PHP-and-MySQL/C3/MySQL-Part-6/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ ! পূৰ্বৰ টিউট’ৰিয়েলটোত, আমি দাতা নিৰ্বাচিত কৰিলো আৰু সফলভাবে দাতা আমাৰ পৃষ্ঠাটোলৈ দৰ্শিত কৰিলো
00:09 আহক আমি ইয়াত এই পৃষ্ঠাটোলৈ ঘূৰি যাওঁ । আমি চাব পাৰো যে সকলো ঠিকে কাম কৰি আছে
00:15 ইয়াত আমাৰ সকলো দাতা আছে
00:17 আমি শিকিবলগীয়া পাছৰ বস্তুটো হৈছে কেনেকৈ কোনোঠাইত নিৰ্ধাৰণ কৰিব পাৰি যাতে উপভোক্তাসকলে নিজে দাতা (data) ভৰ্ত্তি আৰু নিৰ্ধাৰিত কৰিব পাৰে
00:23 এইটো কৰিবলৈ, মই মোৰ পৃষ্ঠাটোত "কানেক্ট ইনক্লোড" ("connect include")ৰ বাহিৰে সকলো ক’ড নাইকীয়া কৰিম
00:29 যদি মই মোৰ দাতাবেচলৈ সংযোগ নকৰো, ই কাম নকৰিব
00:33 তাত বহুতো নিস্কাষিত আৰু কিছু অন্য বস্তু পোৱা যাব
00:42 মই ফাৰ্ষ্টনেম (firstname), লাষ্টনেম (lastname), দেত অফ বাৰ্থ (date of birth) আৰু জেন্দাৰ (gender) - ফিমেল বা মে’ল ৰাখিম
00:53 ইয়াৰ তলত, মই এখন ফৰ্ম (form) নিৰ্মান কৰিম
00:55 এইখন এখন html ফৰ্ম(form) হ’ব, গতিকে আমি আমাৰ টেগচ (tags) আৰম্ভ আৰু শেষ কৰিব লাগিব
01:03 আমাৰ একচন (action)টো "mysql dot(দত) php" হ’ব আৰু আমাৰ মেথদ (method)টো হ’ব প’ষ্ট ("POST")
01:13 ইয়াত আমি এখন ফৰ্ম নিৰ্মান কৰিম য’ত উপভোক্তাই এটা নাম নিৰ্ধাৰিত কৰিব পাৰিব
01:18 নেম (name)ৰ বাবে আমি আমাৰ চাৰনেম ("surname") ব্যৱহাৰ কৰিম
01:22 আপুনি সিহঁতৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে । উদাহৰণস্বৰূপে, আপোনাৰ জন্মৰ তাৰিখ বা জেন্দাৰ বিচাৰিবলৈ
01:28 এইটো আপোনাৰ পচন্দ
01:30 আপুনি আনকি বিচাৰিবলৈ 2 ফিল্ডচ (fields) ব্যৱহাৰ কৰিব পাৰে
01:33 এতিয়া মই আপোনাক কেনেকৈ 2 ফিল্ডচ (fields) ব্যৱহাৰ কৰা হয় দেখুৱাম যাতে আপুনি জানে যে ই অধিক জটিল নহয় কিন্তু সহজ
01:40 ইয়াত মই ফাৰ্ষ্টনেম ("Firstname") লিখিম আৰু মই টেক্সত ("text") টাইপ (type)ৰ এটা ইনপুট (input) বক্স নিৰ্মান কৰিম আৰু ইয়াৰ নেম (name)টো হ’ব ফাৰ্ষ্টনেম ("Firstname")
01:51 আমি ইয়াত এটা ব্ৰেক (break) নিৰ্মান কৰিম আৰু লাষ্টনেম ("Lastname") লিখিম
01:55 পাছত আমি আগৰ শাৰীটো কপি কৰি আৰু ইয়াত পেষ্ট কৰি আন এটা ইনপুট বক্স নিৰ্মান কৰিম
02:03 গতিকে, এই শাৰীটো একেবাৰে একে কিন্তু ফাৰ্ষ্টনেম ("Firstname")ৰ পৰিবৰ্তে, আমি লাষ্টনেম ("Lastname") লিখো
02:11 আমি লিখিম ইনপুট টাইপ (input type) সমান ছাবমিত ("submit") আৰু তাৰ মানটো গেত দাতা ("Get data") হ’ব
02:21 গতিকে আমি ফাৰ্ষ্টনেম ("Firstname") আৰু লাষ্টনেম ("Lastname") আৰু ছাবমিত ("submit") বুটামটো লৈছো
02:25 যদি মই ইয়াক ৰিফ্ৰেছ কৰো, আমি চাব পাৰো ফাৰ্ষ্টনেম ("Firstname") আৰু লাষ্টনেম ("Lastname") দৰ্শিত হৈছে
02:29 মই ইয়াক এতিয়াৰ বাবে নাইকীয়া কৰিম আৰু ইয়াক কৰিবলৈ, মই পৰীক্ষা কৰিম যে ছাবমিত ("submit") বুটামটো টিপা হৈছে নেকি
02:37 এইটো কৰিবলৈ, মই প্ৰথমে ছাবমিত ("submit") বুটামটো ছাবমিত ("submit") হিচাবে নাম দিম
02:41 তাৰপাছত মই এটা ইফ (if) ষ্টেতমেন্ত লিখিম - ইফ (if) দলাৰ (dollar) আন্দাৰস্ক’ৰ (underscore) প'ষ্ট (POST) ছাবমিত ('submit')
02:51 যদি ছাবমিত ("submit") বুটামটো টিপা হৈছে, ব্লকটো আৰম্ভ কৰক
02:55 এইটো হৈছে কাৰ্যকৰী হ’ব লগা ক’ডৰ ব্লক আৰু আমি য’ত এইটো শেষ হোৱাটো বিচাৰো তাত আমাৰ ব্লকটো শেষ কৰিম
03:02 এইটো ইয়াত এই মাজুবন্ধনীৰ পাছত কাৰণ সেইটো ইয়াত আমাৰ হোৱাইল (while) ষ্টেতমেন্তৰ এটা অংশ
03:07 ইয়াৰ বাবে আমাক প্ৰকৃততে হোৱাইল (while) ষ্টেতমেন্ত নালাগে । কিন্তু মই ইয়াৰ নিমিত্তে এতিয়াও ইয়াক ৰাখিম
03:22 মই এতিয়া লিখিম "গ্ৰেব (grab) প'ষ্ট (POST) দাতা (data)" আৰু দলাৰ (dollar) ফাৰ্ষ্টনেম (firstname)
03:29 গতিকে এইটো দলাৰ (dollar) আন্দাৰস্ক’ৰ (underscore) প'ষ্ট (POST) ফাৰ্ষ্টনেম ('firstname') আৰু তাৰপাছত মই লাষ্টনেম ('lastname') লিখিম
03:35 মই ফাৰ্ষ্টনেম ('firstname') কপি কৰিম আৰু ইয়াত পেষ্ট কৰিম আৰু ইয়াক লাষ্টনেম ('lastname')লৈ সলাম
03:43 গতিকে আমি আমাৰ ফাৰ্ষ্টনেম ('firstname') আৰু লাষ্টনেম ('lastname') পালো
03:49 মই লিখিম : একৌ (echo) আৰু এই বাৰ্তা ৰেকৰ্ড (Record) ফৰ (for) ফাৰ্ষ্টনেম ($firstname) । দ্বিতীয়তে, এই মূহুৰ্তত আমি এইটো নকৰো
04:02 মই পোনতে ইয়াত মোৰ কোৱেৰী (query)লৈ যাম
04:05 যদি আপোনাৰ মনত আছে, মই উল্লেখ কৰিছিলো যে আপুনি নিৰ্দিষ্টকৈ যি দাতা বিচাৰে তাক নিৰ্ধাৰিত কৰিব পাৰে
04:10 ইয়াৰ বাবে, মই লিখিম ছিলেক্ট (SELECT) ষ্টাৰ (star) ফ্ৰম (FROM) পিপ'ল (people) হোৱেৰ (WHERE) ফাৰ্ষ্টনেম (firstname) সমান (equals) এলেক্স ('Alex') আৰু লাষ্টনেম (lastname) সমান (equals) গেৰেট ('Garrett')
04:29 মই ইয়াক এই কোৱেৰী অংশটোৰ ভিতৰত দৰ্শোৱা নাই য'ত আমি নিৰ্বাচিত কৰিছো
04:39 মই ইয়াক আপদেতত দৰ্শাইছো য’ত আমি আপদেত কৰিব পাৰো য’ত ফাৰ্ষ্টনেম (firstname)টো সমান এলেক্স ("Alex") আৰু লাষ্টনেম (lastname)টো সমান গেৰেট ("Garrett") হয়
04:48 এতিয়া আমি ইয়াত আমাৰ টেবলৰ পৰা প্ৰয়োজনীয় সকলো নিৰ্বাচিত কৰিম আৰু আমি ক'ম - সকলো খিনি নিৰ্বাচিত কৰক য’ত আমাৰ ফাৰ্ষ্টনেম (firstname)টো এলেক্স ('Alex') লাষ্টনেম (lastname)টো গেৰেট ('Garrett') হয়
04:57 যদি আমি ইয়াত আমাৰ দাতাবেচটো চাওঁ, আমি আমাৰ ফাৰ্ষ্টনেম (firstname) বিচাৰিম আৰু ইয়াক এলেক্স ("Alex")লৈ মিলাম, চাৰনেমটো বিচাৰিম আৰু ইয়াক গেৰেট ("Garrett")লৈ মিলাম
05:07 আমি ইয়াত এই দাতাৰ সমষ্ট শাৰীটো নিৰ্বাচিত কৰিছো যি এই মূহুৰ্তত গুলপীয়াকৈ জিলিকি আছে আৰু আমি মাত্ৰ ইয়াৰ পৰা সকলো দাতা নিৰ্বাচিত কৰিছো
05:15 দেত অফ বাৰ্থ (date of birth)ৰ পৰা জেন্দাৰ (gender)লৈ, মোৰ id ৰ পৰা ফাৰ্ষ্টনেম (firstname) আৰু লাষ্টনেম (lastname)লৈ
05:19 গতিকে আমি বুজিলো যে ই এই সময়ত মাত্ৰ এটা ৰেকৰ্ড (record) নিৰ্বাচিত কৰিব, সেইবাবে আমি "id" ৰ দ্বাৰা ক্ৰম কৰিব নালাগে
05:27 কিন্তু মই ইয়াক যিকোনো প্ৰকাৰে তেনেদৰে ৰাখিম, যিহেতু তাত মাত্ৰ এটা ৰেকৰ্ড আছে
05:31 ক্ৰম কৰাটো এটা উদ্দেশ্য নহয়, গতিকে আমি তাক তেনেদৰে এৰিব পাৰো
05:35 ঠিক আছে, গতিকে আমি আমাৰ লোপ চলাইছো, আমি ইয়াত দাতাৰ প্ৰত্যেক অংশক নিৰ্বাচিত কৰিছো আৰু আমি আমাৰ মে’লক মে’ল ("Male")লৈ আৰু ফিমেলক ফিমেল ("Female")লৈ সলাইছো
05:43 একৌ হৈ ওলোৱা দাতা এই কোৱেৰীৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ এই দাতাৰ ওপৰত নিৰ্ভৰ কৰা কোৱেৰীটো মোৰ ফাৰ্ষ্ট আৰু চাৰনেমলৈ নিৰ্দিষ্ট
05:52 তাৰপাছত আমি ইয়াত ফাৰ্ষ্টনেম (firstname) আৰু লাষ্টনেম (lastname) একৌ (echo) কৰিম যিটো পোৱা গৈছে যি মোৰ ফাৰ্ষ্ট আৰু লাষ্টনেম হয় কিন্তু ইয়াত এলেক্স ("Alex")ক ফাৰ্ষ্টনেমলৈ সলনি কৰি যিটো ইয়াত আছে
06:04 এতিয়া সেইটো এটা পুনৰাবৃত্তি । ইয়াত এইটো এটা দ্বৈত ভেৰিয়েবল
06:08 আমাৰ ফাৰ্ষ্টনেম ("firstname")টো আছে আৰু গতিকে ইয়াত, মই ইয়াক নাম দিম "ফাৰ্ষ্টনেম($firstname) আন্দাৰস্ক’ৰ (underscore) ফৰ্ম (form)" আৰু "লাষ্টনেম ($lastname) আন্দাৰস্ক’ৰ (underscore) ফৰ্ম (form)"
06:15 আমি নিৰ্বাচিত কৰিম য’ত ফাৰ্ষ্টনেমটো ইয়াৰ সমান ভাবে প’ষ্ট হৈছে আৰু লাষ্টনেমটো যি আমি লাষ্টনেম_ফৰ্ম (lastname_form)ৰ সমানকৈ প’ষ্ট কৰিছো
06:26 গতিকে, এইটোৱেই হৈছে দাতা যি আমাৰ ফৰ্ম (form)ৰ পৰা আহিছে
06:29 গতিকে, যদি মই মোৰ html ফৰ্ম(form)ত এলেক্স গেৰেট ("Alex Garrett") লিখো আৰু ইয়াক জমা কৰো তেন্তে এইটো এলেক্স ('Alex')ৰ আৰু এইটো গেৰেট ('Garrett')ৰ সমান হ’ব
06:38 আমাৰ কোৱেৰীয়ে মাত্ৰ এটা ফলাফল ঘূৰাই দিব কাৰণ এই মূহুৰ্তত এলেক্স গেৰেট ("Alex Garrett") নামৰ মাত্ৰ এজন লোক আছে
06:44 গতিকে, ই এলেক্স গেৰেট ("Alex Garrett")ৰ বাবে সকলো দাতা ল’ব আৰু ফিমেল ('Female') বা মেল ('Male')ৰ বাবে পৰীক্ষা কৰিব আৰু তাৰ পাছত এই নিৰ্দিষ্ট বাৰ্তাটো একৌ (echo) কৰিব
06:51 গতিকে, যদি মই ইয়ালৈ আহো আৰু ৰিফ্ৰেছ (refresh) কৰো, এই মূহুৰ্তত একো নাইকীয়া কাৰণ ইয়াত এই ফৰ্ম (form) ভেৰিয়েবল বোৰত কোনো দাতা নিৰ্ধাৰিত কৰা হোৱা নাই
07:01 আহক মই আপোনাক দেখুৱাওঁ । এইবোৰ খালী । গতিকে আমি পিপ'ল (people)ৰ পৰা ষ্টাৰ চিলেক্ত কৰিছো এই চৰ্তত হোৱেৰ (WHERE) নেম (name)টো কাৰো সমান নহয় আৰু লাষ্টনেম (lastname)টো কাৰো সমান নহয়
07:12 এই মূহুৰ্তত সি কোনো দাতা ঘূৰাই দিয়া নাই কাৰণ আমি আমাৰ ফাৰ্ষ্টনেম (firstname) আৰু লাষ্টনেম (lastname)ত যি পাইছিলো সেইয়া প্ৰকৃত লোকৰ নাম
07:24 যিকিনহওঁক, এতিয়া মই মাত্ৰ এটা সম্পূৰ্ণ সাধাৰণ নাম লিখিম
07:28 গতিকে আহক কওঁ দেভিড গ্ৰীণ ("David Green") আৰু গেত দাতা (Get data)ত টিপক আৰু একো নহ’ল, ঠিক আছে?
07:36 যদি ইয়াত শেষত আমাৰ এটা ভূল বাৰ্তা থাকে, এইটো ইয়াত আমাৰ কোৱেৰী লিখা আছে, মই ক’ব পাৰো "অৰ (or) দাই (die) mysql এৰ’ৰ (error)"
07:49 মই ইয়ালৈ ঘূৰি যাওঁ আৰু কওঁ দেভিড গ্ৰীণ ("David Green") আৰু গেত দাতা (Get data)ত টিপো আৰু আমাৰ কোনো এৰ’ৰ নাই!
07:57 হয়!! তাৰ কাৰণটো হৈছে sql ক’ড (code)টোৰ গাঠনিটো শুদ্ধ আৰু সেইবাবে আমি কোনো এৰ'ৰ নাপাওঁ
08:03 মই মাত্ৰ সেইটো পৰীক্ষা কৰি আছিলো
08:05 এতিয়া আহক ধৰো যে আমাৰ এটা নাম আছে যি আমাৰ দাতাবেচত আছে
08:10 আহক কওঁ এলেক্স গেৰেট ("Alex Garrett") আৰু আমি গেত দাতা ("Get data")ত টিপিম
08:13 আমি ইয়াত "এলেক্স গেৰেট (Alex Garrett) জন্ম হৈছিল ইত্যাদি ইত্যাদি আৰু মে’ল" ৰ সৈতে প্ৰদৰ্শিত হৈছে
08:20 আহক লিখো দেল গেৰেট ("Dale Garrett") আৰু গেত দাতা ("Get data" )ত টিপো আৰু আমি দাতাবেচৰ পৰা সেই তথ্য পাওঁ
08:26 গতিকে, আপুনি চাব পাৰে যে আমাৰ দাতাত ফৰ্মচ (forms) অন্তৰ্ভুক্ত কৰিবলৈ এইটো অতি দৰকাৰী
08:32 মই ইয়াত ৰ’ম আৰু পাছৰ অংশটোলৈ যাম য’ত মই এই পদ্ধতিটো ব্যৱহাৰ কৰি কেনেকৈ ৰেকৰ্ডচ (records) আপদেত কৰা হয় ক’ম
08:40 আপোনালোকৰ বহুতে এতিয়া সেইটো নিজে কৰিব পাৰিব কিন্তু মই আপোনাক যিকোনো প্ৰকাৰে অন্য কিছু প্ৰয়োজনীয় বস্তুৰ সৈতে লৈ যাম
08:48 ঠিক আছে, সোনকালে দেখা হ’ম । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9