LibreOffice-Suite-Base/C3/Create-Subforms/Assamese

From Script | Spoken-Tutorial
Revision as of 16:12, 2 September 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
00:04 এই টিউটৰিয়েলত আমি শিকিম:
00:07 চাবফৰ্ম কেনেকৈ তৈয়াৰ কৰা হয়।
00:09 ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লৈ আমি আগবাঢ়িম।
00:15 আৰু আমি এই বিষয়টো বিবেচনা কৰিম:
00:18 লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকা আমি কেনেকৈ কৰিম?
00:22 আৰু প্ৰত্যেক সদস্যৰ বাবে, এতিয়াও ঘূৰাই নিদিয়া কিতাপবোৰ মাথোন আমি কেনেকৈ দেখা পাম?
00:31 এটা উপায় হৈছে লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকাৰে এখন ফৰ্ম তৈয়াৰ কৰা
00:36 আৰু তাৰপিছত ইয়াৰ অধীনত সদস্যসকলে ঘূৰাই নিদিয়া কিতাপৰ তালিকাৰে এখন চাবফৰ্ম তৈয়াৰ কৰা।
00:44 এবাৰ এই ফৰ্মখন ডিজাইন কৰাৰ পিছত ফৰ্মখন আমি আপডেট কৰিব পাৰিম।
00:49 উদাহৰণ হিচাপে, যেতিয়া এজন সদস্যই এখন কিতাপ ঘূৰাই দিয়ে, তেতিয়া আমি এই তথ্যটো আপডেট কৰিব পাৰিম।
00:55 আৰু এয়া হৈছে আমি ডিজাইন কৰিবলগীয়া ফৰ্মৰ এটা চেম্পল স্ক্ৰীনশ্বট।
01:01 লক্ষ্য কৰক যে তলৰফালে ইয়াত এখন চাবফৰ্মও দেখুৱাইছে।
01:06 আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক।
01:09 আমাৰ আগৰ টিউটৰিয়েলত আমি History of Books Issued to Members কুৱেৰিটো তৈয়াৰ কৰিছিলো।
01:17 এতিয়া আমি এই কুৱেৰিটো আৰু সদস্যৰ টেবুল আমাৰ নতুন ফৰ্ম তৈয়াৰ কৰিবলৈ ভেটি হিচাপে ব্যৱহাৰ কৰিম।
01:25 প্ৰথমতে এই কুৱেৰিটো কুৱেৰি নেমত ৰাইট ক্লিক কৰি কপি কৰা যাওক আৰু তাৰপিছত পেষ্টত ক্লিক কৰা যাওক।
01:34 কুৱেৰি নেমৰ পপআপ উইণ্ড’ত Books Not Returned বুলি এটা নতুন নাম টাইপ কৰক।
01:42 এতিয়া Books Not Returned কুৱেৰিটো এডিট মোডত খোলক।
01:48 কুৱেৰি ডিজাইন উইণ্ড’ত কেৱল ঘূৰাই নিদিয়া কিতাপবোৰ দেখুৱাবৰ বাবে আমি এটা মানদণ্ড (criterion) যোগ দিম।
01:58 ইয়াৰ বাবে CheckedIn-ইয়াৰ অধীনৰ Criterion কলমত equals 0 টাইপ কৰক।
02:06 আৰু এণ্টাৰ টিপক।
02:09 এতিয়া কুৱেৰিটো চেভ কৰক আৰু উইণ্ড’খন বন্ধ কৰক।
02:13 প্ৰধান বেছ উইণ্ড’ৰ বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰক।
02:20 আৰু তাৰপিছত Use Wizard to create Form অপশ্যনত ক্লিক কৰক।
02:25 এতিয়া আমি চিনাকি ফৰ্ম উইজাৰ্ড দেখা পাইছোঁ।
02:28 আমাৰ ফৰ্ম তৈয়াৰ কৰিবলৈ বাওঁফালৰ আঠটা ধাপৰ মাজেৰে আমি আগবাঢ়িম।
02:34 ১ নম্বৰ ধাপৰ ফিল্ড চিলেকশ্যনত Table: Members বাছনি কৰক।
02:40 তাৰপিছত সকলোবোৰ ফিল্ড আমি সোঁফাললৈ লৈ যাম।
02:46 আৰু নেক্সট্ বাটনত ক্লিক কৰিম।
02:49 আমি ২ নম্বৰ ধাপত উপনীত হ’লো— set up a subform।
02:54 গতিকে ইয়াত Add subform চ্চেকবক্সত চ্চেক দিম
02:59 আৰু ‘Subform based on manual selection of fields’ অপশ্যনত ক্লিক কৰিম।
03:07 ৩ নম্বৰ ধাপলৈ যোৱা যাওক— Add subform fields.
03:11 ইয়াত আমি অলপ আগতে ডিজাইন কৰা আমাৰ নতুন কুৱেৰিটো কল কৰিম।
03:18 গতিকে টেবুল বা কুৱেৰিজ ড্ৰপডাউনৰ পৰা Query: Book Not Returned বাছনি কৰক।
03:26 আৰু স্ক্ৰীনত দেখুওৱাৰ দৰে উপলব্ধ তালিকাৰ পৰা নিৰ্বাচিত ফিল্ডবোৰ সোঁফাললৈ লৈ যাম।
03:37 Nextত ক্লিক কৰক।
03:39 ৪ নম্বৰ ধাপ— Get joined fields.
03:43 ইয়াত আমি ওপৰৰ দুখন ড্ৰপডাউনৰ পৰা MemberId ফিল্ড বাছনি কৰিম, যিহেতু এইটোৱেই হৈছে একমাত্ৰ সম্পৰ্কিত ফিল্ড।
03:53 আৰু Next বাটনত ক্লিক কৰক।
03:57 ৫ নম্বৰ ধাপ—Arrange Controls.
04:00 ইয়াত আমি তৃতীয়টো অপশ্যন বাছনি কৰিম, ফৰ্ম আৰু চাবফৰ্ম দুয়োটাৰে বাবে ডাটা শ্বিট।
04:08 Next বাটনত ক্লিক কৰক।
04:11 ৬ নম্বৰ ধাপ—set data entry.
04:15 ইয়াত আমি অপশ্যনবোৰ থকা ধৰণৰেই এৰি দিম আৰু নেক্সট্ বাটনত ক্লিক কৰিম।
04:22 ৭ নম্বৰ ধাপ— Apply styles.
04:26 ফৰ্মৰ বেকগ্ৰাউণ্ড হিচাপে গ্ৰে’ বাছনি কৰিম
04:29 আৰু অন্তিম ধাপলৈ আগবাঢ়িম।
04:32 ৮ নম্বৰ ধাপ— set name।
04:36 ইয়াত Members Who Need to Return Books বুলি আমাৰ ফৰ্মৰ এটা বৰ্ণনাত্মক নাম দিম
04:45 আৰু মডিফাই ফৰ্ম অপশ্যনত ক্লিক কৰিম, যিহেতু আমি আমাৰ ফৰ্মত আৰু কিছু সালসলনি কৰিম।
04:53 এতিয়া ফিনিশ্ব্ বাটনত ক্লিক কৰক।
04:56 লক্ষ্য কৰক যে ফৰ্ম ডিজাইন উইণ্ড’ত দুটা টেবুলাৰ ডাটা শ্বিট এৰিয়া আছে।
05:04 ওপৰটোক কোৱা হয় ফৰ্ম আৰু তলত থকাটোক কোৱা হয় চাবফৰ্ম।
05:11 এতিয়া ফৰ্মৰ ওপৰত এটা লেবেল যোগ দিয়া হওক।
05:15 ওপৰত থকা ফৰ্ম কণ্ট্ৰলচ্ টুলবাৰৰ লেবেল আইকনত ক্লিক কৰিম আৰু ইয়াক ফৰ্মখনত ড্ৰ (draw) কৰিম।
05:25 লেবেলত ডবল ক্লিক কৰিলে ইয়াৰ প্ৰপাৰ্টি দেখা পোৱা যায়।
05:31 ইয়াত লেবেলৰ বিপৰীতে Members of the Library বুলি টাইপ কৰিম
05:37 আৰু ফণ্টৰ ষ্টাইল এৰিয়েল, ব’ল্ড আৰু চাইজ 12 কৰিম।
05:47 একেদৰে, স্ক্ৰীনত দেখুওৱা ধৰণে চাবফৰ্মৰ ওপৰত এটা দ্বিতীয় লেবেল যোগ দিয়া যাওক
05:55 আৰু ইয়াক ‘List of Books to be returned by the member’ বুলি নামকৰণ কৰা যাওক।
06:00 ইয়াৰ পিছত স্ক্ৰীনত দেখুওৱা ধৰণে ফৰ্মৰ দৈৰ্ঘ্য চুটি কৰা যাওক
06:07 আৰু তাৰপিছত ফৰ্মৰ নেম ফিল্ডৰ দৈৰ্ঘ্য বঢ়াই দিয়া যাওক।
06:13 একেদৰে চাবফৰ্মত বুক টাইটেল ফিল্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা যাওক।
06:21 ইয়াত ফণ্ট এৰিয়েল, বল্ড আৰু চাইজ ৮-অলৈ সলনি কৰক।
06:28 আৰু ফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ white আৰু চাবফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ blue 8-অলৈ সলনি কৰক।
06:37 ইয়াৰ পিছত MemberId কলমটোত ৰাইট ক্লিক কৰি হাইড কলম অপশ্যন বাছনি কৰি ইয়াক হাইড কৰিম।
06:47 সকলোখিনি হৈ গৈছে। গতিকে এতিয়া ফৰ্ম ডিজাইনটো চেভ কৰিম আৰু ইয়াক টেষ্ট কৰিম।
06:54 প্ৰধান বেছ উইণ্ড’ত ‘Members Who Need to Return Books’ ফৰ্মত ডবল ক্লিক কৰি ইয়াক খোলিম।
07:03 ফৰ্মখন প্ৰদৰ্শিত হৈছে।
07:05 এতিয়া হয় আপ এৰো কী অথবা ডাউন এৰো কী ব্যৱহাৰ কৰি সদস্যখিনি ব্ৰাউজ কৰিম।
07:12 নাইবা বিভিন্ন সদস্যৰ নামত সাধাৰণভাৱে ক্লিক কৰিম।
07:16 লক্ষ্য কৰক যে তলৰ চাবফৰ্মখন ৰিফ্ৰেছ হৈছে আৰু ঘূৰাই দিবলগা কিতাপখন প্ৰদৰ্শন কৰিছে।
07:23 চাবফৰ্মত যিকোনো এটা ৰেকৰ্ড বাছনি কৰক
07:27 আৰু একচুৱেল ৰিটাৰ্ন ডেট ফিল্ডত 12/7/11 টাইপ কৰক আৰু CheckedIn ফিল্ডটো পৰীক্ষা কৰক।
07:41 আৰু এণ্টাৰ টিপক।
07:45 এতিয়া তলত থকা ফৰ্ম নেভিগেশ্যন টুলবাৰৰ ৰিফ্ৰেছ আইকনত ক্লিক কৰি ফৰ্মখন ৰিফ্ৰেছ কৰক।
07:56 লক্ষ্য কৰক যে আমি এইমাত্ৰ এডিট কৰা ৰেকৰ্ডটো ইয়াত নাই।
08:02 যাৰ অৰ্থ হ’ল কিতাপখন ঘূৰাই দিয়া হ’ল বা চেকড্ ইন হ’ল।
08:07 গতিকে এয়াই হ’ল এখন চাবফৰ্মৰ সৈতে আমাৰ ফৰ্ম।
08:11 ইয়াতে লিবাৰঅফিছ বেছত চাবফৰ্মৰ সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে।
08:17 সাৰাংশ হিচাপে, আমি শিকিলো:
08:20 কেনেকৈ চাবফৰ্ম তৈয়াৰ কৰা হয়।
08:23 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
08:44 এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে. আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya