Linux/C2/Desktop-Customization-16.04/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ আৰু উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেমত দেস্কট’প কাষ্ট’মাইজেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:11 | এই টিউট’ৰিয়েলটোত আমি শিকিম ল’ঞ্চাৰৰ বিষয়ে আৰু কেনেকৈ ল’ঞ্চাৰত এপ্লিকেচনচ ৰিম’ভ আৰু এদ কৰা হয় |
| 00:21 | বহুতো দেস্কট’প ব্যৱ্হাৰ কৰা, দেস্কট’পৰ থিম সলোৱা |
| 00:27 | ইন্টাৰনেত কানেক্তিভিতি, চাউন্দ চেতিংগচ |
| 00:32 | টাইম আৰু দেত চেতিংগচ আৰু অন্য ইউজাৰ একাউন্টলৈ যোৱা |
| 00:39 | এই টিউট’ৰিয়েলটোৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম ব্যৱ্হাৰ কৰিছো |
| 00:46 | আহক ল’ঞ্চাৰৰ সৈতে আৰম্ভ কৰো |
| 00:49 | ল’ঞ্চাৰ হৈছে উবুন্তো লিনাক্স দেস্কট’পত বাওঁফালে থকা দিফল্ট পেনেল, য’ত কিছুমান দিফল্ট এপ্লিকেচনচ থাকে |
| 00:59 | ল’ঞ্চাৰে সঘনাই ব্যৱহৃত হোৱা এপ্লিকেচনচ এক্সেচ কৰিবলৈ সহজ কৰে |
| 01:05 | গতিকে, আমি ল’ঞ্চাৰত দেস্কট’প চৰ্তকাতত ক্লিক কৰি প্ৰোগ্ৰাম এটা ল’ঞ্চ কৰিব পাৰো |
| 01:12 | দিফল্টভাবে, ল’ঞ্চাৰত কিছুমান এপ্লিকেচনচ থাকে |
| 01:17 | আহক আমি নিজৰ প্ৰয়োজন অনুসৰি ল’ঞ্চাৰক কাষ্ট’মাইজ কৰিবলৈ শিকো |
| 01:22 | মোৰ দৈনিক কামৰ বাবে, মোক এপ্লিকেচনচ লাগে যেনে টাৰ্মিনেল, লিবৰেঅফিচ ৰাইতাৰ, gedit ইত্যাদি |
| 01:34 | আহক এই এপ্লিকেচনচ ল’ঞ্চাৰত যোগ কৰো |
| 01:38 | তাক কৰাৰ আগতে, মই কিছুমান এপ্লিকেচনচ আতৰাম যি মোক নালাগে |
| 01:44 | ধৰক মই ল’ঞ্চাৰৰ পৰা Amazon এপ্লিকেচনটো আতৰাব বিচাৰো |
| 01:49 | Amazon এপ্লিকেচন আইকনলৈ যাওঁক, ৰাইত-ক্লিক কৰক আৰু আনল’ক ফ্ৰম ল’ঞ্চাৰ বাচক |
| 01:58 | আপুনি দেখিছে যে ল’ঞ্চাৰৰ পৰা Amazon এপ্লিকেচন আইকন আতৰিছে |
| 02:04 | একেদৰেই, আমি সকলো চৰ্তকাত আতৰাব পাৰো যাক আমি সঘনাই ব্যৱ্হাৰ নকৰো |
| 02:11 | মই ইয়াত ল’ঞ্চাৰৰ পৰা কিছুমান এপ্লিকেচনচ আতৰালো, যি আপুনি দেখিছে |
| 02:17 | এতিয়া, মই ল’ঞ্চাৰত টাৰ্মিনেল চৰ্তকাত যোগ কৰিম |
| 02:22 | ল’ঞ্চাৰৰ ওপৰত, দাচ হ’মত ক্লিক কৰক |
| 02:26 | চাৰ্চ বাৰত, লিখক “terminal” । টাৰ্মিনেল আইকনত ক্লিক কৰক ইয়াক খুলিবলৈ |
| 02:34 | আপুনি ল’ঞ্চাৰত টাৰ্মিনেল আইকন চাব পাৰে |
| 02:38 | টাৰ্মিনেল আইকনক ল’ঞ্চাৰত ফিক্স কৰিবলৈ, প্ৰথমে ইয়াত ৰাইত-ক্লিক কৰক । তাৰপাছত লক তু ল’ঞ্চাৰ বাচক |
| 02:47 | ল’ঞ্চাৰত এপ্লিকেচন চৰ্তকাতচ ফিক্স কৰাৰ আন এটা পদ্ধতি হৈছে দ্ৰাগিং আৰু দ্ৰ’পিং । মই ইয়াক এতিয়া বৰ্ণনা কৰিম |
| 02:57 | দাচ হ’ম খোলক আৰু চাৰ্চ বাৰত, লিখক gedit |
| 03:03 | gedit আইকনক ল’ঞ্চাৰত দ্ৰাগ কৰক |
| 03:07 | এতিয়া, gedit আইকনক ল’ঞ্চাৰত দ্ৰ’প কৰক । আপুনি দেখিছে যে gedit চৰ্তকাত এতিয়া ল’ঞ্চাৰত যোগ হ’ল |
| 03:16 | এনেদৰেই আমি ল’ঞ্চাৰত চৰ্তকাতচ যোগ কৰিব পাৰো |
| 03:21 | উবুন্তো লিনাক্স OS ত পাছৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে মাল্টিপ’ল ওৱৰ্কস্পেচ বা দেস্কট’প |
| 03:28 | কেতিয়াবা আমি বহুতো এপ্লিকেচনত কাম কৰো |
| 03:33 | আৰু আমাৰ এটা এপ্লিকেচনৰ পৰা আন এটালৈ যাবলৈ অসুবিধা হয় |
| 03:38 | ইয়াক অধিক সহজ কৰিবলৈ, আমি ওৱৰ্কস্পেচ Switcher ব্যৱ্হাৰ কৰিব পাৰো |
| 03:42 | আহক দেস্কট’পলৈ ঘূৰি যাওঁ |
| 03:45 | উবুন্তো 16.04 ত মাল্টিপ’ল ওৱৰ্কস্পেচ দিফল্টভাবে নাহে |
| 03:51 | ইয়াক এনাবল কৰিবলৈ, চিষ্টেম চেতিংগচ ক্লিক কৰক আৰু পাছত এপিয়াৰেঞ্চ |
| 03:58 | এপিয়াৰেঞ্চ উইন্দ’ত, Behavior টেবত ক্লিক কৰক |
| 04:02 | ইয়াত, এনাবল ওৱৰ্কস্পেচেচ অপচনক বাচক । ই ল’ঞ্চাৰত মাল্টিপ’ল ওৱৰ্কস্পেচেচ আইকন এনাবল কৰিব |
| 04:11 | এই উইন্দ’ক বন্ধ কৰক |
| 04:13 | ল’ঞ্চাৰত, ওৱৰ্কস্পেচ Switcher আইকন বিচাৰক আৰু তাত ক্লিক কৰক |
| 04:19 | ই ৪টা দেস্কট’পৰ সৈতে ৪টা ভাগ দেখুৱায় |
| 04:24 | দিফল্টভাবে, ওপৰত-বাওঁফালৰ দেস্কট’প নিৰ্বাচিত হৈছে |
| 04:29 | সেই দেস্কট’পত আমি বৰ্তমান কাম কৰি আছো |
| 04:34 | এতিয়া, আহক দ্বিতীয় দেস্কট’পটো বাচো তাত দুবাৰ-ক্লিক কৰি |
| 04:39 | মই ইয়াত টাৰ্মিনেলটো খুলিম ল’ঞ্চাৰত টাৰ্মিনেল আইকনত ক্লিক কৰি |
| 04:45 | এতিয়া, ওৱৰ্কস্পেচ Switcher ত পুনৰ ক্লিক কৰক |
| 04:49 | আপুনি দেখিছে টাৰ্মিনেল দ্বিতীয় ওৱৰ্কস্পেচত আৰু আমাৰ দেস্কট’প প্ৰথমত |
| 04:55 | এনেদৰেই, আপুনি মাল্টিপল দেস্কট’পত কাম কৰিব পাৰে |
| 04:59 | আহক এতিয়া প্ৰথম দেস্কট’পলৈ ঘূৰি যাওঁ |
| 05:03 | Trash হৈছে ল’ঞ্চাৰত আন এটা দৰকাৰি আইকন |
| 05:07 | Trash ত সকলো দিলিত কৰা ফাইলচ আৰু ফ’ল্দাৰচ থাকে । যদি আমি ভুলতে ফাইল এটা দিলিত কৰো, আমি ইয়াক Trash ৰ পৰা ৰিষ্ট’ৰ কৰিব পাৰো |
| 05:17 | ইয়াক বুজাবলৈ, মই Hello.txt দিলিত কৰিম যি মোৰ দেস্কট’পত আছে |
| 05:23 | ফাইলত ৰাইত-ক্লিক কৰক আৰু Move to Trash অপচনত ক্লিক কৰক |
| 05:29 | ইয়াক ৰিষ্ট’ৰ কৰিবলৈ, ল’ঞ্চাৰত Trash আইকনত ক্লিক কৰক । Trash ফ’ল্দাৰ খুলিছে |
| 05:37 | ফাইলটো বাচক, তাত ৰাইত-ক্লিক কৰক আৰু ৰিষ্ট’ৰ অপচনত ক্লিক কৰক |
| 05:43 | Trash ফ’ল্দাৰ উইন্দ’ বন্ধ কৰক আৰু দেস্কট’পলৈ ঘূৰি আহক |
| 05:48 | আমি ফাইলটো দেখিছো যাক আমি আগতে দিলিত কৰিছিলো এতিয়া ৰিষ্ট’ৰ হ’ল |
| 05:53 | আপনাৰ চিষ্টেমৰ পৰা ফাইল এটা স্থায়ীভাবে দিলিত কৰিবলৈ, প্ৰথমে তাক বাচক আৰু তেতিয়া Shift+Delete কীচ টিপক |
| 06:01 | দাইল’গ বক্স এটা আহিব সুধি, “Are you sure you want to permanently delete Hello.txt?” দিলিত বুটামত ক্লিক কৰক |
| 06:12 | Trash আইকনত পুনৰ এবাৰ ক্লিক কৰক |
| 06:15 | আমি Trash ফ’ল্দাৰত ফাইলটো বিচাৰি নাপাওঁ, যিহেতু ই আমাৰ চিষ্টেমৰ পৰা স্থায়ীভাবে দিলিত হ’ল |
| 06:23 | আপুনি দেস্কট’পৰ একেটা থিম দেখি বিৰক্ত হোৱা নাইনে ? আহক ইয়াক সলাওঁ |
| 06:28 | ল’ঞ্চাৰলৈ যাওঁক আৰু চিষ্টেম চেতিংগচ বাচক । আৰু তেতিয়া এপিয়াৰেঞ্চলৈ যাওঁক |
| 06:35 | এপিয়াৰেঞ্চ উইন্দ’ খুলিছে |
| 06:38 | ইয়াত থিমচ টেবৰ ভিতৰত, আমাৰ বহুতো পূৰ্বে-ইনষ্ট’ল হৈ থকা থিম আছে |
| 06:44 | আপোনাৰ প্ৰয়োজনীয়তাৰ অনুসৰি এই থিমচ চাওঁক |
| 06:47 | যিকোনো এটাত ক্লিক কৰাৰ লগে লগে, আপুনি দেখিছে যে পৰিবৰ্তন দেস্কট’পত প্ৰয়োগ হয় |
| 06:54 | সৰু X আইকনত ক্লিক কৰক উইন্দ’খন বন্ধ কৰিবলৈ |
| 06:58 | এতিয়া, আমি দেস্কট’পৰ ওপৰত সোফালে চুকত উপলদ্ধ কিছু আইকনচ চাম |
| 07:04 | প্ৰথমটো হৈছে ইন্টাৰনেত কানেক্তিভিতি |
| 07:07 | সংযোগ স্থাপিত হয় যদি আপুনি যিকোনো Lan বা Wifi নেটৱৰ্কৰ সৈতে সংযুক্ত হয় |
| 07:13 | আপুনি এইবোৰ ইয়াত চাব পাৰে |
| 07:16 | আপুনি এক্সেচ থকা নেটৱৰ্ক বাচিব পাৰে |
| 07:20 | নেটৱৰ্ক এনাবল বা দিজেবল কৰিবলৈ, Enable Networking অপচনক চেক বা আনচেক কৰক |
| 07:27 | আমি লগতে Edit Connections অপচন ব্যৱ্হাৰ কৰি নেটৱৰ্ক এদিত কৰিব পাৰো |
| 07:32 | পাছৰ আইকন হৈছে চাউন্দৰ |
| 07:35 | আপুনি ইয়াত এদাল শ্লাইদাৰ দেখিছে |
| 07:37 | ই আমাক সহায় কৰে অদিঅ’ লেভেল ইনক্ৰিজ বা দিক্ৰিজ কৰিবলৈ, আমাৰ পচন্দ অনুসৰি |
| 07:43 | আমি পাচলৈ আমাৰ চিষ্টেমৰ চাউন্দ লেভেল মিলাব পাৰো, চাউন্দ চেতিংগচ ক্লিক কৰি । এই উইন্দ’ত চেতিংগচ আপুনি নিজে চাওঁক |
| 07:53 | পাছৰ আইকন হৈছে Time & Date । যদি আমি এই আইকনত ক্লিক কৰো, কালেন্দাৰ খুলে |
| 08:00 | আমি বৰ্তমান তাৰিখ, মাহ আৰু বছৰ চাব পাৰো |
| 08:04 | এৰ’ বুটামে আমাক অন্য মাহ আৰু বছৰলৈ যাবলৈ অনুমতি দিয়ে, আমাৰ পচন্দ অনুসৰি |
| 08:11 | আমি দেত আৰু টাইম এদিত কৰিব পাৰো Time & Date Settings ক্লিক কৰি |
| 08:16 | এই অপচনক পাচলৈ আপুনি নিজে চাওঁক |
| 08:20 | পাছত, wheel বা পাৱাৰ আইকনত ক্লিক কৰক |
| 08:24 | ইয়াত আমি Log Out আৰু Shut Down অপচনৰ সৈতে কিছু চৰ্তকাত অপচনচ দেখিছো |
| 08:31 | আমি লগতে আমাৰ চিষ্টেমত উপলদ্ধ সকলো user accounts দেখিছো |
| 08:36 | আমি বিচৰা যিকোনো user account লৈ যাব পাৰো, সেই নিৰ্দিষ্ট ইউজাৰত ক্লিক কৰি |
| 08:43 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 08:48 | এই টিউট’ৰিয়েলত আমি শিকিলো ল’ঞ্চাৰৰ বিষয়ে আৰু কেনেকৈ ল’ঞ্চাৰত এপ্লিকেচনচ ৰিম’ভ আৰু এদ কৰা হয় |
| 08:55 | মাল্টিপ’ল দেস্কট’পৰ ব্যৱ্হাৰ, দেস্কট’প থিম সলোৱা |
| 09:01 | ইন্টাৰনেত কানেক্তিভিতি, চাউন্দ চেতিংগচ |
| 09:04 | Time & Date চেতিংগচ আৰু অন্য user accountsলৈ যোৱা |
| 09:10 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 09:18 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে |
| 09:27 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 09:30 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
| 09:35 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক |
| 09:41 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 09:45 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 09:57 | এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |