LibreOffice-Suite-Base/C4/Indexes-Table-Filter-SQL-Command-window/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:03 | এই টিউটৰিয়েলত আমি ইনডেক্সেচ, টেবুল ফিল্টাৰ আৰু SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকিম |
| 00:14 | প্ৰথমতে আমি ইনডেক্সেচৰ বিষয়ে শিকিম |
| 00:16 | ইনডেক্স কি? |
| 00:18 | ইনডেক্স হৈছে কোনো এটা ডাটাবেছ টেবুলৰ পৰা ৰেকৰ্ড বিচৰা আৰু সজোৱাৰ এটা খৰতকীয়া উপায় |
| 00:26 | ৰেকৰ্ড ইনডেক্স কৰিব বিচৰা টেবুলৰ পৰা এটা বা একাধিক ফিল্ড আমি বাছনি কৰিব পাৰোঁ |
| 00:36 | বাছনি কৰা ফিল্ডক ভিত্তি কৰি ইনডেক্সে ৰেকৰ্ডৰ অৱস্থান সাঁচি ৰাখে |
| 00:43 | গতিকে ডাটা আহৰণ কৰিবলৈ বেছে ইনডেক্স ব্যৱহাৰ কৰি পোনপটীয়াকৈ সেই ডাটাৰ অৱস্থানলৈ যাব পাৰে |
| 00:51 | আৰু সেইবাবেই সকলোবোৰ ডাটা স্কেনিং কৰি ডাটা বিচৰাতকৈ ই তুলনামূলকভাৱে বেছি খৰতকীয়া |
| 00:59 | কোনো এখন টেবুলৰ প্ৰাইমেৰী কি নিজে নিজেই ইনডেক্সড হয় |
| 01:03 | এতিয়া আমাৰ উদাহৰণ লাইব্ৰেৰী ডাটাবেছত এটা ইনডেক্স তৈয়াৰ কৰা যাওক |
| 01:09 | বুকচ্ টেবুলৰ টাইটেল কলমত এটা ইনডেক্স তৈয়াৰ কৰা যাওক, যিটোৱে কিতাপৰ শিৰোনাম বিচৰা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব |
| 01:18 | যদিহে ইতিমধ্যে খোলা হোৱা নাই, তেনেহ’লে প্ৰথমে আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলক |
| 01:34 | আৰু এডিট মোডত বুকচ্ টেবুল খোলক |
| 01:39 | টেবুল ডিজাইন উইণ্ড’ত ‘টুলচ্’ মেনুলৈ যাওক আৰু ‘ইনডেক্স ডিজাইন’ বাছনি কৰক |
| 01:48 | লক্ষ্য কৰক যে ইনডেক্স উইণ্ড’ত বেছে ইতিমধ্যেই প্ৰাইমেৰী কি-ক এটা একক ইনডেক্স হিচাপে যোগ কৰিছে |
| 01:57 | এতিয়া আমাৰ ইনডেক্স তৈয়াৰ কৰিবলৈ একেবাৰে বাওঁফালে থকা New Index’ আইকনত ক্লিক কৰক |
| 02:05 | আৰু সোঁফালে ইনডেক্স ফিল্ডৰ অধীনৰ ড্ৰপডাউন তালিকাত ‘টাইটেল’ বাছনি কৰক |
| 02:14 | আমি ইয়াত বৰ্ধমান (Ascending) বা হ্ৰাসমান (Descending) ক্ৰমো বাছনি কৰিব পাৰোঁ |
| 02:19 | বাওঁফালৰ তৃতীয় আইকনটোত ক্লিক কৰি এই ইনডেক্সটোক IDX_Title বুলি নামাকৰণ কৰিব পাৰো আৰু ইয়াৰ কাষতে থকা চেভ আইকনত ক্লিক কৰি ইয়াক চেভ কৰক |
| 02:37 | গতিকে টাইটেল ফিল্ডত আমাৰ ইনডেক্সটো পালো |
| 02:42 | বেছ ব্যৱহাৰ কৰি এই ধৰণে আমি টেবুলৰ বাবে ইনডেক্স তৈয়াৰ, সম্পাদনা আৰু নামাকৰণ বা ডিলিট কৰিব পাৰোঁ |
| 02:51 | আপোনৰ বাবে এটা অনুশীলন দিছোঁ: |
| 02:54 | মেম্বাৰচ্ টেবুলত নামৰ বাবে এটা ইনডেক্স তৈয়াৰ কৰক আৰু ইয়াক IDX_MemberName বুলি নাম দিয়ক |
| 03:03 | ইয়াৰ পিছত, টেবুল ফিল্টাৰনো কি, সেয়া চোৱা যাওক |
| 03:07 | টেবুল ফিল্টাৰ বৈশিষ্ট্যই কোনো এটা বেছ ডাটাবেছৰ টেবুল অন্য এপ্লিকেশ্যনৰ পৰা লুকুৱাই থ’বলৈ সুবিধা দিয়ে |
| 03:15 | উদাহৰণ স্বৰূপে, লাইব্ৰেৰী ডাটাবেছৰ বুকচ্ টেবুলৰ বাহিৰে আন সকলোবোৰ টেবুল লুকুৱাই (hide) পেলোৱা যাওক |
| 03:22 | টেবুল ফিল্টাৰ টুলচ মেনুৰ অধীনত থাকে |
| 03:27 | ইয়াত, ‘All Views’ ত চ্চেক দিয়ক আৰু বুকচ্ টেবুলত চ্চেক দিয়ক |
| 03:33 | ইয়াৰ অৰ্থ হ’ল, আমি অন্য এপ্লিকেশ্যনৰ বাবে কেৱল বুকচ্ টেবুলহে দেখা পোৱা কৰিলো |
| 03:39 | এতিয়া অ’কে বাটনত ক্লিক কৰক |
| 03:43 | ইয়াৰ পিছত ভিউ মেনুত ক্লিক কৰক আৰু তাৰ পিছত ৰিফ্ৰেশ্ব টেবুলচ্-অত ক্লিক কৰক |
| 03:50 | লক্ষ্য কৰক যে ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পোৱা গৈছে |
| 03:54 | ইয়াৰ উপৰি, লিবাৰঅফিছ ৰাইটাৰ বা ক্লেকৰ পৰা এই ডাটাবেছটো আহৰণ কৰিলে আমি ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পাম |
| 04:04 | ইয়াতে আপোনাৰ বাবে অন্য এটা অনুশীলন: |
| 04:06 | ১. লিবাৰঅফিচ ৰাইটাৰ খোলক, লাইব্ৰেৰী ডাটাবেছটো আহৰণ কৰক আৰু ইয়াত থকা টেবুল নিৰীক্ষণ কৰক |
| 04:14 | ২. বেছত সকলোবোৰ টেবুল পুনৰ দেখা পোৱা কৰক |
| 04:19 | ৩. আৰু লিবাৰঅফিছ ৰাইটাৰ আকৌ খুলি উপলব্ধ টেবুলবোৰ নিৰীক্ষণ কৰক |
| 04:26 | শেষত, SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকা যাওক |
| 04:31 | টুলচ্ মেনুত SQL বাছনি কৰি SQL কমাণ্ড উইণ্ড’ খুলিব পাৰি |
| 04:41 | ডাটাবেছলৈ SQL ষ্টেটমেণ্ট আগবঢ়াই দিবলৈ আমি এই উইণ্ড’খন ব্যৱহাৰ কৰিব পাৰোঁ |
| 04:47 | SQL কুৱেৰিজ কাৰ্যকৰী কৰিবলৈ আমি ‘কুৱেৰিজ’ও ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু সেই ক্ষেত্ৰত ডাটাবেছৰ পৰা ডাটা বিচৰাতে আমি সীমাবদ্ধ থাকিবলগা হয় |
| 04:59 | ইয়াৰ অৰ্থ হ’ল, আমি কেৱল SELECT ষ্টেটমেণ্টহে ইছ্যু কৰিব পাৰোঁ |
| 05:04 | কিন্তু ডাটা আৰু টেবুলৰ ধৰণ সালসলনি কৰা আৰু নতুন টেবুল তৈয়াৰ কৰা SQL কমাণ্ড কাৰ্যকৰী কৰিব নোৱাৰোঁ |
| 05:14 | তেনেকুৱা ডাটা মেনিপুলেশ্যন আৰু ডাটা ডেফিনিশ্যন ষ্টেটমেণ্ট বা লেংগুৱেজ ব্যৱহাৰ কৰিবলৈ SQL কমাণ্ড উইণ্ড’ই সহায় কৰে |
| 05:24 | ডাটা মেনিপুলেশ্যন লেংগুৱেজ বা সহজভাৱে DMLৰ উদাহৰণ হৈছে: |
| 05:31 | INSERT, UPDATE আৰু DELETE data |
| 05:37 | আৰু ডাটা ডেফিনিশ্যন লেংগুৱেজ বা সহজভাৱে DDL ৰ কিছুমান উদাহৰণ হ’ল: |
| 05:45 | CREATE TABLE, DROP TABLE আৰু ALTER statements |
| 05:51 | আমি প্ৰথমতে এটা DML উদাহৰণ চাম |
| 05:55 | বেছ উইণ্ড’ত টুলচ্ মেনুৰ পৰা SQL কমাণ্ড উইণ্ড’খোলক |
| 06:02 | “Command to execute” টেক্সট্ এলেকাত টাইপ কৰি বুকচ্ টেবুলত এটা নতুন ৰেকৰ্ড ভৰ্তি কৰা যাওক |
| 06:12 | INSERT INTO "Books" ( "Title", "Author", "PublishYear", "Publisher", "Price") VALUES ('The Hobbit', 'J.R.R Tolkien', 2002, 'Oxford', 500); |
| 06:45 | এক্সিকিউট বাটনত ক্লিক কৰাৰ আগতে কমাণ্ডটো মনযোগেৰে চোৱা যাওক |
| 06:52 | ‘ইনচাৰ্ট’ ষ্টেটমেণ্টটোৱে টেবুলৰ নাম আৰু ফিল্ডৰ নামৰ তালিকা দিয়ে আৰু তাৰ পিছত থকা ‘ভেলুজ’ হ’ল সেই নতুন ৰেকৰ্ডবোৰ যলৈ যাবলগা হয় |
| 07:03 | লক্ষ্য কৰক যে টেবুলৰ নাম আৰু ফিল্ডৰ নামবিলাক দুটা দুটা ঊৰ্ধ্বকমাৰ মাজত আছে |
| 07:11 | আমি জানো যে বেছ হৈছে কেছ চেনচিটিভ আৰু দুটা ঊৰ্ধ্বকমাই এইটো নিশ্চিত কৰে যে আমি তৈয়াৰ কৰা ধৰণেই বেছে নামবিলাক গ্ৰহণ কৰিব |
| 07:22 | যদি আমি ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰোঁ, তেনেহ’লে বেছে স্বয়ংক্ৰিয়ভাৱে সকলোবিলাক নাম আপাৰকেছলৈ পৰিৱৰ্তন কৰিব |
| 07:31 | টেক্সট্ ডাটা টাইপৰ ভেল্যুক এটা এটা ঊৰ্ধ্বকমাৰ মাজত ৰাখিব লাগে |
| 07:37 | সংখ্যাৰ ফিল্ডক কোনো ধৰণৰ ঊৰ্ধ্বকমাৰ মাজত ৰখাৰ প্ৰয়োজন নহয় |
| 07:43 | ইয়াৰ উপৰি, BookID ফিল্ডক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নহয়, যিটো হৈছে এটা অটোনাম্বাৰ ফিল্ড |
| 07:51 | বেছে নিজে নিজেই সংখ্যা জেনেৰেট কৰিব |
| 07:56 | গতিকে, এতিয়া SQL কাৰ্যকৰী কৰা যাওক ‘Command successfully executed’ বোলা জাননীটো লক্ষ্য কৰক |
| 08:05 | যদি আমি লিখা SQLত কোনো ভুল-ভ্ৰান্তি থাকে, তেনেহ’লে বেছে সেয়া দেখুৱাই দিব |
| 08:12 | বুকচ্ টেবুলত ডবল ক্লিক কৰক আৰু আমি এইমাত্ৰ ভৰ্তি কৰা নতুন ৰেকৰ্ডসমূহ বিচাৰক |
| 08:18 | এয়া সেইখিনি, শেষৰ ৰ’ (row)ত সংযুক্ত হৈছে |
| 08:23 | ইয়াৰ পিছত এটা DDL উদাহৰণ চোৱা যাওক |
| 08:27 | আমি অথৰচ্ নামৰ এখন নতুন টেবুল তৈয়াৰ কৰিম, য’ত AuthorId, Author আৰু Country ফিল্ড থাকিব |
| 08:36 | SQL কমাণ্ড উইণ্ড’ত পৰ্দাত দেখুওৱা ধৰণে টাইপ কৰক |
| 08:43 | আৰু ইয়াক কাৰ্যকৰী কৰক |
| 08:47 | এতিয়া টেবুলৰ তালিকালৈ ঘূৰি যাম আৰু ভিউ মেনুৰ পৰা টেবুল ৰিফ্ৰেছ কৰিম |
| 08:54 | আৰু এয়া হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা অথৰচ্ টেবুল |
| 08:59 | DML,সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱেবচাইট চাওক |
| 09:06 | DDL সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱিকিপেডিয়া ৱেবচাইট চাওক |
| 09:13 | ইয়াতে আপোনাৰ বাবে আন এটা অনুশীলন: |
| 09:16 | ১. বুকআইডি 3 বুলি থকা কিতাপৰ দাম ৩০০ টকা কৰিবলৈ UPDATE ষ্টেটমেণ্ট ব্যৱহাৰ কৰক |
| 09:26 | ২. The Hobbit শিৰোনামৰ কিতাপ ডিলিট কৰক |
| 09:30 | ৩. অথৰচ্ টেবুলত লেখকৰ নাম J.R.R. Tolkien আৰু দেশৰ নাম England বুলি এটা নতুন ৰেকৰ্ড ভৰ্তি কৰক |
| 09:41 | ৪. DROP ষ্টেটমেণ্ট ব্যৱহাৰ কৰি ডাটাবেছৰ পৰা অথৰচ্ টেবুলখন বাদ দিয়ক |
| 09:47 | এইখিনিতেই লিবাৰঅফিছ বেছ সম্পৰ্কীয় এই টিউটৰিয়েলৰ সামৰণি পৰিছে |
| 09:52 | সাৰাংশ হিচাপে, আমি এই বিষয়খিনিৰ বিষয়ে শিকিলো:
ইনডেক্সেচ টেবুল ফিল্টাৰ আৰু SQL কমাণ্ড উইণ্ড’ |
| 10:01 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে |
| 10:13 | এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে |
| 10:18 | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব |
| 10:22 | এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ |