PHP-and-MySQL/C2/Functions-Advanced/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:03 | এদভানচ ফাংচনচ (Advanced Functions)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম । ইয়াত মই আপোনাক কেনেকৈ এটা সৰু কেলকুলেতৰ প্ৰোগ্ৰাম (calculator program) নিৰ্মান কৰা হয় দেখুৱাম |
| 00:11 | আমি এটা ফাংচন (function)ৰ সৈতে কাম কৰিম যি আপোনাক মান এটা ইনপুত (input) কৰিবলৈ অনুমতি দিয়ে । তাৰপাছত ইয়াৰ পৰা মান এটা লয়, এটা গাণিতিক অপাৰেচন (operation)ৰ পাছত |
| 00:20 | গতিকে, আমি আগতে কৰাৰ দৰে একে পদ্ধতিৰে ফাংচন এটা নিৰ্মান কৰিম । মই ইয়াক 'calc' বুলি মাতিম |
| 00:27 | আৰু মই মোৰ প্ৰথম ব্লক (block)টো নিৰ্মান কৰিম । ইয়াত, মই 'number1', 'number2' আৰু এটা অপাৰেতৰ ('operator') লিখিম |
| 00:35 | এতিয়া এইটো এটা সাংখ্যিক মান হ’ব । ই ইউজাৰ ইনপুত (user-input)ৰ ওপৰত নিৰ্ভৰ কৰি এটা ইন্তিজাৰ (integer) বা দশমিক হ’ব । এইটো লগতে একে হ’ব আৰু ই ষ্ট্ৰিং (string) মান হ’ব হয়তো 'যোগ' 'বিয়োগ' 'পূৰণ' বা 'হৰণ'ৰ |
| 00:52 | এতিয়া আমাৰ ফাংচন (function)ৰ ভিতৰত আমি ক’ড (code) নিৰ্মান কৰা আৰম্ভ কৰিব লাগিব । মই ভিতৰত এটা চুইতচ (switch) ষ্টেতমেন্ত (statement) নিৰ্মান কৰিম |
| 01:00 | মই ক’ম চুইতচ (switch) আৰু চুইতচ চৰ্ত (switch condition)টো দিম বা বৰঞ্চ চুইতচটোৰ ইনপুতটো 'op' হয় |
| 01:09 | মই ইয়াৰ বাবে এটা ব্লক (block) নিৰ্মান কৰিম আৰু মই ক’ম case(কেচ) = যোগ (+) তাৰপাছত ইয়াক লৈ আহক |
| 01:18 | মই ট’টেল (total) নামৰ নতুন ভেৰিয়েবল এটা নিৰ্মান কৰিম যিটো 'num1' ৰ সমান হ’ব যিটো ইয়াত ইনপুত (input) হয় যোগ 'num2' |
| 01:32 | মই তাক এটা চেমিক’লনেৰে ব্ৰেক (break) কৰিম । এতিয়া ইয়াক কৰাৰ সাম্ভাব্য এটা অতি সহজ পদ্ধতি হৈছে চুইতচ ষ্টেতমেন্ত (switch statement)টো এটা ফাংচন (function)ৰ সৈতে যুক্ত কৰি |
| 01:44 | গতিকে, আপুনি অন্য ষ্টেতমেন্তচ (statements) আৰু ফাংচনচ (functions)ৰ ভিতৰত সকলো ভিন্ন প্ৰকাৰৰ বস্তু ব্যৱ্হাৰ কৰিব পাৰিব |
| 01:52 | গতিকে মই যোগৰ বাবে চৰ্ত (case) এটা নিৰ্মান কৰিলো । গতিকে যেতিয়া এইটো উপভোক্তাই দিয়া যোগটোৰ সমান হ’ব, আমাৰ 'num1' যোগ 'num2' আছে |
| 02:03 | এতিয়া আমি তললৈ যাব লাগিব আৰু অন্য চৰ্ত নিৰ্মান কৰিব লাগিব, যিটো হৈছে বিয়োগ । মই লিখিম total(ট’টেল) = 'num1' - 'num2' |
| 02:17 | আমি তললৈ যাম । আপুনি তাক ব্ৰেক (break) কৰাতো নিশ্বিত কৰক |
| 02:21 | আমি এতিয়া এই ক’ড (code)টো তললৈ কপি কৰিম |
| 02:24 | আৰু ইয়াত আমি ক’ম পূৰণ আৰু আমি ক’ম হৰণ আৰু আপুনি চিহ্নটো সলনি কৰা নিশ্বিত কৰক |
| 02:34 | এতিয়া যদি আপুনি কি হৈ আছে বুজা নাই অনুগ্ৰহ কৰি আমাক মুকলিকৈ ইমেইল (e-mail)ৰ দ্বাৰা যোগাযোগ কৰক । মই আাশা কৰো প্ৰত্যেক বিভ্ৰান্তি সেই ধৰনে সংশোধিত হ’ব |
| 02:45 | দিফল্ট (default)টোত, আমি একৌ (echo) কৰিম "unknown operator" (আননৌন অপাৰেতৰ) । ঠিক আছে ? |
| 02:51 | আহক মই ইয়াক চলাওঁ । তাৰপাছত আমি ফাংচনটো মাতিবলৈ আৰম্ভ কৰিম |
| 02:56 | মই এটা কেলকুলেতৰ বা চুটিকৈ calc নামৰ এটা ফাংচন পালো যি ইনপুত (input) হিচাবে এটা সংখ্যা লয়, তাৰপাছত এটা দ্বিতীয় সংখ্যা আৰু তাৰপাছত এটা অপাৰেতৰ (operator) যি হয়্তু 'যোগ' 'বিয়োগ' 'পূৰণ' বা 'হৰণ' হ’ব পাৰে |
| 03:12 | সম্ভৱত আপুনি মোৰ গাণিতিক অপাৰেতৰটোত দেখাৰ দৰে - দূখিতঃ মোৰ আৰিথমেতিক অপাৰেতৰ (Arithmetic Operator)ৰ টিউটৰিয়েলটোত |
| 03:20 | এতিয়া ভিতৰত আমাৰ এটা চুইতচ (switch) ষ্টেতমেন্ত আছে যি এই 'op' ক একাউন্ট (account)লৈ নিয়ে । ই যি এন্টাৰ কৰা হয় তাক লয় । এতিয়া যদি ই এটা যোগৰ সমান হয়, মনত ৰাখিব যে ই এই ষ্টেতমেন্ত (statement)টোৰ ওপৰত চুইতচ (switch) কৰে । এইটো লিখিবলৈ সহজ আৰু অধিক কাৰ্যক্ষম (efficient) |
| 03:42 | যদি এইটো এটা যোগ ('plus')ৰ সমান হয় তেন্তে আমি ট’টেল ('total') নামৰ এটা নতুন ভেৰিয়েবল নিৰ্মান কৰিম |
| 03:48 | সেইটো এন্টাৰ (enter) কৰা প্ৰথম সংখ্যাটো আৰু এন্টাৰ কৰা দ্বিতীয় সংখ্যাটোৰ যোগফলৰ সৈতে সমান হ’ব |
| 03:56 | ইয়াত আমি ক’ম যদি এইটো এটা বিয়োগ হয় তেন্তে ভেৰিয়েবলটো ট’টেল ('total') হয় - ঠিক আছে মনত ৰাখিব, ভেৰিয়েবল ট’টেল ('total')টো প্ৰ্ত্যেক চৰ্ত হয়্তু যোগ বা বিয়োগৰ বাবে মাত্ৰ এবাৰহে গঠিত হ’ব - গতিকে এই ট’টেল ভেৰিয়েবলটো হ’ব number 1 - number 2 আৰু পূৰণ আৰু হৰণৰ বাবে একেটাই হ’ব |
| 04:21 | এতিয়া ই সচাকৈ একো নকৰে । ইয়াক ৰিফ্ৰেছ (Refresh) কৰক । এতিয়া, যদি আমি এই পৃষ্ঠাটোত সোমাওঁ, তাত একো নাই কাৰণ আমি আমাৰ ফাংচন (function)টো মতা নাই |
| 04:33 | এতিয়া আমাৰ ফাংচন (function)টো মাতিবলৈ, আপুনি জানে, আমি মাত্ৰ calc কম আৰু আমাৰ মান দিম |
| 04:40 | আহক আমি ইয়াক দুটা সংখ্যা ধৰক 10 আৰু 10 আৰু এটা যোগ । ঠিক আছে, গতিকে সেইটো 20 হ’ব । এতিয়া যদি মই ইয়াক ৰিফ্ৰেছ (refresh) কৰো কি হয় চাওঁক । একো নহ’ল । এতিয়া কিয় ? |
| 04:55 | কাৰণটো হৈছে যে আমি ইয়াক একৌ কৰা নাই । আমি মাত্ৰ ইয়াক এটা ভেৰিয়েবল হিচাবে গঠিত কৰিছো |
| 05:01 | গতিকে, আমি আদর্শভাবে যি কৰো সেইয়া হৈছে আমি calcৰ পৰা যি আউতপুত (output) হয় তাক একৌ কৰো । এতিয়া, এই মূহুৰ্তত যদি আমি এটা ৰিফ্ৰেছ (refresh) কৰো ই একো নকৰিব |
| 05:11 | আমি একো নাপালো কাৰণ তাত কোনো ঘূৰাই দিয়া আউতপুত (output) নাই । গতিকে, প্ৰত্যেক চৰ্তত আমি যি ক’ব লাগিব সেইয়া হৈছে ৰিটাৰ্ন ট’টেল (return total) |
| 05:24 | ই যি কৰে সেইয়া হৈছে - যদি আপুনি ফাংচনটো এটা ভেৰিয়েবল হিচাবে ভাবে, ই ফাংচনৰ মানটো ট’টেল (total) হিচাবে গঠিত কৰে |
| 05:32 | যেতিয়ালকে আপুনি ৰিটাৰ্ন (return) কয় আপুনি ইয়াত যি কয় ফাংচনটো তাৰ সমান হ’ব |
| 05:39 | গতিকে আমি ক’ম ৰিটাৰ্ন ট’টেল (return total) আৰু আমি তাক কপি (copy) কৰিম আৰু প্ৰত্যেক চৰ্ত (case)ৰ বাবে পেষ্ট (paste) কৰিম |
| 05:47 | ঠিক আছে । গতিকে, নিশ্বিত ভাবে অজ্ঞাত অপাৰেতৰ (operator)ৰ বাবে আমি তাক কৰাৰ প্ৰয়োজন নাই । ইয়াৰ কাৰণটো হৈছে ইয়াত কোনো অপাৰেতৰ পোৱা নাযায় । |
| 05:58 | আৰু আমি তাক ৰিফ্ৰেছ (refresh) কৰিব পাৰো |
| 06:00 | আমাৰ এতিয়াওঁ একো নাই । অনুমান কৰক কিয় ? |
| 06:04 | এইটোৱে কাম নকৰাৰ কাৰণটো হৈছে মই ইয়াক এটা ফাংচনৰ ভিতৰত একৌ কৰিছো । সেইটো এটা ভুল |
| 06:10 | আপুনি চাব পাৰে ফাংচন এটাৰ বন্ধনীটো ইয়াত আৰম্ভ আৰু ইয়াত শেষ হৈছে |
| 06:15 | মই ইয়াক ইয়াৰ তলত থ’ম ই য’ত হোৱা উচিত আৰু তাৰপাছত ইয়াক ৰিফ্ৰেছ (refresh) কৰিম । এইটো 20 ঠিক আছে, আমি চাব পাৰো যে আমাৰ ফাংচনটোৰ দ্বাৰা 10 + 10 টো 20 হৈছে |
| 06:37 | গতিকে আহক কিছু ভিন্ন মান লওঁ, ধৰক, 13 আৰু 7 আৰু হৰণ । আহক আমি কি পাম চাওঁ |
| 06:46 | ঠিক আছে, আমি এটা কিছু দীঘ্ল দশমিক সংখ্যা পালো । গতিকে আপুনি চাব পাৰে যে এইটো এটা অতি ভাল ফাংচন যিটো আমি নিৰ্মান কৰিলো । আমি আমাৰ প্ৰথম সংখ্যাটো, আমাৰ দ্বিতীয় সংখ্যাটো আৰু এটা অপাৰেতৰ পালো |
| 07:00 | আৰু এটা চুইতচ (switch) ষ্টেতমেন্তৰ দ্বাৰা, ই কোনটো চিনাক্ত কৰে আৰু ইয়ালৈ সম্পৰ্কীয় অপাৰেচন (operation)টো প্ৰদৰ্শন কৰে |
| 07:06 | যদি ইয়াক চিহ্নিত কৰিব নোৱাৰি তেন্তে এটা অজ্ঞাত অপাৰেতৰ ভুল দিয়া হ’ব |
| 07:11 | গতিকে উদাহৰণ স্বৰূপে আহক 'a' লওঁ যি এটা বৈধ অপাৰেতৰ নহয় । যেতিয়া আমি ৰিফ্ৰেছ (refresh) কৰিম, ই অজ্ঞাত অপাৰেতৰ হ’ব । ইয়াৰ দ্বাৰাই আমি এদভানচ ফাংচনচ (Advanced Functions)ৰ টিউটৰিয়েলটোৰ শেষ পালোহি । আমি দেখিলো যে আমি এটা মান ইনপুত কৰিব পাৰো আৰু তাৰপাছত এটা ৰিটাৰ্ন (return) কমান্ড (command) ব্যৱহাৰ কৰি এটা মান একৌ কৰি ঘূৰাই দিয়া হয় |
| 07:31 | মই মৌচুম হাজৰিকাই স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । দৰ্শনৰ বাবে ধন্যবাদ । |