Digital-Divide/C2/First-aid-measures-for-ChickenPox/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:06 | অশোকে তাৰ খেতিৰ পৰা ঘৰলৈ আহোতে জ্বৰ আৰু শৰীৰ বিষ সম্পর্কে কয়। |
| 00:12 | তাঁৰ পত্নী, অনিতা, তাক চাই আৰু তাৰ হাত আৰু ভৰিত কিছো ফোহা লক্ষ্য কৰে। |
| 00:18 | তাই ভয় খায় কয় যে তাইৰ স্বামীৰ উপৰত দেবীয়ে প্রকোপ কৰিছে। |
| 00:24 | সেয়ে শীঘ্রই তাইৰ সন্তানক ঘৰৰ পৰা বাহিৰত যাব কয়। |
| 00:29 | মাক আৰু বাচ্চাবোৰে ঘৰৰ পৰা বাহিৰত আহি আৰু দৰজা বাহিৰৰ পৰা বন্ধ কৰি দিয়ে। |
| 00:35 | সেই সময়তে, গ্রামৰ হাসপাতালৰ ডাক্তৰ তেখেতৰ ঘৰৰ উচৰেদি যায় আৰু অনিতাক দেখি শুভেচ্ছা জনায়। |
| 00:43 | অনিতা আৰু তাইৰ বাচ্চাবোৰক চিন্তিত দেখি, তেখেতে অনিতাক সোধে যে কি হৈছে? |
| 00:51 | অনিতায়ে তাইৰ স্বামীৰ উপৰত হোৱা দেবীৰ প্রকোপ সম্পর্কে ডাক্তাৰক কয়। |
| 00:57 | ডাক্তৰে, অনিতাৰ স্বামীক চাবলে বিছাৰে। |
| 01:02 | কিন্তু অনিতায়ে ডাক্তৰক তাইৰ স্বামীৰ সৈতে দেখা কৰিবলৈ মানা কৰে। |
| 01:07 | ডাক্তৰে অনিতাৰ কথা নুশুনি ঘৰৰ ভিতৰত যায় আৰু অনিতায়ে সংকোচ কৰি ডাক্তৰক অনুসৰণ কৰে। |
| 01:15 | ডাক্তৰে পৰীক্ষা কৰি কয় যে তাৰ চিকেনপক্স হৈছে। |
| 01:21 | কিন্তু অশোক আৰু অনিতায়ে নাজানে যে চিকেনপক্স কি? |
| 01:26 | সিহতে অনুসন্ধিৎসুভাবে ডাক্তৰক চাই। |
| 01:29 | Digital divide ক সংলগ্ন কৰাৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 01:34 | ইয়াত চিকেনপক্স, তাৰ লক্ষণ, কাৰণ, কি কৰা উচিত আৰু কি নকৰা উচিত, তাক ব্যাখ্যা কৰিম। |
| 01:42 | প্রথমে চাও যে চিকেনপক্স কি? |
| 01:46 | চিকেনপক্স এটা ভাইৰাল সংক্রমণ যি শৰীৰত খজুৱা পানীজোলা (itchy blisters) বিকশিত কৰে । |
| 01:53 | চিকেনপক্সৰ টিকা(vaccine) ৰোগ প্রতিৰোধ কৰিবলৈ খুব ভাল কাম কৰে। |
| 01:58 | যোনে চিকেনপক্সৰ টিকা লৈ গৈছে তেখেতলোকৰোও এইটো হব পাৰে। |
| 02:03 | কিন্তু সাধাৰণতে এইটো নম্ৰ ভাবে হয়। |
| 02:06 | সাধাৰণত, চিকেনপক্স সামান্য ৰোগ আৰু কম ঘাতকপূর্ণ হয়। |
| 02:10 | কিন্তু কেতিয়াবা এইটো তীব্র হলে ব্যক্তিজনক হাসপাতালত যাবলগা হব পাৰে আৰু মৃত্যুও হব পাৰে। |
| 02:18 | এইটোৱে |
| 02:20 | গর্ভবতী মহিলা, |
| 02:22 | নবজাত শিশু, |
| 02:25 | কিশোৰ আৰু প্রাপ্তবয়স্ক আৰু |
| 02:28 | কম প্রতিৰোধ ক্ষমতা যুক্ত লোকক হব পাৰে। |
| 02:32 | এবাৰ চিকেনপক্স হৈ যোৱাত সাধাৰণতে ভাইৰাস পুনৰায় নাহে। |
| 02:38 | যদি কোনো এজনক দ্বিতীয় বাৰ চিকেনপক্স হয়, তেনেহলে তাক শিনগল্স কোৱা হয়। |
| 02:45 | এতিয়া চিকেনপক্সৰ কিছু লক্ষণ চাও। |
| 02:50 | জ্বৰ যি 2 দিন পর্যন্ত থাকে। |
| 02:54 | ৰঙা, গৰম আৰু বেদনাপূৰ্ণ ছাল। |
| 02:58 | তীব্র খজুতি যি ঘড়োৱা চিকিত্সা দ্বাৰা ভাল নহয়। |
| 03:03 | ৰঙা ফোঁহা যি 2 সপ্তাহ পর্যন্ত থাকে। |
| 03:08 | এতিয়া চিকেনপক্সৰ সময়কাল আৰু সংক্রামকতা চাও। |
| 03:13 | চিকেনপক্সৰ ফোঁহা 3-5 দিনত তৈয়াৰ হয় আৰু 7-10 দিনত শুকায়। |
| 03:22 | এইটো হোৱাৰ 1-2 দিনতে সংক্রামক হৈ যায়। |
| 03:27 | এইটো সংক্রামক হৈ থাকে যেতিয়ালৈকে সকলো ফোঁহা শুকায় নাযায়। |
| 03:33 | এইটো অত্যন্ত সংক্রামক আৰু এজনৰ পৰা অন্য এজনলৈ খুব সোনকালে বিয়পে। |
| 03:39 | এতিয়া চিকেনপক্সৰ কাৰণ চাও। |
| 03:43 | আপোনি এইভাবে চিকেন পক্স পাব পাৰে: |
| 03:47 | চিকেনপক্সৰ ফোঁহাৰ পৰা তৰল স্পর্শ কৰিলে বা |
| 03:52 | চিকেনপক্সৰ ৰোগীয়ে আপোনাৰ উচৰত কাঁহ বা হাঁচি দিলে। |
| 03:57 | ক্ষতি হব পাৰে যদি, |
| 04:00 | আপোনাৰ আগতে চিকেনপক্স হোৱা নাই অথবা |
| 04:03 | আপোনি চিকেনপক্সৰ টিকা নোলোৱকে থাকিলে। |
| 04:08 | এতিয়া, চাও যে চিকেনপক্স হলে আমি কি কৰা উচিত। |
| 04:14 | ডাক্তৰৰ সৈতে পৰামর্শ লওক যে এইটো চিকেনপক্স নে মহে / পোকে কামোড়াৰ চিহ্ন। |
| 04:20 | পাতল আহাৰ খাব। ঘৰত ৰান্ধা খাদ্য খাবলৈ পৰামর্শ দিয়া হয়। |
| 04:26 | প্রথম কেইদিনমান প্রতি 3 পৰা 4 ঘন্টাত ঠান্ডা বা কোহমীয়া পানীত স্নান কৰক। |
| 04:33 | স্নান কৰাৰ পানীত নিম পাত দিব। এইটোৱে খুজতি কমায়। |
| 04:38 | স্নান কৰক আৰু শৰীৰ লাহেকৈ মু্ছক। |
| 04:42 | প্রচুৰ পানী খাব - নাৰিকল, বার্লি বা অন্যকিছু যি শৰীৰ ঠান্ডা ৰাখে। |
| 04:49 | সংক্রমণক বিয়পাৰ পৰা ৰখাবলৈ আক্রান্ত ব্যক্তিৰ কাপোড় বেলেগভাবে ধোৱক। |
| 04:55 | আপোনাৰ আগতে চিকেনপক্স যদি হোৱা নাই বা টিকা লগোৱা নাই এইটো লৈ লোৱা উচিত। |
| 05:02 | এতিয়া চাও যে, চিকেনপক্স হলে কি কৰা উচিত নহয়। |
| 05:08 | ৰঙা ফোঁহা নুচুব বা নখজোৱাব। |
| 05:10 | এইটোৱে ব্যাকটেৰিয়া সংক্রমণ আৰু দাগ কৰাব পাৰে। |
| 05:15 | অন্যান্য লোকক সংক্রমনৰ পৰা বচাবলৈ, তেখেতলোকৰ পৰা দূৰত থাকক। |
| 05:22 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। মনত ৰাখিব: ডাক্তৰৰ সহায়তা লোৱা সর্বদা উপযোগী হয়। |
| 05:28 | শোনাৰ বাবে ধন্যবাদ। সুৰক্ষিত থাকক। |
| 05:32 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 05:35 | এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়। |
| 05:39 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 05:44 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
| 05:49 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 05:53 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক । |
| 06:01 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 06:05 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 06:12 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 06:30 | মই মৌচুমী মেধি বিদায় লৈছো। |
| 06:33 | অংশ গ্রহনৰ বাবে ধন্যবাদ। |