PHP-and-MySQL/C2/Comparison-Operators/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 এই PHP টিউটৰিয়েলত, আমি কম্পেৰিজন অপাৰেতৰচ (Comparison Operators)ৰ বিষয়ে শিকিম
00:05 কম্পেৰিজন অপাৰেতৰচে (Comparison operators) দুটা মান (values), দুটা ষ্ট্ৰিং (string) বা দুটা ভেৰিয়েবলচ (variables) তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে
00:15 ইয়াৰ বাবে,মই এটা ইফ (if) ষ্টেতমেন্ত (statement) ব্যৱহাৰ কৰিবলৈ গৈছো
00:19 আহক ইফ (if) ষ্টেতমেন্ত (statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো
00:25 মোৰ চৰ্ত (condition) হৈছে if(ইফ) 1==1,
00:30 echo (ইকৌ)
00:33 "True" (ট্ৰু)
00:37 আৰু তাৰপাছত else (এলচ)
00:42 echo (ইকৌ)
00:44 "False" (ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ (brackets) নালাগে ; গতিকে মই সিহঁতক আঁতৰ কৰিম
00:51 আহক ইয়াক সভৃত (indent ) কৰো
00:56 সভৃতকৰণ (indenting)ক সংকোচ নকৰিব
00:59 এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ (comparison operator)
01:02 দুটা সমান চিহ্ন (==)ই কম্পেৰিজন অপাৰেতৰক (comparison operator) বুজাই । আমি এইটো আগতে ইফ (if) ষ্টেতমেন্তত দেখিছো
01:08 1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু ("True") ইকৌ (echo ) কৰিব । আহক ইয়াক চেষ্টা কৰো
01:13 আমি ট্ৰু ("True") পালো
01:15 মই এইটো সলাম । যদি (if) 1টো 1 তকৈ ডাঙৰ হয় (1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ
01:27 ফল্চ ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয়
01:33 এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান (1>=1)লৈ সলাওঁ
01:37 যদি (if) 1টো 1তকৈ ডাঙৰ বা সমান হয়, ট্ৰু ("True") অন্যথা ফল্চ ("False") ইকৌ (echo) কৰিব
01:45 ইয়াত, আমি ট্ৰু ("True") পাব লাগিব
01:48 আপুনি সৰু (less than) বা সমান (equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে, উদাহৰণ স্বৰূপেঃ সৰু (less than)(<)
01:55 ফল্চ ("False") হ’ব, সৰু (less than) বা সমান (equal to)টো ট্ৰু ("True") হ’ব
02:01 লগতে আমি কব পাৰো সমান নহয় ('not equal') । গতিকে, যদি 1টো 1ৰ সমান নহয় (1!=1) ইকৌ (echo) ট্ৰু ("True")
02:11 ৰিফ্ৰেচ (Refresh) কৰি, আমি ইয়াত ফল্চ ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয় (1!=2)
02:20 আমি ট্ৰু ("True") পাম কাৰন 1টো 2ৰ সমান নহয়
02:25 এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ (comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব
02:33 ইয়াক বিস্তৃত (Expand) কৰক - সিহঁতক অভ্যাস (practice) কৰক - আৰু আপুনি সিহঁতক ভালদৰে বুজিব
02:40 আপুনি লগতে এই অপাৰেতৰ (operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1
02:48 num2 = 2 । এতিয়া আমি যি কৰিম, এই মান সমূহ সলনি কৰিম আৰু আমি আগ বাঢ়িম
03:01 ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু ("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা
03:11 অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ ("False") পাওঁ
03:24 ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ (comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ
03:33 স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9