LibreOffice-Suite-Base/C3/Create-tables/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:04 | এই টিউটৰিয়েলত আমি শিকিম: |
| 00:07 | a) ক্ৰিয়েটিং ভিউজ আৰু |
| 00:09 | b) কপি মেথড ব্যৱহাৰ কৰি |
| 00:11 | কেনেকৈ টেবুল তৈয়াৰ কৰা হয় |
| 00:13 | আমাৰ লাইব্ৰেৰী ডাটাবেছটোলৈ যোৱা যাওক |
| 00:16 | বাও পেনেলৰ টেবুল আইকনত ক্লিক কৰক |
| 00:21 | সো পেনেলত আমি টেবুল তৈয়াৰ কৰাৰ তিনিটা উপায় দেখা পাইছোঁ |
| 00:26 | এতিয়া আমি ক্ৰিয়েট ভিউ অপশ্যন ব্যৱহাৰ কৰিম |
| 00:30 | তাৰ আগতে, ভিউজৰ বিষয়ে শিকা দৰকাৰ ভিউ মানে কি? |
| 00:36 | ভিউ টেবুলৰ নিচিনাই, কিন্তু ইয়াত ডাটা নাথাকে |
| 00:43 | ইয়াক কুৱেৰি এক্সপ্ৰেছন হিচাপে ব্যাখ্যা কৰা হৈছে, যিটো হৈছে টেবুল বা ডাটাবেছৰ অন্য ভিউৰ ৰিট্ৰিভেল মাথোঁ |
| 00:54 | গতিকে, যেতিয়া চোৱা হয়, ইয়াত এখন টেবুলৰ দৰে কলম আৰু ৰ’ থাকে |
| 01:00 | লিমিটেড একচেচ দিবলৈ ভিউ ব্যৱহাৰ কৰিব পাৰি |
| 01:06 | অথবা আণ্ডাৰলায়িং টেবুল কলম আৰু টেবুল ডাটা হাইড কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি |
| 01:13 | উদাহৰণ স্বৰূপে, লাইব্ৰেৰীৰ সকলোবোৰ সদস্য তালিকাভুক্ত কৰিবলৈ আমি এটা সাধাৰণ ভিউ তৈয়াৰ কৰিব পাৰোঁ |
| 01:21 | আৰু গোপনীয়তা অটুট ৰাখিবলৈ আমি তেওঁলোকৰ ফোন নাম্বাৰবোৰ এৰি যাব পাৰোঁ |
| 01:27 | ইয়াত আণ্ডাৰলায়িং টেবুল হ’ব সদস্যসকল |
| 01:32 | লাইব্ৰেৰী ডাটাবেছৰ আন ব্যৱহাৰকাৰীক এই ভিউ একচেচ কৰিবলৈ অনুমতি দিব পৰা যায়, কিন্তু সদস্য টেবুল একচেচ কৰিবলৈ দিব পৰা নাযায় |
| 01:40 | এই ধৰণে আমি কেৱল সদস্যৰ নামবিলাক চাব পাৰিম, কিন্তু তেওঁলোকৰ ফোন নাম্বাৰ চাব নোৱাৰিম |
| 01:46 | ঠিক আছে, প্ৰধান বেছ উইণ্ডলৈ ঘূৰি যোৱা যাওক আৰু এই ভিউ তৈয়াৰ কৰা যাওক |
| 01:53 | সো পেনেলত ক্ৰিয়েট ভিউত ক্লিক কৰক |
| 01:58 | আমি ভিউ ডিজাইন নামৰ এখন নতুন উইণ্ড’ আৰু এড টেবুলচ বুলি দেখুৱা এখন পপআপ উইণ্ড’ দেখা পাইছোঁ |
| 02:06 | মেমবাৰ্চত ক্লিক কৰক |
| 02:09 | আৰু এই পপআপ উইণ্ড’খন বন্ধ কৰক |
| 02:12 | এতিয়া আমি ভিউ ডিজাইন উইণ্ড’ত উপস্থিত হলো |
| 02:16 | আমি MemberId আৰু Name ফিল্ডত ডবল ক্লিক কৰিম |
| 02:21 | আৰু আই ডি ফিল্ড যোগ দিয়াটো সদায়েই উপযোগী |
| 02:25 | কাৰণ, ইয়ে আমাক এই ভিউক অন্য কোনো সম্পৰ্কীয় টেবুলৰ সৈতে যোগ দিয়াত সহায় কৰে, যেনে— BooksIssued টেবুল |
| 02:34 | আমি ফাংশ্যন, ক্ৰাইটেৰিয়া যোগ দিব পাৰোঁ আৰু আমি বিচৰা ধৰণে ইয়াক চৰ্টিং কৰিব পাৰোঁ |
| 02:40 | কিন্তু এতিয়াৰ বাবে আমি সদস্যৰ নামবিলাক এচেণ্ডিং ক্ৰমত চৰ্টিং কৰিম |
| 02:45 | ইয়াৰ বাবে তলৰ চেকশ্যনৰ নেম কলমৰ অধীনৰ চৰ্ট ৰ’ৰ খালী চেলত ক্লিক কৰিম |
| 02:54 | আৰু তাৰপিছত এচেণ্ডিঙত ক্লিক কৰিম |
| 02:58 | আমাৰ প্ৰথম ভিউটো চেভ কৰা যাওক |
| 03:01 | ইয়াত এই ভিউৰ বাবে এটা বৰ্ণনাত্মক নাম— View: Members Name Only টাইপ কৰিম |
| 03:10 | আৰু ok বাটনত ক্লিক কৰিম |
| 03:14 | আণ্ডাৰলায়িং ডাটা চাবৰ বাবে ওপৰৰ এডিট মেনুত ক্লিক কৰক |
| 03:22 | আৰু তাৰপিছত তলৰ ৰান কুৱেৰিত ক্লিক কৰক |
| 03:27 | আমি ওপৰত এটা নতুন চেকশ্যন দেখা পাইছোঁ, য’ত লাইব্ৰেৰীৰ সকলো সদস্যক এচেণ্ডিং ক্ৰমত তালিকাভুক্ত কৰা হৈছে |
| 03:36 | লক্ষ্য কৰক যে আমি কোনো ফোন নাম্বাৰ দেখা পোৱা নাই |
| 03:40 | আৰু এয়াই হৈছে আমাৰ চিম্পল ভিউ |
| 03:43 | আমাৰ প্ৰয়োজন অনুসৰি আমি ভিউ তৈয়াৰ আৰু ডিজাইন কৰিব পাৰোঁ |
| 03:48 | পৰৱৰ্তী বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনাৰ বাবে এটা এচাইনমেণ্ট |
| 03:53 | সদস্যসকললৈ ইছ্যু কৰা কিন্তু ঘূৰাই নিদিয়া কিতাপৰ এটা ভিউ তৈয়াৰ কৰক |
| 04:01 | ভিউত এই ফিল্ডবিলাক অন্তৰ্ভুক্ত কৰক— বুক টাইটেলচ, মেমবাৰ্চ নেমচ, ইছ্যু ডেট আৰু ৰিটাৰ্ন ডেট |
| 04:12 | ভিউৰ নামটো ‘View: List of Books not checked in’ বুলি দিয়ক |
| 04:20 | ঠিক আছে, এতিয়া আমি কপি মেথড ব্যৱহাৰ কৰি টেবুল তৈয়াৰ কৰিবলৈ শিকিম |
| 04:25 | যদি আমি জানো যে টেবুলৰ স্ত্ৰাকচাৰ একে ধৰণৰ হ’ব, তেনে ক্ষেত্ৰত এইটো টেবুল তৈয়াৰ কৰাৰ এটা সহজ পদ্ধতি |
| 04:33 | ইয়াৰ বাবে, ধৰা যাওক যে আমাৰ লাইব্ৰেৰীত ডিভিডি আৰু চিডি আছে |
| 04:39 | আৰু এই ডাটাখিনি আমি মিডিয়া নামৰ এখন নতুন টেবুলত ষ্ট’ৰ কৰিব পাৰোঁ |
| 04:44 | উদাহৰণৰ বাবে, এখন চিডি বা ডিভিডিৰ এটা শিৰোনাম আৰু এটা প্ৰকাশৰ বছৰ থাকিব পাৰে |
| 04:51 | অডিঅ’ আৰু ভিডিঅ’ক স্পষ্টকৈ বুজাবৰ বাবে আমি এটা মিডিয়াটাইপ ফিল্ড সৃষ্টি কৰিম |
| 05:00 | এতিয়া যিহেতু বুকচ টেবুলত প্ৰায় একে ধৰণৰ ফিল্ড আছে, গতিকে আমি বুকচ্ টেবুলখন কপি-পেষ্ট কৰিব পাৰোঁ, |
| 05:08 | আৰু তাৰপিছত ফিল্ডবিলাক আৰু টেবুলৰ নামৰ পৰ্যায়ক্ৰমে ৰিনেম কৰিব পাৰোঁ |
| 05:14 | কেনেকৈ, সেয়া আমি চাওঁ |
| 05:16 | প্ৰধান বেছ উইণ্ড’লৈ যাওঁ ব’লক |
| 05:19 | ইয়াৰ বুকচ্ টেবুলত ৰাইট ক্লিক কৰক, |
| 05:23 | আমি কপি অপশ্যন দেখা পাইছোঁ, ইয়াত ক্লিক কৰক; |
| 05:28 | আৰু তাৰপিছত ইয়াত ৰাইট ক্লিক কৰক |
| 05:31 | ইয়াৰ বিভিন্ন অপশ্যনবিলাক লক্ষ্য কৰক ইয়াত এটা পেষ্ট অপশ্যন আৰু এটা পেষ্ট স্পেচিয়েল অপশ্যনো আছে |
| 05:39 | এটা নিৰ্দিষ্ট ফৰমেটত আমি কপি আৰু পেষ্ট ব্যৱহাৰ কৰিব পাৰোঁ |
| 05:44 | সম্ভৱ হ’ব পৰা ফৰমেটবোৰ হৈছে— ফৰমেটেড টেক্সট্, এইচটিএমএল বা এটা ডাটা চ’ৰ্চ টেবুল |
| 05:51 | আমি ইয়াত ডাটাবেছ টেবুল বাছনি কৰিব পাৰোঁ, |
| 05:55 | অথবা ৰাইট ক্লিক মেনুৰ পৰা পেষ্ট বাছনি কৰিব পাৰোঁ |
| 05:59 | ইয়ে এখন উইজাৰ্ড মুকলি কৰে আৰু এই উইণ্ড’ত |
| 06:03 | আমি প্ৰথমতে টেবুল নেমৰ বিপৰীতে মেডিয়া বুলি টাইপ কৰি আমাৰ টেবুলৰ নামাকৰণ কৰিম |
| 06:11 | অপশ্যনত আমি ডেফিনিশ্যন আৰু ডাটাত ক্লিক কৰিম |
| 06:16 | এতিয়া নেক্সট্ বাটনত ক্লিক কৰা যাওক |
| 06:19 | পিছৰ উইণ্ড’ত আমি কলমবিলাক যোগ দিম |
| 06:23 | এই ডেমনষ্ট্ৰেশ্যনৰ বাবে বুকচ্আইডি, টাইটেল আৰু পাব্লিশ্ব্ ইয়াৰ বাছনি কৰা যাওক |
| 06:29 | এতিয়া আমি এই ফিল্ডবিলাক বাওঁফালে চিলেক্ট কৰিম আৰু চিংগল এৰো কী ব্যৱহাৰ কৰি সেইবিলাকক সোঁফাললৈ নিম |
| 06:39 | আৰু নেক্সট্ বাটনত ক্লিক কৰিম |
| 06:42 | পৰৱৰ্তী উইণ্ড’ত আমি আমাৰ কলমবিলাক দেখা পাওঁ |
| 06:46 | ইয়াত আমি ফিল্ডবিলাকৰ নামাকৰণ কৰিব পাৰোঁ আৰু সেইবিলাকৰ ডাটা টাইপ সলনি কৰিব পাৰোঁ |
| 06:51 | আমি বুকচ্আইডিক মিডিয়াআইডি বুলি নামাকৰণ কৰিম |
| 06:55 | আৰু ক্ৰিয়েট বাটনত ক্লিক কৰিম |
| 06:59 | প্ৰধান বেছ উইণ্ড’ত আমাৰ নতুন মেডিয়া টেবুলখন দেখা পোৱা গৈছে |
| 07:05 | এতিয়া অডিঅ’ বা ভিডিঅ’ টাইপৰ তথ্য ৰাখিবলৈ মিডিয়াটাইপ নামৰ এটা নতুন ফিল্ড যোগ দিবৰ বাবে টেবুলখন এডিট কৰা যাওক |
| 07:15 | এতিয়া আমি টেবুল ডিজাইন উইণ্ড’ত আছোঁ |
| 07:19 | ইয়াত শেষৰ কলম হিচাপে মিডিয়াটাইপ সৃষ্টি কৰা যাওক |
| 07:24 | পাব্লিশ্বইয়েৰৰ তলৰ চেলটোত ক্লিক কৰক |
| 07:27 | আৰু ফিল্ড নেম হিচাপে মিডিয়াটাইপ ভৰ্তি কৰক আৰু তাৰপিছত ফিল্ড টাইপ হিচাপে টেক্সট্ বাছনি কৰক |
| 07:36 | এতিয়া টেবুল ডিজাইনটো চেভ কৰোঁ আমাৰ কাম সম্পৰ্ণ হৈছে |
| 07:41 | দেখা গ’ল যে কপি মেথড ব্যৱহাৰ কৰি আমি এইমাত্ৰ আমাৰ মিডিয়া টেবুল তৈয়াৰ কৰিলো |
| 07:48 | ঠিক আছে, ইয়াত আন এটা এচাইনমেণ্ট |
| 07:51 | ‘Use Wizard to Create table’ মেথড ব্যৱহাৰ কৰি এখন টেবুল তৈয়াৰ কৰক |
| 07:57 | ইয়াত এচেটচ্ চেম্পল টেবুল ব্যৱহাৰ কৰক আৰু ইয়াক এচেটচ্কপি বুলি নামাকৰণ কৰক |
| 08:04 | আৰু এই পদ্ধতিৰ বিভিন্ন অপশ্যনবিলাক চালিজাৰি চাওক |
| 08:08 | এইখিনিতে লিবাৰঅফিছ বেছত টেবুল তৈয়াৰ কৰা সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে |
| 08:14 | সাৰাংশ হিচাপে, আমি শিকিলো: |
| 08:17 | ক্ৰিয়েটিং ভিউ আৰু কপি মেথড ব্যৱহাৰ কৰি কেনেকৈ এখন টেবুল তৈয়াৰ কৰিব পাৰি |
| 08:23 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব |
| 08:44 | এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে. আৰু এইয়া আছিল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ |