Moodle-Learning-Management-System/C2/Getting-Ready-for-Moodle-Installation/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Getting ready for Moodle installation স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি Moodle ইনষ্ট’ল কৰিবৰ বাবে প্ৰয়োজনীয় চৰ্তৰ বিষয়ে শিকিম |
| 00:14 | আমি লগতে ল’কেলহ’ষ্টত পেকেজ চেক কৰিবলৈ আৰু দেতাবেচ চেতাপ শিকিম |
| 00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম:
উবুন্তো লিনাক্স OS 16.04, |
| 00:30 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা আৰু Firefox ওৱেব ব্ৰাউজাৰ |
| 00:42 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 00:46 | আপোনাৰ চিষ্টেমত Moodle 3.3 ইনষ্ট’ল কৰিবলৈ, আপোনাৰ এটা মেচিন থাকিব লাগিব যি সমৰ্থন কৰে: |
| 00:52 | Apache 2.x (বা উচ্চ সংস্কৰণ),
MariaDB 5.5.30 (বা যিকোনো উচ্চ সংস্কৰণ) আৰু PHP 5.4.4 +(বা যিকোনো উচ্চ সংস্কৰণ) |
| 01:08 | যদি আপোনাৰ ওপৰতকৈ পূৰণা সংস্কৰণ আছে, আগবঢ়াৰ আগতে সিহঁতক আনইনষ্ট’ল কৰক |
| 01:16 | MariaDB হৈছে দ্রুততম ক্রমবর্ধমান অপেন চৌৰ্চ ডেটাবেচ |
| 01:21 | ই MySQL ডেটাবেচৰ বাবে এটি বিকল্প |
| 01:26 | Web server দিচত্ৰিবিউচনে আপোনাক একেলগে Apache, MariaDB আৰু PHP দিয়ে |
| 01:34 | আপুনি ইয়াক পৃথকভাবে ইনষ্ট’ল কৰিব পাৰে বা XAMPP, WAMPP বা LAMPP ৰ দৰে ওৱেব চাৰ্ভাৰ দিচত্ৰিবিউচন ব্যৱ্হাৰ কৰিব পাৰে |
| 01:44 | মই ইতিমধ্যে মোৰ মেচিনত XAMPP ইনষ্ট’ল কৰিলো |
| 01:49 | সৰ্বপ্ৰথমে, আমি চাম মেচিনত XAMPP চলি আছেনে নাই |
| 01:54 | ওৱেব ব্ৰাউজাৰত, লিখক: http colon double slash 127 dot 0 dot 0 dot 1 আৰু এন্টাৰ টিপক |
| 02:08 | ই এটা বাৰ্তা Unable to connect দেখায় |
| 02:12 | ই বুজায়, XAMPP চাৰ্ভিচ চলি থকা নাই |
| 02:16 | গতিকে আমি XAMPP চাৰ্ভিচ আৰম্ভ কৰিব লাগিব |
| 02:20 | আহক Ctrl + Alt + T কীচ একেলগে টিপি টাৰ্মিনেল খোলো |
| 02:26 | XAMPP আৰম্ভ কৰক লিখি sudo space slash opt slash lampp slash lampp space start |
| 02:38 | যেতিয়াই বিচাৰে administrative পাচৱৰ্দ লিখক আৰু এন্টাৰ টিপক |
| 02:44 | যদি আপুনি এটা বাৰ্তা পাই যি কয়-
Starting XAMPP for Linux …. XAMPP: Starting Apache...ok. XAMPP: Starting MySQL...ok. XAMPP: Starting ProFTPD...ok. |
| 02:59 | ই বুজায় যে XAMPP আপোনাৰ চিষ্টেমত ইনষ্ট’ল হ’ল আৰু চাৰ্ভিচ আৰম্ভ হ’ল |
| 03:05 | মন কৰিব যে XAMPP 5.6.30 এ MySQL ৰ পৰিবৰ্তে MariaDB ব্যৱ্হাৰ কৰে |
| 03:13 | দুয়োটাৰ বাবে কমান্দ আৰু টুল একেই হয় |
| 03:17 | আহ্ক ব্ৰাউজাৰলৈ ঘূৰি যাওঁ আৰু পৃষ্ঠাটো ৰিফ্ৰেচ কৰো |
| 03:21 | আমি এতিয়া XAMPP স্ক্ৰিণ দেখিছো |
| 03:25 | আপুনি টাৰ্মিনেলত এটা বাৰ্তা পাব পাৰে Command not found |
| 03:30 | ই বুজায় XAMPP আপোনাৰ চিষ্টেমত ইনষ্ট’ল নাই |
| 03:34 | যদি তেনে হয়, এই ওৱেবচাইতত PHP and MySQL চিৰিজত XAMPP Installation টিউট’ৰিয়েলটো চাওঁক |
| 03:42 | ওপৰৰ টিউট’ৰিয়েলত সূচীত নিৰ্দেশাবলী অনুসৰণ কৰক আৰু XAMPP ৰ সৰ্বশেষ সংস্কৰণক ইনষ্ট’ল কৰক |
