Thunderbird/C2/Account-settings-and-configuring/Assamese
From Script | Spoken-Tutorial
Revision as of 17:19, 16 July 2014 by Pratik kamble (Talk | contribs)
Time | Narration |
0:00 | জিমেইল একাউণ্টৰ চেটিংচ আৰু কনফিগাৰেশ্যন সম্পৰ্কীয় শিক্ষণলৈ স্বাগতম |
00:06 | এই শিক্ষণত আমি শিকিম: |
00:09 | ইমেইল একাউণ্টত কেনেকৈ নতুন ফল্ডাৰ যোগ দিয়া হয়। |
00:13 | বাৰ্তা বিচাৰিবৰ বাবে advanced filters কেনেকৈ সজোৱা হয়। |
00:18 | Message filters কেনেকৈ পৰিচালনা কৰা হয়। |
00:20 | আমি আৰু শিকিম: |
00:22 | নিজাববীয়াকৈ য়াহু একাউণ্ট সজোৱা। |
00:25 | কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰা। |
00:28 | মেইল একাউণ্টৰ চেটিং সলনি কৰা। |
00:32 | ইমেইল একাউণ্ট ডিলিট কৰা। |
00:34 | ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। |
00:42 | লন্সাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। |
00:45 | থাণ্ডাৰবাৰ্ড উইণ্ড’ খোল খায়। |
00:48 | এই একাউণ্টত আন এটা ফল্ডাৰ যোগ দিওঁ আহক। |
00:51 | বাওঁপিনৰ সূচীৰ পৰা STUSERONE at GMAIL dot COM একাউণ্টটো নিৰ্বাচন কৰক। |
00:58 | STUSERONE at gmail dot com একাউণ্টত সোঁ-ক্লিক কৰক আৰু নতুন ফল্ডাৰ নিৰ্বাচন কৰক। |
01:06 | নতুন ফল্ডাৰ ডায়লগ বাকচ ওলায়। |
01:09 | নামৰ ঘৰত Important Mails ভৰ্তি কৰক। |
01:13 | Create Folder-অত ক্লিক কৰক। ফল্ডাৰটো তৈয়াৰ হ’ল! |
01:18 | এতিয়া আপুনি ইনবক্সৰ পৰা দৰকাৰী মেইলসমূহ এই ফল্ডাৰলৈ নিব পাৰে। |
01:23 | ইনবক্সৰ এই মেইলটো চিলেক্ট, ড্ৰেগ আৰু ড্ৰপ কৰি Important Mails ফল্ডাৰলৈ নিওঁ আহক। |
01:30 | বহুকেইটা ফিল্টাৰ অপশ্যন ব্যৱহাৰ কৰি আপুনি বাৰ্তা বিচাৰিব পাৰে। |
01:36 | এতিয়া বাওঁপিনৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক। |
01:43 | সোঁপিনৰ সূচীত থকা Advanced Features-ৰ অধীনৰ Search Messages-অত ক্লিক কৰক। |
01:48 | Search Messages ডায়লগ বাকচ ওলায়। |
01:52 | বাৰ্তা বিচাৰিবৰ বাবে পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁ আহক। |
01:57 | তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে। |
02:02 | বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে। |
02:08 | পৰৱৰ্তী ঘৰত Ten interesting টাইপ কৰক। Search-অত ক্লিক কৰক। |
02:13 | বিষয়ৰ নামৰ সৈতে মিল খোৱা মেইলসমূহ প্ৰদৰ্শিত হয়। |
02:18 | এটা ফল্ডাৰত এই বিচৰাসমূহো সাঁচি থ’ব পাৰে। |
02:22 | সাময়িকভাৱে এই শিক্ষণ বন্ধ ৰাখক আৰু এই কাম কৰক। |
02:25 | তাৰিখ অনুযায়ী মেইল বিচাৰক আৰু সেইবিলাক এটা ফল্ডাৰত সাঁচি ৰাখক। |
02:31 | এতিয়া এই ডায়লগ বাকচ বন্ধ কৰি দিওঁ আহক। |
02:35 | এই মেইল একাউণ্টৰ বাবে এটা নতুন ফিল্টাৰ তৈয়াৰ কৰোঁ আহক। |
02:39 | আপোনাৰ মেইল বাকচৰ বাৰ্তাসমূহ প্ৰণালীবদ্ধভাৱে সজাবৰ বাবে বন্ধা নিয়মেই হৈছে এটা ফিল্টাৰ। |
02:44 | ইয়াত আমি ‘থাণ্ডাৰবাৰ্ড’ বিষয় হিচাপে থকা সকলো মেইল Important Mails ফল্ডাৰলৈ নিম। |
02:52 | বাওঁফালৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক। |
02:58 | Advanced Features-অৰ অধীনত থকা Manage message filters-অত ক্লিক কৰক। |
03:03 | Message Filters ডায়লগ বাকচ ওলায়। New টেবত ক্লিক কৰক। |
03:09 | Filter Rules ডায়লগ বাকচ ওলায়। |
03:12 | ফিল্টাৰৰ নামৰ ঘৰত ‘বিষয় থাণ্ডাৰবাৰ্ড’ ভৰাওক। |
03:16 | এই ফিল্টাৰ সজাবলৈ আকৌ পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁহক। |
03:21 | তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে। |
03:26 | বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে। |
03:30 | পৰৱৰ্তী ঘৰত ‘থাণ্ডাৰবাৰ্ড’ টাইপ কৰক। |
03:33 | ইয়াৰ পিছত, Perform these actions -অৰ ঘৰত Move Message to বিকল্পলৈ সলনি কৰোঁ আহক। |
03:41 | পৰৱৰ্তী ড্ৰপ-ডাউনত ক্লিক কৰক, Important Mails ফল্ডাৰ সন্ধান কৰি নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক। |
03:49 | মেচেজ ফিল্টাৰ ডায়লগ বাকচত ফিল্টাৰটো প্ৰদৰ্শিত হয়। এতিয়া Run Now-ত ক্লিক কৰক। |
03:58 | ডায়লগ বাকচটো বন্ধ কৰক। এতিয়া Important Mails ফল্ডাৰত ক্লিক কৰক। |
04:04 | লক্ষ্য কৰক, থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা মেইলসমূহ এই ফল্ডাৰলৈ আহি গৈছে। |
04:12 | থাণ্ডাৰবাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰে। |
04:15 | অৰ্থাৎ থাণ্ডাৰবাৰ্ডৰ জৰিয়তে অকল জিমেইলতহে যে আপুনি মেইল গ্ৰহণ, প্ৰেৰণ আৰু পৰিচালনা কৰিব পাৰে, এনে নহয়; আপুনি য়াহু বা অন্য কোনো মেইল একাউণ্টো একে ধৰণে ব্যৱহাৰ কৰিব পাৰে। |
04:26 | আপুনি জানে যে থাণ্ডাৰবাৰ্ডত জিমেইল একাউণ্ট স্বয়ংক্ৰিয়ভাৱে কনফিগাৰড্ হয়। |
04:31 | অন্যান্য একাউণ্ট নিজাববীয়াকৈ পুনৰ্গঠন কৰিব লাগে। |
04:35 | য়াহু একাউণ্ট STUSERTWO@yahoo dot in থাণ্ডাৰবাৰ্ডৰ জৰিয়তে কনফিগাৰ কৰোঁ আহক। |
04:44 | য়াহু একাউণ্টত মই ইতিমধ্যেই POP সক্ৰিয় কৰিলো। |
04:48 | মই এইটো কেনেকৈ কৰিলো? প্ৰথমে মই মোৰ য়াহু একাউণ্টত প্ৰৱেশ কৰিলো।<Pause> |
04:54 | ইয়াৰ পিছত এখন নতুন ব্ৰাউজাৰ খোলক আৰু ঠিকনা-বাৰত www.yahoo.in টাইপ কৰক। |
05:02 | এতিয়া yahoo.in-অত ব্যৱহাৰকাৰী নাম হিচাপে STUSERTWO আৰু পাছৱৰ্ড ভৰ্তি কৰক। |
05:11 | ওপৰৰ বাওঁকোণত Options and Mail Options-অত ক্লিক কৰক। |
05:16 | বাওঁফালৰ সূচীৰ POP and Forwarding-অত ক্লিক কৰক। |
05:21 | Access Yahoo Mail via POP নিৰ্বাচন কৰক। |
05:24 | Close the tab -অত ক্লিক কৰক। |
05:28 | সলনিসমূহ সাঁচিবলৈ জনোৱা এটা ডায়লগ বাকচ ওলায়। save-অত ক্লিক কৰক। |
05:33 | এতিয়া য়াহুৰ পৰা লগ-আউট কৰি ব্ৰাউজাৰখন বন্ধ কৰোঁ আহক। |
05:39 | এতিয়া সোঁফালৰ সূচীৰ পৰা একাউণ্টচৰ অধীনত Create New Account-অত ক্লিক কৰক। |
05:45 | মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়। |
05:49 | এতিয়া, নাম হিচাপে USERTWO ভৰ্তি কৰোঁ আহক। |
05:53 | ইয়াৰ পিছত, ইমেইল ঠিকনাত, য়াহু আইডি STUSERTWO@YAHOO.IN ভৰ্তি কৰোঁ আহক। |
06:03 | তাৰ পিছত পাছৱৰ্ড টাইপ কৰক। Continue-ত ক্লিক কৰক। |
06:10 | মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়। |
06:13 | ইনকামিং চাৰ্ভাৰ নামৰ ঘৰত POP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে pop dot mail dot yahoo dot com ভৰ্তি কৰক। |
06:26 | আমি যিহেতু অফলাইনত মেইল চাব বিচাৰোঁ, সেয়েহে POP3 নিৰ্বাচন কৰিলো আৰু সকলো মেইল আমাৰ স্থানীয় কম্পিউটাৰলৈ ডাউনলোড কৰিলো। |
06:35 | ইনকামিং ঘৰত, |
06:37 | পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 110 ভৰ্তি কৰক। |
06:43 | SSL ড্ৰপ-ডাউনত STARTTLS নিৰ্বাচন কৰক। |
06:48 | অথেন্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক। |
06:53 | আউটগয়িং ঘৰত, |
06:55 | চাৰ্ভাৰ নাম হিচাপে SMTP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে smtp.mail.yahoo.com. ভৰ্তি কৰক। |
07:05 | পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 465 ভৰ্তি কৰক। |
07:12 | SSL ড্ৰপ-ডাউনত SSL/TLS নিৰ্বাচন কৰক। |
07:17 | অথেণ্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক। |
07:23 | ব্যৱহাৰকাৰী নামৰ ঘৰত STUSERTWO নামটো ভৰাওঁ আহক। |
07:28 | Create Account বুটামটো সক্ৰিয় হ’ল। |
07:32 | Create Account-অত ক্লিক কৰক। |
07:34 | য়াহু একাউণ্টটো কনফিগাৰড্ হ’ল। |
07:37 | আপোনৰ ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি, ইয়াৰ বাবে কেইমিনিটমানৰ প্ৰয়োজন হ’ব |
07:42 | লক্ষ্য কৰক যে থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ সোঁফালৰ সূচীত এতিয়া য়াহু একাউণ্টটো দেখা গৈছে। |
07:48 | ইনবক্সত ক্লিক কৰোঁ আহক। |
07:50 | য়াহু একাউণ্টৰ সকলো মেইল ইয়ালৈ ডাউনলোড হৈছে। |
07:55 | এতিয়া আপুনি য়াহু আৰু জিমেইল একাউণ্টৰ অকল মেইল চোৱাই নহয়, থাণ্ডাৰবাৰ্ডৰ জৰিয়তে |
08:01 | একে সময়তে দুয়োটা একাউণ্ট পৰিচালনাও কৰিব পাৰে। |
08:05 | এতিয়া, থাণ্ডাৰবাৰ্ডত ইমেইল একাউণ্টৰ বাবে থকা preference settings চাওঁ আহক। |
08:13 | আপুনি হয়তো বিচাৰিব পাৰে যে: |
08:14 | থাণ্ডাৰবাৰ্ডৰ জৰিয়তে পঠোৱা মেইলৰ এটা কপি জিমেইল একাউণ্টতো জমা থাকক |
08:20 | উত্তৰ দিওঁতে মূল মেচেজ উদ্ধৃত থাকক |
08:24 | জাংক মেচেজবোৰ চিনাক্ত কৰক অথবা, |
08:26 | আপোনাৰ কম্পিউটাৰৰ ডিস্ক স্পেচ ভৰ্তি হৈ থাকিলে কিছুমান মেচেজ ডাউনলোড নহওক |
08:34 | বাওঁফালৰ সূচীৰ পৰা জিমেইল একাউণ্ট নিৰ্বাচন কৰোঁ আহক। |
08:38 | থাণ্ডাৰবাৰ্ড মেইল ডায়লগ বাকচ ওলায়। |
08:42 | সোঁফালৰ সূচীত একাউণ্টৰ অধীনত থকা ভিউ ছেটিংছত ক্লিক কৰক। |
08:47 | একাউণ্ট ছেটিংচ ডায়লগ বাকচ ওলায়। |
08:50 | বাওঁফালৰ সূচীত আকৌ জিমেইল একাউণ্ট নিৰ্বাচন কৰক। এতিয়া চাৰ্ভাৰ ছেটিংচত ক্লিক কৰক। |
08:58 | সোঁফালৰ সূচীত চাৰ্ভাৰ ছেটিংচ প্ৰদৰ্শিত হয়। |
09:02 | Check for new messages every চেক বাকচত 20 ভৰ্তি কৰক। |
09:08 | থাণ্ডাৰবাৰ্ডে এতিয়া প্ৰত্যেক ২0 মিনিটৰ অন্তৰে অন্তৰে মেচেজ আছে নেকি পৰীক্ষা কৰিব। |
09:12 | Empty Trash on Exit বাকচত শুদ্ধ চিন দিয়ক। |
09:15 | আপুনি যেতিয়াই থাণ্ডাৰবাৰ্ডৰ পৰা ওলাই যাব, ট্ৰেশ্ব ফল্ডাৰত থকা সকলো মেচেজ ডিলিট হৈ যাব। |
09:22 | একে ধৰণে আপুনি আপোনাৰ চাৰ্ভাৰ চেটিংচ নিজাববীয়াকৈ সজাব পাৰে। |
09:27 | একে ধৰণে, আমি এই বিকল্পসমূহ সজাব পাৰোঁ: |
09:30 | মেইলৰ কপি তৈয়াৰ কৰা, |
09:33 | খচৰা মেইল সাঁচি ৰখা, |
09:35 | মেইল সাঁচি ৰখা ঠাই সলনি কৰা। |
09:39 | বাওঁফালৰ সূচীত Copies and Folders-অত ক্লিক কৰক। |
09:44 | সোঁফালৰ সূচীত Copies and Folders ডায়লগ বাকচ প্ৰদৰ্শিত হয়। |
09:49 | পূৰ্বনিৰ্ধাৰিত বিকল্পসমূহ থকা ধৰণেই ৰাখোঁ আহক। |
09:53 | লক্ষ্য কৰক যে Place a copy in আৰু Sent folder on এই বিকল্প ইতিমধ্যেই নিৰ্বাচিত হৈ আছে। |
10:00 | To save disk space বিকল্প সজাবলৈ বাওঁফালৰ সূচীত Disk Space নিৰ্বাচন কৰোঁ। |
10:08 | এতিয়া, সোঁফালৰ সূচীত To save disc space, don not download বিকল্প দেখা পাব। |
10:16 | Messages larger than বাকচত শুদ্ধ চিন দিয়ক। |
10:19 | এতিয়া, KB-ৰ ঘৰত 60 ভৰাওক। |
10:24 | ৬0 কেবিতকৈ ডাঙৰ মেচেজ থাণ্ডাৰবাৰ্ডে ডাউনলোড নকৰে। |
10:30 | জাংক মেচেজ চিনাক্ত কৰিব পৰাটো থাণ্ডাৰবাৰ্ডৰ আন এটা দৰকাৰী সুবিধা। |
10:35 | জাংক মেচেজ আৰু নন জাংক মেচেজ চিনিবলৈ আপুনি থাণ্ডাৰবাৰ্ডক শিকাব পাৰে। |
10:41 | এইটো কৰিবৰ বাবে প্ৰথমে আপুনি জাংক চেটিংচ সজাব লাগিব আৰু তাৰপিছত মেইলবোৰ জাংক আৰু নন জাংক হিচাপে চিহ্নিত কৰিব লাগিব। |
10:48 | প্ৰথম অৱস্থাত আপুনি নিজাকৈ জাংক মেইল চিনাক্ত কৰিব লাগিব |
10:52 | প্ৰত্যেক মেইলৰ বাবে জাংক মেইল বুটামত ক্লিক কৰি। সময় যোৱাৰ লগে লগে, |
10:56 | আপোনাৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি, |
10:59 | থাণ্ডাৰবাৰ্ডে স্বয়ংক্ৰিয়ভাৱে জাংক মেইল চিনাক্ত কৰিব |
11:03 | আৰু সেইবোৰ জাংক ফল্ডাৰলৈ পঠাই দিব। |
11:07 | বাওঁফালৰ সূচীৰ একাউণ্ট চেটিংচ ডায়লগ বাকচত জাংক চেটিংচত ক্লিক কৰক। |
11:13 | সোঁফালৰ সূচীত জাংক চেটিংচ ডায়লগ বাকচ ওলায়। |
11:18 | মন কৰক যে পূৰ্বনিৰ্ধাৰিতভাৱে Enable adaptive junk mail controls for this account বাকচত শুদ্ধ চিন দি থোৱা আছে। |
11:27 | Do not mark mail as junk if the sender is in list-অৰ অধীনত থকা সকলো বিকল্পত শুদ্ধ চিন দিয়ক। |
11:35 | মুভ নিউ জাংক মেচেজ ঘৰটো নিৰ্বাচন কৰক আৰু অপশ্যনত জাংক ফল্ডাৰ নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক। |
11:44 | এতিয়া ইনবক্সত ক্লিক কৰক আৰু প্ৰথম মেইলটো নিৰ্বাচন কৰক। |
11:48 | মেইলৰ কথাখিনি তলৰ সূচীত প্ৰদৰ্শিত হয়। |
11:52 | জাংক আইকনত ক্লিক কৰক। |
11:54 | লক্ষ্য কৰক যে হেডাৰ জাংক মেইল প্ৰদৰ্শিত হৈছে। |
11:58 | একে ধৰণে আপুনি অন্যান্য পছন্দসমূহো সজাব পাৰে! |
12:03 | থাণ্ডাৰবাৰ্ডত সজোৱা মেইল একাউণ্ট এটা আমি ডিলিট কৰিব পাৰোঁ নে? হয়, পাৰোঁ! |
12:10 | বাওঁফালৰ সূচীত STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক। |
12:16 | সোঁফালৰ সূচীত একাউণ্টচৰ অধীনত থকা ভিউ চেটিংচ ফৰ দিছ একাউণ্ট নিৰ্বাচন কৰক। |
12:21 | একাউণ্ট চেটিংচ ডায়লগ বাকচ ওলায়। |
12:25 | তলৰ বাওঁকোণত Account Actions-অত ক্লিক কৰক আৰু তাৰ পিছত Remove Account-অত ক্লিক কৰক। |
12:32 | এটা সতৰ্কীকৰণ বাৰ্তা প্ৰদৰ্শিত হয়। |
12:35 | যদি আমি অ’কেত ক্লিক কৰোঁ, তেনেহ’লে একাউণ্টটো ডিলিট হৈ যাব। |
12:39 | যি কি নহওক, এই শিক্ষণৰ প্ৰয়োজনত আমি একাউণ্টটো ডিলিট নকৰোঁ। |
12:45 | গতিকে আমি কেনচেলত ক্লিক কৰিম। |
12:47 | এতিয়া এই ডায়লগ বাকচটো বন্ধ কৰি দিওঁ। |
12:51 | মনত ৰাখিব, যেতিয়া আপুনি কোনো এটা ইমেইল একাউণ্ট ডিলিট কৰে, |
12:53 | সেই ইমেইল একাউণ্টৰ |
12:56 | সকলোবোৰ ফল্ডাৰ আৰু মেইল |
12:58 | থাণ্ডাৰবাৰ্ডৰ পৰা ডিলিট হৈ যাব। |
13:00 | সবিশেষ তেতিয়াও মজিলা থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ সূচীত প্ৰদৰ্শিত হৈ থাকিব পাৰে। |
13:06 | সেয়া হ’লেও, যেতিয়া আপুনি পুনৰ লগ-ইন কৰে, তেতিয়া সেইবিলাক আৰু প্ৰদৰ্শিত নহয়। |
13:12 | ইয়াতে Mozilla Thunderbird 10.0.2-ৰ শিক্ষণ সমাপ্ত হৈছে। |
13:18 | এই শিক্ষণত আমি শিকিলো কেনেকৈ: |
13:20 | এটা ইমেইল একাউণ্টত নতুন ফল্ডাৰ যোগ দিব পাৰি। |
13:24 | মেচেজ বিচাৰিবলৈ advanced filters সজাব পাৰি। |
13:28 | মেচেজ ফিল্টাৰ পৰিচালনা কৰিব পাৰি। |
13:30 | আপুনি আৰু শিকিলে, কেনেকৈ: |
13:32 | য়াহু একাউণ্ট নিজাকৈ কনফিগাৰ কৰিব পাৰি। |
13:35 | কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰি। |
13:38 | মেইল একাউণ্টৰ একাউণ্ট চেটিংচ সলনি কৰিব পাৰি আৰু |
13:40 | এটা মেইল একাউণ্ট ডিলিট কৰিব পৰি। |
13:44 | আপোনাৰ বাবে এটা কৰিবলগীয়া কাম। |
13:46 | এটা ইমেইল একাউণ্ট নিজাকৈ সজাওক। |
13:49 | একাউণ্টটোৰ চেটিংচ সলনি কৰক। |
13:52 | মেচেজ আৰ্কাইভ কৰিবৰ বাবে প্ৰিফাৰেন্স সজাওক |
13:56 | জাংক চেটিংচৰ প্ৰিফাৰেন্স সলনি কৰক |
14:00 | এটা ইমেইল একাউণ্ট ডিলিট কৰক |
14:02 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক |
14:05 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
14:09 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে |
14:13 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
14:15 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
14:18 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
14:22 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক |
14:29 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
14:33 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
14:40 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
14:51 | এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। |