Ubuntu-Linux-on-Virtual-Box/C2/Installing-VirtualBox-in-Windows-OS/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | উইন্দ’জ অপাৰেতিং চিষ্টেমত (Windows Operating System) ভাৰচুৱেল বক্স ইনষ্টল (Installing VirtualBox) কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলটোত, আমি ভাৰচুৱেল বক্স (VirtualBox) দাউনল’দ কৰিবলৈ আৰু উইন্দ’জ OSত ইনষ্টল কৰিবলৈ শিকিম |
| 00:18 | এই টিউট’ৰিয়েলটো উইন্দ’জ OS ভাৰ্চন 10, |
| 00:24 | ভাৰচুৱেল বক্স (VirtualBox) ভাৰ্চন 5.2.18, |
| 00:29 | ফায়াৰফক্স (Firefox) ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰি ৰেকৰ্দ কৰা হৈছে |
| 00:32 | তথাপি, আপুনি নিজৰ পচন্দৰ অন্য ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 00:38 | আৰম্ভ কৰাৰ আগতে, আপুনি ইন্টাৰনেটৰ (Internet) সৈতে সংযুক্ত হৈ থকাতো নিশ্বিত কৰক |
| 00:44 | ভাৰচুৱেল বক্স (VirtualBox) কি হয়?
ভাৰচুৱেল বক্স (VirtualBox) হৈছে ভাৰচুৱেলাইযেচনৰ (Virtualization) বাবে এটা ফ্ৰি আৰু অ’পেন চৌৰ্চ চফতৱেৰ (open source software) |
| 00:52 | ই আমাক base machine i.e. (host)ত বহুতো OS ইনষ্টল আৰু ব্যৱ্হাৰ কৰিবলৈ অনুমতি দিয়ে |
| 01:00 | base machine টো Windows, Linux বা MacOS হ’ব পাৰে |
| 01:07 | ভাৰচুৱেল বক্সত (VirtualBox) OS ইনষ্টল কৰিবলৈ, base machineত তলৰ কনফিগুৰেচন থাকিব লাগিব |
| 01:15 | i3 processor বা অধিক, |
| 01:19 | RAM 4GB বা অধিক, |
| 01:23 | Hard diskত ফ্ৰি স্পেচ 50GB বা অধিক আৰু ভাৰচুৱেলাইযেচন (Virtualization ) BIOSত এনাব’ল হ’ব লাগিব |
| 01:34 | ই ভাৰচুৱেল বক্সএ (VirtualBox) সহজে কাম কৰাক নিশ্বিত কৰিব |
| 01:40 | যদি base machineত Windows OS আছে, তেন্তে ই তলৰ ভাৰ্চন সমূহৰ এটা হ’ব লাগিব: |
| 01:47 | Windows 7, |
| 01:49 | Windows 8 বা Windows 10 |
| 01:53 | আহক ইনষ্টল কৰিবলৈ আৰম্ভ কৰো |
| 01:56 | ভাৰচুৱেল বক্সৰ (VirtualBox) নতুন ভাৰ্চন দাউনল’দ কৰিবলৈ, ওৱেব ব্ৰাউজাৰত তলৰ লিংকটোলৈ যাওঁক
www dot virtualbox dot org slash wiki slash Downloads |
| 02:14 | মই মোৰ মেচিনত ইতিমধ্যে ফায়াৰফক্স (Firefox) ওৱেব ব্ৰাউজাৰত এই url টো খুলি থৈছো |
| 02:21 | এই পৃষ্ঠাটোৱে বিভিন্ন হ’ষ্টৰ (hosts) বাবে ভাৰচুৱেল বক্সৰ নতুন ভাৰ্চন দাউনল’দ কৰাৰ লিংক দৰ্শাইছে |
| 02:30 | এই ৰেকৰ্দিঙৰ সময়ত, ভাৰচুৱেল বক্সৰ নতুন ভাৰ্চনটো হৈছে 5.2.18 |
| 02:39 | ই বেলেগ হ’ব পাৰে যেতিয়া আপুনি এই টিউট’ৰিয়েলটো ভবিষ্যতত চাব |
| 02:44 | এতিয়া Windows hosts লিংকত ক্লিক কৰক |
| 02:48 | ই Windows OSৰ বাবে ভাৰচুৱেল বক্স দাউনল’দ কৰিব |
| 02:53 | আপোনাৰ ইন্টাৰনেত স্পিদ অনুসৰি দাউনল’দটোৱে কিছু সময় ল’ব পাৰে |
| 02:58 | গুৰুত্বপূৰ্ণ ন’ত: ভাৰচুৱেল বক্স ইনষ্টল কৰাৰ আগতে, আমাৰ মেচিনত ভাৰচুৱেলাইজেচন এনাব’ল হৈ থকাটো নিশ্বিত কৰিব লাগিব |
| 03:08 | আহক Windows 8 বা 10 machine ত ভাৰচুৱেলাইজেচন এনাব’ল হৈ আছে নে নাই চাওঁ |
| 03:16 | উইন্দ’ৰ তলত বাওঁফালে Taskbarলৈ যাওঁক । ৰাইত-ক্লিক কৰক আৰু Task Managerক চিলেক্ত কৰক |
| 03:25 | Task manager উইন্দ’ খোল খাইছে |
| 03:29 | যদি আপুনি ইয়াক প্ৰথম বাৰ খুলিছে, এই উইন্দ’ৰ তলত More details ত ক্লিক কৰক । তাৰপাছত Performance টেবত ক্লিক কৰক |
| 03:40 | Performance টেবত, তলত সোফালে, ভাৰচুৱেলাইজেচনলৈ যাওঁক |
| 03:46 | ই আমাক ক’ব যে ভাৰচুৱেলাইজেচন আমাৰ মেচিনত এনাব’ল হৈ আছে নে নাই |
| 03:53 | যদি ই এনাব’ল নাই, অনুগ্ৰহ কৰি ইয়াক BIOS চেতিংগচত এনাব’ল কৰক |
| 03:59 | যিহেতু BIOS চেতিংগচ বেলেগ বেলেগ কম্পিউটাৰত ভিন্ন হয়, আমি ইয়াৰ এটা দেম’ (demo) দেখুৱাব নোৱাৰো |
| 04:06 | যদি আপুনি এজন কাৰিকৰি লোক নহয়, অনুগ্ৰহ কৰি ইয়াক এজন System Administrator ৰ সহায়ত কৰক |
| 04:13 | যদি BIOS ত ভাৰচুৱেলাইজেচন অপচনটো উপলদ্ধ নহয়, তেন্তে আমি সেই মেচিনত ভাৰচুৱেল বক্স ইনষ্টল কৰিব নোৱাৰো |
| 04:22 | মোৰ ক্ষেত্ৰত, ই ইতিমধ্যে এনাব’ল হৈ আছে |
| 04:26 | এতিয়া, ওপৰত সোফালে চুকত x আইকনত ক্লিক কৰি Taskbar টো বন্ধ কৰক |
| 04:33 | আহক ভাৰচুৱেল বক্স ইনষ্টল কৰো |
| 04:37 | VirtualBox.exe ফাইলটো দাউনল’দ হোৱা ফ’ল্দাৰটোলৈ যাওঁক |
| 04:43 | এতিয়া ফাইলটোত ৰাইত-ক্লিক কৰক আৰু Run as Administrator চিলেক্ত কৰক |
| 04:49 | প্ৰদৰ্শিত হোৱা User Account Control দাইল’গ বক্সটোত, Yes ত ক্লিক কৰক |
| 04:56 | ওৱেলকাম বাৰ্তাৰ সৈতে Oracle VM VirtualBox 5.2.18 Setup উইন্দ’ আহিছে |
| 05:06 | আগ বাহিবলৈ উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক |
| 05:12 | পাছৰ স্ক্ৰিন (screen) হৈছে Custom Setup |
| 05:16 | যদি আমি ইনষ্টল হোৱাৰ স্থানক সলাব বিচাৰো, তেন্তে আমি কৰিব পাৰো |
| 05:22 | Browse বুটামত ক্লিক কৰক আৰু ইনষ্টল কৰাৰ উপযুক্ত স্থানক বাচক |
| 05:29 | মই ইয়াক বাদ দিম, যিহেতু মই ইয়াক দিফল্ট স্থানত ইনষ্টল কৰাক পচন্দ কৰো |
| 05:35 | আগ বাহিবলৈ উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক |
| 05:40 | পাছৰ Custom Setup স্ক্ৰিনত, আমি নিজৰ আবশ্যকতাৰ ওপৰত ভিত্তি কৰি কিছু বৈশিষ্ট্য নিৰ্বাচিত কৰিব পাৰো ।
দিফল্ট ভাবে, সকলো অপচন নিৰ্বাচিত হ’ব |
| 05:52 | উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক |
| 05:56 | পাছৰ উইন্দ’এ Networkৰ বিষয়ে কিছু সাবধানী বাৰ্তা দেখুৱায় |
| 06:01 | এই বাৰ্তাটোৱে কয় যে ইনষ্টল হোৱাৰ সময়ত Internet অস্থায়ীভাবে বন্ধ হ’ব |
| 06:09 | উইন্দ’ৰ তলত Yes বুটামত ক্লিক কৰক |
| 06:13 | এতিয়া আমাক Ready to Install স্ক্ৰিনলৈ ৰিদাইৰেক্ত কৰা হ’ল |
| 06:18 | ইনষ্টলেচন আৰম্ভ হ’বলৈ Install বুটামত ক্লিক কৰক |
| 06:22 | ইনষ্টলেচনটোৱে কিছু সময় ল’ব পাৰে |
| 06:25 | আপুনি Windows Security নামৰ প’প-আপ উইন্দ’ এখন পাব পাৰে |
| 06:30 | ই সোধে যে আমি চফতৱেৰটো ইনষ্টল কৰিব বিচাৰোনে । Install বুটামত ক্লিক কৰক |
| 06:39 | সম্পূৰ্ণ হোৱাৰ পাছত, আমি “Oracle VM VirtualBox installation is complete” বাৰ্তাটো দেখিছো |
| 06:47 | এই স্ক্ৰিনত, ইয়াত এটা “Start Oracle VM VirtualBox after installation” অপচন আছে ।
দিফল্টভাবে, ই নিৰ্বাচিত হ’ব |
| 06:58 | মই লগে লগে VM আৰম্ভ কৰিব নিবিচাৰো, গতিকে মই ইয়াক অনিৰ্বাচিত কৰিম |
| 07:03 | শেষত, Finish বুটামত ক্লিক কৰক |
| 07:08 | এতিয়া, Desktopত, আমি ভাৰচুৱেল বক্সৰ shortcut icon টো দেখিছো |
| 07:16 | এপ্লিকেচনটো আৰম্ভ কৰিবলৈ ভাৰচুৱেল বক্স আইকনত দুবাৰ ক্লিক কৰক |
| 07:21 | ভাৰচুৱেল বক্স এপ্লিকেচনটো খোল খাইছে । ই সূচায় যে ইনষ্টলেচনটো সফল হৈছে |
| 07:28 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 07:34 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: ভাৰচুৱেলাইজেচনটো এনাব’ল হয়নে চাবলৈ আৰু |
| 07:41 | Windows 10 ৰ মেচিন এটাত ভাৰচুৱেল বক্স দাউনল’দ আৰু ইনষ্টল কৰিবলৈ |
| 07:46 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 07:54 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে |
| 08:02 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 08:06 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?
অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
| 08:12 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 08:23 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম (Spoken Tutorial forum) হৈছে এই টিউট’ৰিয়েলটোৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
| 08:29 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
| 08:34 | ইয়াৰ দ্বাৰা অব্যৱ্স্থা কমোৱাত সহায় হ’ব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষণ সামগ্ৰীৰ ৰূপত ব্যৱ্হাৰ কৰিব পাৰিম |
| 08:43 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 08:55 | এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত আৰু ভিদিঅ’ NVLI আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |