Linux/C2/File-Attributes/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিনাক্স ফাইল এট্ৰিবিউটচ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ।
00:05 এই টিউটৰিয়েলৰ বাবে example1, example2, example3, example4, example5 আৰু testchown নামৰ খালী ফাইল আগতীয়াকৈ তৈয়াৰ কৰি ল’ব লাগিব।
00:18 অনুগ্ৰহ কৰি test_chown আৰু directory1 নামৰ খালী ডিৰেক্টৰী তৈয়াৰ কৰি লওক।
00:25 ফাইল এট্ৰিবিউট হৈছে কম্পিউটাৰ ফাইলৰ সৈতে যুক্ত হৈ থকা বা কম্পিউটাৰ ফাইলক বৰ্ণনা কৰা মেটাডাটা।
00:33 ফাইল এট্ৰ্ৰিবিউট হৈছে এটা ফাইলৰ গৰাকী, ফাইলৰ ধৰণ, একচেচ অনুমতি আদি বৰ্ণনা কৰা বৈশিষ্ট্য।
00:45 c-h own কমাণ্ড এটা ফাইল বা ডিৰেক্টৰীৰ গৰাকীস্বত্ত্ব সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো হৈছে এডমিন কমাণ্ড, ৰুট ইউজাৰে ফাইল বা ডিৰেক্টৰীৰ কেৱল গৰাকীহে সলনি কৰিব পাৰে।
01:00 chown কমাণ্ডৰ চিনটেক্স হৈছে chown space options space ownername space filename or directoryname
01:13 chown কমাণ্ডৰ সৈতে আমি এই বিকল্পবোৰ দিব পাৰো
01:18 -R : আপুনি বৰ্তমানে থকা ডিৰেক্টৰীৰ চাবডিৰেক্টৰীসমূহত থকা ফাইলৰ অনুমতি সলনি কৰিবলৈ।
01:28 -c : প্ৰত্যেকটো ফাইলৰ অনুমতি সলনি কৰিবলৈ।
01:33 -f: ch own-অক ইৰৰ মেচেজ দেখুওৱাত বাধা দিয়ে।
01:37 এতিয়া আমি কেইটামান উদাহৰণ লক্ষ্য কৰিম।
01:40 টাৰমিনেললৈ যাওক। আমি খালী ফাইল আৰু ফল্ডাৰ তৈয়াৰ কৰি থোৱা ডিৰেক্টৰীলৈ যাম। তাৰ কাৰণে cd space Desktop slash file attribute কৰি এণ্টাৰ টিপক।
01:56 এতিয়া এই কমাণ্ডটো টাইপ কৰক

$ ls space -l space testchown, মানে t-e-s-t-c-h-o-w-n আৰু এণ্টাৰ টিপক।

02:11 ইয়াত আমি ফাইলৰ গৰাকী shahid বুলি দেখা পাইছোঁ।
02:18 ফাইলটোৰ গৰাকী সলনি কৰিবলৈ এই কমাণ্ড টাইপ কৰক

$ sudo space c-h own space anusha, মানে a-n-u-s-h-a space testchown, মানে t-e-s-t-c-h-o-w-n এণ্টাৰ টিপক।

02:36 sudo পাছবৰ্ড ভৰাওক আৰু আকৌ এণ্টাৰ টিপক। এণ্টাৰ টিপক।
02:44 এতিয়া টাইপ কৰক- $ ls space -l space t-e-s-t-c-h-o-w-n আৰু এণ্টাৰ টিপক। এতিয়া আমি দেখা পাওঁ যে ফাইলটোৰ নতুন গৰাকী হ’ল anusha।
03:03 এতিয়া আমি ডিৰেক্টৰীৰ গৰাকী কেনেকৈ সলনি কৰিব পাৰি সেয়া চাম।
03:07 $ ls –l কমাণ্ডটো টাইপ কৰি এণ্টাৰ টিপক। ইয়াত আমি ‘test_chown’ ডিৰেক্টৰীৰ গৰাকী shahid বুলি দেখা পাওঁ।
03:21 ডিৰেক্টৰীটোৰ গৰাকী সলনি কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক
03:26 sudo space chown space minus capital R space a-n-u-s-h-a anusha spacetest_chown, যিটো হৈছে ডিৰেক্টৰীৰ নাম, আৰু এণ্টাৰ টিপক।
03:44 Sudo পাছৱৰ্ড ভৰাওক, এইটো কৰা দৰকাৰী, এতিয়া আকৌ এণ্টাৰ টিপক।
03:49 আমাৰ সুবিধাৰ বাবে মই Clt+L টিপি স্ক্ৰীনখন চাফা কৰি ল’ম। এতিয়া $ ls space –l টাইপ কৰি এণ্টাৰ টিপক। এতিয়া আমি দেখা পাওঁ যে ডিৰেক্টৰীটোৰ নতুন গৰাকী হ’ল anusha।
04:06 এক বা ততোধিক ফাইলৰ একচেচ মোড বা অনুমতি সলনি কৰিবলৈ chmod কমাণ্ড ব্যৱহাৰ কৰা হয়।
04:13 chmod কমাণ্ডৰ চিনটেক্স হৈছে— chmod space [options] space mode space filename space chmod space [options] space filename

Chmod কমাণ্ডৰ সৈতে আমি এই বিকল্পবোৰ দিব পাৰোঁ—

04:29 -c : সলনি হোৱা ফাইলৰ তথ্য প্ৰিণ্ট কৰা।
04:34 -f : chmod যে সলনি কৰিব নোৱাৰি, সেইটো ব্যৱহাৰকাৰীক নজনাবা।
04:41 তলত দিয়া ধৰণৰ একচেচ বা অনুমতি আছে।
04:44 r: ৰিড

w: ৰাইট x: এক্সিকিউট s: ইউজাৰ (বা গ্ৰুপ) আই-ডি সজোৱা

04:54 বিকল্পৰূপে, আমি এটা তিনি অংক যুক্ত অক্টেল সংখ্যাৰে অনুমতি দৰ্শাব পাৰোঁ।
05:00 প্ৰথম অংকটোৱে গৰাকীৰ অনুমতি সূচায়, দ্বিতীয়টোৱে গ্ৰুপ অনুমতি আৰু তৃতীয়টোৱে অন্যৰ অনুমতি সূচায়।
05:09 তলৰ অক্টেল ভেলু যোগ দি অনুমতি কেলকুলেট কৰা হয়:

4 মানে ৰিড 2 মানে ৰাইট 1 মানে এক্সিকিউট

05:20 এতিয়া আমি chmod-অৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম। টাৰমিনেললৈ যাওক আৰু execute-by-user permission to file example1 যোগ কৰিবলৈ কমাণ্ড ভৰ্তি কৰক।
05:30 তাৰ আগতে মই আকৌ Clt+1 টিপি স্ক্ৰীনখন চাফা কৰি ল’ম।
05:36 এতিয়া টাইপ কৰোঁ— $ chmod space u+x space example1

এণ্টাৰ টিপক

05:49 এতিয়া টাইপ কৰক— $ ls space -l space example1

সলনি চাবলৈ এণ্টাৰ টিপক।

06:01 ইয়াত example1 ফাইলত গৰাকীৰ দ্বাৰা ৰিড/ৰাইট/এক্সিকিউট অনুমতি, গ্ৰুপৰ দ্বাৰা ৰিড/এক্সিকিউট অনুমতি আৰু অন্যৰ দ্বাৰা এক্সিকিউট-অনলি অনুমতি এচাইন কৰা দেখা পাব।
06:15 এতিয়া এই কমাণ্ডটো টাইপ কৰক— $ chmod space 751 space example1

এণ্টাৰ টিপক।

06:26 এতিয়া টাইপ কৰক—

$ ls space -l space example1 আৰু এণ্টাৰ টিপক।

06:35 ইয়াত আমি দেখা পাওঁ যে ওপৰৰ কমাণ্ডটোৱে example1 ফাইলত গৰাকীৰ দ্বাৰা ৰিড/ৰাইট/এক্সিকিউট অনুমতি, গ্ৰুপৰ দ্বাৰা ৰিড/এক্সিকিউট অনুমতি আৰু অন্যৰ দ্বাৰা এক্সিকিউট-অনলি অনুমতি এচাইন কৰিছে।
06:52 example1 ফাইলটোত সকলোৰে বাবে ৰিড-অনলি অনুমতি এচাইন কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক— $ chmod space =r space example1

আৰু এণ্টাৰ টিপক।

07:08 এতিয়া এই কমাণ্ডটো টাইপ কৰক— $ ls space -l space example1

এণ্টাৰ টিপক।

07:19 ইয়াত আমি দেখা পাম যে example1 ফাইলটোত সকলোৰে বাবে ৰিড-অনলি অনুমতি এচাইন হৈ গৈছে।
07:30 অনুমতি সমূহীয়াভাৱে সলনি কৰিবলৈ আৰু সকলোৰে বাবে ৰিড আৰু এক্সিকিউট একচেচ এচাইন কৰিবলৈ আৰু লগতে directory1 ডিৰেক্টৰীৰ গৰাকীৰ বাবে একচেচ ৰাইট কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক—
07:44 $ chmod space minus capital R space 755 space directory1

এণ্টাৰ টিপক।

08:00 এতিয়া টাইপ কৰক—

$ ls space -l সলনিবোৰ চাবলৈ এণ্টাৰ টিপক।

08:09 example2 ফাইলত ইউজাৰ এক্সিকিউট অনুমতি দিবলৈ এই কমাণ্ডটো টাইপ কৰক—

$ chmod space u+x space example2 এণ্টাৰ টিপক।

08:27 এতিয়া এই কমাণ্ডটো টাইপ কৰক—

$ ls space -l space example2 আৰু এণ্টাৰ টিপক।

08:40 ইয়াত আমি দেখা পাওঁ যে example2-ত ইউজাৰৰ বাবে এক্সিকিউট অনুমতি এচাইন হৈছে।
08:50 example3 ফাইলৰ বাবে গ্ৰুপ ৰাইট অনুমতি যোগ দিবলৈ এই কমাণ্ডটো টাইপ কৰক—

$ chmod space g+w space example3 এণ্টাৰ টিপক।

09:10 আৰু এতিয়া টাইপ কৰক—

$ ls space -l space example3 এণ্টাৰ টিপক।

09:23 ইয়াত আমি দেখা পাওঁ যে ৰাইট অনুমতি গ্ৰুপত যোগ হৈ গৈছে।
09:30 সকলো ধৰণৰ কমাণ্ডৰ বাবে ৰাইট অনুমতি গুচাই দিবলৈ—

$ chmod space a-w space example3 এণ্টাৰ টিপক

09:45 এতিয়া টাইপ কৰক—

$ ls space -l space example3 এণ্টাৰ টিপক

09:55 ইয়াত আমি দেখা পাওঁ যে সকলোৰে বাবে ৰাইট অনুমতি নাইকিয়া হৈ গৈছে।
10:02 এক বা ততোধিক ফাইলৰ গ্ৰুপ newgroup-লৈ সলনি কৰিবলৈ chgrp কমাণ্ড ব্যৱহাৰ কৰা হয়।
10:10 Newgroup হৈছে হয় এটা গ্ৰুপ আই-ডি নাম্বাৰ অথবা /etc/group-অত থকা এটা গ্ৰুপৰ নাম।
10:20 কেৱল ফাইলৰ গৰাকী অথবা অনুমতিপ্ৰাপ্ত ব্যৱহাৰকাৰীয়েহে গ্ৰুপ সলনি কৰিব পাৰে।
10:26 chgrp কমাণ্ডৰ চিনটেক্স হৈছে—

chgrp space [options] space newgroup space files.

10:36 টাৰমিনেললৈ যোৱা যাওক। এতিয়া আমি chgrp কমাণ্ডৰ কিছুমান উদাহৰণ চাম।

এই কমাণ্ডটো টাইপ কৰক— $ ls space -l space example4 এণ্টাৰ টিপক।

10:57 আমি দেখা পাওঁ যে গ্ৰুপ অনুমতি ব্যৱহাৰকাৰী shahid-অৰ বাবে আছে।
11:03 গ্ৰুপ অনুমতি সলনি কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক— $ sudo space chgrp space rohit space example4
11:20 এণ্টাৰ টিপক।

যদি দৰকাৰ হয়, sudo পাছৱৰ্ড ভৰাওক।

11:27 এতিয়া এই কমাণ্ডটো টাইপ কৰক— $ ls space -l space example4

এণ্টাৰ টিপক।

11:38 ইয়াত আমি দেখা পাওঁ যে গ্ৰুপটো shahid-অৰ পৰা rohit-অলৈ সলনি হ’ল।
11:46 নাম্বাৰ হৈছে ডিভাইচৰ বাবে এচাইন কৰা এটা একক পূৰ্ণসংখ্যা।
11:51 Inode-এ এটা সাধাৰণ ফাইল বা ডিৰেক্টৰী সম্পৰ্কীয় প্ৰাথমিক তথ্য সংৰক্ষণ কৰে।
11:57 সকলোবোৰ ফাইল inode-অৰ হাৰ্ড লিংক হৈ থাকে।
12:00 যেতিয়া কোনো এটা প্ৰগ্ৰামে এটা ফাইলক ইয়াৰ নামেৰে সৈতে সূচায়, তেতিয়া চিষ্টেমে আচলতে সম্পৰ্কিত inode বিচাৰিবলৈ ফাইলৰ নামটো ব্যৱহাৰ কৰে।
12:12 এটা ফাইলৰ inode নাম্বাৰ চাবলৈ আমি ls space –i কমাণ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ।
12:19 এই কমাণ্ডটো টাইপ কৰক— $ ls space -i space example5

এণ্টাৰ টিপক।

12:29 আগত লিখিত সংখাটোৱেই ফাইলটোৰ inode নাম্বাৰ।
12:35 Inodes এটা সময়ত এটা ডিৰেক্টৰীৰ সৈতে বিশুদ্ধকৈ যুক্ত হৈ থাকে।
12:41 এটা চিংগল inode-অৰ সৈতে মাল্টিপল ডিৰেক্টৰী এণ্ট্ৰি যুক্ত কৰিবলৈ হাৰ্ড লিংকচ ব্যৱহাৰ কৰা হয়।

লিংক তৈয়াৰ কৰা কমাণ্ড হৈছে ln।

12:52 হাৰ্ড লিংক তৈয়াৰ কৰা ln কমাণ্ডৰ চিনটেক্স হৈছে—
12:57 ln space source space link, য’ত, source হৈছে এটা ইতিমধ্যেই থকা ফাইল আৰু link হৈছে তৈয়াৰ কৰিব খোজা ফাইলটো।
13:06 এতিয়া আমি হাৰ্ড লিংকৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম।
13:10 স্ক্ৰীনখন মই আকৌ চাফা কৰি ল’ম। এতিয়া এই কমাণ্ডটো টাইপ কৰক—

$ ln space example1 space exampleln এণ্টাৰ টিপক।

13:25 দুয়োটা ফাইলৰে inode নাম্বাৰ দেখুৱাবলৈ এই কমাণ্ডটো টাইপ কৰক—

$ ls space -i space example1 space exampleln এণ্টাৰ টিপক।

13:41 ইয়াত আমি দেখা পাওঁ যে দুয়োটা ফাইলৰে inode নাম্বাৰ একেই। exampleln হৈছে example1 ফাইলৰ হাৰ্ড লিংক।
13:54 Soft link symbolic link হৈছে এটা এটা বিশেষ ধৰণৰ ফাইল, যিটোৱে এটা প্ৰকৃত বা আপেক্ষিক পাথৰ ৰূপত অন্য এটা ফাইল বা ডিৰেক্টৰীলৈ এটা ৰেফাৰেন্স বহন কৰে।
14:07 soft link তৈয়াৰ কৰা ln কমাণ্ডৰ চিনটেক্স হৈছে—
14:12 ln space -s space {target-filename} space {symbolic-filename}
14:19 এতিয়া আমি soft link-অৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম।
14:25 soft link তৈয়াৰ কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক—

$ ln space -s space example1 space examplesoft

14:40 এণ্টাৰ টিপক।
14:43 এতিয়া, inode নাম্বাৰ আৰু দুয়োটা ফাইলৰ তালিকা দেখুৱাবলৈ এই কমাণ্ডটো টাইপ কৰক—

$ ls space -li space example1 space examplesoft

15:01 এণ্টাৰ টিপক।
15:03 ইয়াত আমি দেখা পাওঁ যে দুয়োটা ফাইলৰ inode নাম্বাৰ বেলেগ বেলেগ আৰু examplesoft হৈছে example1-অৰ এটা soft link।
15:16 গতিকে এই প্ৰশিক্ষণত আমি লিনাক্স ফাইল এট্ৰিবিউট, যেনে এটা ফাইলৰ অনুমতি, গৰাকীস্বত্ত্ব আৰু গ্ৰুপ সলনি কৰাৰ বিষয়ে শিকিলো।
15:26 ইয়াৰ উপৰি আমি ফাইলৰ inode, soft link আৰু hard link-অৰ বিষয়েও শিকিলো।
15:31 ইয়াতে আমাৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে।
15:35 স্পকেন টিউটৰিয়েল হৈছে Talk to a Teacher প্ৰকল্পৰ এটা অংশ। ইয়াত National Mission on Education through ICT-এ সহায়তা আগবঢ়াইছে।
15:44 এই বিষয়ে তলৰ লিংকত বিস্তাৰিতভাৱে পোৱা যায়।
15:50 এই পাঠ আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামী আৰু এয়া হৈছে মৌচুমি মেধী। যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya