Difference between revisions of "Health-and-Nutrition/C2/Breastfeeding-latching/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border =1 | <center>''' Time '''</center> | <center>'''Narration'''</center> |- | 00:02 | স্তনপান কৰাবলৈ '''মুখেৰে ধৰা...") |
|||
Line 424: | Line 424: | ||
| ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | ||
− | + | সংযোগ কৰাৰ বাবে ধন্যবাদ | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
+ | |- | ||
|} | |} |
Latest revision as of 16:55, 31 July 2020
|
|
00:02 | স্তনপান কৰাবলৈ মুখেৰে ধৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিশুটো স্তনটোৰ লগত গভীৰভাবে যুক্ত হ’বলৈ সঠিক কৌশলৰ বিষয়ে আৰু স্তনপান কিমানবাৰ কৰাব লাগে শিকিম |
00:20 | আৰম্ভ কৰাৰ আগতে, মন কৰিব যে ফলপ্ৰসু স্তনপানৰ বাবে, সঠিকভাবে মুখেৰে ধৰাটো অতি গুৰুত্বপূৰ্ণ |
00:29 | শিশুৰ মুখৰ স্তনৰ লগত ভুলভাবে যুক্ত হ’লে মাত্ৰ স্তনাগ্ৰৰ পৰা স্তনপান হ’ব |
00:36 | ই শিশুটোক অতি কম গাখীৰ দিব |
00:40 | আনহাতে স্তনৰ এৰিঅ’লাৰ তলৰ অংশৰ সৈতে গভীৰভাবে যুক্ত হ’লে শিশুটোৱে যথেষ্ট গাখীৰ পাব |
00:50 | মন কৰিব, স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশই হৈছে এৰিঅ’লা |
00:56 | এতিয়া, আহক আৰম্ভ কৰো । আৰম্ভ কৰিবলৈ, মাকে শিশুটোক স্তনপান কৰাবলৈ এটা গ্ৰহণযোগ্য স্থিতিত ধৰিব লাগিব |
01:05 | এই স্থিতিসমূহক একেটা চিৰিজৰ অন্য কথাচিত্ৰসমূহত বিতংভাবে বৰ্ণনা কৰা হৈছে |
01:11 | এই টিউট’ৰিয়েলটো ক্ৰচ ক্ৰেদল স্থিতি ব্যৱ্হাৰ কৰি বৰ্ণনা কৰা হ’ব |
01:16 | মনত ৰাখিব, স্তনৰ সৈতে সফলভাবে যুক্ত হ’বলৈ আৰু সঠিক স্তনপানৰ বাবে শিশুটোক শুদ্ধভাবে অবস্থান কৰোৱা দৰকাৰ |
01:24 | এই চিত্ৰখনত, মাকে শিশুটোক ক্ৰচ ক্ৰেদল স্থিতিত শুদ্ধভাবে ধৰিছে |
01:31 | আৰু, শিশুটো স্তনপানৰ বাবে যুক্ত হ’বলৈ তৈয়াৰ আছে |
01:35 | যুক্ত হোৱাৰ আগতে, শিশুটোৱে মুখখন হামিওৱাৰ দৰে বহলভাবে মেলাতো দৰকাৰ |
01:42 | কিয়? আহক প্ৰাপ্তবয়স্ক এজনে বৰা পাউ বা বাৰ্গাৰ খোৱাক চাই ইয়াক বুজো |
01:49 | বৰা পাউ বা বাৰ্গাৰটোৰ ডাঙৰ কামোৰ এটা ল’বলৈ আমি আমাৰ মুখখন বহলকৈ মেলো |
01:56 | একেদৰে, বহলকৈ মেলা মুখখনে শিশুটোক মুখৰ ভিতৰত স্তনৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব |
02:04 | শিশুটোক মুখখন বহলকৈ মেলিবলৈ উৎসাহিত কৰিবলৈ, মাকে শিশুটোৰ ওপৰৰ উঠত স্তনাগ্ৰটো লাহেকৈ লগাব লাগে মুখখন বহলকৈ নেমেলালৈকে |
02:16 | ধৈৰ্য্য ৰাখিব । কেতিয়াবা, শিশুটোৱে মুখখন বহলকৈ মেলিবলৈ কিছু চেকেন্দৰ পৰা দুই মিনিটলৈকে সময় ল’ব পাৰে |
02:25 | মনত ৰাখিব, যিকোনো স্তনপানৰ স্থিতিৰ বাবে, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহে সদায় স্তনটো শিশুটোৰ উঠৰ সমান্তৰালকৈ ধৰিব লাগে |
02:36 | যেতিয়া শিশুটোৱে মুখখন বহলকৈ মেলে, তেওঁৰ তলৰ উঠখন এৰিঅ’লাটোৰ তলৰ অংশত হ’ব লাগে |
02:43 | আৰু স্তনাগ্ৰটো তেওঁৰ মুখৰ ওপৰৰ ফালে হ’ব লাগে আৰু মুখৰ মাজত হ’ব নালাগে |
02:50 | এতিয়া, মাকে সোনকালে স্তনটো শিশুটোৰ মুখত দিব লাগে |
02:55 | তেওঁ প্ৰথমে শিশুটোৰ মুৰটো লাহেকৈ পিছলৈ নি থুতৰিটো স্তনত লগাব লাগে |
03:02 | তেওঁ পিঠিখন হাউলাব বা শিশুটোৰ মুখৰ ওচৰলৈ স্তনটো নিব নালাগে |
03:08 | শিশুটোক স্তনটোলৈ আনক লাহেকৈ হাতেৰে শিশুটোৰ বাহুদুটা ওপৰলৈ উঠাই |
03:15 | মুখেৰে ধৰোতে সকলোতকৈ দৰকাৰী কথাটো হৈছে মাকৰ এৰিঅ’লাৰ তলৰ অংশটো শিশুটোৰ মুখত থাকিব লাগিব |
03:25 | ই স্তনাগ্ৰটোক শিশুটোৰ মুখৰ ভিতৰত আৰামদায়ক স্থান পাবলৈ সহায় কৰিব |
03:31 | শিশুটোৱে জিভাৰে তাৰ তলৰ উঠৰ ওচৰৰ এৰিঅ’লাৰ অংশটো চুপিব লাগিব |
03:37 | ই গাখীৰৰ ডাঙৰ নলীসমূহক হেচিব আৰু অধিক গাখীৰ উলাব |
03:42 | পাছৰ পৰ্যায়টো হৈছে শিশুটো স্তনৰ লগত গভীৰভাবে যুক্ত হৈছেনে নাই তাক চোৱাটো |
03:48 | গভীৰভাবে যুক্ত হোৱাক নিশ্বিত কৰিবলৈ, মাকে নিম্ন কথাখিনি লক্ষ্য কৰিব লাগিব: |
03:54 | শিশুটোৰ মুখখন বহলকৈ মেলখাব লাগিব, |
03:57 | এৰিঅ’লাৰ অংশটো শিশুটোৰ ওপৰৰ উঠৰ ওচৰত বেছিকৈ আৰু তলৰ উঠৰ ওচৰত কমকৈ দেখাপাব লাগিব |
04:06 | শিশুটোৰ থুতৰিৰ তলটো সম্পূৰ্ণভাবে মাকৰ স্তনত সোমাই থাকিব লাগিব |
04:11 | গাখীৰ গিলোতে শিশুটোৰ হনু সম্পূৰ্ণভাবে তললৈ যাব লাগিব |
04:16 | আৰু, শিশুটোৰ তলৰ উঠখন বাহিৰফালে বেকা হৈ থাকিব লাগে |
04:22 | তথাপি এটা অতি ভালদৰে যুক্তহৈ থকা শিশুৰ ক্ষেত্ৰত ই স্তনত লুকাই থাকে |
04:28 | তেনেক্ষেত্ৰত, শিশুটোৰ তলৰ উঠৰ ওচৰত লাহেকৈ স্তনটো টিপক । আৰু শিশুটোৰ তলৰ উঠখন বাহিৰফালে বেকা হৈ আছেনে চাওঁক |
04:41 | পাছত, শিশুটোৰ নাকটো চাওঁক । যদি শিশুটোৰ নাকটো মাকৰ স্তনত হেচা খাই আছে, তেন্তে- |
04:49 | মাকে শিশুটোৰ মুৰটো অলপ পিচলৈ টানিব পাৰে যাতে শিশুটোৰ থুতৰিটো ভালকৈ স্তনত সোমাই, |
04:58 | আৰু শিশুটোৰ নাক আৰু কপাল স্তনটোৰ পৰা আতৰ হয় |
05:04 | এনে কৰিলে, শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’ব |
05:09 | শিশুটোৰ সম্পূৰ্ণ মুখখন স্তনৰপৰা আতৰাই নানিব |
05:13 | ইয়াৰদ্বাৰা স্তনাগ্ৰৰ পৰা স্তনপান হ’ব |
05:16 | মনত ৰাখিব, স্তনপান মাকৰ বাবে আৰামদায়ক হ’ব লাগে |
05:21 | তেওঁ স্তনাগ্ৰত চিকুট মৰা, টনা যেন বা ঘৰ্ষণ অনুভৱ কৰিব নালাগিব |
05:27 | যদি স্তনপান মাকৰ বাবে বেদনাদায়ক হয় তেন্তে সম্ভৱত শিশুটো ভালদৰে যুক্ত হোৱা নাই |
05:35 | আহক ভালদৰে যুক্ত নোহোৱাৰ এটা সাধাৰণ কাৰণ চাওঁ |
05:40 | বহুতো মাকে এৰিঅ’লাটো হেচি শিশুটোৰ মুখৰ মাজত মাত্ৰ স্তনাগ্ৰটো থয় |
05:48 | ইয়াত, শিশুটোৰ মুখখন বহলকৈ মেলখোৱা নাই |
05:52 | শিশুটো মাত্ৰ স্তনাগ্ৰটোত যুক্ত হয় |
05:56 | ইয়াত, শিশুটোৰ ওপৰ আৰু তলৰ উঠৰ ওচৰত এৰিঅ’লাটোৰ এটা সমান অংশ দেখা গৈছে |
06:04 | শিশুটোৰ থুতৰিটো স্তনৰ পৰা দূৰত আছে |
06:07 | শিশুৰ সোনকালে অবিৰতভাবে গাখীৰ খোৱাৰ এটা নিদৰ্শন আছে |
06:14 | চুপি থাকোতে, শিশুৰ গালত গাত হয় |
06:17 | তেওঁৰ হনু তললৈ নাযায় যিহেতু গাখীৰ গিলে |
06:23 | আৰু, শিশুটোৰ মুখৰ কঠিন অংশত পৰা বাবে স্তনাগ্ৰটো চিকুট আৰু হেচা খাব |
06:31 | ই মাকৰ বাবে বেদনাদায়ক আৰু স্তনাগ্ৰত আঘাত পাব পাৰে |
06:37 | লগতে, স্তনাগ্ৰৰ সৈতে যুক্ত হওঁতে, শিশুৱে এৰিঅ’লাৰ তলৰ ডাঙৰ গাখীৰৰ নলিসমূহৰ পৰা গাখীৰ পাব নোৱাৰিব |
06:45 | সেইবাবে, শিশুটোৱে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নাপাব |
06:50 | যদি শিশুটোৱে মাত্ৰ স্তনাগ্ৰটোৰ পৰা স্তনপান কৰে তেন্তে |
06:54 | মাকে চাফা সৰু আঙুলিটো শিশুটোৰ মুখৰ চুক এটাৰ ভিতৰত ভৰাব লাগে |
06:59 | তেওঁ স্তনাগ্ৰৰ পৰা শিশুটোক আতৰাবলৈ ইয়াক ব্যৱ্হাৰ কৰিব লাগে |
07:04 | পাছত তেওঁ শিশুটোক একেটা স্তনত পুনৰ ভালদৰে যুক্ত কৰিব লাগে |
07:11 | সঠিকভাবে যুক্ত হোৱাৰ পাছত, মাকে আগৰ আৰু পাছৰ গাখীৰ শিশুটোৱে সমানে পোৱাক নিশ্বিত কৰিব লাগে |
07:19 | আগৰ গাখীৰ হৈছে স্তনটোৰ আগফালৰ অংশত জমা হৈ থকা পনীয়া গাখীৰ |
07:25 | ই পানী আৰু প্ৰ’টিনৰে গঠিত হয় |
07:29 | ই শিশুটোৰ বৃদ্ধিৰ বাবে আৰু তাক শক্তিশালী কৰিবলৈ প্ৰয়োজনীয় |
07:36 | পাছৰ গাখীৰ হৈছে স্তনটোৰ পাচফালৰ অংশত জমা হৈ থকা ডাঠ গাখীৰ |
07:42 | ই মূলত চৰ্বিৰে গঠিত হয় |
07:46 | ই শিশুটোৰ মগজুৰ বিকাশ আৰু ওজন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় |
07:53 | শিশুটোৱে আগৰ আৰু পাছৰ গাখীৰ দুয়োবিধ সমানে পোৱাক নিশ্বিত কৰিবলৈ- মাকে এটা স্তনৰ পৰা সম্পূৰ্ণকৈ খোৱোৱাৰ পাছতহে আনটো স্তন দিব লাগে |
08:05 | স্তন এটাৰ পৰা সম্পূৰ্ণকৈ স্তনপান কৰালেনে নাই তাক চাবলৈ, মাকে সেই স্তনটো হাতেৰে হেচি গাখীৰ উলিয়াই চাব লাগে |
08:15 | যদি স্তনটোৰ পৰা পনীয়া গাখীৰ ওলায়, |
08:19 | বা যদি হেচোতে পাছৰ ডাঠ গাখীৰ ভালকৈ ওলাইছে |
08:24 | তেন্তে, মাকে শিশুটোক একেটা স্তনৰ পৰা পুনৰ স্তনপান কৰাব লাগে |
08:29 | যেতিয়া হাতেৰে হেচোতে পাছৰ ডাঠ গাখীৰ কমকৈ কেই টোপালমানহে ওলায়, |
08:35 | ই বুজায় যে মাকে শিশুটোক সেই স্তনটোৰ পৰা সম্পূৰ্ণ স্তনপান কৰালে |
08:41 | কিন্তু, আনটো স্তন খাবলৈ দিয়াৰ আগতে, মাকে শিশুটোক নিজৰ কোলাত লৈ লাহেকৈ তাৰ শৰীৰটো আগলৈ বেকা কৰিব লাগে আৰু শিশুটোৰ হনুটো হাতেৰে ধৰি তাক উগাৰ মাৰিবলৈ উৎসাহিত কৰিব লাগে |
09:00 | শিশুটোৱে দুইৰ পৰা তিনি মিনিটৰ ভিতৰত উগাৰ মাৰিব লাগে |
09:04 | যদি পাচ মিনিটলৈকে উগাৰ নামাৰে, |
09:08 | ই বুজায় যে শিশুটোৱে স্তনটোৰ লগত অতি ভালদৰে যুক্ত হৈছিলে |
09:14 | শিশুটোৱে স্তনপান কৰোতে পেটৰ ভিতৰত অতিৰিক্ত বায়ু লোৱা নাই |
09:21 | এতিয়া, মাকে শিশুটোক আনটো স্তন দিব লাগে |
09:26 | যদি শিশুটোৰ পেট ভৰ্ত্তি হয়, তেন্তে তাই আনটো স্তনৰ পৰা স্তনপান নকৰিব পাৰে |
09:32 | কিন্তু মাকে শিশুটোক সদায় স্তনপান কৰিবলৈ দুয়োটা স্তন দিব লাগে |
09:39 | তেওঁ শিশুটোক অন্তিম সিদ্ধান্তটো কৰিবলৈ দিব লাগে |
09:45 | যদি স্তনপান কৰোতে শিশুটোৰ টোপনী যায়, মাকে শিশুটোৰ ভৰিৰ তলুৱাত লাহেকৈ চুই তাইক জগাব লাগে |
09:55 | বা শিশুটোৰ পিঠিত লাহেকৈ কুতকুতাই |
09:59 | বা শিশুটোক উগাৰ মাৰিবলৈ দেখুৱা স্থানত বহুৱাই |
10:04 | শুদ্ধ পদ্ধতিৰ লগতে, কেইবাবাৰো স্তনপান কৰোৱাটোও দৰকাৰ |
10:12 | মাকে শিশুটোক ২৪ ঘন্টাৰ ভিতৰত অতিকমেও ১২ বাৰ স্তনপান কৰাব লাগে |
10:17 | যাৰ ভিতৰত তেওঁ ৰাতিৰ সময়ত অতিকমেও ২ৰ পৰা ৩ বাৰ স্তনপান কৰাব লাগে |
10:24 | শিশুটোক স্তনৰ গাখীৰ দিবলৈ, মাকে শিশুটোৰ ভোকলগাৰ সংকেতসমূহ চাব লাগে যেনে- লৰি থকা, |
10:32 | মুখ খোলা, মাঠা ঘূৰোৱা, হাতটো মুখলৈ নিয়া, |
10:37 | আঙুলি চুপা আৰু শৰীৰ প্ৰসাৰিত কৰা |
10:42 | যদি শিশুটোৱে স্তনৰ গাখীৰৰ বাবে কান্দিবলৈ আৰম্ভ কৰে, তেন্তে ই বুজায় যে বহু দেৰি হ’ল |
10:49 | মন কৰিব- শিশুৰ ২ সপ্তাহ, ৬ সপ্তাহ আৰু ৩ মাহ বয়্সলৈকে দ্ৰুতভাবে বিকাশ হয় |
10:59 | আৰু শিশুটোক অধিক গাখীৰৰ প্ৰয়োজন হয় |
11:05 | লগতে, মাকৰ স্তনৰ গাখীৰৰ উৎপাদনো বৃদ্ধি হ’ব যদি শিশুটোক কেইবাবাৰো স্তনপান কৰায় |
11:12 | সেইবাবে, তেনে দ্ৰুতভাবে বিকাশ হোৱা সময়ত মাকে প্ৰায়ে অধিক স্তনপান কৰাব লাগে |
11:19 | মনত ৰাখিব, শিশুটোৰ বাবে জীৱ্নৰ প্ৰথম ৬ মাহ্ত স্তনৰ গাখীৰ হৈছে উৎকৃষ্ট পুষ্টিকৰ খাদ্য |
11:30 | আৰু, ভালদৰে যুক্ত হোৱাটোৱেই হৈছে সফলভাবে স্তনপানৰ চাবি |
11:36 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
সংযোগ কৰাৰ বাবে ধন্যবাদ |