Linux/C3/The-grep-command/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | grep ক’মান্দৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত আমি grep ক’মান্দ শিকিম |
00:09 | আমি ইয়াক কিছু উদাহৰণৰ সহায়ত কৰিম |
00:11 | এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো |
00:15 | উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) |
00:20 | আৰু GNU বেচ (BASH) ভাৰ্চন 4.2.24 |
00:24 | মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব |
00:32 | আগতীয়াকৈ আপুনি লিনাক্স টাৰ্মিনেলৰ (Linux terminal) মূল জানিব লাগিব |
00:36 | সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি দৰ্শিত ধৰণে আমাৰ ওৱেবচাইত চাওঁক |
00:41 | প্ৰথমতে আহক আমি ৰেগুলাৰ এক্সপ্ৰেচনচৰ (regular expressions) বিষয়ে জানো |
00:45 | ৰেগুলাৰ এক্সপ্ৰেচনচ হৈছে পেতাৰ্ন মিলোৱা কৌশল |
00:50 | যেতিয়া আমি এটা শাৰী, পাৰাগ্ৰাফ বা এটা ফাইলত পেতাৰ্ন এটা অৱস্থিত নেকি চাব লাগে |
00:56 | উদাহৰণস্বৰূপে যদি আপুনি টেলিফোন দাইৰেক্তৰীত ফোন নাম্বাৰ এটা বিচাৰিব খোজে |
01:02 | বা পাৰাগ্ৰাফ এটাত বা শাৰী এটাত কীওৱৰ্দ এটা বিচাৰিবলৈ, আমি grep ক’মান্দ (command) ব্যৱ্হাৰ কৰো । আহক আমি grepলৈ যাওঁ |
01:11 | grepএ এটা বা অধিক শাৰী, পাৰাগ্ৰাফচ বা ফাইল এটাত এটা বা অধিক পেতাৰ্নচ বিচাৰে |
01:17 | যদি ফাইল নামটো উল্লেখ নাথাকে, grepএ ষ্টেনদাৰ্দ ইনপুতটোত পেতাৰ্নচ বিচাৰে |
01:23 | যদি ফাইল নামটো হেৰায়, grepএ ষ্টেনদাৰ্দ ইনপুতটোত পেতাৰ্নচ বিচাৰে |
01:30 | মই grepৰ ব্যৱ্হাৰক grepdemo.txt নামৰ দেম’ ফাইল এটা ব্যৱ্হাৰ কৰি ব্যাখ্যা কৰিম |
01:37 | আহক আমি ফাইলটোৰ উপাদান চাওঁ |
01:40 | এই ফাইলটোত তেৰটা এনত্ৰি আছে |
01:44 | প্ৰত্যেকটো এনত্ৰিত ছ্টা ফিল্দ আছে: ৰোল নাম্বাৰ, নেম, ষ্ট্ৰিম, মাৰ্কচ আৰু ষ্টিপেন্দ (stipend) এমাউন্ত |
01:52 | ফিল্দসমূহ বাৰ এটাৰ দ্বাৰা পৃথক কৰা হৈছে, যাক এটা দিলিমিতাৰ (delimiter) বুলি কোৱা হয় |
01:56 | আহক আমি grepএ কেনেদৰে কাম কৰে চাওঁ |
02:00 | ধৰক আমি grep ক’মান্দ (command) ব্যৱ্হাৰ কৰিব বিচাৰিছো, কম্পিউতাৰচ (computers) ষ্ট্ৰিমৰ ষ্টুদেন্তচ কোন হয় চাবলৈ |
02:07 | ইয়াৰ বাবে আমি টাৰ্মিনেলটো (terminal) খুলিব লাগিব |
02:10 | গতিকে আপোনাৰ কীবৰ্দত Ctrl + Alt আৰু T কীজ একেলগে টিপক |
02:16 | এতিয়া টাৰ্মিনেলত (terminal) লিখক: |
02:18 | grep স্পেচ (space) (দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত) কম্পিউতাৰচ (computers) দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
02:27 | এন্টাৰ টিপক । ই সেই এনত্ৰিসমূহ তালিকাভুক্ত কৰিব যাৰ ষ্ট্ৰিমটো কম্পিউতাৰচ (computers) হয় |
02:33 | এতিয়া ফলাফলটো প্ৰকৃত ফাইলটোৰ সৈতে তুলনা কৰক |
02:37 | আমাৰ টেকস্ত এদিতৰটোলৈ ঘূৰি আহো |
02:40 | আমি দেখিছো যে জুবিনৰ (Zubin) এনত্ৰিটো তালিকাভুক্ত হোৱা নাই |
02:45 | এইটো কিয় হ’ল? কাৰণ grepএ “computers” পেতাৰ্নক সৰুফলা cৰ সৈতে বিচাৰিছিলে |
02:52 | কিন্তু জুবিনৰ (Zubin) বাবে, ষ্ট্ৰিমটো “Computers” এটা বৰফলা Cৰ সৈতে |
02:57 | পেতাৰ্ন মিলোৱাটো কেচ চেনচিতিভ (case sensitive) হয় |
03:00 | ইয়াক কেচ ইনচেনচিতিভ (case insensitive) কৰিবলৈ, আমি grepৰ সৈতে মাইনাচ (minus) i (-i) অপচনটো ব্যৱ্হাৰ কৰিব লাগিব |
03:06 | আমাৰ টাৰ্মিনেলটোলৈ ঘূৰি আহো, এতিয়া লিখক:grep স্পেচ (space) (মাইনাচ) i স্পেচ (space) (দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত) “computers” দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
03:20 | এন্টাৰ (Enter) টিপক । ই এতিয়া চাৰিওটা এনত্ৰি তালিকাভুক্ত কৰিব |
03:25 | গতিকে আমি দেখিলো, grep এ মাত্ৰ সেই ফাইলৰ শাৰীহে তালিকাভুক্ত কৰে যি প্ৰদত্ত পেতাৰ্ন এটাৰ লগত মিলে |
03:32 | আমি ওলোতাটো কৰিব পাৰো |
03:34 | grep ৰদ্বাৰা মাত্ৰ সেইখিনি শাৰীহে তালিকাভুক্ত কৰাব পাৰি যি পেতাৰ্নটোৰ লগত নিমিলে |
03:40 | তাৰ বাবে আমাৰ মাইনাচ (minus) v অপচনটো আছে |
03:43 | ধৰক, আমি সেইখিনি ষ্টুদেন্তৰ এনত্ৰিক তালিকাভুক্ত কৰিব বিচাৰিছো যোনে পাচ কৰা নাই |
03:48 | আমি লগতে এই ফলাফলক আন এটা ফাইলত জমা কৰিব পাৰো |
03:52 | ইয়াৰ বাবে লিখক: grep স্পেচ (space) মাইনাচ (minus) iv স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত pass দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt স্পেচ (space) গ্ৰেতাৰ দেন চিহ্ন স্পেচ (space) notpass.txt |
04:11 | এন্টাৰ (Enter) টিপক । ফাইলটোৰ উপাদান চাবলৈ, লিখক: কেত (cat) স্পেচ (space) notpass.txt |
04:20 | এন্টাৰ (Enter) টিপক । আউতপুতটো দৰ্শিত হৈছে |
04:24 | এতিয়া প্ৰমপ্তত (prompt) লিখক: |
04:26 | grep স্পেচ (space) মাইনাচ (minus) i স্পেচ (space)' দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত fail দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
04:37 | আৰু এন্টাৰ (Enter) টিপক । এইটো বেলেগ |
04:41 | ই সেইখিনি ষ্টুদেন্তক ল’ব যোনে ফেইল কৰিলে কিন্তু সিহতৰ ফলাফলটো অসম্পূৰ্ণ |
04:46 | যদি আমি ফাইলটোত শাৰী সংখ্যাটো চাব বিচাৰো য’ত তালিকাভুক্ত এনত্ৰিসমূহ আছে, আমাৰ মাইনাচ (minus) n অপচনটো আছে |
04:54 | আহক আমি প্ৰমপ্তটো খালী কৰো |
04:58 | এতিয়া লিখক grep স্পেচ (space) -in স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত "fail" দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt. |
05:09 | এন্টাৰ (Enter) টিপক |
05:11 | শাৰী সংখ্যাটো দৰ্শিত হৈছে |
05:15 | এতিয়ালৈকে পেতাৰ্নসমূহ একক শব্দৰ |
05:18 | আমাৰ লগতে একাধিক-শব্দৰ পেতাৰ্নো থাকিব পাৰে |
05:21 | কিন্তু গোটেই পেতাৰ্নটো উৰ্দ্ধক’মাৰ ভিতৰত থাকিব লাগিব |
05:24 | গতিকে, লিখক: grep স্পেচ (space) মাইনাচ (minus) i স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত ankit স্পেচ (space) saraf দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
05:38 | এন্টাৰ (Enter) টিপক |
05:40 | আমি দেখিছো যে অংকিত চাৰফৰ (Ankit Saraf)' ৰেকৰ্দটো দৰ্শিত হৈছে |
05:44 | আমি লগতে একাধিক ফাইলত পেতাৰ্নচ বিচাৰিব পাৰো |
05:48 | ইয়াৰ বাবে, লিখক: grep স্পেচ (space) মাইনাচ (minus) i স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত fail দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt স্পেচ (space) notpass.txt |
06:03 | এন্টাৰ (Enter) টিপক । আউতপুতটো দৰ্শিত হৈছে |
06:07 | একাধিক ফাইলচৰ সৈতে, grepএ ফাইলটোৰ নামটো লিখিব য’ত এনত্ৰিটো পাইছিলে । grepdemo.txt আৰু notpass.txt |
06:18 | এই ৰেকৰ্দসমূহ হৈছে notpass.txt ফাইলৰ আৰু এই ৰেকৰ্দসমূহ হৈছে grepdemo.txt ফাইলৰ |
06:26 | ধৰক, আমি মাত্ৰ মিলাৰ সংখ্যাটো (number of matches) বা কাউন্তটো (count)জানিব বিচাৰিছো |
06:31 | তাৰ বাবে, আমাৰ মাইনাচ (minus) c অপচনটো আছে |
06:35 | গতিকে, লিখক: grep স্পেচ (space) মাইনাচ (minus) c স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত Fail এটা বৰফলা Fৰ সৈতে দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
06:48 | এন্টাৰ (Enter) টিপক |
06:50 | ই আমাক মিলা শাৰীৰ সংখ্যাৰ কাউন্তটো (count) দিব |
06:55 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:59 | আহক মূলভাব চাওঁ |
07:01 | এই টিউট’ৰিয়েলটোত আমি শিকিলো: |
07:03 | ফাইল এটাৰ উপাদানসমূহ চাবলৈ যেনে কেত ফাইলনেম (cat filename) |
07:07 | এটা নিৰ্দিষ্ট ষ্ট্ৰিমৰ এনত্ৰিসমূহ তালিকাভুক্ত কৰিবলৈ যেনে grep “computers” grepdemo.txt |
07:14 | কেচক অৱজ্ঞা কৰিবলৈ যেনে grep -i “computers” grepdemo.txt |
07:21 | শাৰীসমূহ যি পেতাৰ্নটোৰ লগত নিমিলে যেনে grep -iv “pass” grepdemo.txt |
07:30 | এনত্ৰিসমূহৰ সৈতে শাৰীৰ সংখ্যাক তালিকাভুক্ত কৰিবলৈ যেনে grep -in “fail” grepdemo.txt |
07:38 | ফলাফলটো আন এটা ফাইলত জমা কৰিবলৈ যেনে grep -iv “pass” grepdemo.txt > notpass.txt |
07:50 | আৰু কাউন্তটো জানিবলৈ যেনে grep -c “Fail” grepdemo.txt |
07:57 | এটা এচাইনমেন্ত হিচাবে, কিছু অন্য ক’মান্দচ চাওঁক যেনে -E, + আৰু ? |
08:04 | তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক |
08:06 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
08:10 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে |
08:14 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
08:16 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
08:19 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
08:23 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক |
08:30 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
08:33 | ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
08:40 | এই মিচনৰ বিষয়ে অধিক তথ্য http://spoken-tutorial.org\NMEICT-Intro ত উপলদ্ধ |
08:45 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |