Health-and-Nutrition/C2/Breastfeeding-latching/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:02 স্তনপান কৰাবলৈ মুখেৰে ধৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিশুটো স্তনটোৰ লগত গভীৰভাবে যুক্ত হ’বলৈ সঠিক কৌশলৰ বিষয়ে আৰু স্তনপান কিমানবাৰ কৰাব লাগে শিকিম
00:20 আৰম্ভ কৰাৰ আগতে, মন কৰিব যে ফলপ্ৰসু স্তনপানৰ বাবে, সঠিকভাবে মুখেৰে ধৰাটো অতি গুৰুত্বপূৰ্ণ
00:29 শিশুৰ মুখৰ স্তনৰ লগত ভুলভাবে যুক্ত হ’লে মাত্ৰ স্তনাগ্ৰৰ পৰা স্তনপান হ’ব
00:36 ই শিশুটোক অতি কম গাখীৰ দিব
00:40 আনহাতে স্তনৰ এৰিঅ’লাৰ তলৰ অংশৰ সৈতে গভীৰভাবে যুক্ত হ’লে শিশুটোৱে যথেষ্ট গাখীৰ পাব
00:50 মন কৰিব, স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশই হৈছে এৰিঅ’লা
00:56 এতিয়া, আহক আৰম্ভ কৰো । আৰম্ভ কৰিবলৈ, মাকে শিশুটোক স্তনপান কৰাবলৈ এটা গ্ৰহণযোগ্য স্থিতিত ধৰিব লাগিব
01:05 এই স্থিতিসমূহক একেটা চিৰিজৰ অন্য কথাচিত্ৰসমূহত বিতংভাবে বৰ্ণনা কৰা হৈছে
01:11 এই টিউট’ৰিয়েলটো ক্ৰচ ক্ৰেদল স্থিতি ব্যৱ্হাৰ কৰি বৰ্ণনা কৰা হ’ব
01:16 মনত ৰাখিব, স্তনৰ সৈতে সফলভাবে যুক্ত হ’বলৈ আৰু সঠিক স্তনপানৰ বাবে শিশুটোক শুদ্ধভাবে অবস্থান কৰোৱা দৰকাৰ
01:24 এই চিত্ৰখনত, মাকে শিশুটোক ক্ৰচ ক্ৰেদল স্থিতিত শুদ্ধভাবে ধৰিছে
01:31 আৰু, শিশুটো স্তনপানৰ বাবে যুক্ত হ’বলৈ তৈয়াৰ আছে
01:35 যুক্ত হোৱাৰ আগতে, শিশুটোৱে মুখখন হামিওৱাৰ দৰে বহলভাবে মেলাতো দৰকাৰ
01:42 কিয়? আহক প্ৰাপ্তবয়স্ক এজনে বৰা পাউ বা বাৰ্গাৰ খোৱাক চাই ইয়াক বুজো
01:49 বৰা পাউ বা বাৰ্গাৰটোৰ ডাঙৰ কামোৰ এটা ল’বলৈ আমি আমাৰ মুখখন বহলকৈ মেলো
01:56 একেদৰে, বহলকৈ মেলা মুখখনে শিশুটোক মুখৰ ভিতৰত স্তনৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব
02:04 শিশুটোক মুখখন বহলকৈ মেলিবলৈ উৎসাহিত কৰিবলৈ, মাকে শিশুটোৰ ওপৰৰ উঠত স্তনাগ্ৰটো লাহেকৈ লগাব লাগে মুখখন বহলকৈ নেমেলালৈকে
02:16 ধৈৰ্য্য ৰাখিব । কেতিয়াবা, শিশুটোৱে মুখখন বহলকৈ মেলিবলৈ কিছু চেকেন্দৰ পৰা দুই মিনিটলৈকে সময় ল’ব পাৰে
02:25 মনত ৰাখিব, যিকোনো স্তনপানৰ স্থিতিৰ বাবে, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহে সদায় স্তনটো শিশুটোৰ উঠৰ সমান্তৰালকৈ ধৰিব লাগে
02:36 যেতিয়া শিশুটোৱে মুখখন বহলকৈ মেলে, তেওঁৰ তলৰ উঠখন এৰিঅ’লাটোৰ তলৰ অংশত হ’ব লাগে
02:43 আৰু স্তনাগ্ৰটো তেওঁৰ মুখৰ ওপৰৰ ফালে হ’ব লাগে আৰু মুখৰ মাজত হ’ব নালাগে
02:50 এতিয়া, মাকে সোনকালে স্তনটো শিশুটোৰ মুখত দিব লাগে
02:55 তেওঁ প্ৰথমে শিশুটোৰ মুৰটো লাহেকৈ পিছলৈ নি থুতৰিটো স্তনত লগাব লাগে
03:02 তেওঁ পিঠিখন হাউলাব বা শিশুটোৰ মুখৰ ওচৰলৈ স্তনটো নিব নালাগে
03:08 শিশুটোক স্তনটোলৈ আনক লাহেকৈ হাতেৰে শিশুটোৰ বাহুদুটা ওপৰলৈ উঠাই
03:15 মুখেৰে ধৰোতে সকলোতকৈ দৰকাৰী কথাটো হৈছে মাকৰ এৰিঅ’লাৰ তলৰ অংশটো শিশুটোৰ মুখত থাকিব লাগিব
03:25 ই স্তনাগ্ৰটোক শিশুটোৰ মুখৰ ভিতৰত আৰামদায়ক স্থান পাবলৈ সহায় কৰিব
03:31 শিশুটোৱে জিভাৰে তাৰ তলৰ উঠৰ ওচৰৰ এৰিঅ’লাৰ অংশটো চুপিব লাগিব
03:37 ই গাখীৰৰ ডাঙৰ নলীসমূহক হেচিব আৰু অধিক গাখীৰ উলাব
03:42 পাছৰ পৰ্যায়টো হৈছে শিশুটো স্তনৰ লগত গভীৰভাবে যুক্ত হৈছেনে নাই তাক চোৱাটো
03:48 গভীৰভাবে যুক্ত হোৱাক নিশ্বিত কৰিবলৈ, মাকে নিম্ন কথাখিনি লক্ষ্য কৰিব লাগিব:
03:54 শিশুটোৰ মুখখন বহলকৈ মেলখাব লাগিব,
03:57 এৰিঅ’লাৰ অংশটো শিশুটোৰ ওপৰৰ উঠৰ ওচৰত বেছিকৈ আৰু তলৰ উঠৰ ওচৰত কমকৈ দেখাপাব লাগিব
04:06 শিশুটোৰ থুতৰিৰ তলটো সম্পূৰ্ণভাবে মাকৰ স্তনত সোমাই থাকিব লাগিব
04:11 গাখীৰ গিলোতে শিশুটোৰ হনু সম্পূৰ্ণভাবে তললৈ যাব লাগিব
04:16 আৰু, শিশুটোৰ তলৰ উঠখন বাহিৰফালে বেকা হৈ থাকিব লাগে
04:22 তথাপি এটা অতি ভালদৰে যুক্তহৈ থকা শিশুৰ ক্ষেত্ৰত ই স্তনত লুকাই থাকে
04:28 তেনেক্ষেত্ৰত, শিশুটোৰ তলৰ উঠৰ ওচৰত লাহেকৈ স্তনটো টিপক । আৰু শিশুটোৰ তলৰ উঠখন বাহিৰফালে বেকা হৈ আছেনে চাওঁক
04:41 পাছত, শিশুটোৰ নাকটো চাওঁক । যদি শিশুটোৰ নাকটো মাকৰ স্তনত হেচা খাই আছে, তেন্তে-
04:49 মাকে শিশুটোৰ মুৰটো অলপ পিচলৈ টানিব পাৰে যাতে শিশুটোৰ থুতৰিটো ভালকৈ স্তনত সোমাই,
04:58 আৰু শিশুটোৰ নাক আৰু কপাল স্তনটোৰ পৰা আতৰ হয়
05:04 এনে কৰিলে, শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’ব
05:09 শিশুটোৰ সম্পূৰ্ণ মুখখন স্তনৰপৰা আতৰাই নানিব
05:13 ইয়াৰদ্বাৰা স্তনাগ্ৰৰ পৰা স্তনপান হ’ব
05:16 মনত ৰাখিব, স্তনপান মাকৰ বাবে আৰামদায়ক হ’ব লাগে
05:21 তেওঁ স্তনাগ্ৰত চিকুট মৰা, টনা যেন বা ঘৰ্ষণ অনুভৱ কৰিব নালাগিব
05:27 যদি স্তনপান মাকৰ বাবে বেদনাদায়ক হয় তেন্তে সম্ভৱত শিশুটো ভালদৰে যুক্ত হোৱা নাই
05:35 আহক ভালদৰে যুক্ত নোহোৱাৰ এটা সাধাৰণ কাৰণ চাওঁ
05:40 বহুতো মাকে এৰিঅ’লাটো হেচি শিশুটোৰ মুখৰ মাজত মাত্ৰ স্তনাগ্ৰটো থয়
05:48 ইয়াত, শিশুটোৰ মুখখন বহলকৈ মেলখোৱা নাই
05:52 শিশুটো মাত্ৰ স্তনাগ্ৰটোত যুক্ত হয়
05:56 ইয়াত, শিশুটোৰ ওপৰ আৰু তলৰ উঠৰ ওচৰত এৰিঅ’লাটোৰ এটা সমান অংশ দেখা গৈছে
06:04 শিশুটোৰ থুতৰিটো স্তনৰ পৰা দূৰত আছে
06:07 শিশুৰ সোনকালে অবিৰতভাবে গাখীৰ খোৱাৰ এটা নিদৰ্শন আছে
06:14 চুপি থাকোতে, শিশুৰ গালত গাত হয়
06:17 তেওঁৰ হনু তললৈ নাযায় যিহেতু গাখীৰ গিলে
06:23 আৰু, শিশুটোৰ মুখৰ কঠিন অংশত পৰা বাবে স্তনাগ্ৰটো চিকুট আৰু হেচা খাব
06:31 ই মাকৰ বাবে বেদনাদায়ক আৰু স্তনাগ্ৰত আঘাত পাব পাৰে
06:37 লগতে, স্তনাগ্ৰৰ সৈতে যুক্ত হওঁতে, শিশুৱে এৰিঅ’লাৰ তলৰ ডাঙৰ গাখীৰৰ নলিসমূহৰ পৰা গাখীৰ পাব নোৱাৰিব
06:45 সেইবাবে, শিশুটোৱে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নাপাব
06:50 যদি শিশুটোৱে মাত্ৰ স্তনাগ্ৰটোৰ পৰা স্তনপান কৰে তেন্তে
06:54 মাকে চাফা সৰু আঙুলিটো শিশুটোৰ মুখৰ চুক এটাৰ ভিতৰত ভৰাব লাগে
06:59 তেওঁ স্তনাগ্ৰৰ পৰা শিশুটোক আতৰাবলৈ ইয়াক ব্যৱ্হাৰ কৰিব লাগে
07:04 পাছত তেওঁ শিশুটোক একেটা স্তনত পুনৰ ভালদৰে যুক্ত কৰিব লাগে
07:11 সঠিকভাবে যুক্ত হোৱাৰ পাছত, মাকে আগৰ আৰু পাছৰ গাখীৰ শিশুটোৱে সমানে পোৱাক নিশ্বিত কৰিব লাগে
07:19 আগৰ গাখীৰ হৈছে স্তনটোৰ আগফালৰ অংশত জমা হৈ থকা পনীয়া গাখীৰ
07:25 ই পানী আৰু প্ৰ’টিনৰে গঠিত হয়
07:29 ই শিশুটোৰ বৃদ্ধিৰ বাবে আৰু তাক শক্তিশালী কৰিবলৈ প্ৰয়োজনীয়
07:36 পাছৰ গাখীৰ হৈছে স্তনটোৰ পাচফালৰ অংশত জমা হৈ থকা ডাঠ গাখীৰ
07:42 ই মূলত চৰ্বিৰে গঠিত হয়
07:46 ই শিশুটোৰ মগজুৰ বিকাশ আৰু ওজন বৃদ্ধিৰ বাবে প্ৰয়োজনীয়
07:53 শিশুটোৱে আগৰ আৰু পাছৰ গাখীৰ দুয়োবিধ সমানে পোৱাক নিশ্বিত কৰিবলৈ- মাকে এটা স্তনৰ পৰা সম্পূৰ্ণকৈ খোৱোৱাৰ পাছতহে আনটো স্তন দিব লাগে
08:05 স্তন এটাৰ পৰা সম্পূৰ্ণকৈ স্তনপান কৰালেনে নাই তাক চাবলৈ, মাকে সেই স্তনটো হাতেৰে হেচি গাখীৰ উলিয়াই চাব লাগে
08:15 যদি স্তনটোৰ পৰা পনীয়া গাখীৰ ওলায়,
08:19 বা যদি হেচোতে পাছৰ ডাঠ গাখীৰ ভালকৈ ওলাইছে
08:24 তেন্তে, মাকে শিশুটোক একেটা স্তনৰ পৰা পুনৰ স্তনপান কৰাব লাগে
08:29 যেতিয়া হাতেৰে হেচোতে পাছৰ ডাঠ গাখীৰ কমকৈ কেই টোপালমানহে ওলায়,
08:35 ই বুজায় যে মাকে শিশুটোক সেই স্তনটোৰ পৰা সম্পূৰ্ণ স্তনপান কৰালে
08:41 কিন্তু, আনটো স্তন খাবলৈ দিয়াৰ আগতে, মাকে শিশুটোক নিজৰ কোলাত লৈ লাহেকৈ তাৰ শৰীৰটো আগলৈ বেকা কৰিব লাগে আৰু শিশুটোৰ হনুটো হাতেৰে ধৰি তাক উগাৰ মাৰিবলৈ উৎসাহিত কৰিব লাগে
09:00 শিশুটোৱে দুইৰ পৰা তিনি মিনিটৰ ভিতৰত উগাৰ মাৰিব লাগে
09:04 যদি পাচ মিনিটলৈকে উগাৰ নামাৰে,
09:08 ই বুজায় যে শিশুটোৱে স্তনটোৰ লগত অতি ভালদৰে যুক্ত হৈছিলে
09:14 শিশুটোৱে স্তনপান কৰোতে পেটৰ ভিতৰত অতিৰিক্ত বায়ু লোৱা নাই
09:21 এতিয়া, মাকে শিশুটোক আনটো স্তন দিব লাগে
09:26 যদি শিশুটোৰ পেট ভৰ্ত্তি হয়, তেন্তে তাই আনটো স্তনৰ পৰা স্তনপান নকৰিব পাৰে
09:32 কিন্তু মাকে শিশুটোক সদায় স্তনপান কৰিবলৈ দুয়োটা স্তন দিব লাগে
09:39 তেওঁ শিশুটোক অন্তিম সিদ্ধান্তটো কৰিবলৈ দিব লাগে
09:45 যদি স্তনপান কৰোতে শিশুটোৰ টোপনী যায়, মাকে শিশুটোৰ ভৰিৰ তলুৱাত লাহেকৈ চুই তাইক জগাব লাগে
09:55 বা শিশুটোৰ পিঠিত লাহেকৈ কুতকুতাই
09:59 বা শিশুটোক উগাৰ মাৰিবলৈ দেখুৱা স্থানত বহুৱাই
10:04 শুদ্ধ পদ্ধতিৰ লগতে, কেইবাবাৰো স্তনপান কৰোৱাটোও দৰকাৰ
10:12 মাকে শিশুটোক ২৪ ঘন্টাৰ ভিতৰত অতিকমেও ১২ বাৰ স্তনপান কৰাব লাগে
10:17 যাৰ ভিতৰত তেওঁ ৰাতিৰ সময়ত অতিকমেও ২ৰ পৰা ৩ বাৰ স্তনপান কৰাব লাগে
10:24 শিশুটোক স্তনৰ গাখীৰ দিবলৈ, মাকে শিশুটোৰ ভোকলগাৰ সংকেতসমূহ চাব লাগে যেনে- লৰি থকা,
10:32 মুখ খোলা, মাঠা ঘূৰোৱা, হাতটো মুখলৈ নিয়া,
10:37 আঙুলি চুপা আৰু শৰীৰ প্ৰসাৰিত কৰা
10:42 যদি শিশুটোৱে স্তনৰ গাখীৰৰ বাবে কান্দিবলৈ আৰম্ভ কৰে, তেন্তে ই বুজায় যে বহু দেৰি হ’ল
10:49 মন কৰিব- শিশুৰ ২ সপ্তাহ, ৬ সপ্তাহ আৰু ৩ মাহ বয়্সলৈকে দ্ৰুতভাবে বিকাশ হয়
10:59 আৰু শিশুটোক অধিক গাখীৰৰ প্ৰয়োজন হয়
11:05 লগতে, মাকৰ স্তনৰ গাখীৰৰ উৎপাদনো বৃদ্ধি হ’ব যদি শিশুটোক কেইবাবাৰো স্তনপান কৰায়
11:12 সেইবাবে, তেনে দ্ৰুতভাবে বিকাশ হোৱা সময়ত মাকে প্ৰায়ে অধিক স্তনপান কৰাব লাগে
11:19 মনত ৰাখিব, শিশুটোৰ বাবে জীৱ্নৰ প্ৰথম ৬ মাহ্ত স্তনৰ গাখীৰ হৈছে উৎকৃষ্ট পুষ্টিকৰ খাদ্য
11:30 আৰু, ভালদৰে যুক্ত হোৱাটোৱেই হৈছে সফলভাবে স্তনপানৰ চাবি
11:36 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Debosmita, Mausamh9