Difference between revisions of "Linux/C2/File-Attributes/Assamese"
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | + | |'''Time''' | |
− | + | |'''Narration''' | |
|- | |- | ||
| 0:00 | | 0:00 |
Revision as of 17:31, 21 July 2014
Time | Narration |
0:00 | লিনাক্স ফাইল এট্ৰিবিউটচ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ। |
0:05 | এই টিউটৰিয়েলৰ বাবে example1, example2, example3, example4, example5 আৰু testchown নামৰ খালী ফাইল আগতীয়াকৈ তৈয়াৰ কৰি ল’ব লাগিব। |
0:18 | অনুগ্ৰহ কৰি test_chown আৰু directory1 নামৰ খালী ডিৰেক্টৰী তৈয়াৰ কৰি লওক। |
0:25 | ফাইল এট্ৰিবিউট হৈছে কম্পিউটাৰ ফাইলৰ সৈতে যুক্ত হৈ থকা বা কম্পিউটাৰ ফাইলক বৰ্ণনা কৰা মেটাডাটা। |
0:33 | ফাইল এট্ৰ্ৰিবিউট হৈছে এটা ফাইলৰ গৰাকী, ফাইলৰ ধৰণ, একচেচ অনুমতি আদি বৰ্ণনা কৰা বৈশিষ্ট্য। |
0:45 | c-h own কমাণ্ড এটা ফাইল বা ডিৰেক্টৰীৰ গৰাকীস্বত্ত্ব সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো হৈছে এডমিন কমাণ্ড, ৰুট ইউজাৰে ফাইল বা ডিৰেক্টৰীৰ কেৱল গৰাকীহে সলনি কৰিব পাৰে। |
1:00 | chown কমাণ্ডৰ চিনটেক্স হৈছে chown space options space ownername space filename or directoryname |
1:13 | chown কমাণ্ডৰ সৈতে আমি এই বিকল্পবোৰ দিব পাৰো |
1:18 | -R : আপুনি বৰ্তমানে থকা ডিৰেক্টৰীৰ চাবডিৰেক্টৰীসমূহত থকা ফাইলৰ অনুমতি সলনি কৰিবলৈ। |
1:28 | -c : প্ৰত্যেকটো ফাইলৰ অনুমতি সলনি কৰিবলৈ। |
1:33 | -f: ch own-অক ইৰৰ মেচেজ দেখুওৱাত বাধা দিয়ে। |
1:37 | এতিয়া আমি কেইটামান উদাহৰণ লক্ষ্য কৰিম। |
1:40 | টাৰমিনেললৈ যাওক। আমি খালী ফাইল আৰু ফল্ডাৰ তৈয়াৰ কৰি থোৱা ডিৰেক্টৰীলৈ যাম। তাৰ কাৰণে cd space Desktop slash file attribute কৰি এণ্টাৰ টিপক। |
1:56 | এতিয়া এই কমাণ্ডটো টাইপ কৰক
$ ls space -l space testchown, মানে t-e-s-t-c-h-o-w-n আৰু এণ্টাৰ টিপক। |
2:11 | ইয়াত আমি ফাইলৰ গৰাকী shahid বুলি দেখা পাইছোঁ। |
2:18 | ফাইলটোৰ গৰাকী সলনি কৰিবলৈ এই কমাণ্ড টাইপ কৰক
$ sudo space c-h own space anusha, মানে a-n-u-s-h-a space testchown, মানে t-e-s-t-c-h-o-w-n এণ্টাৰ টিপক। |
2:36 | sudo পাছবৰ্ড ভৰাওক আৰু আকৌ এণ্টাৰ টিপক। এণ্টাৰ টিপক। |
2:44 | এতিয়া টাইপ কৰক- $ ls space -l space t-e-s-t-c-h-o-w-n আৰু এণ্টাৰ টিপক। এতিয়া আমি দেখা পাওঁ যে ফাইলটোৰ নতুন গৰাকী হ’ল anusha। |
3:03 | এতিয়া আমি ডিৰেক্টৰীৰ গৰাকী কেনেকৈ সলনি কৰিব পাৰি সেয়া চাম। |
3:07 | $ ls –l কমাণ্ডটো টাইপ কৰি এণ্টাৰ টিপক। ইয়াত আমি ‘test_chown’ ডিৰেক্টৰীৰ গৰাকী shahid বুলি দেখা পাওঁ। |
3:21 | ডিৰেক্টৰীটোৰ গৰাকী সলনি কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক |
3:26 | sudo space chown space minus capital R space a-n-u-s-h-a anusha spacetest_chown, যিটো হৈছে ডিৰেক্টৰীৰ নাম, আৰু এণ্টাৰ টিপক। |
3:44 | Sudo পাছৱৰ্ড ভৰাওক, এইটো কৰা দৰকাৰী, এতিয়া আকৌ এণ্টাৰ টিপক। |
3:49 | আমাৰ সুবিধাৰ বাবে মই Clt+L টিপি স্ক্ৰীনখন চাফা কৰি ল’ম। এতিয়া $ ls space –l টাইপ কৰি এণ্টাৰ টিপক। এতিয়া আমি দেখা পাওঁ যে ডিৰেক্টৰীটোৰ নতুন গৰাকী হ’ল anusha। |
4:06 | এক বা ততোধিক ফাইলৰ একচেচ মোড বা অনুমতি সলনি কৰিবলৈ chmod কমাণ্ড ব্যৱহাৰ কৰা হয়। |
4:13 | chmod কমাণ্ডৰ চিনটেক্স হৈছে— chmod space [options] space mode space filename space chmod space [options] space filename
Chmod কমাণ্ডৰ সৈতে আমি এই বিকল্পবোৰ দিব পাৰোঁ— |
4:29 | -c : সলনি হোৱা ফাইলৰ তথ্য প্ৰিণ্ট কৰা। |
4:34 | -f : chmod যে সলনি কৰিব নোৱাৰি, সেইটো ব্যৱহাৰকাৰীক নজনাবা। |
4:41 | তলত দিয়া ধৰণৰ একচেচ বা অনুমতি আছে। |
4:44 | r: ৰিড
w: ৰাইট x: এক্সিকিউট s: ইউজাৰ (বা গ্ৰুপ) আই-ডি সজোৱা |
4:54 | বিকল্পৰূপে, আমি এটা তিনি অংক যুক্ত অক্টেল সংখ্যাৰে অনুমতি দৰ্শাব পাৰোঁ। |
5:00 | প্ৰথম অংকটোৱে গৰাকীৰ অনুমতি সূচায়, দ্বিতীয়টোৱে গ্ৰুপ অনুমতি আৰু তৃতীয়টোৱে অন্যৰ অনুমতি সূচায়। |
5:09 | তলৰ অক্টেল ভেলু যোগ দি অনুমতি কেলকুলেট কৰা হয়:
4 মানে ৰিড 2 মানে ৰাইট 1 মানে এক্সিকিউট |
5:20 | এতিয়া আমি chmod-অৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম। টাৰমিনেললৈ যাওক আৰু execute-by-user permission to file example1 যোগ কৰিবলৈ কমাণ্ড ভৰ্তি কৰক। |
5:30 | তাৰ আগতে মই আকৌ Clt+1 টিপি স্ক্ৰীনখন চাফা কৰি ল’ম। |
5:36 | এতিয়া টাইপ কৰোঁ— $ chmod space u+x space example1
এণ্টাৰ টিপক |
5:49 | এতিয়া টাইপ কৰক— $ ls space -l space example1
সলনি চাবলৈ এণ্টাৰ টিপক। |
6:01 | ইয়াত example1 ফাইলত গৰাকীৰ দ্বাৰা ৰিড/ৰাইট/এক্সিকিউট অনুমতি, গ্ৰুপৰ দ্বাৰা ৰিড/এক্সিকিউট অনুমতি আৰু অন্যৰ দ্বাৰা এক্সিকিউট-অনলি অনুমতি এচাইন কৰা দেখা পাব। |
6:15 | এতিয়া এই কমাণ্ডটো টাইপ কৰক— $ chmod space 751 space example1
এণ্টাৰ টিপক। |
6:26 | এতিয়া টাইপ কৰক—
$ ls space -l space example1 আৰু এণ্টাৰ টিপক। |
6:35 | ইয়াত আমি দেখা পাওঁ যে ওপৰৰ কমাণ্ডটোৱে example1 ফাইলত গৰাকীৰ দ্বাৰা ৰিড/ৰাইট/এক্সিকিউট অনুমতি, গ্ৰুপৰ দ্বাৰা ৰিড/এক্সিকিউট অনুমতি আৰু অন্যৰ দ্বাৰা এক্সিকিউট-অনলি অনুমতি এচাইন কৰিছে। |
6:52 | example1 ফাইলটোত সকলোৰে বাবে ৰিড-অনলি অনুমতি এচাইন কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক— $ chmod space =r space example1
আৰু এণ্টাৰ টিপক। |
7:08 | এতিয়া এই কমাণ্ডটো টাইপ কৰক— $ ls space -l space example1
এণ্টাৰ টিপক। |
7:19 | ইয়াত আমি দেখা পাম যে example1 ফাইলটোত সকলোৰে বাবে ৰিড-অনলি অনুমতি এচাইন হৈ গৈছে। |
7:30 | অনুমতি সমূহীয়াভাৱে সলনি কৰিবলৈ আৰু সকলোৰে বাবে ৰিড আৰু এক্সিকিউট একচেচ এচাইন কৰিবলৈ আৰু লগতে directory1 ডিৰেক্টৰীৰ গৰাকীৰ বাবে একচেচ ৰাইট কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক— |
7:44 | $ chmod space minus capital R space 755 space directory1
এণ্টাৰ টিপক। |
8:00 | এতিয়া টাইপ কৰক—
$ ls space -l সলনিবোৰ চাবলৈ এণ্টাৰ টিপক। |
8:09 | example2 ফাইলত ইউজাৰ এক্সিকিউট অনুমতি দিবলৈ এই কমাণ্ডটো টাইপ কৰক—
$ chmod space u+x space example2 এণ্টাৰ টিপক। |
8:27 | এতিয়া এই কমাণ্ডটো টাইপ কৰক—
$ ls space -l space example2 আৰু এণ্টাৰ টিপক। |
8:40 | ইয়াত আমি দেখা পাওঁ যে example2-ত ইউজাৰৰ বাবে এক্সিকিউট অনুমতি এচাইন হৈছে। |
8:50 | example3 ফাইলৰ বাবে গ্ৰুপ ৰাইট অনুমতি যোগ দিবলৈ এই কমাণ্ডটো টাইপ কৰক—
$ chmod space g+w space example3 এণ্টাৰ টিপক। |
9:10 | আৰু এতিয়া টাইপ কৰক—
$ ls space -l space example3 এণ্টাৰ টিপক। |
9:23 | ইয়াত আমি দেখা পাওঁ যে ৰাইট অনুমতি গ্ৰুপত যোগ হৈ গৈছে। |
9:30 | সকলো ধৰণৰ কমাণ্ডৰ বাবে ৰাইট অনুমতি গুচাই দিবলৈ—
$ chmod space a-w space example3 এণ্টাৰ টিপক |
9:45 | এতিয়া টাইপ কৰক—
$ ls space -l space example3 এণ্টাৰ টিপক |
9:55 | ইয়াত আমি দেখা পাওঁ যে সকলোৰে বাবে ৰাইট অনুমতি নাইকিয়া হৈ গৈছে। |
10:02 | এক বা ততোধিক ফাইলৰ গ্ৰুপ newgroup-লৈ সলনি কৰিবলৈ chgrp কমাণ্ড ব্যৱহাৰ কৰা হয়। |
10:10 | Newgroup হৈছে হয় এটা গ্ৰুপ আই-ডি নাম্বাৰ অথবা /etc/group-অত থকা এটা গ্ৰুপৰ নাম। |
10:20 | কেৱল ফাইলৰ গৰাকী অথবা অনুমতিপ্ৰাপ্ত ব্যৱহাৰকাৰীয়েহে গ্ৰুপ সলনি কৰিব পাৰে। |
10:26 | chgrp কমাণ্ডৰ চিনটেক্স হৈছে—
chgrp space [options] space newgroup space files. |
10:36 | টাৰমিনেললৈ যোৱা যাওক। এতিয়া আমি chgrp কমাণ্ডৰ কিছুমান উদাহৰণ চাম।
এই কমাণ্ডটো টাইপ কৰক— $ ls space -l space example4 এণ্টাৰ টিপক। |
10:57 | আমি দেখা পাওঁ যে গ্ৰুপ অনুমতি ব্যৱহাৰকাৰী shahid-অৰ বাবে আছে। |
11:03 | গ্ৰুপ অনুমতি সলনি কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক— $ sudo space chgrp space rohit space example4 |
11:20 | এণ্টাৰ টিপক।
যদি দৰকাৰ হয়, sudo পাছৱৰ্ড ভৰাওক। |
11:27 | এতিয়া এই কমাণ্ডটো টাইপ কৰক— $ ls space -l space example4
এণ্টাৰ টিপক। |
11:38 | ইয়াত আমি দেখা পাওঁ যে গ্ৰুপটো shahid-অৰ পৰা rohit-অলৈ সলনি হ’ল। |
11:46 | নাম্বাৰ হৈছে ডিভাইচৰ বাবে এচাইন কৰা এটা একক পূৰ্ণসংখ্যা। |
11:51 | Inode-এ এটা সাধাৰণ ফাইল বা ডিৰেক্টৰী সম্পৰ্কীয় প্ৰাথমিক তথ্য সংৰক্ষণ কৰে। |
11:57 | সকলোবোৰ ফাইল inode-অৰ হাৰ্ড লিংক হৈ থাকে। |
12:00 | যেতিয়া কোনো এটা প্ৰগ্ৰামে এটা ফাইলক ইয়াৰ নামেৰে সৈতে সূচায়, তেতিয়া চিষ্টেমে আচলতে সম্পৰ্কিত inode বিচাৰিবলৈ ফাইলৰ নামটো ব্যৱহাৰ কৰে। |
12:12 | এটা ফাইলৰ inode নাম্বাৰ চাবলৈ আমি ls space –i কমাণ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। |
12:19 | এই কমাণ্ডটো টাইপ কৰক— $ ls space -i space example5
এণ্টাৰ টিপক। |
12:29 | আগত লিখিত সংখাটোৱেই ফাইলটোৰ inode নাম্বাৰ। |
12:35 | Inodes এটা সময়ত এটা ডিৰেক্টৰীৰ সৈতে বিশুদ্ধকৈ যুক্ত হৈ থাকে। |
12:41 | এটা চিংগল inode-অৰ সৈতে মাল্টিপল ডিৰেক্টৰী এণ্ট্ৰি যুক্ত কৰিবলৈ হাৰ্ড লিংকচ ব্যৱহাৰ কৰা হয়।
লিংক তৈয়াৰ কৰা কমাণ্ড হৈছে ln। |
12:52 | হাৰ্ড লিংক তৈয়াৰ কৰা ln কমাণ্ডৰ চিনটেক্স হৈছে— |
12:57 | ln space source space link, য’ত, source হৈছে এটা ইতিমধ্যেই থকা ফাইল আৰু link হৈছে তৈয়াৰ কৰিব খোজা ফাইলটো। |
13:06 | এতিয়া আমি হাৰ্ড লিংকৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম। |
13:10 | স্ক্ৰীনখন মই আকৌ চাফা কৰি ল’ম। এতিয়া এই কমাণ্ডটো টাইপ কৰক—
$ ln space example1 space exampleln এণ্টাৰ টিপক। |
13:25 | দুয়োটা ফাইলৰে inode নাম্বাৰ দেখুৱাবলৈ এই কমাণ্ডটো টাইপ কৰক—
$ ls space -i space example1 space exampleln এণ্টাৰ টিপক। |
13:41 | ইয়াত আমি দেখা পাওঁ যে দুয়োটা ফাইলৰে inode নাম্বাৰ একেই। exampleln হৈছে example1 ফাইলৰ হাৰ্ড লিংক। |
13:54 | Soft link symbolic link হৈছে এটা এটা বিশেষ ধৰণৰ ফাইল, যিটোৱে এটা প্ৰকৃত বা আপেক্ষিক পাথৰ ৰূপত অন্য এটা ফাইল বা ডিৰেক্টৰীলৈ এটা ৰেফাৰেন্স বহন কৰে। |
14:07 | soft link তৈয়াৰ কৰা ln কমাণ্ডৰ চিনটেক্স হৈছে— |
14:12 | ln space -s space {target-filename} space {symbolic-filename} |
14:19 | এতিয়া আমি soft link-অৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম। |
14:25 | soft link তৈয়াৰ কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক—
$ ln space -s space example1 space examplesoft |
14:40 | এণ্টাৰ টিপক। |
14:43 | এতিয়া, inode নাম্বাৰ আৰু দুয়োটা ফাইলৰ তালিকা দেখুৱাবলৈ এই কমাণ্ডটো টাইপ কৰক—
$ ls space -li space example1 space examplesoft |
15:01 | এণ্টাৰ টিপক। |
15:03 | ইয়াত আমি দেখা পাওঁ যে দুয়োটা ফাইলৰ inode নাম্বাৰ বেলেগ বেলেগ আৰু examplesoft হৈছে example1-অৰ এটা soft link। |
15:16 | গতিকে এই প্ৰশিক্ষণত আমি লিনাক্স ফাইল এট্ৰিবিউট, যেনে এটা ফাইলৰ অনুমতি, গৰাকীস্বত্ত্ব আৰু গ্ৰুপ সলনি কৰাৰ বিষয়ে শিকিলো। |
15:26 | ইয়াৰ উপৰি আমি ফাইলৰ inode, soft link আৰু hard link-অৰ বিষয়েও শিকিলো। |
15:31 | ইয়াতে আমাৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে। |
15:35 | স্পকেন টিউটৰিয়েল হৈছে Talk to a Teacher প্ৰকল্পৰ এটা অংশ। ইয়াত National Mission on Education through ICT-এ সহায়তা আগবঢ়াইছে। |
15:44 | এই বিষয়ে তলৰ লিংকত বিস্তাৰিতভাৱে পোৱা যায়। |
15:50 | এই পাঠ আগবঢ়ালে ................ (অনুবাদকৰ নাম)আৰু এয়া হৈছে ........... (ৰেকৰ্ডাৰৰ নাম)। যোগদানৰ বাবে ধন্যবাদ। |