| 03:49 | আহক টাৰ্মিনেললৈ ঘূৰি যাওঁ |
| 03:52 | এতিয়া XAMPP চাৰ্ভিচ আৰম্ভ কৰিবলৈ ওপৰত দেখুওৱা ষ্টেপক অনুসৰণ কৰক |
| 03:57 | আহক এতিয়া আমাৰ চিষ্টেমত PHP ৰ সংস্কৰণক চাওঁ |
| 04:02 | টাৰ্মিনেলত লিখক: sudo space slash opt slash lampp slash bin slash php space hyphen v আৰু এন্টাৰ টিপক |
| 04:17 | যদি সুধে, administrative পাচৱৰ্দ লিখক আৰু এন্টাৰ টিপক |
| 04:23 | মোৰ PHP ৰ সংস্কৰণ হৈছে 5.6.30 |
| 04:29 | এই বাৰ্তাই সূচাই যে PHP সফলভাবে ইনষ্ট’ল হৈছে |
| 04:34 | যদি আপুনি 5.4.4 তকৈ এটা তলৰ সংস্কৰণ পায়, আপুনি XAMPP ৰ সৰ্বশেষ সংস্কৰণক ইনষ্ট’ল কৰিব লাগিব |
| 04:42 | পাছত, আহক আমাৰ চিষ্টেমত MariaDB ৰ সংস্কৰণক চাওঁ |
| 04:48 | টাৰ্মিনেলত লিখক: sudo space slash opt slash lampp slash bin slash mysql space hyphen v আৰু এন্টাৰ টিপক |
| 05:03 | যদি সুধে, administrative পাচৱৰ্দ লিখক আৰু এন্টাৰ টিপক |
| 05:08 | মোৰ MariaDB ৰ সংস্কৰণ হৈছে 10.1.21 |
| 05:14 | যদি আপুনি 5.5.30 তকৈ এটা তলৰ সংস্কৰণ পায়, আপুনি XAMPP ৰ সৰ্বশেষ সংস্কৰণক ইনষ্ট’ল কৰিব লাগিব |
| 05:23 | মনত ৰাখিব PHP আৰু দেতাবেচৰ সংস্কৰণক চাবলৈ আপোনাৰ XAMPP চলি থাকিব লাগিব |
| 05:29 | লগতে মন কৰিব কমান্দ প্ৰমপ্ত এতিয়া সলনি হৈছে |
| 05:34 | লিখক backslash q আৰু এন্টাৰ টিপক MariaDB ৰ পৰা উলাবলৈ |
| 05:40 | আপুনি লগতে ইয়াত দেখুৱা ধৰণৰ অন্য এৰ’ৰ পাব পাৰে |
| 05:44 | আপুনি বাৰ্তা এটা পাব পাৰে যি কয় “An apache daemon is already running” |
| 05:50 | ই বুজায় ষ্টাৰ্ত আপ স্ক্ৰিপ্তে XAMPP-Apache ক আৰম্ভ নকৰিলে |
| 05:55 | ই সূচায় যে ইতিমধ্যে আন এটা Apache instance চলি আছে |
| 06:01 | XAMPP সঠিকভাবে আৰম্ভ কৰিবলৈ, আপুনি প্ৰথমে এই daemon ক বন্ধ কৰিব লাগিব |
| 06:06 | Apache বন্ধ কৰাৰ কমান্দ হৈছে:
sudo /etc/init.d/apache2 space stop |
| 06:19 | আপুনি বাৰ্তা এটা পাব পাৰে যি কয় MySQL daemon failed to start |
| 06:25 | ই বুজায় ষ্টাৰ্ত আপ স্ক্ৰিপ্তে MySQL ক আৰম্ভ নকৰিলে |
| 06:30 | ই সূচায় যে ইতিমধ্যে আন এটা দেতাবেচ instance চলি আছে |
| 06:36 | XAMPP সঠিকভাবে আৰম্ভ কৰিবলৈ, আপুনি প্ৰথমে এই daemon ক বন্ধ কৰিব লাগিব |
| 06:41 | এই কমান্দে MySQL বন্ধ কৰিব: sudo space /etc/init.d/mysql space stop |
| 06:54 | সকলো এৰ’ৰ সমাধান কৰক আৰু XAMPP ক সঠিকভাবে চলাওঁক |
| 06:59 | তেতিয়া আপোনাৰ ওৱেব ব্ৰাউজাৰলৈ যাওঁক আৰু পৃষ্ঠাটো ৰিফ্ৰেচ কৰক |
| 07:03 | যদি ভাষা নিৰ্বাচিত কৰিবলৈ দিয়ে, English বাচক |
| 07:08 | আমি এতিয়া ইউজাৰ এজন যোগ কৰিব লাগিব আৰু Moodle ৰ বাবে দেতাবেচ এটা বনাব লাগিব |
| 07:14 | আমি ইয়াক phpmyadmin ত কৰিম যি হৈছে MariaDB ৰ গ্ৰাফিকেল ইউজাৰ ইন্তাৰফেচ |
| 07:21 | ই XAMPP ইনষ্ট’লেচনৰ লগতে আহে |
| 07:25 | আহক ব্ৰাউজাৰলৈ ঘূৰি যাওঁ |
| 07:28 | XAMPP পৃষ্ঠাটোত, ওপৰৰ মেনুত, phpMyadmin ত ক্লিক কৰক |
| 07:34 | ওপৰৰ মেনুত User Accounts ক্লিক কৰক আৰু পাছত Add User Account ক্লিক কৰক |
| 07:42 | নতুনকৈ অহা উইন্দ’ত, আপোনাৰ পচন্দৰ ইউজাৰনেম এটা লিখক |
| 07:48 | মই লিখিম: moodle hyphen st মোৰ ইউজাৰনেম হিচাবে |
| 07:53 | Host দ্ৰপ-দাউন তালিকাৰ পৰা, Local বাচক |
| 07:57 | পাচৱৰ্দ টেকস্ত-বক্সত আপোনাৰ পচন্দৰ পাচৱৰ্দ এটা লিখক |
| 08:02 | মই লিখিম: moodle hyphen st মোৰ পাচৱৰ্দ হিচাবে |
| 08:07 | Re-type টেকস্তবক্সত একেটা পাচৱৰ্দ লিখক |
| 08:12 | Authentication Plugin অপচনক এনেদৰেই ৰাখক |
| 08:17 | Generate Password প্ৰমপ্তত এতিয়াৰ বাবে ক্লিক নকৰিব |
| 08:22 | Database for user account ৰ ভিতৰত, আমি অপচন দেখিছো- |
| 08:26 | Create database with same name and grant all privileges |
| 08:31 | আমি সেই অপচনটো চাম আৰু এই পৃষ্ঠাটোৰ তলত সোফালে Go বুটামত ক্লিক কৰিম |
| 08:38 | উইন্দ’খনৰ ওপৰত আমি বাৰ্তা এটা দেখিছো “You have added a new user” |
| 08:44 | ই বুজাই moodle-st নামৰ সৈতে এটা নতুন দেতাবেচ আৰু এজন ইউজাৰ moodle-st বনোৱা হ’ল |
| 08:54 | ইউজাৰনেম, পাচৱৰ্দ আৰু দেতাবেচ নামৰ এটা ন’ত বনাওঁক |
| 08:59 | এইবোৰ পাছত প্ৰয়োজন হ’ব Moodle ইনষ্ট’লেচন সম্পূৰ্ণ কৰিবলৈ |
| 09:04 | মনত ৰাখিব: দেতাবেচ নাম আৰু ইউজাৰনেম একে হ’ব নালাগে |
| 09:10 | ভিন্ন নাম হ’বলৈ, প্ৰথমে দেতাবেচ বনাওঁক আৰু তেতিয়া সেই দেতাবেচৰ বাবে এজন ইউজাৰ বনাওঁক |
| 09:18 | লগতে, নামকৰণ ৰূপান্তৰ অনুসৰি, ইউজাৰনেমৰ মাজত কোনো স্পেচ থাকিব নালাগিব |
| 09:25 | আমাৰ এতিয়া XAMPP চলি আছে আৰু দেতাবেচ প্ৰস্তুত আছে |
| 09:29 | আমি এতিয়া Moodle ইনষ্ট’ল কৰিবলৈ সাজু আছো |
| 09:32 | আমি পৰবৰ্ত্তী টিউট’ৰিয়েলত Moodle ইনষ্ট’লেচনৰ সৈতে আগবাঢ়িম |
| 09:37 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি |
| 09:41 | আহক মূলভাব চাওঁ |
| 09:43 | এই টিউট’ৰিয়েলত, আমি শিকিলো : |
| 09:45 | Moodle ইনষ্ট’ল কৰিবৰ বাবে প্ৰয়োজনীয় চৰ্তৰ বিষয়ে, |
| 09:49 | প্ৰয়োজনীয় চৰ্তসমূহ কেনেকৈ চাব লাগে, দেতাবেচ চেতাপ কৰিবলৈ আৰু ইউজাৰ এজন যোগ কৰিবলৈ |
| 09:57 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় |
| 10:03 | অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 10:06 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে |
| 10:11 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 10:15 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? |
| 10:18 | অনুগ্ৰহ কৰি http://forums.spoken-tutorial.org চাওঁক |
| 10:27 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে |
| 10:30 | আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 10:36 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
| 10:41 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
| 10:46 | ই অব্যৱস্থা কমোৱাত সহায় কৰিব |
| 10:48 | কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
| 10:54 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 11:01 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 11:06 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে |
| 11:10 | মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |