Difference between revisions of "Introduction-to-Computers/C2/Getting-to-know-computers/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 5: Line 5:
 
|-
 
|-
 
| 00:01
 
| 00:01
| '''Getting to know Computers''' ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
+
| নমস্কাৰ দৰ্শক সকল. '''Getting to know Computers''' ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
  
 
|-
 
|-

Latest revision as of 15:13, 5 October 2015

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Getting to know Computers ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 কম্পিউটাৰৰ বিভিন্ন উপাদান সম্পর্কে।
00:11 বিভিন্ন উপাদান সংযোগ কৰাও শিকিম।
00:15 সাধাৰনতে, কম্পিউটাৰ 2 ধৰনৰ হয় -
00:18 ডেস্কটপ বা ব্যক্তিগত(Personal) কম্পিউটাৰ আৰু ল্যাপটপ।
00:23 আজিকালি ট্যাবলেট পিসি বা ট্যাবও অনেক জনপ্রিয়।
00:31 কম্পিউটাৰৰ কার্যাবলী।
00:33 এটা কম্পিউটাৰে ইয়াৰ আকাৰৰ নির্বিশেষে পাঁচটা ক্রিয়া সঞ্চালিত কৰে।
00:40 ই ইনপুটৰ মাধ্যমেৰে তথ্য বা নির্দেশ গ্রহণ কৰে।
00:45  ইউসাৰৰ প্রয়োজনীয়তা অনুযায়ী তথ্য সংসাধিত(processes) কৰে।
00:50 ই তথ্য সঞ্চয় কৰে।
00:52 ই আউটপুটৰ ৰুপত ফলাফল দিয়ে।
00:56 ই কম্পিউটাৰৰ ভিতৰত সকলো অপাৰেশন নিয়ন্ত্রণ কৰে।
01:01 কম্পিউটাৰৰ মৌলিক সংগঠন এই ব্লক ডায়াগ্রামত দেখোৱাৰ দৰে হয়।
01:08 ইনপুট ইউনিট।
01:09 সেন্ট্রেল প্রসেসিং ইউনিট।
01:11 আউটপুট ইউনিট।
01:14 ইনপুট ইউনিটে, তথ্য আৰু প্রোগ্রামক কম্পিউটাৰত সংগঠিত পদ্ধতিত সংৰক্ষণ কৰিবলৈ সাহায্য কৰে।
01:23 কীবোর্ড, মাউস, ক্যামেৰা আৰু স্ক্যানাৰ হল কিছু ইনপুট যন্ত্র।
01:31 সেন্ট্রেল প্রসেসিং ইউনিট
01:33 ই গাণিতিক আৰু লজিক্যাল অপাৰেশনৰ নিচিনা অপাৰেশন সঞ্চালিত কৰে
01:38 তথ্য আৰু নির্দেশাবলী সংৰক্ষণ কৰে।
01:41 সাধাৰণতে, সেন্ট্রেল প্রসেসিং ইউনিট বা CPU এইৰকমে দেখাত হয়।
01:48  ইউনিটৰ সন্মোখত আৰু পিছৰফালে অনেকবোৰ পোর্ট থাকে।
01:53 আমি কিছু ক্ষণৰ পিছত এইবোৰৰ সম্পর্কে শিকিম।
01:57 ই তথ্য আৰু নির্দেশাবলী লয়, তাক সংসাধিত কৰে আৰু আউটপুট বা ফলাফল দিয়ে।
02:05 অপাৰেশনক কার্যান্নিত কৰাকে প্রসেসিং বোলে।
02:11 তথ্য আৰু নির্দেশাবলী সহ আউটপুটক স্টোৰেজ ইউনিটত সংৰক্ষিত কৰা হয়।
02:18 ইউনিট যি তথ্যৰ পৰা প্রাপ্ত ফলাফলৰ উৎপাদনৰ প্রক্রিয়াক সমর্থন কৰে তাক আউটপুট ইউনিট বোলে।
02:26 মনিটৰ আৰু প্রিন্টাৰ হল কিছু আউটপুট যন্ত্র।
02:33 সাধাৰনতে, এটা ডেস্কটপ কম্পিউটাৰত 4 টা প্রমুখ উপাদান থাকে।
02:38 মনিটৰ,
02:39 CPU,
02:40 কীবোর্ড
02:41 আৰু মাউস।
02:43 ক্যামেৰা, প্রিন্টাৰ বা স্ক্যানাৰ ও কম্পিউটাৰৰ সৈতে যুক্ত কৰা যাব পাৰে।
02:50 এইটোক মনিটৰ বা কম্পিউটাৰৰ স্ক্রীন বোলি কোৱা হয়।
02:55 এইটো টিভি স্ক্রীনৰ নিচিনা দেখাত হয়।
02:57 এইটো কম্পিউটাৰৰ ভিজ্যুয়েল ডিসপ্লে ইউনিট।
03:02 ই কম্পিউটাৰৰ ইউজাৰ ইন্টাৰফেসক দেখায়।
03:05 কীবোর্ড আৰু মাউস ব্যবহাৰ কৰি বিভিন্ন প্রোগ্রাম খুলি কম্পিউটাৰৰ সৈতে যোগাযোগ কৰিব পাৰে।
03:13 কীবোর্ড, কম্পিউটাৰত টেক্সট, ক্যাৰেক্টাৰ বা অন্যান্য কমান্ড লিখিবলৈ ইয়াক ডিজাইন কৰা হৈছে।
03:21 এইটো হল কম্পিউটাৰ মাউস।
03:24 ইয়াত 2 টা ক্লিক যোগ্য বোতাম আৰু মাঝত এটা স্ক্রোল বোতাম আছে।
03:31 বাও মাউস বোতাম টিপিলে অনেক প্রক্রিয়া সক্রিয় হয় আৰু
03:35 সো মাউস বাটন টিপিলে প্রমিত(non-standard) প্রক্রিয়া যেনে শর্টকাট সক্রিয় হয়।
03:43 স্ক্রোল বোতাম ঘুৰায়, স্ক্রোল উপৰ বা তললৈ কৰিবলৈ মাউস হুইল ব্যবহৃত হয়।
03:49 মাউস হল কীবোর্ডৰ বাহিৰে কম্পিউটাৰৰ সৈতে যোগাযোগ কৰাৰ এটা বিকল্পিত উপায়।
03:57 এতিয়া, CPU ৰ বিভিন্ন অংশ চাও।
04:02 CPU ৰ সন্মোখত এটা POWER ON সুইচ আছে।
04:08 কম্পিউটাৰক অন কৰিবলৈ, সেই সুইচক টিপা জৰুৰী হয়।
04:14 এটা reset বোতামও আছে, যি প্রয়োজন হলে কম্পিউটাৰক পুনৰায় ৰিস্তাৰ্ত(restart) কৰে।
04:21 সন্মোখৰ ফালে 2টা বা অধিক USB পোর্ট আৰু DVD/CD-ROM ৰিডাৰ-ৰাইটাৰ ও দেখিব।
04:30 USB পোর্ট কম্পিউটাৰত পেন-ড্রাইভ সংযোগ কৰিবলৈ ব্যবহৃত হয়.
04:35 আৰু DVD/CD-ROM ৰিডাৰ-ৰাইটাৰ CD বা DVD ৰিড বা ৰাইট কৰিবলৈ ব্যবহৃত হয়।
04:43 এতিয়া কম্পিউটাৰৰ পিছৰফালে চাও।
04:48 পিছ ফালে থকা পোর্ট, কম্পিউটাৰৰ অন্যান্য যন্ত্রতCPU ৰ সৈতে সংযোগ কৰিবলৈ ব্যবহৃত হয়।
04:55 এইটো কেব্ল্স ব্যবহাৰ কৰি কৰা হয়।
04:58 CPU ৰ ভিতৰত অনেক উপাদান থাকে।
05:02 যেতিয়া কম্পিউটাৰ চলি থাকে, তেতিয়া অনেক তাপ উৎপন্ন কৰে।
05:08 পিছ ফালে থকা পাখিখনে উপাদানবোৰ ঠান্ডা কৰিবলৈ বায়ু প্রবাহ প্রদান কৰে।
05:14 নহলে বেচি গৰম হলে CPU ৰ ক্ষতি হব পাৰে, যাৰ ফলত ডেটাৰও ক্ষতি হব পাৰে।
05:21 এইটো হল কেস কুলিং ফ্যান।
05:23 CPU ৰ স্বাভাবিক তাপমাত্রা বজায় ৰাখে আৰু বেচি গৰম হোৱাত প্রতিৰোধ কৰে।
05:30 পাৱাৰ সাপ্লাই ইউনিটক PSU ও বোলা হয়, এইটোৱে কম্পিউটাৰত শক্তি প্ৰবাহ কৰে।
05:37 এতিয়া, বিভিন্ন উপাদানক CPU ৰ সৈতে সংযোগ কৰা শিকো।
05:42 দেখোৱাৰ দৰে সেইভাবে উপাদান ৰাখক।
05:46 দেখোৱাৰ দৰে সেইভাবে সকলো কেব্ল্সবোৰ ৰাখক।
05:51 প্রথমে, মনিটৰক CPU ৰ সৈতে জুড়ক।
05:55 দেখোৱাৰ দৰে পাৱাৰ কেবোলক মনিটৰৰ সৈতে জুড়ক।
06:00 এতিয়া, অন্য প্রান্তত পাৱাৰ সাপ্লাই সকেটক যুক্ত কৰো।
06:04 এইটো হল CPU ৰ পাৱাৰ কেবোল।
06:08 এইভাবে CPU ৰ সৈতে জুড়ক।
06:11 তাৰ পিছত, পাৱাৰ সাপ্লাই সকেটৰ সৈতে জুড়ক।
06:14 তাৰ পিছত, কীবোর্ড কেবোলক CPU ৰ সৈতে যুক্ত কৰক।
06:19 কীবোর্ডৰ পোর্ট সাধাৰণতে বেগুনীয়া ৰঙৰ হয়।
06:23 মাউসক সেউজীয়া ৰঙৰ পোর্টৰ সৈতে যুক্ত কৰিব পাৰে।
06:28 অথবা, আপোনি USB কীবোর্ডক আৰু মাউসক যি কোনো USB পোর্টৰ সৈতে যুক্ত কৰিব পাৰে।
06:35 অবশিষ্ট USB পোর্টক পেন ড্রাইভ, হার্ড ডিস্ক ইত্যাদি জুড়িবলৈ ব্যবহৃত কৰিব পাৰে।
06:42 এইটো LAN কেবোল হয়
06:44 এইটো LAN পোর্ট হয়।
06:46 এইটো ওয়্যাৰ কানেকশনৰ দ্বাৰা কম্পিউটাৰক নেটওয়র্কৰ সৈতে সংযুক্ত কৰা হয়।
06:52 LAN কেবোলৰ অন্য প্রান্তত modem বা wi-fi ৰাউটাৰ সৈতে যুক্ত কৰা হয়।
06:58 wi-fi কানেকশনক কনফিগাৰ আৰু সংযোগ কৰা অন্য টিউটোৰিয়েলত শিকিম।
07:03 LAN পোর্ট সক্রিয় হলে আৰু সক্রিয়তা গ্রহণ কৰাত LED লাইট ঝিকমিক কৰে।
07:10 CPU ত অন্যান্য সিৰিয়েল পোর্ট আছে।
07:15 এইবোৰ PDA, modem বা অন্যান্য সিৰিয়েল ডিভাইস জুড়িবলৈ ব্যবহৃত হয়।
07:21 CPU ৰ উপৰত কিছু সমান্তৰাল পোর্ট(parallel ports) আছে।
07:25 এইবোৰ প্রিন্টাৰ বা স্ক্যানাৰ নিচিনা যন্ত্রৰ সৈতে জুড়িবলৈ ব্যবহৃত হয়।
07:31 এতিয়া, অডিও জ্যাকস চাও।
07:34 গোলাপী ৰঙৰ পোর্টক মাইক্রোফোন জুড়িবলৈ ব্যবহৃত হয়।
07:38 নীলা পোর্টক লাইন ইন(line in) জুড়িবলৈ ব্যবহৃত হয়, যেনে ৰেডিও বা টেপ প্লেয়াৰৰ পৰা।
07:45 সেউজীয়া পোর্ট হেডফোন / স্পিকাৰ জুড়িবলৈ ব্যবহৃত হয়।
07:51 এতিয়া সকলো যন্ত্র যুক্ত কৰাৰ পিছত, কম্পিউটাৰ চলাও।
07:57 প্রথমে, মনিটৰৰ আৰু CPU ৰ পাৱাৰ সাপ্লাই বোতাম অন কৰো।
08:03 এতিয়া, মনিটৰত পাৱাৰ অন বোতামত টিপক
08:07 CPU ৰ সন্মোখত, পাৱাৰ অন সুইচ টিপক।
08:12 কম্পিউটাৰ প্রথমবাৰ অন কৰিলে কলা স্ক্রীনখনত শব্দৰ কিছো লাইন(string) চাব পাৰে।
08:18 এইটো BIOS সিস্টেম যি নিম্ন তথ্য প্রদর্শন কৰে।
08:22 কম্পিউটাৰৰ CPU সম্পর্কে।
08:25 কম্পিউটাৰত কিমান মেমৰি আছে।
08:28 ফ্লপি আৰু হার্ড ডিস্ক ড্রাইভৰ সম্পর্কে।
08:33 BIOS এটা সফটওয়্যাৰ হয় যি কম্পিউটাৰ প্রথমবাৰ অন কৰাত CPU ক সবতচে প্রথমে নির্দেশ দিয়ে।
08:41 অপাৰেটিং সিস্টেমক লোড কৰাৰ সম্পূর্ণ পদ্ধতিক কম্পিউটাৰ বুটিং বোলে।
08:48 সকলো প্রয়োজনীয় কাম(checks) হৈ গলে আপোনি অপাৰেটিঙ সিস্টেমৰ ইন্টাৰফেস দেখিব।
08:54 উবুন্টু লিনাক্স ব্যবহাৰীসকলে এইৰকমে দেখিব
08:58 আৰু উইন্ডোজ ব্যবহাৰীসকলে এইৰকমে দেখিব।
09:02 এতিয়া, এটা ল্যাপটপ চাও।
09:06 এইটো সহজে বহনীয়(portable) আৰু আকাৰত সৰু।
09:09 ল্যাপটপ সৰু আৰু উজনত পাতল হয় যত ব্যবহাৰকাৰীয়ে কোলাত(lap) লৈও কাম কৰিব পাৰে।
09:16 সেয়ে, এইটোক ল্যাপটপ বোলা হয়।
09:18 ইয়াৰ উচৰত ডেস্কটপৰ নিচিনা একেই উপাদান থাকে
09:23 ডিসপ্লে,
09:24 কীবোর্ড,
09:25 টাচপ্যাড, যি নির্দেশিত(pointing) আৰু সঞ্চালক(navigating) কৰা যন্ত্র।
09:29 CD/DVD ৰিডাৰ-ৰাইটাৰ আৰু
09:32 মাইক আৰু স্পিকাৰ যি একক ইউনিটত নির্মিত হয়।
09:36 ইয়াত LAN আৰু USB পোর্ট আছে।
09:40 ইয়াত ভিডিও পোর্টও আছে যাৰ দ্বাৰা প্রজেক্টৰ জোড়া যায়।
09:46 অডিও জ্যাক যেনে মাইক আৰু হেডফোনৰ বাবে ইয়াত পৃথক আইকন আছে।
09:53 এইটো পূর্বত নির্মিত কুলিং ফ্যান
09:57 যি ল্যাপটপক গৰম হোৱাৰ পৰা ৰক্ষা কৰে।
10:01 AC অ্যাডাপ্টাৰৰ মাধ্যমেৰে বিদ্যুৎ সঞ্চালিত হয় আৰু ইয়াত চার্জ সঞ্চাৰক হোৱাৰ ব্যাটাৰি আছে।
10:09 এইটো সহজে বহনীয় আৰু বিদ্যুৎ উৎস নোহোৱাকৈ ব্যবহাৰ কৰা যাব পাৰে।
10:16 সংক্ষেপে, ইয়াত শিকিছো:
10:20 ডেস্কটপ আৰু ল্যাপটৰ বিভিন্ন উপাদান সম্পর্কে
10:23 আৰু ডেস্কটপৰ বিভিন্ন উপাদানক কিভাবে জোড়ে।
10:28 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
10:31 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:34 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
10:37 স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
10:42 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
10:46 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। ।
10:52 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:56 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:01 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro
11:11 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
11:16 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi