Moodle-Learning-Management-System/C2/Admin-dashboard/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Moodle ত Admin’s dashboard ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
Admin’s dashboard ৰ বিভিন্ন ব্লকচ, Admin’s প্ৰোফাইল পৃষ্ঠা আৰু preferences এদিত কৰিবলৈ |
00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS 16.04, Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা, Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
00:46 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:50 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
00:59 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ চিষ্টেমত Moodle 3.3 ইনষ্ট’ল থাকিব লাগিব । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
01:13 | ব্ৰাউজাৰলৈ যাওঁক আৰু moodle চাইতটো খোলক । XAMPP চাৰ্ভিচ চলি থকাটো নিশ্বিত কৰক |
01:21 | আপুনি মাত্ৰ header ৰ সৈতে খালি পৃষ্ঠা এটা দেখিব পাৰে । ইয়াৰ কাৰণ হৈছে আমি ইনষ্ট’লেচনৰ বাবে কোনো front পৃষ্ঠাচেত কৰা নাই |
01:33 | উইন্দ’ৰ ওপৰত সোঁফালে চুকত ল’গ ইন লিংকত ক্লিক কৰক |
01:39 | আপুনি Moodle ইনষ্ট’ল কৰাৰ সময়্ত দিয়া এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ ব্যৱ্হাৰ কৰি ল’গিন কৰক |
01:47 | মই লিখিম এদমিন ইউজাৰনেম হিচাবে আৰু Spokentutorial1@ পাচৱৰ্দ হিচাবে । তেতিয়া ল’গ ইন বুটামত ক্লিক কৰক |
01:59 | আমি এতিয়া দেখা পৃষ্ঠাটোকে ড্যাচব’ৰ্দ কোৱা হয় |
02:04 | আমি দেখিছো যে ড্যাচব’ৰ্দ দুটা ক’লামত বিভক্ত |
02:08 | বাওঁফালে বহলটো হৈছে, মূখ্য Content ক’লাম |
02:13 | সোঁফালৰটো হৈছে Blocks ক’লাম |
02:17 | ব্লকচ হৈছে এই ক’লামত আইতেমচ যি এটা নিৰ্দিষ্ট উদ্দেশ্য বা তথ্য সৰবৰাহ কৰে |
02:25 | Moodle ৰ সকলো পৃষ্ঠাতে ব্লকচ পোৱা যায় । আপুনি সিহঁতক আপোনাৰ কৌৰ্চৰ জটিল অংশৰ চৰ্তকাত হিচাবে ভাবিব পাৰে |
02:35 | উদাহৰণস্বৰূপে Private Files, Online Users, Course Overview ইত্যাদি হৈছে মোৰ ড্যাচব’ৰ্দৰ ব্লকচ |
02:46 | মন কৰিব ইয়াত কোনো ক্ৰিয়াকলাপ বা কৌৰ্চ নাই |
02:50 | ইয়াৰ কাৰণ আমি এতিয়ালৈকে কোনো কৌৰ্চ বনোৱা নাই |
02:56 | কৌৰ্চৰ এখন তালিকা দেখা যাব- যদি এজন ইউজাৰ (যেনে এজন শিক্ষক বা ষ্টুদেন্ত বা এদমিন) নথিভুক্ত হয় বা কৌৰ্চত এটা ভুমিকা দিয়া হয় |
03:08 | লগতে মন কৰিব যে অনলাইন ইউজাৰচ ব্লকে এদমিন ইউজাৰ দেখুৱায় যি হৈছে আমাৰ বৰ্তমানৰ ল’গিন |
03:17 | এই ব্লকে যিকোনো নিৰ্দিষ্ট সময়ত সকলো ল’গ ইন কৰা ইউজাৰক দেখুৱায় |
03:23 | Moodle ৰ প্ৰতিটো ব্লকৰ এটা নিৰ্দিষ্ট উদ্দেশ্য আছে । আমি Moodle ত যিকোনো পৃষ্ঠাৰ যিকোনো ক’লামত ব্লকচ যোগ কৰিব পাৰো |
03:34 | আহক এতিয়া পৃষ্ঠাটোৰ হেদাৰ চাওঁ |
03:38 | ওপৰত বাওঁফালে চুকত, আমি এখন Navigation Drawer বা Navigation menu দেখিছো । ই আমাক Calendar আৰু অন্য Administration লিংকচ এক্সেচ কৰিবলৈ সহায় কৰে । ই হৈছে এখন toggle menu |
03:55 | যি বুজায় ক্লিক কৰিলে ই ইয়াৰ ষ্টেতাচ অপেনৰ পৰা ক্ল’জলৈ সলায় আৰু এনেদৰেই যায় |
04:04 | তেতিয়া আমাৰ logo ৰ বাবে স্থানধাৰক আছে |
04:08 | দিফল্টভাবে, এইটো হৈছে চমু চাইত নেম । ইয়াত ক্লিক কৰিলে, আমাক যিকোনো পৃষ্ঠাৰ পৰা ড্যাচব’ৰ্দলৈ নিব |
04:18 | ওপৰত সোঁফালে, notifications আৰু বাৰ্তাৰ বাবে দ্ৰুত এক্সেচৰ আইকণচ আছে |
04:26 | তাৰ কাষত দ্ৰপ-দাউন ইউজাৰ মেনু আছে । ইয়াক লগতে কোৱা হয় quick access user menu |
04:35 | এই টিউট’ৰিয়েলটোত, আমি প্ৰোফাইল আৰু Preferences পৃষ্ঠাটো সংক্ষেপত আলোচনা কৰিম |
04:41 | এই সকলোবোৰ মেনু আইতেমচ লগতে toggle মেনু হয়, বাওঁফালে থকাৰ দৰে একেই |
04:48 | পাছত, প্ৰোফাইল লিংকত ক্লিক কৰক |
04:52 | Moodle ত প্ৰতিটো ইউজাৰৰ এটা প্ৰোফাইল পৃষ্ঠা থাকে |
04:57 | ইয়াত লিংক থাকে ইউজাৰৰ প্ৰোফাইল তথ্য এদিত কৰিবলৈ, তেওঁলোকৰ ফ’ৰাম বা blog posts চাবলৈ অনুমতি দিবলৈ |
05:07 | এক্সেচ থকা যিকোনো ৰিপ’ৰ্ত চাব পাৰে আৰু তাৰ এক্সেচ ল’গচ আৰু IP এদ্ৰেচ চাব পাৰে যি শেষৰ বাৰ ল’গিন কৰিবলৈ ব্যৱহৃত হৈছিলে |
05:18 | এতিয়া আহক এদিত প্ৰোফাইল লিংকত ক্লিক কৰো । এদিত প্ৰোফাইল পৃষ্ঠা খুলিছে |
05:26 | এই পৃষ্ঠাটো পাচটা চেকচনত বিভক্ত:
General, User Picture, Additional Names, Interests, Optional |
05:39 | দিফল্টভাবে, General চেকচন প্ৰসাৰিত হয় |
05:43 | যিকোনো চেকচন নেমত ক্লিক কৰিলে ই প্ৰসাৰিত বা সংকুচিত হয় |
05:49 | সোঁফালৰ ‘Expand all’ লিংকে, সকলো চেকচনক প্ৰসাৰিত কৰে |
05:55 | ইয়াৰ সকলো ফিল্দ এদিত কৰিব পাৰি |
05:59 | আহক City / Town যোগ কৰো । মই লিখিম Mumbai |
06:04 | Select a country দ্ৰপ-দাউনত India নিৰ্বাচিত হৈ থকাক আৰু timezone Asia/Kolkata চেত হৈ থকাক নিশ্বিত কৰক |
06:13 | এই প্ৰোফাইল পৃষ্ঠাত মাত্ৰ এদমিনেহে পাচৱৰ্দ সলাব পাৰে |
06:18 | মই অপচনেল চেকচনত কিছু ফিল্দ যোগ কৰিম |
06:22 | মই লিখিম IIT Bombay Institution ফিল্দত । লগতে, Mathematics Department ত আৰু এটা বৈধ ফোন নাম্বাৰ লিখিম ফোন নাম্বাৰ ফিল্দত |
06:36 | তেতিয়া পৃষ্ঠাটো ছেভ কৰিবলৈ Update Profile বুটামত ক্লিক কৰক |
06:42 | এতিয়া, ওপৰত সোঁফালে, পুনৰ quick access user menu ত ক্লিক কৰক । Preferences লিংকত ক্লিক কৰক |
06:51 | Preferences পৃষ্ঠাটোৱে ইউজাৰক বিভিন্ন চেতিংগচৰ দ্ৰুত এক্সেচ দিয়ে যি তেওঁলোকে এদিত কৰিব বিচাৰে |
06:59 | এটা এদমিন একাউন্টৰ বাবে Preferences পৃষ্ঠাটো চাৰিটা চেকচনত বিভক্ত:
User account, Roles, Blogs, আৰু Badges |
07:12 | User Account চেকচনে ইউজাৰক প্ৰোফাইল এদিত আৰু পাচৱৰ্দ সলাবলৈ অনুমতি দিয়ে |
07:19 | ই লগতে Language, Forum, Calendar, Message, Notification ইত্যাদিৰ বাবে preferences চেত কৰে |
07:30 | আহক Calendar preferences ক্লিক কৰো |
07:34 | আমি calendar ত সময়ক ২৪ ঘন্টাৰ ফৰ্মেতত দেখুৱাবলৈ চেত কৰিম |
07:40 | লগতে, আমি Upcoming events look-ahead ক 2 সপ্তাহলৈ চেত কৰিম |
07:46 | ই বুজায় পাছৰ ২ সপ্তাহত হ’ব লগা সকলো ইভেন্টৰ ন’তিফিকেচন আমি কেলেন্দাৰত দেখিম |
07:55 | মই সকলো ফিল্দৰ কাষত help আইকণক হাইলাইত কৰিব বিচাৰো |
08:00 | ইয়াত ক্লিক কৰিলে, help box এটা খুলিব সেই ফিল্দৰ বিষয়ে এটা চমু বিৱৰণৰ সৈতে |
08:08 | যিকোনো ফিল্দৰ বিষয়ে সন্দেহ হ’লে, সদায় help আইকণত ক্লিক কৰিব ইয়াৰ গুৰূত্ব বুজিবলৈ |
08:16 | আন সকলো অপচনক তেনেদৰেই থাকিব দিয়ক । Save Changes বুটামত ক্লিক কৰক |
08:23 | আমি বাকীথকা প্ৰিফাৰেঞ্চসমূহ পাছত এই চিৰিজত বৈশিষ্ট্যসমূহ আলোচনা কৰোতে চাম |
08:30 | ইয়াত তথ্যটো মন কৰক |
08:33 | এইটো হৈছে breadcrumb navigation । ই এটা দৰ্শন সহায়ক যি সূচায় আমি Moodle চাইতৰ শ্ৰেণীবিন্যাসৰ কোনটো পৃষ্ঠাত আছো |
08:45 | ই আমাক এটা উচ্চ-স্তৰৰ পৃষ্ঠালৈ মাত্ৰ এটা একক ক্লিকতে ঘূৰি যাবলৈ সহায় কৰে |
08:51 | ড্যাচব’ৰ্দলৈ ঘূৰি যাবলৈ breadcrumbs ত ড্যাচব’ৰ্দ লিংকত ক্লিক কৰক |
08:57 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
09:03 | এই টিউট’ৰিয়েলত, আমি শিকিলো:
Admin’s dashboard ৰ বিভিন্ন ব্লকচ, Admin’s প্ৰোফাইল পৃষ্ঠা আৰু preferences এদিত কৰিবলৈ |
09:16 | আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।
Message Preferences ক্লিক কৰক । Moodle ইউজাৰে এজনে আনজনক ব্যক্তিগত বাৰ্তা পঠাব পাৰে |
09:27 | মই মোৰ বাৰ্তাসমূহ ইমেইল হিচাবে পঠাব নিবিচাৰো, আনকি মই অফলাইন হৈ থাকোতেওঁ |
09:33 | অনলাইন আৰু অফলাইন হেল্প বক্সত চাওঁক আৰু চেতিংগচ সঠিক হোৱাতো নিশ্বিত কৰক |
09:40 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
09:48 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
09:57 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
10:01 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
10:15 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো |
10:24 | সংযোগ কৰাৰ বাবে ধন্যবাদ |