Health-and-Nutrition/C2/Powder-recipes-for-6-to-24-months-old-children/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন পুষ্টিকৰ পাউদাৰ বনোৱাৰ বিধি শিকিম যেনে- |
00:15 | অমাইলেজ পাউদাৰ, |
00:17 | বীজৰ পাউদাৰ, |
00:18 | বাদাম আৰু বীজৰ পাউদাৰ, |
00:20 | বিনৰ পাউদাৰ, |
00:22 | কাৰি পাতৰ পাউদাৰ, |
00:24 | ড্ৰামষ্টিক পাতৰ পাউদাৰ |
00:27 | বিভিন্ন পুষ্টিকৰ পাউদাৰ আছে যাক সহজেই ঘৰত বনাব পাৰি |
00:33 | আহক এই পুষ্টিকৰ পাউদাৰক বনাবলৈ শিকো |
00:38 | এই পাউদাৰত পুষ্টি উপাদান থাকে যি শিশুৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে |
00:44 | শিশুৰ বয়স ৬ মাহ হোৱাৰ পাছত এই পাউদাৰ দিবলৈ পৰামৰ্শ দিয়া হয় |
00:52 | যেতিয়াই শিশু এটাক নতুন খাদ্য এবিধ দিয়ে, ইয়াক ৩ বা ৪ দিন একেৰাহে দিব লাগে |
01:00 | ৩ বা ৪ দিনৰ পাছত, শিশুটোক নতুন খাদ্য এবিধ দিয়ক |
01:05 | এই খাদ্য দুবিধ মিলাব পাৰি কিন্তু দুয়োবিধ প্ৰথমে পৃথকভাবে দিব লাগিব । আৰু শিশুটোৰ কোনো এলাৰ্জি হ’ব নালাগিব যেনে মুখ আৰু শৰীৰত খ্জুৱতি বা ফোলা |
01:20 | যেতিয়াই শিশু এটাক এলাৰ্জিযুক্ত নতুন খাদ্য এবিধ দিয়ে যেনে বাদাম, তেতিয়া এটা সৰু অংশৰে আৰম্ভ কৰিব যেনে চামোচ এখনত অকণমান |
01:30 | ১০ মিনিট অপেক্ষা কৰিব আৰু তেতিয়া ইয়াক লাহে লাহে শিশুটোক খুৱাব |
01:35 | অনুগ্ৰহ কৰি, শিশুটোৰ খানাত চেনী, নিমখ বা যিকোনো মচলা তাইৰ এবছৰ বয়স নোহোৱালৈকে নিদিব |
01:44 | এতিয়া আহক আমাৰ প্ৰথম বিধি অমাইলেজ পাউদাৰৰে আৰম্ভ কৰো |
01:49 | কিন্তু, আহক প্ৰথমে ইয়াৰ লাভৰ বিষয়ে আলোচনা কৰো |
01:53 | অমাইলেজ হৈছে এটা এনজাইম বা ৰসায়ন যি খাদ্য হজম হ’বলৈ লাগে |
01:59 | ই শিশুৰ শৰীৰত সীমিত পৰিমাণে উৎপন্ন হয় |
02:03 | এই পাউদাৰে অতিৰিক্ত অমাইলেজ দিয়ে আৰু পুষ্টিকৰ উপাদান বৃদ্ধি কৰি খাদ্যৰ পৰা শোষণ বঢ়াই |
02:12 | সেইবাবে, অমাইলেজ সম্পন্ন আটা বা পাউদাৰ শিশু এটাক দিব লাগে |
02:18 | আহক অমাইলেজ পাউদাৰৰ বিধিটো শিকো |
02:22 | অমাইলেজ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে- আধা কাপ ঘেঁহু, |
02:27 | আধা কাপ সেউজীয়া মগু আৰু |
02:29 | আধা কাপ ৰাগী |
02:32 | প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক |
02:39 | ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব |
02:42 | ১০ ঘন্টাৰ পাছত, সকলো বস্তুকে উলিয়াওঁক |
02:46 | সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক |
02:50 | তেতিয়া, এটা এটাকৈ, সকলো সামগ্ৰিকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক |
02:55 | গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক |
02:58 | এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয় |
03:01 | মন কৰিব কিছুমান বস্তুৱে অংকুৰিত হ’বলৈ বেছি সময় আৰু কিছুমানে কম সময় ল’ব |
03:08 | ইয়াত, ৰাগীয়ে বেছি সময় ল’ব আন সামগ্ৰিসমূহতকৈ |
03:14 | অংকুৰণৰ পাছত সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক |
03:19 | শুকোৱাৰ পাছত, সকলো বস্তুকে কম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে |
03:25 | মনত ৰাখিব, ভাজোতে, বাৰে বাৰে লৰাই থাকিব |
03:30 | পাছত, সকলো বস্তুৰে বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব |
03:36 | বাকলিবোৰ গুচোৱাৰ পাছত, সকলো সামগ্ৰিকে মিহলাওঁক |
03:41 | এতিয়া, এই মিশ্ৰণক মিক্সিত পিচি পাউদাৰ বনাওঁক |
03:45 | আৰু, অমাইলেজ পাউদাৰ তৈয়াৰ হ’ল |
03:48 | এই অমাইলেজ পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত জমা কৰক |
03:52 | শিশুৰ খাদ্য বনাওঁতে অমাইলেজ পাউদাৰ এচামুচ দিব পাৰে |
03:59 | বা, অমাইলেজ পাউদাৰৰ খিচিৰি বনাব পাৰে |
04:03 | এচামুচ অমাইলেজ পাউদাৰে প্ৰায় ১৮ কেল’ৰি আৰু ০.৬ গ্ৰাম প্ৰ’টিন দিয়ে |
04:10 | ১০০ গ্ৰাম অমাইলেজ পাউদাৰে প্ৰায় ৩৬০ কেল’ৰি আৰু ১২ গ্ৰাম প্ৰ’টিন দিয়ে |
04:17 | অমাইলেজ পাউদাৰত কিছু অনন্য বৈশিষ্ট্য থাকে যি শিশু এটাৰ বাবে বিশেষ হয় |
04:23 | ই খাদ্যক কম ডাঠ কৰে আৰু শিশু এটাৰ বাবে অধিক সুস্বাদু কৰে |
04:28 | ই শিশুৰ খাদ্যৰ গধুৰতাক কমায় আৰু শক্তিৰ ঘনত্বক বঢ়ায় |
04:34 | পাছত, আমি বীজৰ পাউদাৰৰ বিধিটো শিকিম |
04:38 | এই পাউদাৰত জিংক, ফাইবাৰ, মেগনেচিয়াম আৰু কেলচিয়াম অধিক থাকে |
04:44 | এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে |
04:50 | লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে |
04:57 | এই পাউদাৰ বনাবলৈ লগা তিনিবিধ বীজ হৈছে- আধা কাপ ক’লা তিল, |
05:03 | আধা কাপ শণ বীজ আৰু |
05:05 | আধা কাপ কেচা ৰঙালাওঁৰ বীজ |
05:08 | প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ কম জুইত ৪ৰ পৰা ৫ মিনিট ভাজিব |
05:16 | ঠাণ্ডা হ’লে, সকলো ভজা বস্তুৰে পাউদাৰ বনাব |
05:20 | এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
05:23 | শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচ খাদ্যত দিব লাগে |
05:29 | ই ৩০ কেল’ৰি আৰু ২.৭ গ্ৰাম প্ৰ’টিন দিয়ে |
05:36 | ১০০ গ্ৰাম বীজৰ পাউদাৰে প্ৰায় ৬০০ কেল’ৰি আৰু ৫৫ গ্ৰাম প্ৰ’টিন দিয়ে |
05:43 | আমাৰ পাছৰ বিধিটো হৈছে বাদাম আৰু বীজৰ পাউদাৰ |
05:47 | এই পাউদাৰত জিংক, মেগনেচিয়াম, আইৰন আদি খনিজ পদাৰ্থ অধিক থাকে |
05:53 | এই খনিজ পদাৰ্থই লোহিত ৰক্ত কণিকা উৎপন্ন কৰে |
05:57 | লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে |
06:04 | বাদাম আৰু বীজৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে- |
06:08 | আধা কাপ চিনাবাদাম, |
06:10 | আধা কাপ শুকোৱা নাৰিকল ৰোকা, |
06:12 | আধা কাপ শণ বীজ আৰু |
06:15 | আধা কাপ ক’লা তিল |
06:18 | প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ মধ্যম জুইত ৪ৰ পৰা ৬ মিনিট ভাজিব |
06:26 | পাছত, সকলো ভজা বীজক পটাত বা মিক্সিত পিচি পাউদাৰ বনাওঁক |
06:33 | এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
06:36 | শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচ খাদ্যত দিব পাৰে |
06:42 | ই ২৮ কেল’ৰি আৰু ০.৯ গ্ৰাম প্ৰ’টিন দিয়ে |
06:48 | ১০০ গ্ৰাম পাউদাৰে প্ৰায় ৬০০ কেল’ৰি আৰু ১৯ গ্ৰাম প্ৰ’টিন দিয়ে |
06:56 | এতিয়া, আমি বিনৰ পাউদাৰৰ বিধিটো শিকিম |
06:59 | এই পাউদাৰত পটাচিয়াম, প্ৰ’টিন, ফ’লেত, মেগনেচিয়াম আদি অধিক থাকে |
07:05 | এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে |
07:11 | সিহত লগতে আমাৰ শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ দৰকাৰ |
07:16 | বিনৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে: আধা কাপ সেউজীয়া মগু, |
07:22 | আধা কাপ শুকোৱা সেউজীয়া মটৰমাহ, |
07:24 | আধা কাপ চানা আৰু |
07:27 | আধা কাপ মথ বিন |
07:30 | প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক |
07:35 | ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব |
07:40 | ১০ ঘন্টাৰ পাছত সকলো বস্তুকে উলিয়াওঁক |
07:43 | সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক |
07:47 | তেতিয়া, এটা এটাকৈ, সকলো বিনকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক |
07:52 | গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক |
07:55 | এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয় |
07:59 | মন কৰিব আমি আগতে আলোচনা কৰাৰ দৰে, প্ৰতিটো সামগ্ৰিৰ বাবে অংকুৰণৰ সময় ভিন্ন হ’ব |
08:06 | অংকুৰণৰ পাছত, সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক |
08:11 | পাছত, সকলো বিনকে মধ্যম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে |
08:17 | ভাজোতে, বাৰে বাৰে লৰাই থাকিব |
08:20 | ই সামগ্ৰিসমূহক জ্বলিবলৈ নিদিব |
08:24 | ভজাৰ পাছত, সকলো সুকান বিনৰ বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব |
08:30 | এতিয়া সকলো বিনক একেলগে পিচি পাউদাৰ বনাওঁক |
08:34 | এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
08:38 | শিশুৰ খাদ্য বনাওঁতে এই পাউদাৰৰ দুচামুচ খাদ্যত দিব পাৰে |
08:43 | এই পাউদাৰৰ দুচামুচে ৩৩ কেল’ৰি আৰু ১.৮ গ্ৰাম প্ৰ’টিন দিয়ে |
08:49 | ১০০ গ্ৰাম পাউদাৰে প্ৰায় ২৫০ কেল’ৰি আৰু ১৫ গ্ৰাম প্ৰ’টিন দিয়ে |
08:57 | পাছত, আমি কাৰি পাতৰ পাউদাৰৰ বিধিটো শিকিম |
09:00 | কাৰি পাতত ফাইবাৰ, আইৰণ, কেলচিয়াম আৰু ভিটামিন চি অধিক থাকে |
09:06 | এই সকলো পুষ্টি উপাদানে হজমত আৰু দাতৰ বিকাশত সহায় কৰে |
09:12 | লগতে সিহতে শিশুটোৰ নিৰাপত্তা বৃদ্ধি কৰে |
09:16 | আমাক এই পাউদাৰ বনাবলৈ কাৰি পাত লাগিব |
09:19 | প্ৰণালি- কাৰি পাতখিনি চাফা পানীত ভালদৰে ধুই লওঁক |
09:23 | ছাঁত সুকাবলৈ দিয়ক |
09:26 | এতিয়া, এই শুকোৱা কাৰি পাতৰ পাউদাৰ বনাওঁক আৰু তাক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
09:33 | শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে |
09:39 | ই প্ৰায় ৯ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
09:42 | ১০০ গ্ৰাম পাউদাৰে ৭০০ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
09:48 | পাছত, আহক ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ শিকো |
09:53 | এই পাউদাৰত ভাল পৰিমাণৰ কেলচিয়াম, আইৰণ, ভিটামিন চি, ভিটামিন এ, প্ৰ’টিন আৰু চালফাৰ থাকে |
10:01 | এই পুষ্টি উপাদান শিশুটোৰ আলু বিকাশত আৰু সুস্থ চকুৰ বাবে প্ৰয়োজন |
10:07 | সিহতে সংক্ৰমণৰ বিৰূদ্ধে যুজ কৰে আৰু শিশুটোৰ শক্তি বৃদ্ধি কৰে |
10:12 | আমাক এই পাউদাৰ বনাবলৈ ড্ৰামষ্টিক পাত লাগিব |
10:17 | প্ৰণালি: প্ৰথমে সকলো ড্ৰামষ্টিক পাতক চাফা পানীত ভালদৰে ধুই লওঁক |
10:22 | এই পাতক ছাঁত সুকাবলৈ দিয়ক |
10:25 | এতিয়া, সকলো শুকোৱা পাতৰ পাউদাৰ বনাওঁক আৰু ড্ৰামষ্টিক পাতৰ পাউদাৰ তৈয়াৰ হ’ল |
10:31 | এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
10:33 | শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে |
10:40 | ই প্ৰায় ৫ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
10:44 | ১০০ গ্ৰাম পাউদাৰে প্ৰায় ৩৫০ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
10:50 | নিম্নখিনি সদায় মনত ৰাখিব: এই বিধিসমূহ বনাবলৈ স্থানীয় আৰু ঋতু অনুযায়ী বাদাম, বীজ আৰু বিন ব্যৱ্হাৰ কৰিব |
10:58 | প্ৰতিবিধ খাদ্যত এবিধ বেলেগ পাউদাৰ দিব লাগে |
11:01 | যেনে; ৰন্ধা খাদ্যত এচামুচ বাদাম বা বীজৰ পাউদাৰ দিব পাৰে |
11:08 | বা, ৰন্ধা খাদ্যত কাৰি পাতৰ পাউদাৰৰ বা ড্ৰামষ্টিক পাতৰ পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ দিব পাৰে বা |
11:14 | দুচামুচ বিনৰ পাউদাৰ যাক খাদ্যৰ লগত একেলগে ৰান্ধিব লাগে |
11:21 | মন কৰিব যে এই টিউট’ৰিয়েলটোত বিধিসমূহ নিম্ন পদ্ধতিৰে বনোৱা হৈছে- |
11:26 | ভিজোৱা, ভজা আৰু |
11:28 | অংকুৰণ |
11:30 | এই পদ্ধতিসমূহে ফাইটিক এচিদক কমাব যি খাদ্যৰ পৰা খনিজ পদাৰ্থ শোষণত বাধা দিয়ে |
11:38 | আৰু খাদ্যৰ পৰা পোষক পদাৰ্থ শোষণক উন্নত কৰিব |
11:42 | ইয়াৰ দ্বাৰা আমি এই ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ টিউট’ৰিয়েলটোৰ শেষ পালোহি |
11:51 | এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন পুষ্টিকৰ পাউদাৰ বনোৱাৰ বিধি শিকিলো যেনে: |
11:57 | অমাইলেজ পাউদাৰ, বীজৰ পাউদাৰ, |
12:00 | বাদাম আৰু বীজৰ পাউদাৰ, |
12:02 | বিনৰ পাউদাৰ, |
12:04 | কাৰি পাতৰ পাউদাৰ আৰু |
12:06 | ড্ৰামষ্টিক পাতৰ পাউদাৰ |
12:08 | এই টিউট’ৰিয়েলটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে অবদান দিছে |
12:14 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
12:25 | এই টিউট’ৰিয়েলটোক WHEELS গ্ল’বেল ফাউন্দেচনে এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে |
12:32 | এই টিউট’ৰিয়েলটো মা আৰু শিশু পোষণ প্ৰকল্পৰ এটা অংশ হয় |
12:36 | এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে- ডাঁ ৰুপল দালাল, MD শিশুৰোগ চিকিৎসা আৰু দিপালী ফাৰ্গাদে, পুষ্টিবিজ্ঞানী |
12:46 | IIT বম্বেৰ পৰা পুষ্টিবিজ্ঞানী ৰজনী চাৱন্ত, এনিমেতৰ আৰ্থি আনবালাগানে আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |