Linux/C2/Working-with-Linux-Process/Assamese
From Script | Spoken-Tutorial
Working-with-Linux-Process/English-Assamese-timed
|
|
00:00 | লিনাক্স প্ৰচেচত কাম কৰা সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ আপোনাক স্বাগতম। |
00:05 | মই উবুণ্টু 10.04 ব্যৱহাৰ কৰিছোঁ। |
00:09 | ধৰি লৈছোঁ যে আপুনি লিনাক্স অপাৰেটিং চিষ্টেমত কেনেকৈ আৰম্ভণি কৰিব পাৰে সেই বিষয়ে জানে আৰু লগতে কমাণ্ড সম্পৰ্কীয় কিছু প্ৰাথমিক ধাৰণা আপোনাৰ আছে। |
00:16 | যদি আপুনি আগ্ৰহী, তেনেহ’লে এই বিষয়ে অন্য এটা কথন প্ৰশিক্ষণ এই ৱেবচাইটত আছে: |
00:28 | মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ। অন্য ধৰণে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলোবোৰ কমাণ্ড সৰুফলা আখৰত অৰ্থাৎ ল’ৱাৰ কেচত ৰখা হৈছে। |
00:38 | প্ৰচেচ কি, এই বিষয়ে জনাবলৈ মই অকণমান ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ। |
00:42 |
লিনাক্সত চালিত হোৱা যিকোনোৱেই হৈছে একোটা প্ৰচেচ। |
00:46 |
চালিত হোৱা আৰু আমাৰ কমাণ্ড গ্ৰহণ কৰা shell হৈছে এটা প্ৰচেচ। |
00:51 | টাৰমিনেলত আমি টাইপ কৰা কমাণ্ডবোৰ যেতিয়া চালিত হয়, তেতিয়া সেইবোৰ হয় প্ৰচেচ। |
00:56 | আপুনি চাই থকা প্ৰশিক্ষণৰ এই ভিডিঅ’টো হৈছে এটা প্ৰচেচ। |
01:00 | আপুনি কথন প্ৰশিক্ষণৰ ৱেবচাইটটো খোলা ব্ৰাউজাৰটো হৈছে এটা প্ৰচেচ। |
01:05 | চলি থকা shell scripts-বোৰ হৈছে প্ৰচেচ আৰু এনেকুৱা বহুতো উদাহৰণ আছে। |
01:11 | কাৰ্যকৰী কৰা এটা প্ৰগ্ৰেম অৰ্থাৎ যিটো প্ৰগ্ৰাম চলি আছে, তাক প্ৰচেচ বুলি ক’ব পৰা যায়। |
01:17 | প্ৰচেচবোৰ আমাৰ দৰে একেই। সেইবিলাকৰ জন্ম হয়, মৰে। সেইবিলাকৰ পিতৃ-মাতৃ আৰু সন্তান থাকে। |
01:28 | প্ৰথমতে আহক, shell process-অৰ বিষয়ে শিকোঁ। |
01:31 | আমি লগিন কৰাৰ লগে লগে লিনাক্স কাৰনেলে shell process আৰম্ভ কৰে। |
01:36 | এই মুহূৰ্তত ইমানেই জনাটো যথেষ্ট যে লিনাক্স কাৰনেলেই হৈছে লিনাক্স অপাৰেটিং চিচটেমৰ প্ৰধান অংগ। |
01:43 | লিনাক্সক চলিবলৈ সক্ষম কৰোৱা আটাইতকৈ দৰকাৰী উপাদানবোৰ ইয়াতে থাকে। shell-এ অন্যান্য ইউজাৰ কমাণ্ড প্ৰচেচবোৰ তৈয়াৰ কৰে বা জন্ম দিয়ে। |
01:53 | আহক, আমি এটা টাৰমিনেল খোলো। |
01:57 | টাৰমিনেলত এটা ডলাৰ চিহ্নৰ ৰূপত আমি কমাণ্ড প্ৰম্পট্ দেখিবলৈ পাওঁ। |
02:03 | Shell process-ৰ এইটোৱেই হ’ল কাম। |
02:07 | এতিয়া, আহক আমি যিকোনো এটা কমাণ্ড টাইপ কৰোঁ, ধৰক— “date” আৰু এণ্টাৰ টিপি দিওঁ। |
02:13 | লগে লগেই shell process-এ date নামৰ এটা প্ৰচেচ তৈয়াৰ কৰিব। |
02:18 | এতিয়া, যিহেতু শ্বেল প্ৰচেচে ডেট প্ৰচেচক জন্ম দিলে, সেয়েহে আমি ক’ব পাৰোঁ যে শ্বেল প্ৰচেচ হৈছে ডেট প্ৰচেচৰ পিতৃ আৰু ডেট প্ৰচেচ হৈছে শ্বেল প্ৰচেচৰ সন্তান। |
02:30 | ডেট প্ৰচেচে এবাৰ চিষ্টেমৰ তাৰিখ আৰু সময় দেখুওৱাৰ পিছতে ই মৰি যায়। |
02:40 | এটা শ্বেলে অন্য এটা শ্বেল প্ৰচেচৰ জন্ম দিবও পাৰে। প্ৰচেচ জন্ম দিয়া বা তৈয়াৰ কৰাক spawning a process বুলিও কোৱা হয়। |
02:50 | আন এটা শ্বেল প্ৰচেচ spawn কৰিবৰ বাবে, টাৰমিনেললৈ যাওক আৰু “sh” টাইপ কৰি এণ্টাৰ টিপক। |
03:00 | আমি টাৰমিনেলত এটা নতুন প্ৰম্পট্ ওলাই অহা দেখিবলৈ পাম। এতিয়া আমাৰ প্ৰথমৰ শ্বেলটো— ইয়াক shell 1 বুলি নামকৰণ কৰি লওঁ, ই এটা সন্তান শ্বেল বা sub shell-অৰ জন্ম দিব। আহক, ইয়াক shell 2 বুলি নামকৰণ কৰোঁ। |
03:13 | এতিয়া আপুনি নতুন কমাণ্ড প্ৰম্পটতো কমাণ্ড চলাব পাৰে। আহক এই নতুন কমাণ্ড প্ৰম্পটত ls কমাণ্ডটো চলাওঁ। |
03:20 | কমাণ্ড প্ৰম্পটত টাইপ কৰক— ls আৰু এণ্টাৰ টিপি দিয়ক। আমি ফাইল আৰু ডাইৰেক্টৰীৰ এখন তালিকা দেখিবলৈ পাওঁ। |
03:32 | ls নামেৰে এটা নতুন প্ৰচেচ তৈয়াৰ হ’ল। |
03:35 | ইয়াত, shell 2 হৈছে ls-অৰ পিতৃ আৰু shell 1 হৈছে ls-অৰ বৃদ্ধপিতৃ। ls হৈছে shell 2-ৰ সন্তান আৰু shell 2 হৈছে shell 1-ৰ সন্তান। |
03:56 | Shell 2-ক ধ্বংস কৰিবলৈ নতুন প্ৰম্পটত টাইপ কৰক— exit আৰু এণ্টাৰ টিপি দিয়ক। |
04:04 | ইয়ে shell 2-ক ধ্বংস কৰিব আৰু আমি আমাৰ প্ৰথমৰ কমাণ্ড প্ৰম্পটটো ঘূৰাই পাম। |
04:12 | আমাৰ আৰু প্ৰচেচৰ মাজৰ তুলনা চলাই থাকিলে পাওঁ, আমি জানো যে আমাৰ প্ৰত্যেকৰে এনেকুৱা কিছুমান বৈশিষ্ট্য আছে যিবোৰে আমাৰ পৰিচয় দাঙি ধৰে। এই বৈশিষ্ট্যবোৰ হ’ব পাৰে আমাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্মৰ তাৰিখ, পেন কাৰ্ডৰ নম্বৰ আদি। |
04:26 | একেদৰে প্ৰচেচবোৰৰো কিছুমান বৈশিষ্ট্য থাকে, যেনে— PID (Process ID), PPID (Parent Process ID), Start time আদি। |
04:38 | বেছিভাগ বৈশিষ্ট্য কাৰনেলে এখন প্ৰচেচ টেবুলত প্ৰতিপালন কৰে। |
04:43 | PID নামৰ এটা একক পূৰ্ণসংখ্যাই প্ৰত্যেকটো প্ৰচেচক এককভাৱে চিনাক্ত কৰে। প্ৰচেচ এটা জন্ম হোৱাৰ লগে লগে কাৰনেলে PID আৱণ্টন কৰে। |
04:51 | যেতিয়া পিতৃ প্ৰচেচে এটা নতুন প্ৰচেচ, ধৰা হওক P1, উৎপন্ন কৰে, তেতিয়া তাক P1 প্ৰচেচৰ PPID বুলি কোৱা হয়। |
05:00 | প্ৰম্পটত বৰ্তমানৰ শ্বেলটোৰ PID চাবৰ বাবে টাইপ কৰক— “echo space dollar dollar” আৰু এণ্টাৰ টিপি দিয়ক। |
05:11 | এটা সংখ্যা প্ৰদৰ্শিত হ’ব। এইটোৱেই হৈছে বৰ্তমানৰ শ্বেলটোৰ PID। |
05:23 | প্ৰচেচৰ বিষয়ে কথা পাতোঁতে এটা কমাণ্ড আমি বহুলভাৱে ব্যৱহাৰ কৰিম, সেইটো হৈছে ps কমাণ্ড। |
05:29 | ps বা process status কমাণ্ডে চিষ্টেমত চলি থকা প্ৰচেচটো প্ৰদৰ্শন কৰে। |
05:34 | কোনো ধৰণৰ বিকল্প নোহোৱাকৈ এই কমাণ্ডটো চলালে কি ঘটিব সেয়া চাওঁ আহক। |
05:40 | কমাণ্ড প্ৰম্পটত টাইপ কৰক ps আৰু এণ্টাৰ টিপি দিয়ক। |
05:47 | এই ধৰণে সাধাৰণতে আমি প্ৰগামটো চলাই থকা ব্যৱহাৰকাৰীৰ অধীন সকলোবোৰ প্ৰচেচৰ তালিকা এখন দেখা পাওঁ। |
05:54 | প্ৰচেচৰ নামটো আপুনি CMD হেডিঙৰ তলত চাব পাৰে। |
05:58 | এইটোৰ বাহিৰে, আপুনি PID, TTY বা প্ৰচেচটো চলি থকা console চাব পাৰে TIME-অৰ জৰিয়তে। |
06:06 | সেইটো হৈছে মুঠ প্ৰচেচৰ সময় যিটো প্ৰচেচ আৰম্ভ হোৱৰ পৰা ব্যৱহৃত হৈছে। |
06:12 | মোৰ মেচিনত দুটা প্ৰচেচ প্ৰদৰ্শিত হৈছে। |
06:16 | এটা হৈছে bash, অৰ্থাৎ আমি ব্যৱহাৰ কৰি থকা শ্বেল প্ৰচেচটো। অন্যটো হৈছে ps প্ৰচেচ নিজেই। |
06:25 | মন কৰিবলগীয়া আন এটা দৰকাৰী কথা হৈছে যে শ্বেল প্ৰচেচৰ PID, echo space dollar dollar কমাণ্ডে প্ৰদৰ্শন কৰাটোৰ সৈতে একে। |
06:35 | যদি আমি এটা subshell উৎপন্ন কৰোঁ, কি হ’ব চাও আহক। টাৰমিনেলত sh টাইপ কৰি এণ্টাৰ টিপক। |
06:42 | নতুন লাইনত অহা নতুন প্ৰম্পটত ps টাইপ কৰি এণ্টাৰ টিপক। |
06:51 | এতিয়া তালিকাখনত আমি তিনিটা প্ৰচেচ দেখা পাম। sh প্ৰচেচটো যোগ হৈ গৈছে। |
06:57 | ইয়াত আকৌ লক্ষ্য কৰক যে bash প্ৰচেচৰ PID আগৰটোৰ দৰে একে। |
07:05 | পৰৱৰ্তী পৰ্যায়ত আমি দেখিম যে ps-অৰ বহুতো অপশ্যন আছে। আমি প্ৰথমে দেখিম যে প্ৰথম অপশ্যনে তালিকাভুক্ত প্ৰচেচৰ বহুতো বৈশিষ্ট্য প্ৰদৰ্শন কৰে। |
07:13 | এতিয়া প্ৰম্পটত “ps space minus f” টাইপ কৰি এণ্টাৰ টিপক। আগৰ বাৰত কৰাৰ দৰে ই আকৌ তিনিটা প্ৰচেচক তালিকাভুক্ত কৰিব। |
07:28 | Bash, sh and ps -f. |
07:31 | একমাত্ৰ পাৰ্থক্যটো হৈছে এতিয়া বেছি বৈশিষ্ট্য তালিকাভুক্ত হৈছে। |
07:36 | UID-এ প্ৰচেচ আৰম্ভ কৰা ব্যৱহাৰকাৰীৰ ইউজাৰনেমটো দিয়ে। ইয়াৰ উপৰি ই PPID অৰ্থাৎ এই প্ৰচেচটো তৈয়াৰ কৰা পিতৃ-প্ৰচেচৰ PID প্ৰদৰ্শন কৰে। |
07:47 | উদাহৰণ স্বৰূপে, চাওক যে bash প্ৰচেচ হৈছে sh প্ৰচেচৰ পিতৃ, গতিকে bash-অৰ PID আৰু sh-অৰ PPID একে। |
08:00 | একেদৰে, যিহেতু sh প্ৰচেচ হৈছে ps প্ৰচেচৰ পিতৃ, গতিকে sh প্ৰচেচৰ PID আৰু ps –f প্ৰচেচৰ PPID একে। |
08:17 | C-এ প্ৰচেচৰৰ ব্যৱহাৰক সূচায়। বৰ্তমান এইটো হৈছে প্ৰচেচটোৰ জীৱনকালত প্ৰচেচৰৰ শতাংশ ব্যৱহাৰৰ integer value। |
08:26 | এই ক্ষেত্ৰত ব্যৱহাৰ নধৰ্তব্য হোৱা বাবে ই 0 প্ৰদৰ্শন কৰিব। |
08:32 | STIME ফিল্ডে প্ৰচেচটো আৰম্ভ হোৱা সময়টো দিয়ে। ps চলোৱাৰ সময়ত আমি বাকীখিনি দেখি আহিছোঁৱেই। |
08:42 | প্ৰছেচ দুই প্ৰকাৰৰ৷ প্ৰথমবিধ হৈছে ইউজাৰ প্ৰচেচ৷ এইবোৰ ব্যৱহাৰকাৰীয়ে আৰম্ভ কৰে৷ |
08:49 | উদাহৰণ স্বৰূপে, ps-অৰ কথা ক’ব পাৰো বা এই কাৰণত টাৰমিনেলত আমি চলোৱা অন্য কমাণ্ডবোৰ। |
08:54 | দ্বিতীয়বিধ হৈছে চিষ্টেম প্ৰচেচ। সেইবোৰ চিষ্টেম আৰম্ভ কৰাৰ সময়ত বা ব্যৱহাৰকাৰীয়ে লগিন কৰাৰ সময়ত চিষ্টেমে আৰম্ভ কৰে। |
09:05 | চিচটেম প্ৰচেচৰ এটা উদাহৰণ bash হ’ব পাৰে। |
09:09 | কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ— চিষ্টেম প্ৰচেচ আৰু লগতে ইউজাৰ প্ৰচেচ চাব বিচাৰিব পাৰোঁ। |
09:17 | তেতিয়া আমি minus e বা minus capital A আপশ্যন ব্যৱহাৰ কৰোঁ৷ |
09:23 | টাৰমিনেললৈ যাওক আৰু প্ৰম্পটত টাইপ কৰক— “ps space minus e” আৰু এণ্টাৰ টিপি দিয়ক। |
09:32 | আমি প্ৰচেচৰ এখন বহুত ডাঙৰ তালিকা দেখিবলৈ পাও৷ |
09:35 | বহুপৃষ্ঠাযুক্ত প্ৰদৰ্শন পাবৰ বা প্ৰম্পটত টাইপ কৰক— |
09:40 | “ps space minus e space vertical bar space more” আৰু এণ্টাৰ টিপি দিয়ক। |
09:52 | আমি আগতে দেখাৰ দৰে, যদি বহুতো প্ৰচেচ তালিকাভুক্ত কৰিবলগা হয় আৰু সেয়া এখন উইণ্ডত নাটে, তেনেহ’লে more অপশ্যন আহে। |
09:58 | এণ্টাৰ টিপি আমি প্ৰচেচৰ তালিকাখন স্ক্ৰল কৰি চাব পাৰোঁ। |
10:03 | তালিকাৰ প্ৰথমটো প্ৰচেচ আমোদজনক। ইয়াক init প্ৰচেচ বুলি কোৱা হয়। |
10:09 | ইয়াৰ পৰাই প্ৰায় সকলোবোৰ প্ৰচেচ উৎপন্ন হয় |
10:12 | ইয়াৰ এটা 1 বিশিষ্ট PID আছে৷ |
10:16 | প্ৰম্পটলৈ ঘূৰি যাবলৈ q টিপক। |
10:24 | গতিকে এই প্ৰশিক্ষণত আমি প্ৰচেচ, শ্বেল প্ৰচেচ, প্ৰচেচৰ উৎপাদন, প্ৰচেচৰ বৈশিষ্ট্য আৰু বিভিন্ন প্ৰকাৰৰ প্ৰচেচৰ বিষয়ে শিকিলো। |
10:37 | আমি ps কমাণ্ডৰ ব্যৱহাৰো শিকিলো। ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি মাৰিব বিচাৰিছোঁ। |
10:45 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
10:55 | এই সম্পৰ্কত অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ৱেবচাইটত পোৱা যাব। |
11:07 | আৰু এয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা।
যোগদানৰ বাবে ধন্যবাদ। |