LibreOffice-Writer-on-BOSS-Linux/C3/Search-Replace-and-Auto-correct/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Writer-অৰ Find and Replace আৰু Auto correct সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম.
00:09 এই প্ৰশিক্ষণত আমি::
00:12 Find and Replace
00:14 Spellcheck
00:15 আৰু Auto correct-অৰ বিষয়ে শিকিম
00:17 আমি ইয়াত LibreOffice suite version 3.3.4 আৰু GNU/ Linux আমাৰ অপৰেটিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিছোঁ
00:26 এতিয়া ৰাইটাৰৰ Find and Replace-অৰ বিষয়ে শিকি আৰম্ভ কৰা যাওক.
00:32 ই লিখি থোৱা পাঠটো বিচাৰে আৰু সম্পূৰ্ণ পাঠটোৰ কিছু অংশ পুনৰ লিখি সলনি কৰি দিয়া কাম কৰে.
00:36 এটা উদাহৰণৰ সহায়ত ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে শিকোঁ আহক.
00:40 প্ৰথমে ‘resume.odt’ ফাইলটো খোলক
00:44 এতিয়া ‘Edit’-অত ক্লিক কৰক আৰু তাৰ পিছত ‘Find and Replace’-অত ক্লিক কৰক.
00:51 লগতে ষ্টেণ্ডাৰ্ড টুলবাৰত থকা বুটামটোত ক্লিক কৰক.
00:56 এতিয়া ‘search for’ আৰু ‘replace with’ থকা এটা ডায়লগ বাকচ দেখিবলৈ পাব.
01:01 ‘search for’-অৰ লগতে থকা ঠাইখিনিত বিচাৰিবলগীয়া লেখাখিনি লিখি দিয়ক.
01:06 উদাহৰণ হিচাপে, আমাৰ সম্পূৰ্ণ পাঠটোত সৰহীয়াকৈ থকা ‘Ramesh’ শব্দটো আমি বিচাৰিম.
01:12 গতিকে ‘search for’-অৰ লগত ঠকা ঠাইখিনিত ‘Ramesh’ বুলি লিখি দিয়ক.
01:15 এতিয়া ‘find all’-অত ক্লিক কৰক.
01:19 দেখা পাব যে আমাৰ পাঠটোৰ য’ত য’ত ‘Ramesh’ লিখা আছে, সেইখিনি জিলিকি উঠিছে.
01:25 আপুনি সলনি কৰিব বিচৰা আখৰ খিনি “Replace with” ঘৰ টোত ভৰ্তি কৰক
01:31 ধৰা হওক, আমি আমাৰ পাঠত থকা ‘Ramesh’-অৰ ঠাইত ‘Manish’ লিখিব বিচাৰোঁ
01:37 সেয়েহে আমি এতিয়া ‘Replace with’ টেবত ‘Manish’ বুলি লিখি দিম.
01:41 এতিয়া “Replace all”-অত ক্লিক কৰক.
01:44 দেখিব যে আমাৰ পাঠটোৰ য’ত য’ত “Ramesh” লিখা আছিল, সেই সকলোবোৰ “Manish” হৈ গৈছে
01:51 ডায়লগ বাকচটোৰ একেবাৰে তলত আমি “More options” নামৰ বুটাম এটা দেখিছোঁ। তাত ক্লিক কৰক
01:57 “More Options” বাট্ন টোৰ ভিতৰত কিচুমান নিৰ্দিস্ত "Find and Replace" অপচনৰ তালিকা আচে
02:03 ইয়াৰ ভিতৰত কিছুমান অপশ্যন আছে, যেনে— ‘Backwards’, যি পাঠটোৰ তলৰ পৰা ওপৰলৈ লিখি থোৱাখিনি বিচাৰে; সেইদৰে ‘current selection only’-এ পাঠটোৰ মাজৰ নিৰ্বাচিত কৰি থোৱা অংশত বিচাৰে.
02:15 ইয়াত ‘Regular expressions”, “search for styles” আদি কেইটামান অগ্ৰণী (এডভাঞ্চড) অপশ্যন আছে.
02:26 ডায়লগ বাকচটোৰ সোঁফালে আৰু তিনিটা অপশ্যন আছে.
02:31 সেইকেইটা হ’ল— ‘attributes’, ‘format’ আৰু ‘no format’.
02:36 এইবোৰে ব্যৱহাৰকাৰীক বিভিন্ন অগ্ৰণী ‘find আৰু replace’ বিকল্প আগবঢ়ায়.
02:41 এতিয়া এই বিষয়টো সমাপ্ত কৰা যাওক.
02:44 ইয়াৰ বিষয়ে আমি আগলৈ আৰু কেইটামান বিশেষ প্ৰশিক্ষণত শিকিম.
02:48 “Find aru replace”-অৰ বিষয়ে শিকাৰ পিছত আমি এতিয়া LibreOffice Writer-অত ‘spell check’-অৰ দ্বাৰা কেনেকৈ বানান শুদ্ধ হৈ আছেনে চাব পাৰি, সেই বিষয়ে শিকিম.
02:57 সম্পূৰ্ণ পাঠটো বা পাঠৰ নিৰ্বাচিত অংশত বানান ভুল হৈছে নেকি চাবলৈ ‘spell check’ ব্যৱহাৰ কৰা হয় .
03:05 বানান নিৰ্ণায়ক কাৰ্চৰডাল য’ত আছে, তাৰ পৰা আৰম্ভ কৰি পাঠটোৰ শেষলৈকে বা নিৰ্বাচিত অংশত ই কাম কৰে.
03:12 তাৰ পিছত আপুনি পাঠটোৰ আৰম্ভণিৰ পৰা বানান-পৰীক্ষা কৰি যাব পাৰিব.
03:17 Spell check-এ লিখিত শব্দবোৰৰ বানান ভুল হৈছে নেকি নিৰ্ধাৰণ কৰে আৰু এখন অভিধানত তাৰ বিকল্প শব্দ দেখুৱাই সেয়া যোগ কৰাৰ সুবিধা দিয়ে.
03:26 এইটো কেনেকৈ কাৰ্যকৰী হয়, সেয়া চোৱা যাওক.
03:29 প্ৰতিটো ভাষাৰ কাৰণে spell check-অৰ বৈশিষ্ট্য নিৰ্দিষ্ট কৰা থাকে.
03:33 উদাহৰণ স্বৰূপে, মেনুবাৰত থকা ‘tools’ অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত ‘option’-অত ক্লিক কৰক.
03:39 ওলাই অহা ডায়লগ বাকচটোত থকা ‘language settings’-অত ক্লিক কৰক আৰু তাৰ পিছত ‘languages’-অত ক্লিক কৰক.
03:47 “User interface’ অপশ্যনটোৰ তলত থকা ডিফল্ট অপশ্যন ‘English USA’ নিৰ্বাচন কৰি নিশ্চিত হৈ লওক.
03:56 তাৰ তলতে ‘local setting’-অত থকা তলমুৱা কাঁড়চিনডালত ক্লিক কৰক আৰু ‘English USA’-অত ক্লিক কৰক.
04:03 এতিয়া ‘default languages for documents’ শিৰোনামৰ তলত ‘western’ ফিল্ডত স্বয়ংচালিত ভাষাটো ‘English India’ হ’ব.
04:12 যিহেতু spell check-অত English India-ৰ অভিধান নাথাকিবও পাৰে, সেই কাৰণে আমি ভাষাটো English USA-লৈ সলনি কৰি ল’ম.
04:21 সেয়ে, “Western” ফিল্ডত থকা তলমুৱা কাঁড়চিনডালত ক্লিক কৰক আৰু English USA বিকল্পত ক্লিক কৰক.
04:27 শেষত ‘OK’-ত ক্লিক কৰক.
04:31 তেন্তে আমি এতিয়া spell check-এ ‘English USA’ ভাষাটোৰ কাৰণে কেনেকৈ কি কৰে, সেয়া চাবলৈ সাজু হৈছোঁ.
04:38 Spelling আৰু Grammar ভাগটো ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত হৈ ল’ব যে ‘auto spell check’ অপশ্যনটো সক্ৰিয় কৰি থোৱা আছে.
04:45 যদি এইটো সক্ৰিয় কৰি থোৱা হোৱা নাই, তেন্তে ‘auto spell check’-অত ক্লিক কৰা যাওক.
04:52 ‘resume.odt’ ফাইলটোত ‘mother’s occupation’-অৰ অধীনত আমি বাক্যটোত থকা ‘housewife’ শব্দটোৰ ঠাইত অশুদ্ধকৈ ‘housewife’ বুলি লিখিম আৰু স্পেচবাৰ টিপি দিম.
05:05 আপুনি দেখিব যে অশুদ্ধ শব্দটোৰ তলত এডাল ৰঙা আঁচ ওলাইছে.
05:10 এতিয়া ‘housewife’ শব্দটোত কাৰ্চৰডাল থওক আৰু ষ্টেণ্ডাৰ্ড টুলবাৰত থকা ‘spelling and grammar’ আইকনটোত ক্লিক কৰক.
05:18 আমি এতিয়া শব্দেটো ‘not in dictionary’ ফিল্ডত দেখিছোঁ.
05:22 অশুদ্ধ বানানৰ শব্দটো ৰঙা হৈ জিলিকি আছে আৰু ‘suggestions’ বাকচটোত শুদ্ধ বানানৰ শব্দ কিছুমান দিয়া হৈছে, য’ৰ পৰা আপুনি শুদ্ধ বা আৱশ্যকীয় শব্দটো বাছি ল’ব পাৰে.
05:34 “Suggestions’’ বাকচটোত থকা ‘housewife’ শব্দটোত ক্লিক কৰক আৰু তাৰ পিছত ‘change’ বুটামটোত ক্লিক কৰক.
05:40 সৰুকৈ ওলোৱা ডায়লগ বাকচটেৰ ‘ok’-ত ক্লিক কৰক.
05:44 এতিয়া পাঠটোত আপুনি শুদ্ধ বানানটো দেখিবলৈ পাব.
05:48 সলনি কৰাখিনি আকৌ আগৰ নিচিনা কৰা যাওক বা শুদ্ধ কৰাখিনি আকৌ আগৰ দৰে অশুদ্ধ হৈ থকা কৰা যাওক .
05:50 ষ্টেণ্ডাৰ্ড টুলবাৰত থকা অন্য এটা বিকল্প ‘auto correct’-অৰ বিষয়ে এতিয়া শিকোঁ আহক.
05:56 Spell check-অৰ অন্য এটা অনুষংগ হৈছে ‘auto correct’ বিকল্পটো.
06:00 মেনুবাৰত থকা ‘format’ বিকল্পৰ ড্ৰপ-ডাউন মেনুত ‘auto correct’ অপশ্যনটো পোৱা যায়.
06:06 Auto correct-এ আপুনি নিৰ্ধাৰণ কৰি দিয়া বিকল্পবোৰক আপোনাআপুনিভাৱে মিলাই দিয়ে.
06:12 “Auto correct” অপশ্যনত ক্লিক কৰিলে এই বিকল্পবোৰ পোৱা যায়.
06:18 ‘Auto correct’ শিৰোনামৰ ডায়লগ বাকচটো তেতিয়া খোল খাব.
06:21 Auto correct বৈশিষ্ট্যই পাঠৰ অশুদ্ধিবোৰ স্বয়ংক্ৰিয়ভাৱে শুদ্ধ কৰি দিয়ে.
06:26 Options টেবত আপুনি নিৰ্বাচন কৰা ধৰণে শুদ্ধতাখিনি নিৰূপিত হয়..
06:32 ‘Delete spaces at the end and beginning of paragraph’-ৰ নিচিনা বিভিন্ন ধৰণৰ Auto correct বিকল্প আছে.
06:44 সেইবোৰ কেনেকৈ কাৰ্যকৰী হয়, এটা উদাহৰণৰ সহায়ত চাওঁ আহক.
06:48 আমাৰ resume.odt ফাইলটোত আমি শব্দবোৰৰ মাজত কিছুমান ঠাইত এটা স্পেচ দিম, কিছুমান ঠাইত দুটা স্পেচ দিম আৰু কিছুমান ঠাইত তিনিটা স্পেচ দিম.
07:02 এতিয়া গোটেই লেখাখিনি নিৰ্বাচন কৰক .
07:05 মেনুবাৰত থকা ‘format’ বুটামটোত ক্লিক কৰক.
07:09 তাৰ পিছত ড্ৰপ-ডাউন মেনুত থকা ‘auto correct’’-অত ক্লিক কৰক আৰু শেষত তাৰ উপবিভাগত থকা ‘auto correct’ অপশ্যনত ক্লিক কৰক.
07:17 ‘options’ টেবত ক্লিক কৰক.
07:20 এতিয়া ‘ignore double spaces’-এত এবাৰ শুদ্ধতাটো চাই লওক আৰু ‘ok’ বুটামত ক্লিক কৰক.
07:26 ই পাঠৰ শব্দবোৰৰ মাজত দুটা স্পেচ পৰাত বাধা দিব.
07:34 এতিয়া ‘Manish’ নামটোৰ শেষত কাৰ্চৰডাল থোৱা যাওক. কিবৰ্ডত ‘space bar’-ডাল দুবাৰ টিপি দিয়ক.
07:41 আপুনি দেখিব যে কাৰ্ডৰডাল মাত্ৰ এবাৰহে আগুৱাই গৈছে, অৰ্থাৎ লেখাত দুটা স্পেচ পৰাত ই অনুমতি দিয়া নাই.
07:48 এটা স্পেচৰ পিছত উপাধিটো লিখক— ‘Kumar’ বুলি
07:53 ‘Auto correct’-অৰ অন্য এটা সামৰ্থ্য এয়ে যে ই এটা শব্দ বা সংক্ষেপে লিখা শব্দ ঠাইত তাক অধিক স্পষ্ট আৰু দীঘলীয়াকৈ লিখি দিয়ে.
08:02 ই দীঘলীয়া শব্দবোৰৰ সংক্ষিপ্তকৰণ মনত ৰাখে .
08:09 উদাহৰণ স্বৰূপে, আমাৰ ‘resume.odt’ ফাইলটোত কিছুমান শব্দ বা বাক্যাংশ আছে, যিবোৰ বাৰে বাৰে ব্যৱহৃত হৈছে .
08:19 এই শব্দ বা বাক্যাংশবোৰ বাৰে বাৰে লিখি থকাটো বৰ আমনিদায়ক.
08:24 ধৰি লওক, আমি আমাৰ পাঠটোত ‘this is a spoken tutorial project’ বাক্যটো কেইবাবাৰো লিখিব লাগে.
08:31 তাৰ বাবে আমি এটা সংক্ষিপ্তকৰণ তৈয়াৰ কৰি ল’ব পাৰোঁ, যিয়ে আপোনা-আপুনি আমি বিচৰা শব্দ বা বাক্যাংশটো লিখি দিব.
08:38 তেনেহ’লে এটা সংক্ষিপ্তকৰণ— ‘stp’ কেনেকৈ ‘spoken tutorial project’-লৈ স্বয়ংক্ৰিয়ভাৱে পৰিৱৰ্তন হয়, চোৱা যাওক.
08:46 মেনুবাৰত থকা ‘format’ অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত ‘auto correct’ অপশ্যন আৰু শেষত ‘auto correct’-অৰ অপশ্যনত ক্লিক কৰক.
08:57 ওলাই অহা ডায়লগ বাকচটোৰ ‘replace’ টেবত ক্লিক কৰক.
09:02 চাই লওক যে আমাৰ ভাষাৰ নিৰ্বাচন ‘English USA’ হৈ আছে.
09:06 এতিয়া ‘replace’-এৰ লগত ঠকা ঠাইখিনিত সংক্ষিপ্তকৰণ শব্দটো, যিটো আমি ‘stp’ হিচাপে ৰাখিব বিচাৰোঁ, সেইটো লিখক.
09:14 ‘With’-এৰ খালী ঠাইখিনিত আমি সলনি কৰিব বিচৰা লিখাখিনি, অৰ্থাৎ ‘spoken tutorial project’ বুলি লিখক.
09:20 ডায়লগ বাকচত থকা ‘new’ বুটামত ক্লিক কৰক.
09:24 আপুনি দেখা পাব যে সলনিৰ ঠাইখিনিত দফাটো অন্তৰ্ভুক্ত হৈছে.
09:28 এতিয়া ‘ok’-ত ক্লিক কৰক.
09:31 এতিয়া যেতিয়াই আমি ‘this is a stp’ বুলি লিখিম আৰু স্পেচবাৰ টিপি দিম, আপুনি দেখিব যে ‘stp’ সংক্ষিপ্তকৰণটো ‘spoken tutorial project’-লৈ পৰিৱৰ্তিত হৈছে.
09:43 যেতিয়া এটা পাঠত একেখিনি লিখাকে বাৰে বাৰে লিখিব লগা হয়, তেতিয়া এই বৈশিষ্ট্যটো বৰ সহায়কাৰী হয়.
09:49 সলনি কৰাখিনি আকৌ আগৰ অৱস্থালৈ লৈ যোৱা যাওক.
09:52 ইয়াতে আমাৰ LibreOffice Writer-অৰ Find and Replace আৰু Autocorrect সম্পৰ্কীয় কথন প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে
09:57 সংক্ষেপে, আমি শিকিলো:
10:00 কেনেকৈ Find and replace কৰা হয়
10:01 কেনেকৈ Spell check কৰা হয়
10:02 কেনেকৈ Auto correct কৰা হয়
10:04 কৰণীয় কাৰ্যৰ বিস্তাৰিত নিৰ্দেশাৱলী
10:06 এই কথাখিনি ৰাইটাৰত লিখক – “This is a new document. The document deals with find and replace”.
10:15 এতিয়া আপোনাৰ লেখাখিনিত থকা ‘document’ শব্দটো ‘file’ শব্দৰ লগত ‘find and replace’ কৰক.
10:21 আপোনাৰ লেখাটোত ‘text’ শব্দটোক ‘txt’-ৰ সৈতে পৰিৱৰ্তন কৰক.
10:27 বানানটো শুদ্ধ কৰি ‘text’-অলৈ নিবলৈ spell check ব্যৱহাৰ কৰক.
10:31 আপোনাৰ স্বয়ংক্ৰিয় ভাষা হিচাপে ‘English USA’ ব্যৱহাৰ কৰিব.
10:36 Auto correct বৈশিষ্ট্যটো ব্যৱহাৰ কৰি ‘this is a new LibreOffice Writer’’ লেখাখিনি ‘tlw’ হিচাপে সংক্ষিপ্তকৈ লিখিব আৰু ইয়াৰ কাৰ্যকাৰিতা লক্ষ্য কৰিব.
10:48 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক। ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে.
10:55 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
10:59 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
11:09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক
11:15 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ,
11:19 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে.
11:27 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
11:38 আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু.

মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi