Difference between revisions of "Health-and-Nutrition/C2/Protein-rich-vegetarian-recipes/Assamese"
From Script | Spoken-Tutorial
Line 201: | Line 201: | ||
|- | |- | ||
| 03:02 | | 03:02 | ||
− | | | + | | মই পদ্ধতিটো বৰ্ণনা কৰিম: |
|- | |- |
Latest revision as of 20:29, 6 August 2020
|
|
00:00 | প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
00:07 | প্ৰ’টিনৰ লাভসমূহ |
00:09 | প্ৰ’টিন প্ৰচুৰকৈ থকা কিছু নিৰামিষ বিধি |
00:13 | প্ৰ’টিনে মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে |
00:19 | ই লগতে তেজৰ শৰ্কৰা লেভেলচ নিয়ণ্ট্ৰণ কৰে |
00:24 | প্ৰ’টিনৰ গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে |
00:30 | এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
00:33 | আহক প্ৰ’টিনৰ নিৰামিষ উৎসসমূহ চাওঁ |
00:37 | গাখীৰ আৰু গাখীৰৰ বস্তুসমূহ, |
00:39 | ডালি, |
00:41 | বাদাম আৰু বীজসমূহ হৈছে প্ৰ’টিনৰ ভাল উৎস |
00:44 | এতিয়া, আহক কিছু প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধি চাওঁ |
00:49 | আমাৰ প্ৰথম বিধি হৈছে পনীৰ মছলা (টুকুৰা পনীৰৰ কাৰি) |
00:52 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
00:55 | ৭০ গ্ৰাম বা আধা কাপ পনীৰ, |
00:58 | ৭০ গ্ৰাম বা আধা কাপ দৈ, |
01:02 | ১ চামোচ ভজা বেচন, |
01:06 | আপোনাক লগতে লাগিব: ১ চামোচ ৰঙা জলকীয়া পাউদাৰ |
01:11 | আধা চামোচ হালধী পাউদাৰ |
01:15 | আধা চামোচ কাৰি পাতৰ পাউদাৰ |
01:19 | আধা চামোচ গৰম মচলা পাউদাৰ |
01:22 | ১ চামোচ তেল বা ঘিউ |
01:25 | নিমখ সোৱাদ অনুসৰি |
01:28 | পদ্ধতি: দৈখিনি বাতি এটাত ঘুটি থাকক কোমল নোহোৱালৈকে |
01:32 | মচলা, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু বেচন যোগ কৰক |
01:38 | সকলোকে পুনৰ মিক্স কৰক |
01:40 | ইয়াত, পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিক্স কৰক |
01:45 | বাতিটোত ঢাকনী এখন দিয়ক আৰু ৩০ মিনিট থাকিব দিয়ক |
01:51 | ১ চামোচ তেল বা ঘিউ পেন এখনত গৰম কৰক |
01:54 | দৈৰ মিশ্ৰণৰ সৈতে পনীৰখিনি দিয়ক |
01:58 | ইয়াত আধা গ্লাচ পানী দিয়ক |
02:01 | ইয়াক ২ ৰ পৰা ৫ মিনিট ৰান্ধক মিশ্ৰণটো ডাঠ নোহোৱালৈকে |
02:07 | পনীৰ মচলা তৈয়াৰ হ’ল |
02:09 | আধা বাতি পনীৰ মচলাত ২২ গ্ৰাম প্ৰ’টিন থাকে |
02:14 | পাছৰ বিধিটো হৈছে মগুৰ কাৰি |
02:18 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
02:21 | ১০০ গ্ৰাম বা ৩/৪ কাপ দৈ |
02:25 | ৩০ গ্ৰাম বা ১/৪ কাপ গঁজালি ওলোৱা মগু |
02:30 | ১/৪ কাপ ধুই কাটি লোৱা ধনীয়া পাত |
02:35 | ৪ চামোচ বেচন |
02:38 | আধা চামোচ হালধী পাউদাৰ |
02:41 | ১ চামোচ ৰঙা জলকীয়া পাউদাৰ |
02:44 | আপোনাক লগতে লাগিব: আধা চামোচ সৰিয়হৰ গুটি, |
02:49 | আধা চামোচ জীৰা গুটি, |
02:52 | এটা সেউজীয়া জলকীয়া, |
02:54 | ১ চামোচ তেল, |
02:56 | ৪ বা ৫ টা কাৰি পাত, |
02:59 | নিমখ সোৱাদ অনুসৰি |
03:02 | মই পদ্ধতিটো বৰ্ণনা কৰিম: |
03:04 | আমি প্ৰথমে গঁজালি মেলাৰে আৰম্ভ কৰিম |
03:07 | মগুখিনি এৰাতি পানীত ভিজাওঁক |
03:11 | ইয়াক ৰাতিপুৱা টোকক আৰু |
03:13 | চাফা মখমলৰ কাপোৰ এখনত বান্ধক |
03:16 | এদিনৰ বাবে গৰম ঠাইত অংকুৰিত হ’বলৈ সিহতক ৰাখক গঁজালি নোলোৱালৈকে |
03:23 | মিক্সাৰ এটা ব্যৱ্হাৰ কৰি গঁজালিখিনি আৰু সেউজীয়া জলকীয়াক পিচি ডাঠ পেষ্ট কৰক |
03:28 | যদি মিক্সাৰ উপলদ্ধ নহয় পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰিব পাৰে |
03:33 | এই পেষ্টক বাতি এটাত থওঁক |
03:36 | ধনীয়া পাত, ২ চামোচ বেচন আৰু নিমখ দিয়ক আৰু ভালকৈ মিক্স কৰক |
03:43 | এই পেষ্টৰ সৰু সৰু গোলা বনাওঁক |
03:45 | আৰু ভাপ দিয়া প্লেত এখনত থওঁক |
03:48 | ইয়াক ষ্টিমাৰ এটাত ৬ ৰ পৰা ৮ মিনিটলৈ ভাপত দিয়ক |
03:53 | ভাপত দিয়া গোলাখিনিক ঠাণ্ডা হ’বলৈ দিয়ক |
03:56 | দৈৰ কাৰি বনাবলৈ, বাতি এটাত দৈখিনি ঘোটক |
03:59 | ২ চামোচ বেচন আৰু মচলা দিয়ক |
04:04 | আৰু সকলোখিনি ভালকৈ মিক্স কৰক |
04:08 | ১ কাপ পানী দিয়ক, পুনৰ মিক্স কৰক আৰু এই মিক্সাৰক বেলেগে ৰাখক |
04:13 | পেন এখনত তেল গৰম কৰক আৰু সৰিয়হ আৰু জীৰা গুটিখিনি দিয়ক |
04:18 | সিহত ফুটিবলৈ আৰম্ভ কৰিলে, কাৰি পাত আৰু দৈৰ মিক্সাৰ দিয়ক |
04:23 | ইয়াক মধ্যম জুইত ৰান্ধক |
04:26 | মাজে মাজে লৰাই থাকিব মিক্সাৰখিনি ডাঠ নোহোৱালৈকে |
04:30 | মিক্সাৰখিনি ডাঠ হ’লে ভাপত দিয়া গোলাখিনি দিব আৰু ১ মিনিট ৰান্ধিব |
04:36 | মগুৰ কাৰি তৈয়াৰ হ’ল |
04:39 | ইয়াৰ আধা বাতি কাৰিত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে |
04:44 | তৃতীয় বিধিটো হৈছে জোৱাৰ আৰু চ’য়া ড’চা মিক্স তিলৰ সৈতে |
04:50 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
04:53 | দেৰ চামোচ চ’য়া বিন, |
04:57 | ২ চামোচ জোৱাৰ, |
04:59 | ২ চামোচ ফলা ক’লা বুট, |
05:02 | আৰু ১ চামোচ মিথি গুটি |
05:06 | তিলৰ মিশ্ৰণটো বনাবলৈ আপোনাক লাগিব: |
05:09 | ২ চামোচ ভজা বঙালী বুট, |
05:12 | ২ চামোচ ফলা ক’লা বুট, |
05:15 | ২ চামোচ তিল, |
05:18 | ২ টা শুকান ৰঙা জলকীয়া, |
05:21 | ১ ঠাল কাৰি পাত, |
05:23 | আৰু নিমখ সোৱাদ অনুসৰি |
05:25 | আপোনাক লগতে লাগিব ১ চামোচ তেল বা ঘিউ |
05:30 | পদ্ধতি: ধুই লওঁক জোৱাৰ, |
05:32 | ফলা ক’লা বুট, |
05:34 | চ’য়া বিনচ আৰু পানীত ভিজাই ৰাখক ৮ ঘন্টাৰ বাবে |
05:39 | একেটা পাত্ৰতে মিথি গুটিখিনিওঁ ভিজাব |
05:43 | ৮ ঘন্টাৰ পাছত, সিহতক খুন্দি কোমল পেষ্ট এটা বনাব |
05:47 | ইয়াক বাতি এটাত থওঁক |
05:50 | বাতিটো গৰম ঠাইত ৭ ৰ পৰা ৮ ঘন্টা থওঁক মিশ্ৰিত হ’বলৈ |
05:57 | মাজতে, পেন এখন গৰম কৰি ৰঙা জলকীয়া আৰু কাৰি পাতখিনিক শুকানকৈ ভাজক মচমচীয়া হোৱাকৈ |
06:04 | সিহতক ঠাণ্ডা হ’বলৈ দিয়ক |
06:06 | একেখন পেনত, ফলা বঙালী বুট, ক’লা বুট আৰু তিলখিনি ভাজক |
06:12 | সিহত পাতল মুগা ৰঙৰ নোহোৱালৈকে ভাজক |
06:17 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
06:20 | ঠাণ্ডা হ’লে, খুন্দি মিহি পাউদাৰ কৰক |
06:23 | আমি ইয়াক পাছত ব্যৱ্হাৰ কৰিম |
06:25 | মিশ্ৰণটো প্ৰস্তুত হ’লে নিমখ দিব আৰু ভালকৈ মিহলাব |
06:30 | পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু মিশ্ৰণখিনি দি লাহেকৈ বহলাই দিব |
06:36 | ড’চাটো অলপ সিজিলে, ২ চামোচ তৈয়াৰ কৰা পাউদাৰ দিব |
06:42 | ড’চাটো নিসিজালৈকে ঢাকনি এখন দিব |
06:45 | জোৱাৰ আৰু চ’য়া ড’চা তৈয়াৰ হ’ল |
06:48 | ২ টা ড’চাত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে |
06:53 | পাছৰ বিধিটো হৈছে বঙালী বুটৰ কাটলেটচ |
06:57 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
07:00 | ৫০ গ্ৰাম গঁজালি উলোৱা বঙালী বুট, |
07:03 | ৪০ গ্ৰাম বা দেৰ চামোচ দৈ, |
07:08 | ১ টা সৰূকৈ কাটিলোৱা গাজৰ, |
07:10 | ১ টা কাটিলোৱা সৰূ পিঁয়াজ, |
07:14 | ১৫ গ্ৰাম বা ১ চামোচ ভজা বেচন, |
07:18 | আৰু ২০ গ্ৰাম তিল |
07:22 | আপোনাক লগতে লাগিব: |
07:24 | আধা চামোচ হালধী পাউদাৰ, |
07:27 | ১ চামোচ জলকীয়া পাউদাৰ, |
07:31 | ১ চামোচ আদা-নহৰূৰ পেষ্ট, |
07:34 | ২ চামোচ তেল বা ঘিউ, |
07:37 | আৰু নিমখ সোৱাদ অনুসৰি |
07:40 | পদ্ধতি: গঁজালি উলোৱা বঙালী বুটক প্ৰেচাৰ কুকাৰত ৩ টা চিটি মাৰক |
07:45 | ইয়াক এফালে থওঁক প্ৰেচাৰ যাবলৈ |
07:49 | ঠাণ্ডা হোৱা গঁজালি উলোৱা বঙালী বুটক বাতি এটাত লৈ ভাঙি লওঁক |
07:54 | ইয়াত পিঁয়াজ, গাজৰ আৰু ভজা বেচন দি ভালকৈ মিহলাওঁক |
08:01 | এতিয়া, মচলা, নিমখ, আদা নহৰূৰ পেষ্ট আৰু দৈ দিয়ক |
08:07 | সকলোখিনি সামগ্ৰীকে মিহলাওঁক আৰু ৪ টা গোলা বনাওঁক |
08:12 | গোলাকেইটাক চেপেটা কৰি কাটলেটচ বনাওঁক |
08:14 | এই কাটলেটচত তিল লগাওঁক আৰু এফালে থওঁক |
08:19 | পেন এখনত তেল বা ঘিউ গৰম কৰক |
08:22 | কাটলেটচক অলপ ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে |
08:28 | বঙালী বুটৰ কাটলেটচ তৈয়াৰ হ’ল |
08:31 | ৪ টা কাটলেটত ১৭ গ্ৰাম প্ৰ’টিন থাকে |
08:35 | খাদ্যশস্য আৰু ডালিত অসম্পূৰ্ণ প্ৰ’টিন থাকে |
08:39 | খাদ্যশস্যত methionine কম থাকে |
08:42 | আৰু ডালিত লাইচিন কম থাকে |
08:45 | সেইবাবে, বিভিন্ন খাদ্যৰ গ্ৰোপচ একত্ৰিত কৰা হৈছে এই বিধিসমূহ বনাওঁতে |
08:51 | সিহতক একেলগে খালে খাদ্যত থকা অপৰ্যাপ্ত এমিন’ এচিদক পৰিপূৰণ কৰিব |
08:57 | ইয়াক কোৱা হয় প্ৰ’টিনৰ পৰিপূৰক একচন |
09:01 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |