LibreOffice-Suite-Base/C3/Create-tables/Assamese

From Script | Spoken-Tutorial
Revision as of 12:57, 28 August 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

LibreOffice-Suite-Base/C3/Create-tables/English-timed

Time ASSAMESE
00:00 লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
00:04 এই টিউটৰিয়েলত আমি শিকিম:
00:07 a) ক্ৰিয়েটিং ভিউজ আৰু
00:09 b) কপি মেথড ব্যৱহাৰ কৰি
00:11 কেনেকৈ টেবুল তৈয়াৰ কৰা হয়।
00:13 আমাৰ লাইব্ৰেৰী ডাটাবেছটোলৈ যোৱা যাওক।
00:16 লেফট্ পেনেলৰ টেবুল আইকনত ক্লিক কৰক।
00:21 ৰাইট পেনেলত আমি টেবুল তৈয়াৰ কৰাৰ তিনিটা উপায় দেখা পাইছোঁ।
00:26 এতিয়া আমি ক্ৰিয়েট ভিউ অপশ্যন ব্যৱহাৰ কৰিম।
00:30 তাৰ আগতে, ভিউজৰ বিষয়ে শিকা দৰকাৰ। ভিউ মানে কি?
00:36 ভিউ টেবুলৰ নিচিনাই, কিন্তু ইয়াত ডাটা নাথাকে।
00:43 ইয়াক কুৱেৰি এক্সপ্ৰেছন হিচাপে ব্যাখ্যা কৰা হৈছে, যিটো হৈছে টেবুল বা ডাটাবেছৰ অন্য ভিউৰ ৰিট্ৰিভেল মাথোঁ।
00:54 গতিকে, যেতিয়া চোৱা হয়, ইয়াত এখন টেবুলৰ দৰে কলম আৰু ৰ’ থাকে।
01:00 লিমিটেড একচেচ দিবলৈ ভিউজ ব্যৱহাৰ কৰিব পাৰি
01:06 অথবা আণ্ডাৰলায়িং টেবুল কলম আৰু টেবুল ডাটা হাইড কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি।
01:13 উদাহৰণ স্বৰূপে, লাইব্ৰেৰীৰ সকলোবোৰ সদস্য তালিকাভুক্ত কৰিবলৈ আমি এটা সাধাৰণ ভিউ তৈয়াৰ কৰিব পাৰোঁ
01:21 আৰু গোপনীয়তা অটুট ৰাখিবলৈ আমি তেওঁলোকৰ ফোন নাম্বাৰবোৰ এৰি যাব পাৰোঁ।
01:27 ইয়াত আণ্ডাৰলায়িং টেবুল হ’ব সদস্যসকল।
01:32 লাইব্ৰেৰী ডাটাবেছৰ আন ব্যৱহাৰকাৰীক এই ভিউ একচেচ কৰিবলৈ অনুমতি দিব পৰা যায়, কিন্তু সদস্য টেবুল একচেচ কৰিবলৈ দিব পৰা নাযায়।
01:40 এই ধৰণে আমি কেৱল সদস্যৰ নামবিলাক চাব পাৰিম, কিন্তু তেওঁলোকৰ ফোন নাম্বাৰ চাব নোৱাৰিম।
01:46 ঠিক আছে, মেইন বেছ উইণ্ডলৈ ঘূৰি যোৱা যাওক আৰু এই ভিউ তৈয়াৰ কৰা যাওক।
01:53 ৰাইট পেনেলত ক্ৰিয়েট ভিউত ক্লিক কৰক।
01:58 আমি ভিউ ডিজাইন নামৰ এখন নতুন উইণ্ড’ আৰু এড টেবুলচ বুলি দেখুওৱা এখন পপআপ উইণ্ড’ দেখা পাইছোঁ।
02:06 মেমবাৰ্চত ক্লিক কৰক
02:09 আৰু এই পপআপ উইণ্ড’খন বন্ধ কৰক।
02:12 এতিয়া আমি ভিউ ডিজাইন উইণ্ড’ত উপস্থিত হ’লো।
02:16 আমি MemberId আৰু Name ফিল্ডত ডবল ক্লিক কৰিম।
02:21 আই ডি ফিল্ড যোগ দিয়াটো সদায়েই উপযোগী
02:25 কাৰণ, ইয়ে আমাক এই ভিউক অন্য কোনো সম্পৰ্কীয় টেবুলৰ সৈতে যোগ দিয়াত সহায় কৰে, যেনে— BooksIssued টেবুল।
02:34 আমি ফাংশ্যন, ক্ৰাইটেৰিয়া যোগ দিব পাৰোঁ আৰু আমি বিচৰা ধৰণে ইয়াক চৰ্টিং কৰিব পাৰোঁ।
02:40 কিন্তু এতিয়াৰ বাবে আমি সদস্যৰ নামবিলাক এচেণ্ডিং ক্ৰমত চৰ্টিং কৰিম।
02:45 ইয়াৰ বাবে বটম চেকশ্যনৰ নেম কলমৰ অধীনৰ চৰ্ট ৰ’ৰ খালী চেলত ক্লিক কৰিম
02:54 আৰু তাৰপিছত এচেণ্ডিঙত ক্লিক কৰিম।
02:58 আমাৰ প্ৰথম ভিউটো চেভ কৰা যাওক।
03:01 ইয়াত এই ভিউৰ বাবে এটা বৰ্ণনাত্মক নাম— View: Members Name Only টাইপ কৰিম।
03:10 আৰু অ’কে বাটনত ক্লিক কৰিম।
03:14 আণ্ডাৰলায়িং ডাটা চাবৰ বাবে ওপৰৰ এডিট মেনুত ক্লিক কৰক
03:22 আৰু তাৰপিছত তলৰ ৰান কুৱেৰিত ক্লিক কৰক।
03:27 আমি ওপৰত এটা নতুন চেকশ্যন দেখা পাইছোঁ, য’ত লাইব্ৰেৰীৰ সকলো সদস্যক এচেণ্ডিং ক্ৰমত তালিকাভুক্ত কৰা হৈছে।
03:36 লক্ষ্য কৰক যে আমি কোনো ফোন নাম্বাৰ দেখা পোৱা নাই।
03:40 আৰু এয়াই হৈছে আমাৰ চিম্পল ভিউ।
03:43 আমাৰ প্ৰয়োজন অনুসৰি আমি ভিউ তৈয়াৰ আৰু ডিজাইন কৰিব পাৰোঁ।
03:48 পৰৱৰ্তী বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনাৰ বাবে এটা এচাইনমেণ্ট।
03:53 সদস্যসকললৈ ইছ্যু কৰা কিন্তু ঘূৰাই নিদিয়া কিতাপৰ এটা ভিউ তৈয়াৰ কৰক।
04:01 ভিউত এই ফিল্ডবিলাক অন্তৰ্ভুক্ত কৰক— বুক টাইটেলচ, মেমবাৰ্চ নেমচ, ইছ্যু ডেট আৰু ৰিটাৰ্ন ডেট।
04:12 ভিউৰ নামটো ‘View: List of Books not checked in’ বুলি দিয়ক।
04:20 ঠিক আছে, এতিয়া আমি কপি মেথড ব্যৱহাৰ কৰি টেবুল তৈয়াৰ কৰিবলৈ শিকিম।
04:25 যদি আমি জানো যে টেবুলৰ স্ত্ৰাকচাৰ একে ধৰণৰ হ’ব, তেনে ক্ষেত্ৰত এইটো টেবুল তৈয়াৰ কৰাৰ এটা সহজ পদ্ধতি।
04:33 ইয়াৰ বাবে, ধৰা যাওক যে আমাৰ লাইব্ৰেৰীত ডিভিডি আৰু চিডি আছে।
04:39 আৰু এই ডাটাখিনি আমি মেডিয়া নামৰ এখন নতুন টেবুলত ষ্ট’ৰ কৰিব পাৰোঁ।
04:44 উদাহৰণৰ বাবে, এখন চিডি বা ডিভিডিৰ এটা শিৰোনাম আৰু এটা প্ৰকাশৰ বছৰ থাকিব পাৰে।
04:51 অিডিঅ’ আৰু ভিডিঅ’ক স্পষ্টকৈ বুজাবৰ বাবে আমি এটা মেডিয়াটাইপ ফিল্ড সৃষ্টি কৰিম।
05:00 এতিয়া যিহেতু বুকচ টেবুলত প্ৰায় একে ধৰণৰ ফিল্ড আছে, গতিকে আমি বুকচ্ টেবুলখন কপি-পেষ্ট কৰিব পাৰোঁ,
05:08 আৰু তাৰপিছত ফিল্ডবিলাক আৰু টেবুলৰ নামৰ পৰ্যায়ক্ৰমে ৰিনেম কৰিব পাৰোঁ।
05:14 কেনেকৈ, সেয়া আমি চাওঁ।
05:16 মেইন বেছ উইণ্ড’লৈ যাওঁ ব’লক।
05:19 ইয়াৰ বুকচ্ টেবুলত ৰাইট ক্লিক কৰক,
05:23 আমি কপি অপশ্যন দেখা পাইছোঁ, ইয়াত ক্লিক কৰক;
05:28 আৰু তাৰপিছত ইয়াত ৰাইট ক্লিক কৰক।
05:31 ইয়াৰ বিভিন্ন অপশ্যনবিলাক লক্ষ্য কৰক। ইয়াত এটা পেষ্ট অপশ্যন আৰু এটা পেষ্ট স্পেচিয়েল অপশ্যনো আছে।
05:39 এটা নিৰ্দিষ্ট ফৰমেটত আমি কপি আৰু পেষ্ট ব্যৱহাৰ কৰিব পাৰোঁ।
05:44 সম্ভৱ হ’ব পৰা ফৰমেটবোৰ হৈছে— ফৰমেটেড টেক্সট্, এইচটিএমএল বা এটা ডাটা চ’ৰ্চ টেবুল।
05:51 আমি ইয়াত ডাটাবেছ টেবুল বাছনি কৰিব পাৰোঁ,
05:55 অথবা ৰাইট ক্লিক মেনুৰ পৰা পেষ্ট বাছনি কৰিব পাৰোঁ।
05:59 ইয়ে এখন উইজাৰ্ড মুকলি কৰে আৰু এই উইণ্ড’ত
06:03 আমি প্ৰথমতে টেবুল নেমৰ বিপৰীতে মেডিয়া বুলি টাইপ কৰি আমাৰ টেবুলৰ ৰিনেম কৰিম।
06:11 অপশ্যনত আমি ডেফিনিশ্যন আৰু ডাটাত ক্লিক কৰিম।
06:16 এতিয়া নেক্সট্ বাটনত ক্লিক কৰা যাওক।
06:19 পিছৰ উইণ্ড’ত আমি কলমবিলাক যোগ দিম।
06:23 এই ডেমনষ্ট্ৰেশ্যনৰ বাবে বুকচ্আইডি, টাইটেল আৰু পাব্লিশ্ব্ ইয়াৰ বাছনি কৰা যাওক।
06:29 এতিয়া আমি এই ফিল্ডবিলাক বাওঁফালে চিলেক্ট কৰিম আৰু চিংগল এৰো কী ব্যৱহাৰ কৰি সেইবিলাকক সোঁফাললৈ নিম
06:39 আৰু নেক্সট্ বাটনত ক্লিক কৰিম।
06:42 পৰৱৰ্তী উইণ্ড’ত আমি আমাৰ কলমবিলাক দেখা পাওঁ।
06:46 ইয়াত আমি ফিল্ডবিলাকৰ ৰিনেম কৰিব পাৰোঁ আৰু সেইবিলাকৰ ডাটা টাইপ সলনি কৰিব পাৰোঁ।
06:51 আমি বুকচ্আইডিক মেডিয়াআইডি বুলি ৰিনেম কৰিম
06:55 আৰু ক্ৰিয়েট বাটনত ক্লিক কৰিম।
06:59 মেইন বেছ উইণ্ড’ত আমাৰ নতুন মেডিয়া টেবুলখন দেখা পোৱা গৈছে।
07:05 এতিয়া অডিঅ’ বা ভিডিঅ’ টাইপৰ তথ্য ৰাখিবলৈ মেডিয়াটাইপ নামৰ এটা নতুন ফিল্ড যোগ দিবৰ বাবে টেবুলখন এডিট কৰা যাওক।
07:15 এতিয়া আমি টেবুল ডিজাইন উইণ্ড’ত আছোঁ।
07:19 ইয়াত শেষৰ কলম হিচাপে মেডিয়াটাইপ সৃষ্টি কৰা যাওক।
07:24 পাব্লিশ্বইয়েৰৰ তলৰ চেলটোত ক্লিক কৰক
07:27 আৰু ফিল্ড নেম হিচাপে মেডিয়াটাইপ ভৰ্তি কৰক আৰু তাৰপিছত ফিল্ড টাইপ হিচাপে টেক্সট্ বাছনি কৰক।
07:36 এতিয়া টেবুল ডিজাইনটো চেভ কৰোঁ। আমাৰ কাম সম্পৰ্ণ হৈছে।
07:41 দেখা গ’ল যে কপি মেথড ব্যৱহাৰ কৰি আমি এইমাত্ৰ আমাৰ মেডিয়া টেবুল তৈয়াৰ কৰিলো।
07:48 ঠিক আছে, ইয়াত আন এটা এচাইনমেণ্ট।
07:51 ‘Use Wizard to Create table’ মেথড ব্যৱহাৰ কৰি এখন টেবুল তৈয়াৰ কৰক।
07:57 ইয়াত এচেটচ্ চেম্পল টেবুল ব্যৱহাৰ কৰক আৰু ইয়াক এচেটচ্‌কপি বুলি ৰিনেম কৰক
08:04 আৰু এই পদ্ধতিৰ বিভিন্ন অপশ্যনবিলাক চালিজাৰি চাওক।
08:08 এইখিনিতে লিবাৰঅফিছ বেছত টেবুল তৈয়াৰ কৰা সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে।
08:14 সাৰাংশ হিচাপে, আমি শিকিলো:
08:17 a) ক্ৰিয়েটিং ভিউ আৰু b) কপি মেথড ব্যৱহাৰ কৰি কেনেকৈ এখন টেবুল তৈয়াৰ কৰিব পাৰি।
08:23 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
08:44 এই স্ক্ৰীপ্তটো আগবঢ়ালে DesiCrew Solutions-অৰ প্ৰিয়া সুৰেশে।

আৰু এয়া আছিল DesiCrew solutions-অৰ Soundharya।


অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya