LibreOffice-Suite-Base/C4/Indexes-Table-Filter-SQL-Command-window/Assamese

From Script | Spoken-Tutorial
Revision as of 11:15, 2 December 2014 by PoojaMoolya (Talk | contribs)

Jump to: navigation, search
Time Narration


00:00 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
00:03 এই টিউটৰিয়েলত আমি ইনডেক্সেচ, টেবুল ফিল্টাৰ আৰু SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকিম।
00:14 প্ৰথমতে আমি ইনডেক্সেচৰ বিষয়ে শিকিম।
00:16 ইনডেক্স কি?
00:18 ইনডেক্স হৈছে কোনো এটা ডাটাবেছ টেবুলৰ পৰা ৰেকৰ্ড বিচৰা আৰু সজোৱাৰ এটা খৰতকীয়া উপায়।
00:26 ৰেকৰ্ড ইনডেক্স কৰিব বিচৰা টেবুলৰ পৰা এটা বা একাধিক ফিল্ড আমি বাছনি কৰিব পাৰোঁ।
00:36 বাছনি কৰা ফিল্ডক ভিত্তি কৰি ইনডেক্সে ৰেকৰ্ডৰ অৱস্থান সাঁচি ৰাখে।
00:43 গতিকে ডাটা আহৰণ কৰিবলৈ বেছে ইনডেক্স ব্যৱহাৰ কৰি পোনপটীয়াকৈ সেই ডাটাৰ অৱস্থানলৈ যাব পাৰে।
00:51 আৰু সেইবাবেই সকলোবোৰ ডাটা স্কেনিং কৰি ডাটা বিচৰাতকৈ ই তুলনামূলকভাৱে বেছি খৰতকীয়া।
00:59 কোনো এখন টেবুলৰ প্ৰাইমেৰী কি নিজে নিজেই ইনডেক্সড হয়।
01:03 এতিয়া আমাৰ উদাহৰণ লাইব্ৰেৰী ডাটাবেছত এটা ইনডেক্স তৈয়াৰ কৰা যাওক।
01:09 বুকচ্ টেবুলৰ টাইটেল কলমত এটা ইনডেক্স তৈয়াৰ কৰা যাওক, যিটোৱে কিতাপৰ শিৰোনাম বিচৰা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব।
01:18 যদিহে ইতিমধ্যে খোলা হোৱা নাই, তেনেহ’লে প্ৰথমে আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলক।
01:34 আৰু এডিট মোডত বুকচ্ টেবুল খোলক।
01:39 টেবুল ডিজাইন উইণ্ড’ত ‘টুলচ্’ মেনুলৈ যাওক আৰু ‘ইনডেক্স ডিজাইন’ বাছনি কৰক।
01:48 লক্ষ্য কৰক যে ইনডেক্স উইণ্ড’ত বেছে ইতিমধ্যেই প্ৰাইমেৰী কি-ক এটা একক ইনডেক্স হিচাপে যোগ কৰিছে।
01:57 এতিয়া আমাৰ ইনডেক্স তৈয়াৰ কৰিবলৈ একেবাৰে বাওঁফালে থকা New Index’ আইকনত ক্লিক কৰক।
02:05 আৰু সোঁফালে ইনডেক্স ফিল্ডৰ অধীনৰ ড্ৰপডাউন তালিকাত ‘টাইটেল’ বাছনি কৰক।
02:14 আমি ইয়াত বৰ্ধমান (Ascending) বা হ্ৰাসমান (Descending) ক্ৰমো বাছনি কৰিব পাৰোঁ।
02:19 বাওঁফালৰ তৃতীয় আইকনটোত ক্লিক কৰি এই ইনডেক্সটোক IDX_Title বুলি নামাকৰণ কৰিব পাৰো আৰু ইয়াৰ কাষতে থকা চেভ আইকনত ক্লিক কৰি ইয়াক চেভ কৰক।
02:37 গতিকে টাইটেল ফিল্ডত আমাৰ ইনডেক্সটো পালো।
02:42 বেছ ব্যৱহাৰ কৰি এই ধৰণে আমি টেবুলৰ বাবে ইনডেক্স তৈয়াৰ, সম্পাদনা আৰু নামাকৰণ বা ডিলিট কৰিব পাৰোঁ।
02:51 আপোনৰ বাবে এটা অনুশীলন দিছোঁ:
02:54 মেম্‌বাৰচ্ টেবুলত নামৰ বাবে এটা ইনডেক্স তৈয়াৰ কৰক আৰু ইয়াক IDX_MemberName বুলি নাম দিয়ক।
03:03 ইয়াৰ পিছত, টেবুল ফিল্টাৰনো কি, সেয়া চোৱা যাওক।
03:07 টেবুল ফিল্টাৰ বৈশিষ্ট্যই কোনো এটা বেছ ডাটাবেছৰ টেবুল অন্য এপ্লিকেশ্যনৰ পৰা লুকুৱাই থ’বলৈ সুবিধা দিয়ে।
03:15 উদাহৰণ স্বৰূপে, লাইব্ৰেৰী ডাটাবেছৰ বুকচ্ টেবুলৰ বাহিৰে আন সকলোবোৰ টেবুল লুকুৱাই (hide) পেলোৱা যাওক।
03:22 টেবুল ফিল্টাৰ টুলচ মেনুৰ অধীনত থাকে।
03:27 ইয়াত, ‘All Views’ ত চ্চেক দিয়ক আৰু বুকচ্ টেবুলত চ্চেক দিয়ক।
03:33 ইয়াৰ অৰ্থ হ’ল, আমি অন্য এপ্লিকেশ্যনৰ বাবে কেৱল বুকচ্ টেবুলহে দেখা পোৱা কৰিলো।
03:39 এতিয়া অ’কে বাটনত ক্লিক কৰক।
03:43 ইয়াৰ পিছত ভিউ মেনুত ক্লিক কৰক আৰু তাৰ পিছত ৰিফ্ৰেশ্ব টেবুলচ্-অত ক্লিক কৰক।
03:50 লক্ষ্য কৰক যে ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পোৱা গৈছে।
03:54 ইয়াৰ উপৰি, লিবাৰঅফিছ ৰাইটাৰ বা ক্লেকৰ পৰা এই ডাটাবেছটো আহৰণ কৰিলে আমি ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পাম।
04:04 ইয়াতে আপোনাৰ বাবে অন্য এটা অনুশীলন:
04:06 ১. লিবাৰঅফিচ ৰাইটাৰ খোলক, লাইব্ৰেৰী ডাটাবেছটো আহৰণ কৰক আৰু ইয়াত থকা টেবুল নিৰীক্ষণ কৰক।
04:14 ২. বেছত সকলোবোৰ টেবুল পুনৰ দেখা পোৱা কৰক।
04:19 ৩. আৰু লিবাৰঅফিছ ৰাইটাৰ আকৌ খুলি উপলব্ধ টেবুলবোৰ নিৰীক্ষণ কৰক।
04:26 শেষত, SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকা যাওক।
04:31 টুলচ্ মেনুত SQL বাছনি কৰি SQL কমাণ্ড উইণ্ড’ খুলিব পাৰি।
04:41 ডাটাবেছলৈ SQL ষ্টেটমেণ্ট আগবঢ়াই দিবলৈ আমি এই উইণ্ড’খন ব্যৱহাৰ কৰিব পাৰোঁ।
04:47 SQL কুৱেৰিজ কাৰ্যকৰী কৰিবলৈ আমি ‘কুৱেৰিজ’ও ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু সেই ক্ষেত্ৰত ডাটাবেছৰ পৰা ডাটা বিচৰাতে আমি সীমাবদ্ধ থাকিবলগা হয়।
04:59 ইয়াৰ অৰ্থ হ’ল, আমি কেৱল SELECT ষ্টেটমেণ্টহে ইছ্যু কৰিব পাৰোঁ।
05:04 কিন্তু ডাটা আৰু টেবুলৰ ধৰণ সালসলনি কৰা আৰু নতুন টেবুল তৈয়াৰ কৰা SQL কমাণ্ড কাৰ্যকৰী কৰিব নোৱাৰোঁ।
05:14 তেনেকুৱা ডাটা মেনিপুলেশ্যন আৰু ডাটা ডেফিনিশ্যন ষ্টেটমেণ্ট বা লেংগুৱেজ ব্যৱহাৰ কৰিবলৈ SQL কমাণ্ড উইণ্ড’ই সহায় কৰে।
05:24 ডাটা মেনিপুলেশ্যন লেংগুৱেজ বা সহজভাৱে DMLৰ উদাহৰণ হৈছে:
05:31 INSERT, UPDATE আৰু DELETE data।
05:37 আৰু ডাটা ডেফিনিশ্যন লেংগুৱেজ বা সহজভাৱে DDL ৰ কিছুমান উদাহৰণ হ’ল:
05:45 CREATE TABLE, DROP TABLE আৰু ALTER statements।
05:51 আমি প্ৰথমতে এটা DML উদাহৰণ চাম।
05:55 বেছ উইণ্ড’ত টুলচ্ মেনুৰ পৰা SQL কমাণ্ড উইণ্ড’খোলক।
06:02 “Command to execute” টেক্সট্ এলেকাত টাইপ কৰি বুকচ্ টেবুলত এটা নতুন ৰেকৰ্ড ভৰ্তি কৰা যাওক।
06:12 INSERT INTO "Books" ( "Title", "Author", "PublishYear", "Publisher", "Price") VALUES ('The Hobbit', 'J.R.R Tolkien', 2002, 'Oxford', 500);
06:45 এক্সিকিউট বাটনত ক্লিক কৰাৰ আগতে কমাণ্ডটো মনযোগেৰে চোৱা যাওক।
06:52 ‘ইনচাৰ্ট’ ষ্টেটমেণ্টটোৱে টেবুলৰ নাম আৰু ফিল্ডৰ নামৰ তালিকা দিয়ে আৰু তাৰ পিছত থকা ‘ভেলুজ’ হ’ল সেই নতুন ৰেকৰ্ডবোৰ যলৈ যাবলগা হয়।
07:03 লক্ষ্য কৰক যে টেবুলৰ নাম আৰু ফিল্ডৰ নামবিলাক দুটা দুটা ঊৰ্ধ্বকমাৰ মাজত আছে।
07:11 আমি জানো যে বেছ হৈছে কেছ চেনচিটিভ আৰু দুটা ঊৰ্ধ্বকমাই এইটো নিশ্চিত কৰে যে আমি তৈয়াৰ কৰা ধৰণেই বেছে নামবিলাক গ্ৰহণ কৰিব।
07:22 যদি আমি ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰোঁ, তেনেহ’লে বেছে স্বয়ংক্ৰিয়ভাৱে সকলোবিলাক নাম আপাৰকেছলৈ পৰিৱৰ্তন কৰিব।
07:31 টেক্সট্ ডাটা টাইপৰ ভেল্যুক এটা এটা ঊৰ্ধ্বকমাৰ মাজত ৰাখিব লাগে।
07:37 সংখ্যাৰ ফিল্ডক কোনো ধৰণৰ ঊৰ্ধ্বকমাৰ মাজত ৰখাৰ প্ৰয়োজন নহয়।
07:43 ইয়াৰ উপৰি, BookID ফিল্ডক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নহয়, যিটো হৈছে এটা অটোনাম্বাৰ ফিল্ড।
07:51 বেছে নিজে নিজেই সংখ্যা জেনেৰেট কৰিব।
07:56 গতিকে, এতিয়া SQL কাৰ্যকৰী কৰা যাওক। ‘Command successfully executed’ বোলা জাননীটো লক্ষ্য কৰক।
08:05 যদি আমি লিখা SQLত কোনো ভুল-ভ্ৰান্তি থাকে, তেনেহ’লে বেছে সেয়া দেখুৱাই দিব।
08:12 বুকচ্ টেবুলত ডবল ক্লিক কৰক আৰু আমি এইমাত্ৰ ভৰ্তি কৰা নতুন ৰেকৰ্ডসমূহ বিচাৰক।
08:18 এয়া সেইখিনি, শেষৰ ৰ’ (row)ত সংযুক্ত হৈছে।
08:23 ইয়াৰ পিছত এটা DDL উদাহৰণ চোৱা যাওক।
08:27 আমি অথৰচ্ নামৰ এখন নতুন টেবুল তৈয়াৰ কৰিম, য’ত AuthorId, Author আৰু Country ফিল্ড থাকিব।
08:36 SQL কমাণ্ড উইণ্ড’ত পৰ্দাত দেখুওৱা ধৰণে টাইপ কৰক।
08:43 আৰু ইয়াক কাৰ্যকৰী কৰক।
08:47 এতিয়া টেবুলৰ তালিকালৈ ঘূৰি যাম আৰু ভিউ মেনুৰ পৰা টেবুল ৰিফ্ৰেছ কৰিম।
08:54 আৰু এয়া হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা অথৰচ্ টেবুল।
08:59 DML,সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱেবচাইট চাওক।
09:06 DDL সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱিকিপেডিয়া ৱেবচাইট চাওক।
09:13 ইয়াতে আপোনাৰ বাবে আন এটা অনুশীলন:
09:16 ১. বুকআইডি 3 বুলি থকা কিতাপৰ দাম ৩০০ টকা কৰিবলৈ UPDATE ষ্টেটমেণ্ট ব্যৱহাৰ কৰক।
09:26 ২. The Hobbit শিৰোনামৰ কিতাপ ডিলিট কৰক।
09:30 ৩. অথৰচ্ টেবুলত লেখকৰ নাম J.R.R. Tolkien আৰু দেশৰ নাম England বুলি এটা নতুন ৰেকৰ্ড ভৰ্তি কৰক।
09:41 ৪. DROP ষ্টেটমেণ্ট ব্যৱহাৰ কৰি ডাটাবেছৰ পৰা অথৰচ্ টেবুলখন বাদ দিয়ক।
09:47 এইখিনিতেই লিবাৰঅফিছ বেছ সম্পৰ্কীয় এই টিউটৰিয়েলৰ সামৰণি পৰিছে।
09:52 সাৰাংশ হিচাপে, আমি এই বিষয়খিনিৰ বিষয়ে শিকিলো:

ইনডেক্সেচ টেবুল ফিল্টাৰ আৰু SQL কমাণ্ড উইণ্ড’

10:01 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
10:13 এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে।
10:18 এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
10:22 এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে। আৰু এয়া আছিল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya