LibreOffice-Suite-Writer/C4/Creating-newsletter/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Writer-অত কেইবাটাও স্তম্ভৰে কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয়, তাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম।
00:07 আমি এই প্ৰশিক্ষণত LibreOffice Writer-অত কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয় আৰু সেইবোৰক লৈ কৰিব পৰা কিছুমান কাৰ্যৰ কথা শিকিম।
00:17 আমি ইয়াত Ubuntu Linux 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice Suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ।
00:27 নিউজলেটাৰ হৈছে গ্ৰাহকসকলৰ মাজত এক নিয়মীয়া সময়ৰ ব্যৱধানত বিতৰণ কৰা এবিধ প্ৰকাশন। উদাহৰণ স্বৰূপে— সাময়িক পত্ৰিকা, প্ৰচাৰ পুস্তিকা আদি।
00:39 বিভাগ হিচাপে ইয়াত কেইবাটাও স্তম্ভ থাকে, যিবোৰে বিভাগবোৰত থকা বিভিন্ন লিখনিবোৰ পঢ়ুৱৈক পঢ়াত সহজ কৰি দিয়ে।
00:47 LibreOffice Writer ব্যৱহাৰ কৰি সহজ আৰু খৰতকীয়া পঠনৰ বাবে নিউজলেটাৰ তৈয়াৰ কৰিব পাৰি।
00:55 ‘File’, ‘New’ আৰু ‘Text Document’ অপশ্যনত ক্লিক কৰি এটা নতুন টেক্সট্‌ ডকুমেণ্ট খোলোঁ আহক।
01:03 Newsletter নামেৰে এই ডকুমেণ্টটো চেভ কৰক।
01:13 গতিকে আমি ‘Newsletter’ নামেৰে এটা নতুন টেক্সত ডকুমেণ্ট পালো।
01:17 এতিয়া আমাৰ ডকুমেণ্টখনত স্তম্ভ সুমুৱাও আহক।
01:20 সেইটো কৰিবলৈ প্ৰথমে মেনুবাৰত থকা ‘Format’ বুটামত ক্লিক কৰক আৰু তাৰ পিছত ‘Columns’-অত ক্লিক কৰক।
01:27 বিভিন্ন বিকল্পৰে এটা ডায়লগ বাকচ ওলাব-
01:31 আপুনি বিচৰা স্তম্ভৰ সংখ্যা নিৰ্বাচন কৰা,
01:34 স্তম্ভবোৰৰ প্ৰস্থ আৰু স্তম্ভবোৰৰ মাজত ৰাখিব বিচৰা খালী ঠাইখিনি নিৰ্ণয় কৰা
01:37 লগতে পৃথক কৰা ৰেখাবোৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰা।
01:42 স্তম্ভৰ ঠাইৰ মান ২ লৈ বৃদ্ধি কৰি নিউজলেটাৰ ডকুমেণ্টৰ কাৰণে আমি ২টা স্তম্ভ বাছনি কৰিম।
01:49 স্তম্ভৰ ঠাইখিনিৰ কাষতে থকা আইকন পাঁচটাই উপলব্ধ বিভিন্ন ফৰমেটৰ ধাৰণা দিব।
01:56 আমি দ্বিতীয় ফৰমেটটোত ক্লিক কৰিম।
01:59 স্তম্ভবোৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰা অন্যান্য মানবোৰ ডিফল্ট হিচাপেই ৰাখি দিওঁ।
02:05 আৰু ‘OK’ বুটামত ক্লিক কৰোঁ।
02:08 দেখা পাব যে টেক্সট্ এলেকাত দুটা স্তম্ভ ওলাইছে।
02:12 আমাৰ প্ৰথম স্তম্ভত এটা লেখনি লিখোঁ আহক।
02:15 ফণ্টৰ আকাৰ ১৫ দি ডাঠ আখৰত ইয়াৰ শিৰোনাম ‘Nature’ বুলি দিম।
02:21 আৰু তাৰ তলত এই বিষয়ে এটা লেখনি লিখিম।
02:25 দেখা পাইছে যে লিখি গৈ প্ৰথম স্তম্ভৰ শেষ পোৱাৰ লগে লগে কাৰ্চৰডাল নিজে নিজেই পিছৰ স্তম্ভটোলৈ গুচি গৈছে।
02:33 আপুনি আনকি এখন ছবিও স্তম্ভৰ ভিতৰত সুমুৱাব পাৰে আৰু স্তম্ভত ভালকৈ খাপ খোৱাকৈ পুনৰ আকৃতি দিব পাৰে।
02:39 তিয়া অলপ ঠাই এৰি দি স্তম্ভটোত অন্য এটা লেখা লিখিব পাৰে।
02:46 ফন্ট চাইজ ১৫ দি আমি প্ৰথমে ইয়াৰ শিৰোনামটো ডাঙৰ আখাৰেৰে ‘Sports’ বুলি দিম আৰু তাৰ তলত লিখনিটো লিখিম।
02:56 গতিকে আপুনি দেখিলে যে স্তম্ভবোৰে পাঠকক ভিন ভিন লেখা পঢ়িবলৈ সুবিধা কৰি দিয়ে।
03:02 কিছুমান বাক্য মচি পেলোৱা যাওক যাতে আমাৰ লেখাটো প্ৰথম স্তম্ভতে খাপ খাই পৰে।
03:08 তাৰ পাছত, আৰু অধিক স্তম্ভৰ কাৰণে ‘insert’ বুটামত ক্লিক কৰক আৰু তাৰ পাছত ‘Manual Break’-অত ক্লিক কৰক।
03:16 যিটো ডায়লগ বাকচ ওলাব তাত ‘Column Break’ বুটামত ক্লিক কৰক আৰু তাৰ পাছত ‘OK’ বুটামত ক্লিক কৰক।
03:23 আপুনি দেখা পাব যে কাৰ্চৰডাল পাছৰ স্তম্ভটোলৈ নিজে নিজে আহিছে।
03:27 এতিয়া আপুনি এই স্তম্ভটোত অন্য এটা লেখা লিখা আৰম্ভ কৰিব পাৰে।
03:31 বিভিন্ন ফৰ্মেটিং অপশ্যন, যেনে
03:33 “Align left”, “Align right”,
03:36 লেখাৰ পিছফালে ৰং প্ৰয়োগ,
03:38 লেখা জিলিকাই তোলা তথা আন বহুতো সুবিধা
03:41 লিখাখিনিত প্ৰয়োগ কৰি অধিক আকৰ্ষণীয় কৰি তুলিব পাৰি।
03:45 উদাহৰণস্বৰূপে, যিখিনি লেখাৰ পিছফালে আমি ৰং প্ৰয়োগ কৰিব বিচাৰোঁ, সেইখিনি চিলেক্ট কৰি ল’লো।
03:51 এতিয়া টুলবাৰত থকা Background Color আইকনত ক্লিক কৰক আৰু তাৰপিছত Green 4-অত ক্লিক কৰক।
03:59 আমি দেখিম যে বাছনি কৰি লোৱা লেখাখিনিৰ পিছফালৰ ৰংটো পাতল সেউজীয়া হৈ পৰিছে।
04:05 এইদৰে আপুনি লেখাৰ বেলেগে বেলেগ অংশত বেলেগ বেলেগ পিছফালৰ ৰং দিব পাৰে।
04:10 ড্ৰয়িং টুলবাৰৰ Text অপশ্যনত ক্লিক কৰি আপুনি নিউজলেটাৰত বেনাৰো যোগ দিব পাৰে।
04:18 এতিয়া ডকুমেণ্টখনৰ লেখা নথকা কোনো এটা অংশত টেক্সট বাকচটো থওক।
04:24 টেক্সট বাকচটোৰ ভিতৰত আপুনি যিকোনো লেখা লিখিব পাৰে, যিয়ে এখন বেনাৰ বা বিজ্ঞাপন হিচাপে কাম কৰিব।
04:30 গতিকে আমি অলপ লেখা লিখোঁ, যেনে— “This is a newsletter”।
04:35 আপুনি লেখাটোত এফেক্টচও যোগ দিব পাৰে।
04:37 উদাহৰণ স্বৰূপে, প্ৰথমে লেখাখিনিত সোঁ-ক্লিক কৰি ওলাই অহা মেনুখনৰ Text অপশ্যনত ক্লিক কৰক।
04:45 Text আৰু Text Animation টেব থকা এটা ডায়লগ বাকচ ওলাই আহিব।
04:50 Text Animation টেবত ক্লিক কৰক।
04:53 এই টেবৰ অধীনৰ Effects-অৰ ঠাইখিনিত বিভিন্ন বিকল্প আছে।
04:58 নিউজলেটাৰৰ লেখাখিনি জিকমিক কৰি থকা কৰিবলৈ আমি ‘Blink’ অপশ্যনটোত ক্লিক কৰিম।
05:04 আৰু শেষত OK বুটামত ক্লিক কৰিম।
05:07 আমি দেখিছোঁ যে ডকুমেণ্টত থকা This is a newsletter কথাখিনি স্থায়ী ৰূপত জিকমিক কৰি আছে।
05:13 একেদৰে বিভিন্ন এফেক্টচ আৰু গ্ৰাফিকচ লিখনিত দিব পাৰি।
05:18 এতিয়া পিছৰ পৃষ্ঠাটোত এটা নতুন লিখনি লিখিবলৈ আপুনি প্ৰথমে Insert বুটামটোত ক্লিক কৰিব লাগিব।
05:25 আৰু তাৰ পিছত Manual Break’ অপশ্যনটোত ক্লিক কৰক।
05:29 ওলাই অহা ডায়লগ বাকচটোৰ Page Break বুটামত ক্লিক কৰক।
05:34 আৰু শেষত OK বুটামত ক্লিক কৰক।
05:37 দেখা পাব যে কাৰ্চৰডাল পিছৰ পৃষ্ঠাটোলৈ আহিছে।
05:40 আগৰ পৃষ্ঠাটোৰ দৰেই এই পৃষ্ঠাটোতো একে স্তম্ভ সজ্জা আছে।
05:46 আপোনাৰ লিখনিটোৰ শব্দ সংখ্যাৰ গণনা ৰাখিবলৈ প্ৰথমতে লেখনিৰ এটা অংশ বা গোটেই ডকুমেণ্টটো নিৰ্বাচন কৰক।
05:53 এতিয়া মেনুবাৰৰ Tools অপশ্যনত ক্লিক কৰক।
05:57 এতিয়া ড্ৰপ-ডাউন মেনুখনৰ Word Count অপশ্যনটোত ক্লিক কৰক।
06:02 এটা ডায়লগ বাকচ ওলাই আহিব, যিটোৱে বাছনি কৰা অংশটো আৰু লগতে গোটেই ডকুমেণ্টটোৰ শব্দ সংখ্যা প্ৰদৰ্শন কৰিব।
06:10 ই গোটেই ডকুমেণ্টটো আৰু বাছনি কৰা অংশটোৰ কেৰেক্টাৰৰ সংখ্যাও দেখুৱায়।
06:18 ডকুমেণ্ট লিখি থকাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বানান পৰীক্ষাও কৰিব পৰা যায়।
06:23 টুলবাৰত থকা ‘Auto Spell check’ আইকনটোত ক্লিক কৰক।
06:27 এতিয়া, লেখনি লিখি থকাৰ সময়ত যদি কোনো বানান ভুল হয়, তেতিয়া ৰাইটাৰে নিজে নিজেই এডাল ৰঙা ৰেখাৰে শব্দটোৰ তলত আঁচ মাৰি সেয়া দেখুৱাই দিয়ে।
06:37 উদাহৰণ হিচাপে, আমি যদি Cat শব্দটো C-A-A-T হিচাপে লিখোঁ আৰু স্পেচবাৰ টিপোঁ, তেনেহ’লে শব্দটোৰ তলত অডাল ৰঙা আঁচ দেখা পাম।
06:48 কিন্তু যেতিয়া আমি শব্দটো শুদ্ধ কৰি দিওঁ, ৰঙা আচডাল নোহোৱা হৈ যায়।
06:52 গতিকে আমি দেখিলো যে আগৰ প্ৰশিক্ষণসমূহত আলোচনা কৰা সকলোবোৰ ফৰমেটিং অপশ্যন নিউজলেটাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি।
07:01 ইয়াতে আমাৰ Libre Office Writer সম্পৰ্কীয় প্ৰশিক্ষণৰ
07:04 সামৰণি পৰিছে।
07:06 সংক্ষেপতে, Libre Office Writer-অত কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয় আৰু তাত প্ৰয়োগ কৰিব পৰা কিছু কাৰ্যৰ বিষয়ে আমি শিকিলো।
07:17 *তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
07:21 *কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে।
07:24 *যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:28 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:31 *কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
07:34 *এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:38 *অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক।
07:44 *কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:48 *ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
07:56 *ই মিশ্যন সম্পৰ্কত অধিক তথ্য
08:00 *spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:07 *এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ।

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Nancyvarkey, Pratik kamble