QGIS/C2/Raster-Data-Styling/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | QGIS ত Raster Data Styling ৰ টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম , কন্তিনিৱাচ raster এটাক ষ্টাইল কৰিবলৈ, |
00:13 | Raster Calculator ত সমীকৰণ এটা লিখিবলৈ |
00:17 | raster প্ৰপাৰতিচৰ বিষয়ে |
00:20 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, |
00:28 | QGIS ভাৰ্চন 2.18 |
00:32 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS ইন্তাৰফেচৰ সৈতে পৰিচিত হ’ব লাগিব |
00:38 | সংগত টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব |
00:43 | প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰক |
00:49 | দাউনল’দ কৰা জিপ ফাইলৰ উপাদানখিনি এক্সত্ৰেক্ত কৰক আৰু ইয়াক ফ’ল্দাৰ এটাত ছেভ কৰক |
00:56 | এইটো হৈছে মোৰ Code files ফ’ল্দাৰ |
00:59 | দুবাৰ ক্লিক কৰক ফ’ল্দাৰটো খুলিবলৈ |
01:02 | এই ফ’ল্দাৰটোত আপুনি পাব Population Density grid files সম্পূৰ্ণ পৃথিবীৰ বাবে, বছৰ 2000 আৰু 1990 ৰ বাবে |
01:12 | তাত দুটা ফাইল আছে ASCII ফৰ্মেতত, with .asc file extension ৰ সৈতে |
01:20 | আহক এই ফাইলচক QGIS ত খুলো |
01:24 | Code files ফ’ল্দাৰক বন্ধ কৰক |
01:27 | ইয়াত মই QGIS ইন্তাৰফেচ খুলিছো । Layer মেনুত ক্লিক কৰক |
01:34 | দ্ৰপ-দাউনৰ পৰা বাচক Add Layer |
01:38 | চাব-মেনুৰ পৰা, বাচক Add Raster Layer |
01:43 | দাইল’গ-বক্স এটা আহিছে । মই Desktop ত থকা Code file ফ’ল্দাৰলৈ যাম |
01:52 | .asc file extension ৰ সৈতে থকা ফাইল দুটা চিলেক্ত কৰক |
01:58 | Ctrl কীটো টিপি ধৰক, দুয়োটা ফাইলত ক্লিক কৰক |
02:04 | Open বুটামত ক্লিক কৰক |
02:07 | Coordinate Reference System Selector আহিছে |
02:11 | কিছুমান চেতিংগচত, CRS স্বয়ংক্ৰিয়ভাবে নিৰ্বাচিত হ’ব |
02:17 | তেনেক্ষেত্ৰত এই উইন্দ’ হয়তু নাহিব পাৰে |
02:21 | যদি Coordinate Reference System Selector খোল নাখায়, এই ষ্টেপক এৰিব আৰু পাছৰ ষ্টেপৰ পৰা আগবাহিব |
02:30 | ইয়াত মই বাচিম WGS 84 EPSG 4326 লিষ্টৰ পৰা |
02:39 | OK বুটামত ক্লিক কৰক |
02:42 | যিহেতু আমি একে সময়তে দুটা লেয়াৰ যোগ কৰিছো, Coordinate Reference System Selector ইয়াত পুনৰ এবাৰ আহিছে |
02:51 | পুনৰ বাচক WGS 84 EPSG 4326 |
02:58 | OK বুটামত ক্লিক কৰক |
03:01 | কেনভাচত আপুনি পৃথিবীৰ মেপ এখন দেখিব grayscale ত |
03:07 | পাতল pixels এ সূচাই উচ্চতম জনসংখ্যাক আৰু ডাঠ pixels এ সূচাই নিম্নতম জনসংখ্যাক |
03:15 | Layers Panel ত, আপুনি দেখিব দুয়োটা raster layers ল’ড হৈছে |
03:21 | raster ত থকা প্ৰতিটো pixel ৰ জনসংখ্যা ঘনত্বৰ এটা মান আছে সেই গ্ৰীদৰ বাবে |
03:27 | pixel ৰ মানটো চাবলৈ, টোলবাৰৰ ওপৰত সোফালে চুকত থকা Identify Features টোলত ক্লিক কৰক |
03:35 | মাউচৰ চকাটো ব্যৱহাৰ কৰক মেপখন জোম কৰিবলৈ |
03:38 | raster মেপত যিকোনো ঠাইত ক্লিক কৰক |
03:41 | pixel ৰ মানটো দৰ্শিত হ’ব Identify Results পানেলত |
03:48 | মন কৰিব যে পাতল pixel ৰ উচ্চতম মান আছে আৰু ডাঠ pixel ৰ নিম্নতম মান আছে |
03:57 | Identify Results পানেল বন্ধ কৰক |
04:00 | মেপখন জোম আউত কৰক । Pan Map টোলত ক্লিক কৰক আৰু কেনভাচত মেপখন মিলাওঁক |
04:09 | জনসংখ্যাৰ ঘনত্বৰ পেতাৰ্নক ভালকৈ দৰ্শিত কৰিব পাৰি ষ্টাইলিংৰ এটা সঠিক টাইপৰ সৈতে |
04:16 | Layers Panel ত থকা প্ৰথম লেয়াৰত ৰাইত-ক্লিক কৰক |
04:21 | কনটেকস্ত মেনুৰ পৰা বাচক Properties অপচনক |
04:26 | Layer Properties দাইল’গ-বক্স আহিছে |
04:30 | দাইল’গ-বক্সত Style টেবক বাচক |
04:35 | Band Rendering চেকচনৰ ভিতৰত, Render type ক সলাওঁক Singleband pseudocolor লৈ |
04:42 | Interpolation ক Linear হৈ থাকিব দিয়ক |
04:46 | Color দ্ৰপ-দাউনত, বাচক Spectral |
04:51 | তললৈ স্ক্ৰ’ল কৰক |
04:54 | Mode বাচক Continuous হিচাবে । Classify বুটামত ক্লিক কৰক |
05:00 | আমি দেখিম পাচটা নতুন কালাৰৰ মান বনোৱা হ’ল |
05:05 | দাইল’গ-বক্সৰ তলত সোফালে চুকত ক্লিক কৰক Apply বুটামত আৰু OK বুটামত |
05:14 | QGIS কেনভাচলৈ ঘূৰি আহক, আপুনি দেখিব যে raster মেপ স্পেকট্ৰেল কালাৰ সমৃদ্ধ পাচটা ক্লাচত দৰ্শিত হৈছে |
05:24 | প্ৰথম layer ৰ বাবে দেখুৱা একেখিনি ষ্টেপচ অনুসৰণ কৰক আৰু দ্বিতীয় layer ৰ বাবে raster style ক সলনি কৰক |
05:45 | আমাৰ এনালাইচিচৰ বাবে, আমি 1990 আৰু 2000 বছৰৰ মাজত আটাইতকৈ বেছি জনসংখ্যাৰ পৰিবৰ্তন হোৱা এৰিয়াখিনি বিচাৰিম |
05:54 | ইয়াৰ বাবে, আমি দুয়োটা layers ত প্ৰতিটো গ্ৰিডৰ pixel মানসমূহৰ মাজত পাৰ্থক্যটো বিচাৰিব লাগিব |
06:02 | এই গণনাৰ বাবে, আমি ব্যৱ্হাৰ কৰিম Raster Calculator tool |
06:07 | মেনু বাৰৰ পৰা Raster মেনুত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, Raster calculator ত ক্লিক কৰক |
06:16 | Raster Calculator দাইল’গ-বক্স আহিছে |
06:20 | Raster bands চেকচনত, বেন্দসমূহৰ নামখিনি দৰ্শিত হৈছে |
06:26 | যিহেতু আমাৰ প্ৰতিটো rasters ৰ মাত্ৰ এটা বেন্দ আছে, আপুনি প্ৰতিটো raster ত মাত্ৰ এটা এনট্ৰি দেখিব |
06:33 | raster calculator এ raster pixels ৰ ওপৰত গাণিতিক অপাৰেচনচ প্ৰয়োগ কৰিব পাৰে |
06:40 | এই ক্ষেত্ৰত আমি এটা সহজ ফৰ্মুলা দিব লাগিব যিয়ে 2000 বছৰৰ বাবে জনসংখ্যাৰ ঘনত্বৰ পৰা 1990 বছৰৰ বাবে জনসংখ্যাৰ ঘনত্বক বিয়োগ কৰিব |
06:52 | Raster bands চেকচনৰ ভিতৰত, layer ক নিৰ্বাচিত কৰক বছৰ 2000 ৰ বাবে raster layer ত দুবাৰ ক্লিক কৰি |
07:00 | সমীকৰণটো এতিয়া Raster calculator expression চেকচনত যোগ কৰা হ’ল |
07:06 | Operators চেকচনৰ পৰা, subtraction operator বুটামত ক্লিক কৰক |
07:12 | পুনৰ Raster bands চেকচনৰ পৰা, বছৰ 1990 ৰ বাবে raster layer ত দুবাৰ ক্লিক কৰক |
07:20 | গণনাটোৰ বাবে ফৰ্মুলাটো এতিয়া Raster calculator expression চেকচনত দৰ্শিত হৈছে |
07:27 | Result Layer চেকচনৰ ভিতৰত, আপুনি Output layer বক্সটো দেখিব |
07:33 | বক্সটোত, আপোনাৰ output layer ৰ নামটো লিখক pop-change.tif হিচাবে |
07:41 | Output format দ্ৰপ-দাউনত, বাচক Geo TIFF |
07:47 | Output CRS অপচনটো স্বয়ংক্ৰিয়ভাবে নিৰ্বাচিত হৈছে । ইয়াক তেনেদৰেই ৰাখক |
07:54 | Add result to project ৰ কাষত থকা বক্সটো চেক কৰক |
08:00 | দাইল’গ-বক্সৰ তলত থকা OK বুটামত ক্লিক কৰক |
08:04 | আপুনি Layers Panel ত নতুন লেয়াৰটো ল’ড হোৱা দেখিব |
08:08 | তৃতীয় লেয়াৰৰ বাবে মেপখন চাবলৈ, Layers Panel ত পপ-2000 আৰু পপ-1990 layers ৰ বাবে চেক বক্সক আনচেক কৰক |
08:21 | আমি এখন অধিক তথ্যগত মেপ বনাব পাৰো এই layer ৰ ষ্টাইলক সলনি কৰি |
08:27 | pop-change layer ত ৰাইত-ক্লিক কৰক । কনটেকস্ত মেনুৰ পৰা, বাচক Properties অপচনক |
08:36 | Layer Properties দাইল’গ-বক্স আহিছে |
08:40 | আমি layer টোক এনেদৰে ষ্টাইল কৰিব বিচাৰিছো যাতে, নিৰ্দিষ্ট ৰেঞ্জত থকা pixel মানসমূহে একেটা কালাৰ পাই |
08:47 | Metadata টেবত ক্লিক কৰক, তলত Properties চেকচনলৈ স্ক্ৰ’ল কৰক |
08:55 | maximum আৰু minimum মানসমূহ মন কৰক |
08:59 | Maximum মান হৈছে প্ৰায় 6000 |
09:02 | Minimum মান হৈছে প্ৰায় -2000 |
09:06 | Style টেবলৈ যাওঁক । Band Rendering, ৰ ভিতৰত বাচক Singleband pseudocolor Render type হিচাবে |
09:14 | Interpolation চেত কৰক Discrete লৈ |
09:19 | তললৈ স্ক্ৰ’ল কৰক । বিচাৰক Add Values Manually বুটামক |
09:25 | এইটো হৈছে Classify বুটামৰ কাষত অৱস্থিত এটা সেউজীয়া প্লাচ চিম্বলৰ বুটাম |
09:31 | Add Values Manually বুটামক চাৰিবাৰ ক্লিক কৰক চাৰিটা বিশেষ classes বনাবলৈ |
09:39 | এই মানসমূহ দৰ্শিত হ’ব মাজৰ পানেলত |
09:43 | ইয়াত আমি মানসমূহ সলাব লাগিব প্ৰতিটো ৰৌত |
09:47 | জনসংখ্যাৰ মানসমূহ এন্টাৰ কৰা মানতকৈ ক’ম হ’লে, সেই এনট্ৰিৰ কালাৰটো দিব |
09:54 | Values ক’লমত থকা প্ৰথম এনট্ৰিটোত দুবাৰ ক্লিক কৰক মানটো সলাবলৈ |
10:00 | আমি লক্ষ্য কৰিছো, আমাৰ metadata এনালাইচিচত নিম্নতম মানটো হৈছে প্ৰায় -2000 । লিখক -2000 প্ৰথম এনট্ৰিটোত |
10:12 | কালাৰ-বক্সত দুবাৰ ক্লিক কৰক আৰু কালাৰটো সলাওঁক |
10:20 | প্ৰথম ৰৌত থকা Label ক’লমত দুবাৰ ক্লিক কৰক । লিখক, No Data values |
10:28 | একেদৰে সকলোখিনি মান আৰু লেবেল ভৰ্ত্তি কৰক ইয়াত দেখুৱা দৰে |
10:33 | দ্বিতীয় ৰৌত, -10 দিয়ক Negative পৰিবৰ্তন সূচীত কৰিবলৈ |
10:46 | তৃতীয় ৰৌত, 10 দিয়ক Neutral সূচীত কৰিবলৈ |
10:59 | শেষত 6000 দিয়ক Positive পৰিবৰ্তন সূচীত কৰিবলৈ |
11:03 | কাৰণ আমাৰ মেতা দেতা এনালাইচিচৰ পৰা পোৱা উচ্চতম মানটো 6000 ৰ প্ৰায় সমান হয় |
11:23 | উইন্দ’খনৰ তলত সোফালৰ চুকত, ক্লিক কৰক Apply বুটামত আৰু পাছত OK বুটামত |
11:30 | এতিয়া কেনভাচত আপুনি জনসংখ্যাৰ দেতাৰ এটা অধিক শক্তিশালী দৰ্শন দেখিব |
11:37 | ইয়াত আপুনি স্পষ্টকৈ এৰিয়াখিনি চাব পাৰে য’ত জনসংখ্যা ঘনত্বৰ প’জিতিভ আৰু নিগেতিভ পৰিবৰ্তন হৈছে |
11:46 | নীলা ৰঙৰ এৰিয়াখিনিয়ে জনসংখ্যাৰ প’জিতিভ পৰিবৰ্তনক সূচাই |
11:52 | সেউজীয়া ৰঙৰ এৰিয়াখিনিয়ে নিগেতিভ পৰিবৰ্তনক সূচাই |
11:56 | গুলপীয়া ৰঙৰ এৰিয়াখিনিত অধিক জনসংখ্যাৰ পৰিবৰ্তন হোৱা নাই |
12:02 | আহক মূলভাব চাওঁ, |
12:04 | এই টিউট’ৰিয়েলটোত আমি শিকিলো,
কন্তিনিৱাচ raster এটাক ষ্টাইল কৰিবলৈ, raster Calculator ত সমীকৰণ এটা লিখিবলৈ, raster প্ৰপাৰতিচৰ বিষয়ে |
12:17 | এটা অনুশিলনী হিচাবে - Code files লিংকত দিয়া জনসংখ্যাৰ দেতাক ব্যৱ্হাৰ কৰি, এটা নতুন ৰাষ্টাৰ ফাইল বনাওঁক যিয়ে মাত্ৰ নিগেতিভ জনসংখ্যাৰ পৰিবৰ্তনক দেখাই |
12:28 | সংকেত: ব্যৱ্হাৰ কৰক Raster Calculator, সমীকৰণ এটা লিখক জনসংখ্যাৰ পৰিবৰ্তন 0 তকৈ কম হোৱাক চিলেক্ত কৰিবলৈ |
12:36 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
12:41 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
12:49 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
13:00 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
13:04 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ |
13:16 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |