Difference between revisions of "LibreOffice-Suite-Base/C3/Create-tables/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 309: Line 309:
 
|-
 
|-
 
|  06:59
 
|  06:59
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"|প্ৰধান বেছ উইণ্ড’ত আমাৰ নতুন মেডিয়া টেবুলখন দেখা পোৱা গৈছে  
+
| প্ৰধান বেছ উইণ্ড’ত আমাৰ নতুন মেডিয়া টেবুলখন দেখা পোৱা গৈছে  
  
 
|-
 
|-
Line 365: Line 365:
 
|-
 
|-
 
|  08:17
 
|  08:17
a) ক্ৰিয়েটিং ভিউ আৰু b) কপি মেথড ব্যৱহাৰ কৰি কেনেকৈ এখন টেবুল তৈয়াৰ কৰিব পাৰি  
+
|  ক্ৰিয়েটিং ভিউ আৰু কপি মেথড ব্যৱহাৰ কৰি কেনেকৈ এখন টেবুল তৈয়াৰ কৰিব পাৰি  
  
 
|-
 
|-

Latest revision as of 16:35, 27 March 2017

Time Narration
00:00 লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:04 এই টিউটৰিয়েলত আমি শিকিম:
00:07 a) ক্ৰিয়েটিং ভিউজ আৰু
00:09 b) কপি মেথড ব্যৱহাৰ কৰি
00:11 কেনেকৈ টেবুল তৈয়াৰ কৰা হয়
00:13 আমাৰ লাইব্ৰেৰী ডাটাবেছটোলৈ যোৱা যাওক
00:16 বাও পেনেলৰ টেবুল আইকনত ক্লিক কৰক
00:21 সো পেনেলত আমি টেবুল তৈয়াৰ কৰাৰ তিনিটা উপায় দেখা পাইছোঁ
00:26 এতিয়া আমি ক্ৰিয়েট ভিউ অপশ্যন ব্যৱহাৰ কৰিম
00:30 তাৰ আগতে, ভিউজৰ বিষয়ে শিকা দৰকাৰ ভিউ মানে কি?
00:36 ভিউ টেবুলৰ নিচিনাই, কিন্তু ইয়াত ডাটা নাথাকে
00:43 ইয়াক কুৱেৰি এক্সপ্ৰেছন হিচাপে ব্যাখ্যা কৰা হৈছে, যিটো হৈছে টেবুল বা ডাটাবেছৰ অন্য ভিউৰ ৰিট্ৰিভেল মাথোঁ
00:54 গতিকে, যেতিয়া চোৱা হয়, ইয়াত এখন টেবুলৰ দৰে কলম আৰু ৰ’ থাকে
01:00 লিমিটেড একচেচ দিবলৈ ভিউ ব্যৱহাৰ কৰিব পাৰি
01:06 অথবা আণ্ডাৰলায়িং টেবুল কলম আৰু টেবুল ডাটা হাইড কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি
01:13 উদাহৰণ স্বৰূপে, লাইব্ৰেৰীৰ সকলোবোৰ সদস্য তালিকাভুক্ত কৰিবলৈ আমি এটা সাধাৰণ ভিউ তৈয়াৰ কৰিব পাৰোঁ
01:21 আৰু গোপনীয়তা অটুট ৰাখিবলৈ আমি তেওঁলোকৰ ফোন নাম্বাৰবোৰ এৰি যাব পাৰোঁ
01:27 ইয়াত আণ্ডাৰলায়িং টেবুল হ’ব সদস্যসকল
01:32 লাইব্ৰেৰী ডাটাবেছৰ আন ব্যৱহাৰকাৰীক এই ভিউ একচেচ কৰিবলৈ অনুমতি দিব পৰা যায়, কিন্তু সদস্য টেবুল একচেচ কৰিবলৈ দিব পৰা নাযায়
01:40 এই ধৰণে আমি কেৱল সদস্যৰ নামবিলাক চাব পাৰিম, কিন্তু তেওঁলোকৰ ফোন নাম্বাৰ চাব নোৱাৰিম
01:46 ঠিক আছে, প্ৰধান বেছ উইণ্ডলৈ ঘূৰি যোৱা যাওক আৰু এই ভিউ তৈয়াৰ কৰা যাওক
01:53 সো পেনেলত ক্ৰিয়েট ভিউত ক্লিক কৰক
01:58 আমি ভিউ ডিজাইন নামৰ এখন নতুন উইণ্ড’ আৰু এড টেবুলচ বুলি দেখুৱা এখন পপআপ উইণ্ড’ দেখা পাইছোঁ
02:06 মেমবাৰ্চত ক্লিক কৰক
02:09 আৰু এই পপআপ উইণ্ড’খন বন্ধ কৰক
02:12 এতিয়া আমি ভিউ ডিজাইন উইণ্ড’ত উপস্থিত হলো
02:16 আমি MemberId আৰু Name ফিল্ডত ডবল ক্লিক কৰিম
02:21 আৰু আই ডি ফিল্ড যোগ দিয়াটো সদায়েই উপযোগী
02:25 কাৰণ, ইয়ে আমাক এই ভিউক অন্য কোনো সম্পৰ্কীয় টেবুলৰ সৈতে যোগ দিয়াত সহায় কৰে, যেনে— BooksIssued টেবুল
02:34 আমি ফাংশ্যন, ক্ৰাইটেৰিয়া যোগ দিব পাৰোঁ আৰু আমি বিচৰা ধৰণে ইয়াক চৰ্টিং কৰিব পাৰোঁ
02:40 কিন্তু এতিয়াৰ বাবে আমি সদস্যৰ নামবিলাক এচেণ্ডিং ক্ৰমত চৰ্টিং কৰিম
02:45 ইয়াৰ বাবে তলৰ চেকশ্যনৰ নেম কলমৰ অধীনৰ চৰ্ট ৰ’ৰ খালী চেলত ক্লিক কৰিম
02:54 আৰু তাৰপিছত এচেণ্ডিঙত ক্লিক কৰিম
02:58 আমাৰ প্ৰথম ভিউটো চেভ কৰা যাওক
03:01 ইয়াত এই ভিউৰ বাবে এটা বৰ্ণনাত্মক নাম— View: Members Name Only টাইপ কৰিম
03:10 আৰু ok বাটনত ক্লিক কৰিম
03:14 আণ্ডাৰলায়িং ডাটা চাবৰ বাবে ওপৰৰ এডিট মেনুত ক্লিক কৰক
03:22 আৰু তাৰপিছত তলৰ ৰান কুৱেৰিত ক্লিক কৰক
03:27 আমি ওপৰত এটা নতুন চেকশ্যন দেখা পাইছোঁ, য’ত লাইব্ৰেৰীৰ সকলো সদস্যক এচেণ্ডিং ক্ৰমত তালিকাভুক্ত কৰা হৈছে
03:36 লক্ষ্য কৰক যে আমি কোনো ফোন নাম্বাৰ দেখা পোৱা নাই
03:40 আৰু এয়াই হৈছে আমাৰ চিম্পল ভিউ
03:43 আমাৰ প্ৰয়োজন অনুসৰি আমি ভিউ তৈয়াৰ আৰু ডিজাইন কৰিব পাৰোঁ
03:48 পৰৱৰ্তী বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনাৰ বাবে এটা এচাইনমেণ্ট
03:53 সদস্যসকললৈ ইছ্যু কৰা কিন্তু ঘূৰাই নিদিয়া কিতাপৰ এটা ভিউ তৈয়াৰ কৰক
04:01 ভিউত এই ফিল্ডবিলাক অন্তৰ্ভুক্ত কৰক— বুক টাইটেলচ, মেমবাৰ্চ নেমচ, ইছ্যু ডেট আৰু ৰিটাৰ্ন ডেট
04:12 ভিউৰ নামটো ‘View: List of Books not checked in’ বুলি দিয়ক
04:20 ঠিক আছে, এতিয়া আমি কপি মেথড ব্যৱহাৰ কৰি টেবুল তৈয়াৰ কৰিবলৈ শিকিম
04:25 যদি আমি জানো যে টেবুলৰ স্ত্ৰাকচাৰ একে ধৰণৰ হ’ব, তেনে ক্ষেত্ৰত এইটো টেবুল তৈয়াৰ কৰাৰ এটা সহজ পদ্ধতি
04:33 ইয়াৰ বাবে, ধৰা যাওক যে আমাৰ লাইব্ৰেৰীত ডিভিডি আৰু চিডি আছে
04:39 আৰু এই ডাটাখিনি আমি মিডিয়া নামৰ এখন নতুন টেবুলত ষ্ট’ৰ কৰিব পাৰোঁ
04:44 উদাহৰণৰ বাবে, এখন চিডি বা ডিভিডিৰ এটা শিৰোনাম আৰু এটা প্ৰকাশৰ বছৰ থাকিব পাৰে
04:51 অডিঅ’ আৰু ভিডিঅ’ক স্পষ্টকৈ বুজাবৰ বাবে আমি এটা মিডিয়াটাইপ ফিল্ড সৃষ্টি কৰিম
05:00 এতিয়া যিহেতু বুকচ টেবুলত প্ৰায় একে ধৰণৰ ফিল্ড আছে, গতিকে আমি বুকচ্ টেবুলখন কপি-পেষ্ট কৰিব পাৰোঁ,
05:08 আৰু তাৰপিছত ফিল্ডবিলাক আৰু টেবুলৰ নামৰ পৰ্যায়ক্ৰমে ৰিনেম কৰিব পাৰোঁ
05:14 কেনেকৈ, সেয়া আমি চাওঁ
05:16 প্ৰধান বেছ উইণ্ড’লৈ যাওঁ ব’লক
05:19 ইয়াৰ বুকচ্ টেবুলত ৰাইট ক্লিক কৰক,
05:23 আমি কপি অপশ্যন দেখা পাইছোঁ, ইয়াত ক্লিক কৰক;
05:28 আৰু তাৰপিছত ইয়াত ৰাইট ক্লিক কৰক
05:31 ইয়াৰ বিভিন্ন অপশ্যনবিলাক লক্ষ্য কৰক ইয়াত এটা পেষ্ট অপশ্যন আৰু এটা পেষ্ট স্পেচিয়েল অপশ্যনো আছে
05:39 এটা নিৰ্দিষ্ট ফৰমেটত আমি কপি আৰু পেষ্ট ব্যৱহাৰ কৰিব পাৰোঁ
05:44 সম্ভৱ হ’ব পৰা ফৰমেটবোৰ হৈছে— ফৰমেটেড টেক্সট্, এইচটিএমএল বা এটা ডাটা চ’ৰ্চ টেবুল
05:51 আমি ইয়াত ডাটাবেছ টেবুল বাছনি কৰিব পাৰোঁ,
05:55 অথবা ৰাইট ক্লিক মেনুৰ পৰা পেষ্ট বাছনি কৰিব পাৰোঁ
05:59 ইয়ে এখন উইজাৰ্ড মুকলি কৰে আৰু এই উইণ্ড’ত
06:03 আমি প্ৰথমতে টেবুল নেমৰ বিপৰীতে মেডিয়া বুলি টাইপ কৰি আমাৰ টেবুলৰ নামাকৰণ কৰিম
06:11 অপশ্যনত আমি ডেফিনিশ্যন আৰু ডাটাত ক্লিক কৰিম
06:16 এতিয়া নেক্সট্ বাটনত ক্লিক কৰা যাওক
06:19 পিছৰ উইণ্ড’ত আমি কলমবিলাক যোগ দিম
06:23 এই ডেমনষ্ট্ৰেশ্যনৰ বাবে বুকচ্আইডি, টাইটেল আৰু পাব্লিশ্ব্ ইয়াৰ বাছনি কৰা যাওক
06:29 এতিয়া আমি এই ফিল্ডবিলাক বাওঁফালে চিলেক্ট কৰিম আৰু চিংগল এৰো কী ব্যৱহাৰ কৰি সেইবিলাকক সোঁফাললৈ নিম
06:39 আৰু নেক্সট্ বাটনত ক্লিক কৰিম
06:42 পৰৱৰ্তী উইণ্ড’ত আমি আমাৰ কলমবিলাক দেখা পাওঁ
06:46 ইয়াত আমি ফিল্ডবিলাকৰ নামাকৰণ কৰিব পাৰোঁ আৰু সেইবিলাকৰ ডাটা টাইপ সলনি কৰিব পাৰোঁ
06:51 আমি বুকচ্আইডিক মিডিয়াআইডি বুলি নামাকৰণ কৰিম
06:55 আৰু ক্ৰিয়েট বাটনত ক্লিক কৰিম
06:59 প্ৰধান বেছ উইণ্ড’ত আমাৰ নতুন মেডিয়া টেবুলখন দেখা পোৱা গৈছে
07:05 এতিয়া অডিঅ’ বা ভিডিঅ’ টাইপৰ তথ্য ৰাখিবলৈ মিডিয়াটাইপ নামৰ এটা নতুন ফিল্ড যোগ দিবৰ বাবে টেবুলখন এডিট কৰা যাওক
07:15 এতিয়া আমি টেবুল ডিজাইন উইণ্ড’ত আছোঁ
07:19 ইয়াত শেষৰ কলম হিচাপে মিডিয়াটাইপ সৃষ্টি কৰা যাওক
07:24 পাব্লিশ্বইয়েৰৰ তলৰ চেলটোত ক্লিক কৰক
07:27 আৰু ফিল্ড নেম হিচাপে মিডিয়াটাইপ ভৰ্তি কৰক আৰু তাৰপিছত ফিল্ড টাইপ হিচাপে টেক্সট্ বাছনি কৰক
07:36 এতিয়া টেবুল ডিজাইনটো চেভ কৰোঁ আমাৰ কাম সম্পৰ্ণ হৈছে
07:41 দেখা গ’ল যে কপি মেথড ব্যৱহাৰ কৰি আমি এইমাত্ৰ আমাৰ মিডিয়া টেবুল তৈয়াৰ কৰিলো
07:48 ঠিক আছে, ইয়াত আন এটা এচাইনমেণ্ট
07:51 ‘Use Wizard to Create table’ মেথড ব্যৱহাৰ কৰি এখন টেবুল তৈয়াৰ কৰক
07:57 ইয়াত এচেটচ্ চেম্পল টেবুল ব্যৱহাৰ কৰক আৰু ইয়াক এচেটচ্‌কপি বুলি নামাকৰণ কৰক
08:04 আৰু এই পদ্ধতিৰ বিভিন্ন অপশ্যনবিলাক চালিজাৰি চাওক
08:08 এইখিনিতে লিবাৰঅফিছ বেছত টেবুল তৈয়াৰ কৰা সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
08:14 সাৰাংশ হিচাপে, আমি শিকিলো:
08:17 ক্ৰিয়েটিং ভিউ আৰু কপি মেথড ব্যৱহাৰ কৰি কেনেকৈ এখন টেবুল তৈয়াৰ কৰিব পাৰি
08:23 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
08:44 এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে. আৰু এইয়া আছিল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya