Linux-AWK/C2/More-on-Single-Dimensional-Array-in-awk/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | নমস্কাৰ, awk ত ম’ৰ অন চিংগল দাইমেনচনেল আৰেৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত আমি শিকিম - awk আৰে ফাইলৰ সৈতে ব্যৱহাৰ কৰিবলৈ |
| 00:13 | আৰে এটাৰ এলিমেন্তচ স্কেন কৰিবলৈ |
| 00:16 | দিলিত ষ্টেতমেন্ত |
| 00:18 | ARGV আৰে আৰু ENVIRON আৰে |
| 00:22 | আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম |
| 00:25 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো |
| 00:37 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 00:41 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি আমাৰ ওৱেবচাইতত আগৰ আৰেৰ awk টিউট’ৰিয়েলচ চাব লাগিব |
| 00:48 | আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ কিছু মূল জ্ঞান থাকিব লাগিব |
| 00:55 | যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক |
| 01:00 | এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক |
| 01:10 | আগতে আমি awk আৰেসমূহৰ কিছু তথ্য সামৰিলো |
| 01:14 | এতিয়া আহক চাওঁ কেনেকৈ আমি awk আৰেক ফাইল এটাৰ সৈতে ব্যৱ্হাৰ কৰিব পাৰো |
| 01:19 | আমি একেটা ফাইল awkdemo.txt ব্যৱ্হাৰ কৰিম যাক আমি আগতে ব্যৱ্হাৰ কৰিছিলো |
| 01:25 | ইয়াত প্ৰথম ফিল্দ হৈছে ৰোল নাম্বাৰ আৰু ষষ্ঠ ফিল্দ হৈছে ষ্টুদেন্তৰ ষ্টাইপেন্দ |
| 01:32 | আহক প্ৰথমে সকলো ষ্টুদেন্তৰ বাবে HRA গণনা কৰো |
| 01:36 | ইয়াত, HRA হৈছে তেওঁলোকৰ ষ্টাইপেন্দ এমাউন্টৰ 30% |
| 01:41 | মই ইতিমধ্যে ক’দটো লিখিলো আৰু ইয়াক calculate_hra.awk হিচাবে ছেভ কৰিলো । আহক এতিয়া ফাইলটো চাওঁ |
| 01:51 | BEGIN চেকচনৰ ভিতৰত, ফিল্দ চেপাৰেতৰ পাইপ চিম্বলৰ সৈতে ইনিচিয়েলাইজ হৈছে |
| 01:57 | পাছত, action চেকচনত আমি আৰে এলিমেন্তচ ইনিচিয়েলাইজ কৰিছো |
| 02:02 | এই চেকচন ইনপুত ফাইল এটাৰ প্ৰতিটো শাৰীৰ বাবে এবাৰ এক্সিকিউত হ’ব |
| 02:08 | মই HRA ক এটা আৰে ভেৰিয়েবল আৰু ডলাৰ ওৱানক ইন্দেক্স হিচাবে ঘোষণা কৰিছো |
| 02:14 | ইয়াত ডলাৰ 1 এ 1st ফিল্দক সূচায়, যি হৈছে ৰোল নাম্বাৰ । আৰু ভেলু হৈছে ডলাৰ 6 পূৰণ জিৰ’ পইন্ত 3 য’ত ডলাৰ চিক্স হৈছে ষ্টাইপেন্দ ভেলু |
| 02:27 | গতিকে, আৰে HRA ৰ ইন্দেক্স ৰোল নাম্বাৰত সংগত HRA এমাউন্ট এটা ভেলু হিচাবে থাকিব |
| 02:35 | আমি এই আৰেৰ সকলো এলিমেন্তচ কেনেকৈ স্কেন কৰিম? |
| 02:39 | আপুনি ফৰ লোপৰ এই ভেৰিয়েচনক ব্যৱ্হাৰ কৰিব লাগিব |
| 02:43 | এই লোপে আৰেটোত প্ৰতিটো ইন্দেক্সৰ বাবে ষ্টেতমেন্তচ এবাৰ এক্সিকিউত কৰিব |
| 02:48 | ভেৰিয়েবল var ইন্দেক্স ভেলুসমূহলৈ এটা এটাকৈ চেত হ’ব |
| 02:53 | ক’দটো END চেকচনৰ ভিতৰত লিখা হৈছে |
| 02:57 | এই চেকচন এক্সিকিউত হ’ব awk এ ইনপুত ফাইলৰ সকলো শাৰীক প্ৰচেচ কৰাৰ পাছত |
| 03:04 | ভেৰিয়েবল i এটা এটাকৈ প্ৰতিটো ইন্দেক্স ভেলু বা ৰোল নাম্বাৰলৈ ইনিচিয়েলাইজ হ’ব |
| 03:10 | ফৰ লোপৰ প্ৰতিটো ইতিৰেচনত, এটা নিৰ্দিষ্ট ৰোল নাম্বাৰৰ বাবে HRA প্ৰিন্ট হ’ব |
| 03:16 | টাৰ্মিনেললৈ যাওঁক আৰু ফাইলটো এক্সিকিউত কৰক । CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক |
| 03:24 | cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে |
| 03:31 | এতিয়া লিখক: awk স্পেচ হাইফেন সৰু f স্পেচ calculate_hra.awk স্পেচ awkdemo.txt এন্টাৰ টিপক |
| 03:45 | আউতপুতে সকলো ষ্টুদেন্তৰ বাবে ৰোল নাম্বাৰ আৰু HRA দেখুৱায় |
| 03:50 | এতিয়া ধৰক, মই ৰোল S02 ষ্টুদেন্তৰ ৰেকৰ্দটো দিলিত কৰিব বিচাৰো |
| 03:56 | গতিকে, আমি ইন্দেক্স S02 ত আৰে এলিমেন্তক দিলিত কৰিব লাগিব |
| 04:01 | মই ইয়াক calculate_hra.awk ক’দ ব্যৱ্হাৰ কৰি কৰো |
| 04:06 | ফৰ লোপৰ আগতে, এন্টাৰ টিপক আৰু নিম্ন ক’দ লিখক দিলিত স্পেচ hra বৰ বন্ধনীৰ ভিতৰত দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত S02 |
| 04:19 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক |
| 04:23 | মই টাৰ্মিনেল খালি কৰো |
| 04:26 | আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক । এন্টাৰ টিপক |
| 04:33 | ৰোল নাম্বাৰ S02 ষ্টুদেন্তৰ ৰেকৰ্দটো আউতপুতত প্ৰিন্ট হোৱা নাই |
| 04:39 | গতিকে, দিলিত কমান্দ ব্যৱ্হাৰ কৰি যিকোনো আৰে এলিমেন্ত দিলিত কৰিব পাৰি |
| 04:44 | আপুনি ইন্দেক্সৰ সৈতে আৰে নামটো উল্লেখ কৰিব লাগিব |
| 04:48 | কি হ’ব যদি মই এটা সম্পূৰ্ণ আৰে দিলিত কৰিব বিচাৰো? ইয়াক কৰিব পাৰি দিলিত ষ্টেতমেন্তত মাত্ৰ আৰে নামটো সূচীত কৰি |
| 04:56 | আহক ইয়াক চেষ্টা কৰিবলৈ ক’দটোলৈ যাওঁ |
| 04:59 | দিলিত ষ্টেতমেন্তৰ পৰা ইন্দেক্স S02 ক উৰ্দ্ধকমা আৰু বৰ বন্ধনীৰ সৈতে দিলিত কৰক |
| 05:07 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক |
| 05:10 | টাৰ্মিনেল খালি কৰক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক । এতিয়া এন্টাৰ টিপক |
| 05:19 | চাওঁক, আমি কোনো আউতপুত পোৱা নাই । সম্পূৰ্ণ আৰেটো দিলিত হ’ল |
| 05:25 | মনত ৰাখিব, এটা আগৰ টিউট’ৰিয়েল awk বুইল্ট-ইন ভেৰিয়েবলচত, আমি কৈছো - ARGC এ কমান্দ লাইন আৰগুমেন্তচৰ নাম্বাৰক প্ৰয়োগ কৰে |
| 05:36 | ARGV হৈছে এটা আৰে যি কমান্দ লাইন আৰগুমেন্তচক জমা কৰে । আমি কেনেকৈ সিহঁতৰ মানসমূহক দেখুৱাব পাৰো? আহক চাওঁ |
| 05:45 | মই ইতিমধ্যে ক’দটো argc_argv.awk ত লিখিলো । আহক উপাদানক চাওঁ |
| 05:53 | ক’দটো awk BEGIN চেকচনৰ ভিতৰত লিখা হৈছে |
| 05:57 | প্ৰথমে আমি আৰগুমেন্তৰ সংখ্যাক প্ৰিন্ট কৰিছো, যি হৈছে ARGV ৰ ভেলু |
| 06:03 | পাছত, ফৰ লোপ ব্যৱ্হাৰ কৰি, আমি i ৰ মানৰ বাবে লুপিং কৰিছো 0 ৰ পৰা ARGC-1 লৈকে |
| 06:11 | আৰু আমি ইন্দেক্স i ত ARGV প্ৰিন্ট কৰিছো । টাৰ্মিনেললৈ যাওঁক আৰু ফাইলটো এক্সিকিউত কৰক |
| 06:19 | এতিয়া টাৰ্মিনেলত লিখক- awk স্পেচ হাইফেন সৰু f স্পেচ argc আন্দাৰস্ক’ৰ argv দত awk স্পেচ ওৱান স্পেচ তু স্পেচ থ্ৰি |
| 06:35 | ইয়াত ওৱান তু থ্ৰি হৈছে কমান্দ লাইন আৰগুমেন্তচ । কমান্দটো এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক |
| 06:43 | আমি আৰগুমেন্তচৰ সংখ্যাটো 4 হিচাবে পাওঁ । কিন্তু আচলতে আমি মাত্ৰ 3 আৰগুমেন্তচ দিছিলো |
| 06:50 | আহক আমি ব্যক্তিগত আৰগুমেন্তচ এবাৰ চাওঁ । প্ৰথমে ইন্দেক্স 0 ত আৰগুমেন্ত বা argv হৈছে প্ৰকৃততে awk, কমান্দ নেমটো |
| 07:02 | পাছত আমাৰ তিনিটা আৰগুমেন্তচ আছে যাক আমি কমান্দ লাইনত দিছো |
| 07:07 | সেইবাবে ARGC ৰ ভেলুটো সদায় কমান্দ লাইনত দিয়া আৰগুমেন্তৰ সংখ্যা প্লাচ ওৱান হয় |
| 07:16 | আহক আৰু এটা উদাহৰণ লওঁ । বুইল্ট-ইন ভেৰিয়েবল ENVIRON হৈছে এনভাইৰ’নমেন্ত ভেৰিয়েবলৰ এটা এচ’চিয়েতিভ আৰে |
| 07:24 | আৰে এলিমেন্ত ইনদাইচেচ হৈছে এনভাইৰ’নমেন্ত ভেৰিয়েবলৰ নামসমূহ । আৰে এলিমেন্ত ভেলুচ হৈছে নিৰ্দিষ্ট এনভাইৰ’নমেন্ত ভেৰিয়েবলৰ ভেলুচ |
| 07:35 | আহক চাওঁ বিভিন্ন এনভাইৰ’নমেন্ত ভেৰিয়েবলৰ ভেলুচ আমি কেনেকৈ চাব পাৰো |
| 07:40 | প্ৰথমে, আহক আমাৰ ইউজাৰনেম প্ৰিন্ট কৰো |
| 07:43 | আমি এনভাইৰ’নমেন্ত ভেৰিয়েবল USER ৰ ভেলুক প্ৰিন্ট কৰিব লাগে |
| 07:48 | কমান্দ প্ৰমপ্তত নিম্নখিনি লিখক |
| 07:53 | এন্টাৰ টিপক |
| 07:55 | আউতপুতে লগ ইন হৈ থকা ইউজাৰৰ নামটো দেখুৱাব |
| 08:00 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 08:05 | এই টিউট’ৰিয়েলটোত আমি শিকিলো - awk আৰে ফাইলৰ সৈতে ব্যৱহাৰ কৰিবলৈ |
| 08:11 | আৰে এটাৰ এলিমেন্তচ স্কেন কৰিবলৈ |
| 08:14 | দিলিত ষ্টেতমেন্ত ARGV আৰে আৰু ENVIRON আৰে |
| 08:20 | এটা অনুশিলনী হিচাবে - পাচ কৰা ষ্টুদেন্তৰ বাবে নিৰ্দিষ্ট ভাৰ্ত্তা গণনা কৰক |
| 08:25 | পেপাৰ প্ৰেজেনতেচন ভাৰ্ত্তা যি হৈছে ষ্টাইপেন্দৰ 80% |
| 08:30 | পাৰফৰমেনচ ইনচেনতিভ যি হৈছে ষ্টাইপেন্দৰ 20% |
| 08:35 | ভাৰ্ত্তাসমূহক দুটা ভিন্ন আৰেত জমা কৰক |
| 08:38 | প্ৰতিটো ভাৰ্ত্তাৰ বাবে লগা মুঠ এমাউন্ট আৰু এভাৰেজ প্ৰিন্ট কৰক |
| 08:43 | awk প্ৰোগ্ৰামৰ পৰা এনভাইৰ’নমেন্ত ভেৰিয়েবল PATH ৰ ভেলুটো প্ৰিন্ট কৰক |
| 08:48 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 08:56 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে |
| 09:05 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 09:08 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 09:12 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 09:24 | স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |