LibreOffice-Suite-Base/C3/Create-Subforms/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:04 | এই টিউটৰিয়েলত আমি শিকিম: |
| 00:07 | চাবফৰ্ম কেনেকৈ তৈয়াৰ কৰা হয় |
| 00:09 | ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লৈ আমি আগবাঢ়িম |
| 00:15 | আৰু আমি এই বিষয়টো বিবেচনা কৰিম: |
| 00:18 | লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকা আমি কেনেকৈ কৰিম? |
| 00:22 | আৰু প্ৰত্যেক সদস্যৰ বাবে, এতিয়াও ঘূৰাই নিদিয়া কিতাপবোৰ মাথোন আমি কেনেকৈ দেখা পাম? |
| 00:31 | এটা উপায় হৈছে লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকাৰে এখন ফৰ্ম তৈয়াৰ কৰা |
| 00:36 | আৰু তাৰপিছত ইয়াৰ অধীনত সদস্যসকলে ঘূৰাই নিদিয়া কিতাপৰ তালিকাৰে এখন চাবফৰ্ম তৈয়াৰ কৰা |
| 00:44 | এবাৰ এই ফৰ্মখন ডিজাইন কৰাৰ পিছত ফৰ্মখন আমি আপডেট কৰিব পাৰিম |
| 00:49 | উদাহৰণ হিচাপে, যেতিয়া এজন সদস্যই এখন কিতাপ ঘূৰাই দিয়ে, তেতিয়া আমি এই তথ্যটো আপডেট কৰিব পাৰিম |
| 00:55 | আৰু এয়া হৈছে আমি ডিজাইন কৰিবলগীয়া ফৰ্মৰ এটা চেম্পল স্ক্ৰীনশ্বট |
| 01:01 | লক্ষ্য কৰক যে তলৰফালে ইয়াত এখন চাবফৰ্মও দেখুৱাইছে |
| 01:06 | আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক |
| 01:09 | আমাৰ আগৰ টিউটৰিয়েলত আমি History of Books Issued to Members কুৱেৰিটো তৈয়াৰ কৰিছিলো |
| 01:17 | এতিয়া আমি এই কুৱেৰিটো আৰু সদস্যৰ টেবুল আমাৰ নতুন ফৰ্ম তৈয়াৰ কৰিবলৈ ভেটি হিচাপে ব্যৱহাৰ কৰিম |
| 01:25 | প্ৰথমতে এই কুৱেৰিটো কুৱেৰি নেমত ৰাইট ক্লিক কৰি কপি কৰা যাওক আৰু তাৰপিছত পেষ্টত ক্লিক কৰা যাওক |
| 01:34 | কুৱেৰি নেমৰ পপআপ উইণ্ড’ত Books Not Returned বুলি এটা নতুন নাম টাইপ কৰক |
| 01:42 | এতিয়া Books Not Returned কুৱেৰিটো এডিট মোডত খোলক |
| 01:48 | কুৱেৰি ডিজাইন উইণ্ড’ত কেৱল ঘূৰাই নিদিয়া কিতাপবোৰ দেখুৱাবৰ বাবে আমি এটা মানদণ্ড (criterion) যোগ দিম |
| 01:58 | ইয়াৰ বাবে CheckedIn-ইয়াৰ অধীনৰ Criterion কলমত equals 0 টাইপ কৰক |
| 02:06 | আৰু এণ্টাৰ টিপক |
| 02:09 | এতিয়া কুৱেৰিটো চেভ কৰক আৰু উইণ্ড’খন বন্ধ কৰক |
| 02:13 | প্ৰধান বেছ উইণ্ড’ৰ বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰক |
| 02:20 | আৰু তাৰপিছত Use Wizard to create Form অপশ্যনত ক্লিক কৰক |
| 02:25 | এতিয়া আমি চিনাকি ফৰ্ম উইজাৰ্ড দেখা পাইছোঁ |
| 02:28 | আমাৰ ফৰ্ম তৈয়াৰ কৰিবলৈ বাওঁফালৰ আঠটা ধাপৰ মাজেৰে আমি আগবাঢ়িম |
| 02:34 | ১ নম্বৰ ধাপৰ ফিল্ড চিলেকশ্যনত Table: Members বাছনি কৰক |
| 02:40 | তাৰপিছত সকলোবোৰ ফিল্ড আমি সোঁফাললৈ লৈ যাম |
| 02:46 | আৰু নেক্সট্ বাটনত ক্লিক কৰিম |
| 02:49 | আমি ২ নম্বৰ ধাপত উপনীত হ’লো— set up a subform |
| 02:54 | গতিকে ইয়াত Add subform চ্চেকবক্সত চ্চেক দিম |
| 02:59 | আৰু ‘Subform based on manual selection of fields’ অপশ্যনত ক্লিক কৰিম |
| 03:07 | ৩ নম্বৰ ধাপলৈ যোৱা যাওক— Add subform fields. |
| 03:11 | ইয়াত আমি অলপ আগতে ডিজাইন কৰা আমাৰ নতুন কুৱেৰিটো কল কৰিম |
| 03:18 | গতিকে টেবুল বা কুৱেৰিজ ড্ৰপডাউনৰ পৰা Query: Book Not Returned বাছনি কৰক |
| 03:26 | আৰু স্ক্ৰীনত দেখুওৱাৰ দৰে উপলব্ধ তালিকাৰ পৰা নিৰ্বাচিত ফিল্ডবোৰ সোঁফাললৈ লৈ যাম |
| 03:37 | Nextত ক্লিক কৰক |
| 03:39 | ৪ নম্বৰ ধাপ— Get joined fields. |
| 03:43 | ইয়াত আমি ওপৰৰ দুখন ড্ৰপডাউনৰ পৰা MemberId ফিল্ড বাছনি কৰিম, যিহেতু এইটোৱেই হৈছে একমাত্ৰ সম্পৰ্কিত ফিল্ড |
| 03:53 | আৰু Next বাটনত ক্লিক কৰক |
| 03:57 | ৫ নম্বৰ ধাপ—Arrange Controls. |
| 04:00 | ইয়াত আমি তৃতীয়টো অপশ্যন বাছনি কৰিম, ফৰ্ম আৰু চাবফৰ্ম দুয়োটাৰে বাবে ডাটা শ্বিট |
| 04:08 | Next বাটনত ক্লিক কৰক |
| 04:11 | ৬ নম্বৰ ধাপ—set data entry. |
| 04:15 | ইয়াত আমি অপশ্যনবোৰ থকা ধৰণৰেই এৰি দিম আৰু নেক্সট্ বাটনত ক্লিক কৰিম |
| 04:22 | ৭ নম্বৰ ধাপ— Apply styles. |
| 04:26 | ফৰ্মৰ বেকগ্ৰাউণ্ড হিচাপে গ্ৰে’ বাছনি কৰিম |
| 04:29 | আৰু অন্তিম ধাপলৈ আগবাঢ়িম |
| 04:32 | ৮ নম্বৰ ধাপ— set name |
| 04:36 | ইয়াত Members Who Need to Return Books বুলি আমাৰ ফৰ্মৰ এটা বৰ্ণনাত্মক নাম দিম |
| 04:45 | আৰু মডিফাই ফৰ্ম অপশ্যনত ক্লিক কৰিম, যিহেতু আমি আমাৰ ফৰ্মত আৰু কিছু সালসলনি কৰিম |
| 04:53 | এতিয়া ফিনিশ্ব্ বাটনত ক্লিক কৰক |
| 04:56 | লক্ষ্য কৰক যে ফৰ্ম ডিজাইন উইণ্ড’ত দুটা টেবুলাৰ ডাটা শ্বিট এৰিয়া আছে |
| 05:04 | ওপৰটোক কোৱা হয় ফৰ্ম আৰু তলত থকাটোক কোৱা হয় চাবফৰ্ম |
| 05:11 | এতিয়া ফৰ্মৰ ওপৰত এটা লেবেল যোগ দিয়া হওক |
| 05:15 | ওপৰত থকা ফৰ্ম কণ্ট্ৰলচ্ টুলবাৰৰ লেবেল আইকনত ক্লিক কৰিম আৰু ইয়াক ফৰ্মখনত ড্ৰ (draw) কৰিম |
| 05:25 | লেবেলত ডবল ক্লিক কৰিলে ইয়াৰ প্ৰপাৰ্টি দেখা পোৱা যায় |
| 05:31 | ইয়াত লেবেলৰ বিপৰীতে Members of the Library বুলি টাইপ কৰিম |
| 05:37 | আৰু ফণ্টৰ ষ্টাইল এৰিয়েল, ব’ল্ড আৰু চাইজ 12 কৰিম |
| 05:47 | একেদৰে, স্ক্ৰীনত দেখুওৱা ধৰণে চাবফৰ্মৰ ওপৰত এটা দ্বিতীয় লেবেল যোগ দিয়া যাওক |
| 05:55 | আৰু ইয়াক ‘List of Books to be returned by the member’ বুলি নামকৰণ কৰা যাওক |
| 06:00 | ইয়াৰ পিছত স্ক্ৰীনত দেখুওৱা ধৰণে ফৰ্মৰ দৈৰ্ঘ্য চুটি কৰা যাওক |
| 06:07 | আৰু তাৰপিছত ফৰ্মৰ নেম ফিল্ডৰ দৈৰ্ঘ্য বঢ়াই দিয়া যাওক |
| 06:13 | একেদৰে চাবফৰ্মত বুক টাইটেল ফিল্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা যাওক |
| 06:21 | ইয়াত ফণ্ট এৰিয়েল, বল্ড আৰু চাইজ ৮-অলৈ সলনি কৰক |
| 06:28 | আৰু ফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ white আৰু চাবফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ blue 8-অলৈ সলনি কৰক |
| 06:37 | ইয়াৰ পিছত MemberId কলমটোত ৰাইট ক্লিক কৰি হাইড কলম অপশ্যন বাছনি কৰি ইয়াক হাইড কৰিম |
| 06:47 | সকলোখিনি হৈ গৈছে গতিকে এতিয়া ফৰ্ম ডিজাইনটো চেভ কৰিম আৰু ইয়াক টেষ্ট কৰিম |
| 06:54 | প্ৰধান বেছ উইণ্ড’ত ‘Members Who Need to Return Books’ ফৰ্মত ডবল ক্লিক কৰি ইয়াক খোলিম |
| 07:03 | ফৰ্মখন প্ৰদৰ্শিত হৈছে |
| 07:05 | এতিয়া হয় আপ এৰো কী অথবা ডাউন এৰো কী ব্যৱহাৰ কৰি সদস্যখিনি ব্ৰাউজ কৰিম |
| 07:12 | নাইবা বিভিন্ন সদস্যৰ নামত সাধাৰণভাৱে ক্লিক কৰিম |
| 07:16 | লক্ষ্য কৰক যে তলৰ চাবফৰ্মখন ৰিফ্ৰেছ হৈছে আৰু ঘূৰাই দিবলগা কিতাপখন প্ৰদৰ্শন কৰিছে |
| 07:23 | চাবফৰ্মত যিকোনো এটা ৰেকৰ্ড বাছনি কৰক |
| 07:27 | আৰু একচুৱেল ৰিটাৰ্ন ডেট ফিল্ডত 12/7/11 টাইপ কৰক আৰু CheckedIn ফিল্ডটো পৰীক্ষা কৰক |
| 07:41 | আৰু এণ্টাৰ টিপক |
| 07:45 | এতিয়া তলত থকা ফৰ্ম নেভিগেশ্যন টুলবাৰৰ ৰিফ্ৰেছ আইকনত ক্লিক কৰি ফৰ্মখন ৰিফ্ৰেছ কৰক |
| 07:56 | লক্ষ্য কৰক যে আমি এইমাত্ৰ এডিট কৰা ৰেকৰ্ডটো ইয়াত নাই |
| 08:02 | যাৰ অৰ্থ হ’ল কিতাপখন ঘূৰাই দিয়া হ’ল বা চেকড্ ইন হ’ল |
| 08:07 | গতিকে এয়াই হ’ল এখন চাবফৰ্মৰ সৈতে আমাৰ ফৰ্ম |
| 08:11 | ইয়াতে লিবাৰঅফিছ বেছত চাবফৰ্মৰ সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে |
| 08:17 | সাৰাংশ হিচাপে, আমি শিকিলো: |
| 08:20 | কেনেকৈ চাবফৰ্ম তৈয়াৰ কৰা হয় |
| 08:23 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব |
| 08:44 | এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে. আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ |