Difference between revisions of "LibreOffice-Suite-Base/C4/Database-Design-Purpose-OrganizeTables/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 1: | Line 1: | ||
− | + | ||
{| style="border-spacing:0;" | {| style="border-spacing:0;" | ||
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time''' | | style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time''' | ||
− | | style="border:0.1pt double #808080;padding:0.049cm;"| ''' | + | | style="border:0.1pt double #808080;padding:0.049cm;"| '''Narration''' |
|- | |- |
Revision as of 16:41, 2 September 2014
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম। |
00:04 | এই টিউটৰিয়েলত,
আমি ডাটাবেছ ডিজাইন সম্পৰ্কত এই বিষয়কেইটা শিকিম: |
00:09 | আমাৰ ডাটাবেছৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা |
00:12 | দৰকাৰ হোৱা তথ্য বিচৰা আৰু সজোৱা |
00:15 | তথ্যবিলাক টেবুলত বিভক্ত কৰা। |
00:19 | ডাটাবেছ ডিজাইন কি? |
00:21 | কোনো এটা ডাটাবেছৰ বিস্তাৰিত ডাটা মডেল তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটোক ডাটাবেছ ডিজাইন বুলি কোৱা হয়। |
00:28 | এটা ভালদৰে ডিজাইন কৰা ডাটাবেছে |
00:32 | একেবাৰে শেহতীয়া, নিৰ্ভুল আৰু সম্পূৰ্ণ তথ্য আগবঢ়াব পাৰে। |
00:37 | ইয়াৰ অৰ্থ হৈছে, বিভিন্ন পৰ্যায়ত আমাৰ তথ্যৰ শুদ্ধতা সম্পৰ্কে আমি নিশ্চিত হ’ব পাৰোঁ |
00:43 | ডাটা প্ৰচেচিং আৰু ৰিপৰ্টিঙৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰে |
00:48 | আৰু সহজে সাল-সলনি গ্ৰহণ কৰে। |
00:51 | ডাটাবেছ ডিজাইন প্ৰক্ৰিয়া এইকেইটা ধাপেৰে গঠিত হৈছে— |
00:57 | আমাৰ ডাটাবেছৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা |
01:00 | দৰকাৰী তথ্য বিচৰা আৰু সজোৱা |
01:04 | তথ্যসমূহ টেবুলত বিভক্ত কৰা |
01:07 | তথ্যৰ বিষয়বস্তু কলমলৈ পৰিৱৰ্তন কৰা |
01:11 | প্ৰাইমেৰী কী নিৰ্ধাৰণ কৰা |
01:14 | টেবুল ৰিলেশ্বনশ্বিপ চেটআপ কৰা |
01:17 | আমাৰ ডিজাইনৰ অশুদ্ধি দূৰ কৰা |
01:20 | নৰমেলাইজেশ্যন ৰুল প্ৰয়োগ কৰা |
01:23 | আৰু শেষত, ডাটাবেছটো পৰীক্ষা আৰু ৰান কৰা আৰু ইয়াক মেইনটেইন কৰা। |
01:28 | ঠিক আছে, প্ৰথমটো ধাপলৈ যোৱা যাওক, সেইটো হৈছে |
01:32 | আমাৰ ডাটাবেছৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা। |
01:35 | এটা চিম্পল লাইব্ৰেৰী এপ্লিকেশ্যন লোৱা যাওক। |
01:38 | এটা লাইব্ৰেৰীত সাধাৰণতে কিতাপ থাকে। |
01:41 | আৰু এই কিতাপবোৰ লাইব্ৰেৰীৰ ৰেজিষ্টাৰ্ড সদস্যলৈ ইছ্যু কৰা হয়। |
01:45 | গতিকে কিতাপ আৰু সদস্যসকলৰ তালিকা মেইনটেইন কৰাৰ বাবে |
01:51 | আৰু সদস্যসকললৈ কিতাপ ইছ্যু কৰাটো ট্ৰেক কৰাৰ বাবে আমাক এটা লাইব্ৰেৰী এপ্লিকেশ্যন লাগে। |
01:56 | আমাৰ প্ৰথম কাম হ’ব প্ৰয়োজনীয় তথ্য বিচাৰি উলিওৱা আৰু সেইবোৰ সজোৱা। |
02:01 | এয়াই হৈছে সেই ঠাই, য’ত আমাৰ ডাটাবেছত ৰেকৰ্ড কৰিব বিচৰা সকলো ধৰণৰ তথ্য আমি গোট খুৱাওঁ। |
02:09 | এতিয়া যিহেতু লাইব্ৰেৰী এপ্লিকেশ্যনটোৰ উদ্দেশ্য আমি জানো, গতিকে ইয়াত আইটেমবোৰ চিনাক্ত কৰা যাওক। |
02:17 | এইবোৰ হৈছে কিতাপ। |
02:19 | এখন কিতাপৰ এটা শিৰোনাম, এজন লেখক, এজন প্ৰকাশক আৰু এটা মূল্য থাকে। |
02:24 | আৰু আমি লেখকৰ তথ্যও ৰাখিব পাৰোঁ, যেনে— জন্মৰ তাৰিখ আৰু কোনখন দেশত তেখেতৰ ঘৰ আদি। |
02:33 | আমি প্ৰকাশকৰ নাম, ঠিকনা আৰু ফোন নম্বৰো ৰাখিব পাৰোঁ। |
02:38 | ইয়াৰ উপৰি, লাইব্ৰেৰীৰ সদস্যসকল আছে, যিসকলৰ নাম, ফোন নম্বৰ আৰু ঠিকনা আছে। |
02:45 | যেতিয়া এখন কিতাপ এজন সদস্যলৈ ইছ্যু কৰা হয়, তেতিয়া |
02:49 | কিতাপ ইছ্যু কৰা তাৰিখ, ঘূৰাই দিয়া তাৰিখ, প্ৰকৃততে ঘূৰাই দিয়া তাৰিখ আৰু চেকড্ ইন ষ্টেটাচ থাকে। |
02:56 | এই ইণ্ডিভিজুৱেল আইটেমবিলাকক এট্ৰিবিউটচ্ বুলিও কোৱা হয়। |
03:01 | ইয়াৰ প্ৰত্যেকটো এট্ৰিবিউটে এখন টেবুলৰ একোটা পটেনচিয়েল কলমক প্ৰতিনিধিত্ব কৰে। |
03:08 | এই মুহূৰ্তত আমি প্ৰশ্নবিলাকক এই ধৰণে প্ৰণালীবদ্ধ কৰিব পাৰোঁ: |
03:12 | কোনো এজন প্ৰকাশকে লাইব্ৰেৰীক যোগান ধৰা নতুন কিতাপৰ এটা চেট সম্পৰ্কত আমি কেনেকৈ তথ্য যোগ দিম? |
03:20 | ইয়াৰ সদস্যসকলৰ এখন তালিকা আমি কেনেকৈ মেইনটেইন কৰিম? |
03:25 | যদি কোনো এজন সদস্য লাইব্ৰেৰীৰ পৰা ওলাই যায় বা কোনো এজনে তেওঁৰ ঠিকনা সলনি কৰিব বিচাৰে, তেতিয়া কি হ’ব? |
03:32 | এজন সদস্যই যেতিয়া এখন কিতাপ ঘূৰাই দিয়ে, সেই তথ্য আমি কেনেকৈ আপডেট কৰিম? |
03:38 | কেনেকুৱা ধৰণৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিব বিচাৰিম? |
03:42 | কোনখন কিতাপ সদস্যসকলৰ মাজত আটাইতকৈ বেছিকৈ পঠিত হৈছে? |
03:46 | আৰু সদস্যসকলে ধাৰলৈ নিয়া আৰু সময় মতে ঘূৰাই নিদিয়া কিতাপৰ এখন তালিকা আমি কেনেকৈ জেনেৰেট কৰিম? |
03:55 | এতিয়া যিহেতু আমাৰ কিছু ডিটেইলছ্ গোট খালে, তথ্যখিনি কেনেকৈ টেবুলত বিভক্ত কৰিব পৰা যায়, সেইটো চোৱা যাওক। |
04:02 | আমাৰ তথ্য আইটেম বা এট্ৰিবিউটছবিলাক আমি প্ৰধান এনটিটি বা বিষয়ত ভাগ কৰিম। |
04:11 | প্ৰত্যেকটো বিষয় তেতিয়া টেবুল হৈ পৰিব। |
04:14 | গতিকে টেবুলবিলাকৰ প্ৰাথমিক তালিকাখন স্ক্ৰীনত দেখুওৱা ছবিখনৰ দৰে দেখা যাব। |
04:21 | ইয়াত প্ৰধান বিষয় বা এনটিটি হিচাপে কিতাপ আৰু সদস্যক দেখুওৱা হৈছে। |
04:26 | গতিকে, দুখন টেবুলৰে আৰম্ভ কৰাটো যুক্তিযুক্ত হ’ব; এখন কিতাপৰ বাবে আৰু আনখন সদস্যসকলৰ বাবে। |
04:33 | এতিয়া বুকচ্ টেবুলখন পুংখানুপুংখভাৱে চোৱা যাওক। |
04:37 | ইয়াত ১০টা এট্ৰিবিউট বা কলম আছে, যিবোৰক আমি আগতেই এইধৰণে নিৰ্ধাৰণ কৰিছিলো: |
04:43 | টাইটেল, অথৰ, পাব্লিশ্বাৰ, পাব্লিশ্বাৰ এড্ৰেছ, পাব্লিশ্বাৰ চিটি, পাব্লিশ্বাৰ ফোন, পাব্লিশ্ব্ ইয়েৰ, প্ৰাইচ, অথৰ জন্ম তাৰিখ আৰু অথৰ দেশ। |
04:58 | এতিয়া, এই টেবুলখনত ডাটা কিধৰণে প্ৰদৰ্শিত হৈছে, সেয়া চোৱা যাওক। |
05:03 | লক্ষ্য কৰক যে প্ৰত্যেকটো ৰ’ বা ৰেকৰ্ডত কিতাপ, ইয়াৰ লেখক আৰু প্ৰকাশক সম্পৰ্কে তথ্য আছে। |
05:13 | এই ডিজাইনটোত দুটা ফ্ল’ আছে। |
05:17 | একেজন লেখক বা প্ৰকাশকৰ পৰা বহুতো কিতাপ থাকিব পাৰে। |
05:23 | গতিকে আমি দেখা পাইছোঁ যে লেখক আৰু প্ৰকাশক সম্পৰ্কীয় তথ্যৰ কেইবাবাৰো পুনৰাবৃত্তি ঘটিছে, |
05:31 | যিয়ে কম্পিউটাৰ ডিস্ক স্পেচৰ অপচয় কৰিছে। |
05:34 | এই ডিজাইনটোৰ ক্ষেত্ৰত দ্বিতীয়টো সমস্যা হৈছে: |
05:38 | ই ডাটাবেছত এনোমেলিজ উৎপন্ন কৰাৰ ৰিস্ক বহন কৰিছে। |
05:44 | এতিয়া কথাটো হ’ল, এনোমেলি কি? |
05:47 | ইয়াক সাধাৰণভাৱে ডাটাবেছত হোৱা ভুল বা গণ্ডগোল বুলি ক’ব পাৰি। |
05:53 | এনোমেলিৰ তিনিটা প্ৰকাৰ আছে: |
05:57 | প্ৰথমটোক কোৱা হয় ইনচাৰ্টন এনোমেলি, |
06:01 | এটা নতুন ৰেকৰ্ড ভৰোৱাৰ সময়ত এইটো ঘটিব পাৰে, |
06:06 | অথবা যেতিয়া কোনো এটা এট্ৰিবিউট অন্য এট্ৰিবিউট নথকাকৈ ডাটাবেছত ভৰাব নোৱাৰি, তেতিয়া ই ঘটিব পাৰে। |
06:14 | উদাহৰণ স্বৰূপে, আমি ধৰি ল’ম যে পেংগুইন নামৰ এজন নতুন প্ৰকাশক আছে। |
06:21 | এতিয়া আমাৰ ডিজাইনত পেংগুইন প্ৰকাশকৰ বিষয়ে সবিশেষ ভৰাব নোৱাৰি, যেতিয়ালৈকে আমাৰ লাইব্ৰেৰীত তেওঁলোকৰ অন্ততঃ এখন কিতাপো নাথাকে। |
06:34 | দ্বিতীয়টোক কোৱা হয় ডিলিশ্যন এনোমেলি, |
06:39 | যিটো কোনো এটা ৰেকৰ্ড ডিলিট কৰাৰ সময়ত ঘটে। |
06:43 | ইয়াত, ডাটাবেছৰ এটা ৰ’ বা ৰেকৰ্ড ডিলিট কৰাৰ ক্ষেত্ৰত আমি ডিলিট কৰিব বিচৰাতকৈ বেছি তথ্য ডিলিট কৰে। |
06:51 | উদাহৰণ স্বৰপে, আমি দেখিছোঁ যে আমাৰ লাইব্ৰেৰীত অৰিয়েণ্ট পাব্লিশ্বাৰৰ ‘পেৰেডাইজ লষ্ট’ নামৰ মাত্ৰ এখন কিতাপ আছে। |
07:01 | এতিয়া যদি আমি এই গোটেই ৰেকৰ্ডটো ডিলিট কৰোঁ, তেতিয়াহ’লে অৰিয়েণ্ট পাব্লিশ্বাৰ সম্পৰ্কীয় সকলোবোৰ তথ্য আমি হেৰুৱাম। |
07:10 | আৰু ইয়াৰ লগতে জন মিল্টন নামৰ লেখকজনৰো তথ্য আমি হেৰুৱাম। |
07:16 | এতিয়া শেষত চোৱা যাওক, আপডেট এনোমেলিনো কি। |
07:21 | এইটো এটা ৰেকৰ্ড আপডেট কৰাৰ সময়ত ঘটে। |
07:26 | উদাহৰণ স্বৰপে, ধৰা যাওক যে কেম্ব্ৰিজ পাব্লিশ্বাৰৰ এটা নতুন ঠিকনা হৈছে। |
07:32 | এতিয়া, এই প্ৰকাশকৰ এড্ৰেছ কলমটোৰ আপডেট কৰাৰ ক্ষেত্ৰত আমি একাধিক ঠাইত সালসলনি কৰিব লগা হ’ব। |
07:40 | আমাৰ ক্ষেত্ৰত, দুটা ঠাইত। |
07:43 | আৰু যদিহে কেম্ব্ৰিজে বহুতো কিতাপ যোগান দি থৈছিল, তেনে ক্ষেত্ৰত আমি সেই বহুতো ৰেকৰ্ডতে ঠিকনা সালসলনি কৰিব লাগিব। |
07:54 | আৰু আমাৰ এনেকুৱাও হ’ব পাৰে যে এটা ঠাইত আমি ঠিকনা ঠিকেই সালসলনি কৰিলো, কিন্তু অন্য এটা ঠাইত সালসলনি কৰিবলৈ পাহৰিলো। |
08:02 | এনে ক্ষেত্ৰত আমাৰ তথ্য সঠিক নহ’ব আৰু তাৰদ্বাৰা ডাটাৰ একতা (integrity) হেৰাই যাব। |
08:11 | এই সমস্যাবোৰ আমি কেনেকৈ সমাধান কৰিম? |
08:14 | আমি যাতে প্ৰতিটো তথ্য এবাৰতে ৰেকৰ্ড কৰিব পাৰোঁ, সেই ধৰণে আমি ৰিডিজাইন কৰিব লাগিব। |
08:20 | যদি একেটা তথ্য কেইবাঠাইতো পুনৰাবৃত্তি হয়, তেতিয়াহ’লে আমি সেই তথ্যটো এখন সুকীয়া টেবুলত থোৱাটো উচিত হ’ব। |
08:29 | এইটো কেনেকৈ কৰা যায়, চোৱা যাওক। |
08:31 | আমি বুকচ্ টেবুলখন বুকচ্, অথৰচ্ আৰু পাব্লিশ্বাৰ বুলি ৩ ভাগ কৰিলো। |
08:38 | লক্ষ্য কৰক যে প্ৰত্যেকখন টেবুলৰ কলমবিলাকে সেই এনটিটি বা বিষয়ৰহে মাত্ৰ তথ্য ৰাখিছে। |
08:47 | এই ধৰণে আমি প্ৰকাশকৰ তথ্য পাব্লিশ্বাৰ টেবুলৰ ভিতৰত মাত্ৰ এবাৰহে ৰেকৰ্ড কৰিব পাৰো। |
08:55 | একেদৰে, এখন বেলেগ অথৰচ্ টেবুল থাকিলে আমি লেখকৰ তথ্য মাত্ৰ এবাৰহে ৰেকৰ্ড কৰিব লগা হ’ব। |
09:04 | আৰু আমি এই টেবুলবিলাক কেনেকৈ বুকচ্ টেবুলৰ সৈতে যুক্ত (link) কৰিব পাৰোঁ, সেই বিষয়ে ইয়াৰ পিছৰ টিউটৰিয়েলত শিকিম। |
09:12 | ইয়াতে লিবাৰঅফিছত ডাটাবেছ ডিজাইনৰ প্ৰথম ভাগ টিউটৰিয়েলৰ সামৰণি পৰিছে। |
09:19 | সাৰাংশ হিচাপে, আমি ডাটাবেছ ডিজাইনৰ এই বিষয়কেইটা শিকিলো: |
09:25 | আমাৰ ডাটাবেছৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা |
09:28 | দৰকাৰ হোৱা তথ্য বিচৰা আৰু সজোৱা |
09:32 | তথ্যবিলাক টেবুলত বিভক্ত কৰা। |
09:36 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
09:48 | এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। |
09:54 | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
09:58 | এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |