ সদস্যসকলৰ মাজত আটাইতকৈ বেছিকৈ পঠিত হৈছে?
03:46 আৰু সদস্যসকলে ধাৰলৈ নিয়া আৰু সময় মতে ঘূৰাই নিদিয়া কিতাপৰ এখন তালিকা আমি কেনেকৈ জেনেৰেট কৰিম?
03:55 এতিয়া যিহেতু আমাৰ কিছু ডিটেইলছ্ গোট খালে, তথ্যখিনি কেনেকৈ টেবুলত বিভক্ত কৰিব পৰা যায়, সেইটো চোৱা যাওক।
04:02 আমাৰ তথ্য আইটেম বা এট্ৰিবিউটছবিলাক আমি প্ৰধান এনটিটি বা বিষয়ত ভাগ কৰিম।
04:11 প্ৰত্যেকটো বিষয় তেতিয়া টেবুল হৈ পৰিব।
04:14 গতিকে টেবুলবিলাকৰ প্ৰাথমিক তালিকাখন স্ক্ৰীনত দেখুওৱা ছবিখনৰ দৰে দেখা যাব।
04:21 ইয়াত প্ৰধান বিষয় বা এনটিটি হিচাপে কিতাপ আৰু সদস্যক দেখুওৱা হৈছে।
04:26 গতিকে, দুখন টেবুলৰে আৰম্ভ কৰাটো যুক্তিযুক্ত হ’ব; এখন কিতাপৰ বাবে আৰু আনখন সদস্যসকলৰ বাবে।
04:33 এতিয়া বুকচ্ টেবুলখন পুংখানুপুংখভাৱে চোৱা যাওক।
04:37 ইয়াত ১০টা এট্ৰিবিউট বা কলম আছে, যিবোৰক আমি আগতেই এইধৰণে নিৰ্ধাৰণ কৰিছিলো:
04:43 টাইটেল, অথৰ, পাব্লিশ্বাৰ, পাব্লিশ্বাৰ এড্ৰেছ, পাব্লিশ্বাৰ চিটি, পাব্লিশ্বাৰ ফোন, পাব্লিশ্ব্ ইয়েৰ, প্ৰাইচ, এথৰ বাৰ্থ ডেট আৰু অথৰ কাণ্ট্ৰি।
04:58 এতিয়া, এই টেবুলখনত ডাটা কিধৰণে প্ৰদৰ্শিত হৈছে, সেয়া চোৱা যাওক।
05:03 লক্ষ্য কৰক যে প্ৰত্যেকটো ৰ’ বা ৰেকৰ্ডত কিতাপ, ইয়াৰ লেখক আৰু প্ৰকাশক সম্পৰ্কে তথ্য আছে।
05:13 এই ডিজাইনটোত দুটা ফ্ল’ আছে।
05:17 একেজন লেখক বা প্ৰকাশকৰ পৰা বহুতো কিতাপ থাকিব পাৰে।
05:23 গতিকে আমি দেখা পাইছোঁ যে লেখক আৰু প্ৰকাশক সম্পৰ্কীয় তথ্যৰ কেইবাবাৰো পুনৰাবৃত্তি ঘটিছে,
05:31 যিয়ে কম্পিউটাৰ ডিস্ক স্পেচৰ অপচয় কৰিছে।
05:34 এই ডিজাইনটোৰ ক্ষেত্ৰত দ্বিতীয়টো সমস্যা হৈছে:
05:38 ই ডাটাবেছত এনোমেলিজ উৎপন্ন কৰাৰ ৰিস্ক বহন কৰিছে।
05:44 এতিয়া কথা হ’ল, এনোমেলি কি?
05:47 ইয়াক সাধাৰণভাৱে ডাটাবেছত হোৱা ভুল বা গণ্ডগোল বুলি ক’ব পাৰি।
05:53 এনোমেলিৰ তিনিটা প্ৰকাৰ আছে:
05:57 প্ৰথমটোক কোৱা হয় ইনচাৰ্টন এনোমেলি,
06:01 এটা নতুন ৰেকৰ্ড ভৰোৱাৰ সময়ত এইটো ঘটিব পাৰে,
06:06 অথবা যেতিয়া কোনো এটা এট্ৰিবিউট অন্য এট্ৰিবিউট নথকাকৈ ডাটাবেছত ভৰাব নোৱাৰি, তেতিয়া ই ঘটিব পাৰে।
06:14 উদাহৰণ স্বৰূপে, আমি ধৰি ল’ম যে পেংগুইন নামৰ এজন নতুন প্ৰকাশক আছে।
06:21 এতিয়া আমাৰ ডিজাইনত পেংগুইন প্ৰকাশকৰ বিষয়ে সবিশেষ ভৰাব নোৱাৰি, যেতিয়ালৈকে আমাৰ লাইব্ৰেৰীত তেওঁলোকৰ অন্ততঃ এখন কিতাপো নাথাকে।
06:34 দ্বিতীয়টোক কোৱা হয় ডিলিশ্যন এনোমেলি,
06:39 যিটো কোনো এটা ৰেকৰ্ড ডিলিট কৰাৰ সময়ত ঘটে।
06:43 ইয়াত, ডাটাবেছৰ এটা ৰ’ বা ৰেকৰ্ড ডিলিট কৰাৰ ক্ষেত্ৰত আমি ডিলিট কৰিব বিচৰাতকৈ বেছি তথ্য ডিলিট কৰে।
06:51 উদাহৰণ স্বৰপে, আমি দেখিছোঁ যে আমাৰ লাইব্ৰেৰীত অৰিয়েণ্ট পাব্লিশ্বাৰৰ ‘পেৰেডাইজ লষ্ট’ নামৰ মাত্ৰ এখন কিতাপ আছে।
07:01 এতিয়া যদি আমি এই গোটেই ৰেকৰ্ডটো ডিলিট কৰোঁ, তেতিয়াহ’লে অৰিয়েণ্ট পাব্লিশ্বাৰ সম্পৰ্কীয় সকলোবোৰ তথ্য আমি হেৰুৱাম।
07:10 আৰু ইয়াৰ লগতে জন মিল্টন নামৰ লেখকজনৰো তথ্য আমি হেৰুৱাম।
07:16 এতিয়া শেষত চোৱা যাওক, আপডেট এনোমেলিনো কি।
07:21 এইটো এটা ৰেকৰ্ড আপডেট কৰাৰ সময়ত ঘটে।
07:26 উদাহৰণ স্বৰপে, ধৰা যাওক যে কেম্ব্ৰিজ পাব্লিশ্বাৰৰ এটা নতুন ঠিকনা হৈছে।
07:32 এতিয়া, এই প্ৰকাশকৰ এড্ৰেছ কলমটোৰ আপডেট কৰাৰ ক্ষেত্ৰত আমি একাধিক ঠাইত সালসলনি কৰিব লগা হ’ব।
07:40 আমাৰ ক্ষেত্ৰত, দুটা ঠাইত।
07:43 আৰু যদিহে কেম্ব্ৰিজে বহুতো কিতাপ যোগান দি থৈছিল, তেনে ক্ষেত্ৰত আমি সেই বহুতো ৰেকৰ্ডতে ঠিকনা সালসলনি কৰিব লাগিব।
07:54 আৰু আমাৰ এনেকুৱাও হ’ব পাৰে যে এটা ঠাইত আমি ঠিকনা ঠিকেই সালসলনি কৰিলো, কিন্তু অন্য এটা ঠাইত সালসলনি কৰিবলৈ পাহৰিলো।
08:02 এনে ক্ষেত্ৰত আমাৰ তথ্য সঠিক নহ’ব আৰু তাৰদ্বাৰ ডাটাৰ একতা (integrity) হেৰাই যাব।
08:11 এই সমস্যাবোৰ আমি কেনেকৈ সমাধান কৰিম?
08:14 আমি যাতে প্ৰতিটো তথ্য এবাৰতে ৰেকৰ্ড কৰিব পাৰোঁ, সেই ধৰণে আমি ৰিডিজাইন কৰিব লাগিব।
08:20 যদি একেটা তথ্য কেইবাঠাইতো পুনৰাবৃত্তি হয়, তেতিয়াহ’লে আমি সেই তথ্যটো এখন সুকীয়া টেবুলত থোৱাটো উচিত হ’ব।
08:29 এইটো কেনেকৈ কৰা যায়, চোৱা যাওক।
08:31 আমি বুকচ্ টেবুলখন বুকচ্, অথৰচ্ আৰু পাব্লিশ্বাৰ বুলি তভাগ কৰিলো।
08:38 লক্ষ্য কৰক যে প্ৰত্যেকখন টেবুলৰ কলমবিলাকে সেই এনটিটি বা বিষয়ৰহে মাত্ৰ তথ্য ৰাখিছে।
08:47 এই ধৰণে আমি প্ৰকাশকৰ তথ্য পাব্লিশ্বাৰ টেবুলৰ ভিতৰত মাত্ৰ এবাৰহে ৰেকৰ্ড কৰিব পাৰো।
08:55 একেদৰে, এখন বেলেগ অথৰচ্ টেবুল থাকিলে আমি লেখকৰ তথ্য মাত্ৰ এবাৰহে ৰেকৰ্ড কৰিব লগা হ’ব।
09:04 আৰু আমি এই টেবুলবিলাক কেনেকৈ বুকচ্ টেবুলৰ সৈতে যুক্ত (link) কৰিব পাৰোঁ, সেই বিষয়ে ইয়াৰ পিছৰ টিউটৰিয়েলত শিকিম।
09:12 ইয়াতে লিবাৰঅফিছত ডাটাবেছ ডিজাইনৰ প্ৰথম ভাগ টিউটৰিয়েলৰ সামৰণি পৰিছে।
09:19 সাৰাংশ হিচাপে, আমি ডাটাবেছ ডিজাইনৰ এই বিষয়কেইটা শিকিলো:
09:25 আমাৰ ডাটাবেছৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা
09:28 দৰকাৰ হোৱা তথ্য বিচৰা আৰু সজোৱা
09:32 তথ্যবিলাক টেবুলত বিভক্ত কৰা।
09:36 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
09:48 এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে।
09:54 এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
09:58 এই স্ক্ৰীপ্তটো আগবঢ়ালে DesiCrew Solutions-অৰ প্ৰিয়া সুৰেশে।

আৰু এয়া আছিল DesiCrew solutions-অৰ Soundharya। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya