Difference between revisions of "LibreOffice-Suite-Writer/C4/Creating-newsletter/Assamese"
From Script | Spoken-Tutorial
Nancyvarkey (Talk | contribs) |
|
(No difference)
|
Revision as of 14:41, 17 December 2013
VISUAL CUE | NARRATION |
00:00 | LibreOffice Writer-অত কেইবাটাও স্তম্ভৰে কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয়, তাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম। |
00:07 | আমি এই প্ৰশিক্ষণত LibreOffice Writer-অত কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয় আৰু সেইবোৰক লৈ কৰিব পৰা কিছুমান কাৰ্যৰ কথা শিকিম। |
00:17 | আমি ইয়াত Ubuntu Linux 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice Suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ। |
00:27 | নিউজলেটাৰ হৈছে গ্ৰাহকসকলৰ মাজত এক নিয়মীয়া সময়ৰ ব্যৱধানত বিতৰণ কৰা এবিধ প্ৰকাশন। উদাহৰণ স্বৰূপে— সাময়িক পত্ৰিকা, প্ৰচাৰ পুস্তিকা আদি। |
00:39 | বিভাগ হিচাপে ইয়াত কেইবাটাও স্তম্ভ থাকে, যিবোৰে বিভাগবোৰত থকা বিভিন্ন লিখনিবোৰ পঢ়ুৱৈক পঢ়াত সহজ কৰি দিয়ে। |
00:47 | LibreOffice Writer ব্যৱহাৰ কৰি সহজ আৰু খৰতকীয়া পঠনৰ বাবে নিউজলেটাৰ তৈয়াৰ কৰিব পাৰি। |
00:55 | ‘File’, ‘New’ আৰু ‘Text Document’ অপশ্যনত ক্লিক কৰি এটা নতুন টেক্সট্ ডকুমেণ্ট খোলোঁ আহক। |
01:03 | Newsletter নামেৰে এই ডকুমেণ্টটো চেভ কৰক। |
01:13 | গতিকে আমি ‘Newsletter’ নামেৰে এটা নতুন টেক্সত ডকুমেণ্ট পালো। |
01:17 | এতিয়া আমাৰ ডকুমেণ্টখনত স্তম্ভ সুমুৱাও আহক। |
01:20 | সেইটো কৰিবলৈ প্ৰথমে মেনুবাৰত থকা ‘Format’ বুটামত ক্লিক কৰক আৰু তাৰ পিছত ‘Columns’-অত ক্লিক কৰক। |
01:27 | বিভিন্ন বিকল্পৰে এটা ডায়লগ বাকচ ওলাব- |
01:31 | আপুনি বিচৰা স্তম্ভৰ সংখ্যা নিৰ্বাচন কৰা, |
01:34 | স্তম্ভবোৰৰ প্ৰস্থ আৰু স্তম্ভবোৰৰ মাজত ৰাখিব বিচৰা খালী ঠাইখিনি নিৰ্ণয় কৰা |
01:37 | লগতে পৃথক কৰা ৰেখাবোৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰা। |
01:42 | স্তম্ভৰ ঠাইৰ মান ২ লৈ বৃদ্ধি কৰি নিউজলেটাৰ ডকুমেণ্টৰ কাৰণে আমি ২টা স্তম্ভ বাছনি কৰিম। |
01:49 | স্তম্ভৰ ঠাইখিনিৰ কাষতে থকা আইকন পাঁচটাই উপলব্ধ বিভিন্ন ফৰমেটৰ ধাৰণা দিব। |
01:56 | আমি দ্বিতীয় ফৰমেটটোত ক্লিক কৰিম। |
01:59 | স্তম্ভবোৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰা অন্যান্য মানবোৰ ডিফল্ট হিচাপেই ৰাখি দিওঁ। |
02:05 | আৰু ‘OK’ বুটামত ক্লিক কৰোঁ। |
02:08 | দেখা পাব যে টেক্সট্ এলেকাত দুটা স্তম্ভ ওলাইছে। |
02:12 | আমাৰ প্ৰথম স্তম্ভত এটা লেখনি লিখোঁ আহক। |
02:15 | ফণ্টৰ আকাৰ ১৫ দি ডাঠ আখৰত ইয়াৰ শিৰোনাম ‘Nature’ বুলি দিম। |
02:21 | আৰু তাৰ তলত এই বিষয়ে এটা লেখনি লিখিম। |
02:25 | দেখা পাইছে যে লিখি গৈ প্ৰথম স্তম্ভৰ শেষ পোৱাৰ লগে লগে কাৰ্চৰডাল নিজে নিজেই পিছৰ স্তম্ভটোলৈ গুচি গৈছে। |
02:33 | আপুনি আনকি এখন ছবিও স্তম্ভৰ ভিতৰত সুমুৱাব পাৰে আৰু স্তম্ভত ভালকৈ খাপ খোৱাকৈ পুনৰ আকৃতি দিব পাৰে। |
02:39 | তিয়া অলপ ঠাই এৰি দি স্তম্ভটোত অন্য এটা লেখা লিখিব পাৰে। |
02:46 | ফন্ট চাইজ ১৫ দি আমি প্ৰথমে ইয়াৰ শিৰোনামটো ডাঙৰ আখাৰেৰে ‘Sports’ বুলি দিম আৰু তাৰ তলত লিখনিটো লিখিম। |
02:56 | গতিকে আপুনি দেখিলে যে স্তম্ভবোৰে পাঠকক ভিন ভিন লেখা পঢ়িবলৈ সুবিধা কৰি দিয়ে। |
03:02 | কিছুমান বাক্য মচি পেলোৱা যাওক যাতে আমাৰ লেখাটো প্ৰথম স্তম্ভতে খাপ খাই পৰে। |
03:08 | তাৰ পাছত, আৰু অধিক স্তম্ভৰ কাৰণে ‘insert’ বুটামত ক্লিক কৰক আৰু তাৰ পাছত ‘Manual Break’-অত ক্লিক কৰক। |
03:16 | যিটো ডায়লগ বাকচ ওলাব তাত ‘Column Break’ বুটামত ক্লিক কৰক আৰু তাৰ পাছত ‘OK’ বুটামত ক্লিক কৰক। |
03:23 | আপুনি দেখা পাব যে কাৰ্চৰডাল পাছৰ স্তম্ভটোলৈ নিজে নিজে আহিছে। |
03:27 | এতিয়া আপুনি এই স্তম্ভটোত অন্য এটা লেখা লিখা আৰম্ভ কৰিব পাৰে। |
03:31 | বিভিন্ন ফৰ্মেটিং অপশ্যন, যেনে |
03:33 | “Align left”, “Align right”, |
03:36 | লেখাৰ পিছফালে ৰং প্ৰয়োগ, |
03:38 | লেখা জিলিকাই তোলা তথা আন বহুতো সুবিধা |
03:41 | লিখাখিনিত প্ৰয়োগ কৰি অধিক আকৰ্ষণীয় কৰি তুলিব পাৰি। |
03:45 | উদাহৰণস্বৰূপে, যিখিনি লেখাৰ পিছফালে আমি ৰং প্ৰয়োগ কৰিব বিচাৰোঁ, সেইখিনি চিলেক্ট কৰি ল’লো। |
03:51 | এতিয়া টুলবাৰত থকা Background Color আইকনত ক্লিক কৰক আৰু তাৰপিছত Green 4-অত ক্লিক কৰক। |
03:59 | আমি দেখিম যে বাছনি কৰি লোৱা লেখাখিনিৰ পিছফালৰ ৰংটো পাতল সেউজীয়া হৈ পৰিছে। |
04:05 | এইদৰে আপুনি লেখাৰ বেলেগে বেলেগ অংশত বেলেগ বেলেগ পিছফালৰ ৰং দিব পাৰে। |
04:10 | ড্ৰয়িং টুলবাৰৰ Text অপশ্যনত ক্লিক কৰি আপুনি নিউজলেটাৰত বেনাৰো যোগ দিব পাৰে। |
04:18 | এতিয়া ডকুমেণ্টখনৰ লেখা নথকা কোনো এটা অংশত টেক্সট বাকচটো থওক। |
04:24 | টেক্সট বাকচটোৰ ভিতৰত আপুনি যিকোনো লেখা লিখিব পাৰে, যিয়ে এখন বেনাৰ বা বিজ্ঞাপন হিচাপে কাম কৰিব। |
04:30 | গতিকে আমি অলপ লেখা লিখোঁ, যেনে— “This is a newsletter”। |
04:35 | আপুনি লেখাটোত এফেক্টচও যোগ দিব পাৰে। |
04:37 | উদাহৰণ স্বৰূপে, প্ৰথমে লেখাখিনিত সোঁ-ক্লিক কৰি ওলাই অহা মেনুখনৰ Text অপশ্যনত ক্লিক কৰক। |
04:45 | Text আৰু Text Animation টেব থকা এটা ডায়লগ বাকচ ওলাই আহিব। |
04:50 | Text Animation টেবত ক্লিক কৰক। |
04:53 | এই টেবৰ অধীনৰ Effects-অৰ ঠাইখিনিত বিভিন্ন বিকল্প আছে। |
04:58 | নিউজলেটাৰৰ লেখাখিনি জিকমিক কৰি থকা কৰিবলৈ আমি ‘Blink’ অপশ্যনটোত ক্লিক কৰিম। |
05:04 | আৰু শেষত OK বুটামত ক্লিক কৰিম। |
05:07 | আমি দেখিছোঁ যে ডকুমেণ্টত থকা This is a newsletter কথাখিনি স্থায়ী ৰূপত জিকমিক কৰি আছে। |
05:13 | একেদৰে বিভিন্ন এফেক্টচ আৰু গ্ৰাফিকচ লিখনিত দিব পাৰি। |
05:18 | এতিয়া পিছৰ পৃষ্ঠাটোত এটা নতুন লিখনি লিখিবলৈ আপুনি প্ৰথমে Insert বুটামটোত ক্লিক কৰিব লাগিব। |
05:25 | আৰু তাৰ পিছত Manual Break’ অপশ্যনটোত ক্লিক কৰক। |
05:29 | ওলাই অহা ডায়লগ বাকচটোৰ Page Break বুটামত ক্লিক কৰক। |
05:34 | আৰু শেষত OK বুটামত ক্লিক কৰক। |
05:37 | দেখা পাব যে কাৰ্চৰডাল পিছৰ পৃষ্ঠাটোলৈ আহিছে। |
05:40 | আগৰ পৃষ্ঠাটোৰ দৰেই এই পৃষ্ঠাটোতো একে স্তম্ভ সজ্জা আছে। |
05:46 | আপোনাৰ লিখনিটোৰ শব্দ সংখ্যাৰ গণনা ৰাখিবলৈ প্ৰথমতে লেখনিৰ এটা অংশ বা গোটেই ডকুমেণ্টটো নিৰ্বাচন কৰক। |
05:53 | এতিয়া মেনুবাৰৰ Tools অপশ্যনত ক্লিক কৰক। |
05:57 | এতিয়া ড্ৰপ-ডাউন মেনুখনৰ Word Count অপশ্যনটোত ক্লিক কৰক। |
06:02 | এটা ডায়লগ বাকচ ওলাই আহিব, যিটোৱে বাছনি কৰা অংশটো আৰু লগতে গোটেই ডকুমেণ্টটোৰ শব্দ সংখ্যা প্ৰদৰ্শন কৰিব। |
06:10 | ই গোটেই ডকুমেণ্টটো আৰু বাছনি কৰা অংশটোৰ কেৰেক্টাৰৰ সংখ্যাও দেখুৱায়। |
06:18 | ডকুমেণ্ট লিখি থকাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বানান পৰীক্ষাও কৰিব পৰা যায়। |
06:23 | টুলবাৰত থকা ‘Auto Spell check’ আইকনটোত ক্লিক কৰক। |
06:27 | এতিয়া, লেখনি লিখি থকাৰ সময়ত যদি কোনো বানান ভুল হয়, তেতিয়া ৰাইটাৰে নিজে নিজেই এডাল ৰঙা ৰেখাৰে শব্দটোৰ তলত আঁচ মাৰি সেয়া দেখুৱাই দিয়ে। |
06:37 | উদাহৰণ হিচাপে, আমি যদি Cat শব্দটো C-A-A-T হিচাপে লিখোঁ আৰু স্পেচবাৰ টিপোঁ, তেনেহ’লে শব্দটোৰ তলত অডাল ৰঙা আঁচ দেখা পাম। |
06:48 | কিন্তু যেতিয়া আমি শব্দটো শুদ্ধ কৰি দিওঁ, ৰঙা আচডাল নোহোৱা হৈ যায়। |
06:52 | গতিকে আমি দেখিলো যে আগৰ প্ৰশিক্ষণসমূহত আলোচনা কৰা সকলোবোৰ ফৰমেটিং অপশ্যন নিউজলেটাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। |
07:01 | ইয়াতে আমাৰ Libre Office Writer সম্পৰ্কীয় প্ৰশিক্ষণৰ |
07:04 | সামৰণি পৰিছে। |
07:06 | সংক্ষেপতে, Libre Office Writer-অত কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয় আৰু তাত প্ৰয়োগ কৰিব পৰা কিছু কাৰ্যৰ বিষয়ে আমি শিকিলো। |
07:17 | *তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
07:21 | *কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। |
07:24 | *যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:28 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
07:31 | *কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
07:34 | *এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
07:38 | *অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক। |
07:44 | *কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:48 | *ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
07:56 | *ই মিশ্যন সম্পৰ্কত অধিক তথ্য |
08:00 | *spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:07 | *এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ।
যোগদানৰ বাবে ধন্যবাদ। |