LibreOffice-Writer-on-BOSS-Linux/C2/Inserting-pictures-and-objects/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Resources for recording Inserting Pictures and Formatting Features

Time Narration
00:00 Libre office Writer-অত ছবি যোগ কৰাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম
00:06 এই প্ৰশিক্ষণত আমি তলত দিয়াখিনি শিকিম—
00:09 এখন ইমেজ ফাইল এটা ডকুমেণ্টত কেনেকৈ সুমুৱাই
00:12 ৰাইটাৰলৈ টেবুল কেনেকৈ অনা হয়.
00:15 ৰাইটাৰলৈ hyperlinks কেনেকৈ অনা হয়.
00:18 আমি ইয়াত আমাৰ operating system হিচাপে GNU/Linux আৰু LibreOffice suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ
00:29 LibreOffice Writer-অত এটা ইমেজ ফাইল কেনেকৈ অনা হয়, সেইটো শিকি আমি আৰম্ভ কৰিম
00:36 আমি resume.odt ফাইলটো খোলো আহক
00:39 ডকুমেণ্টখনত এখন ইমেজ আনিবৰ কাৰণে প্ৰথমতে “resume.odt” ডকুমেণ্টখনত ক্লিক কৰক.
00:47 এতিয়া মেনুবাৰত থকা Insert-অত ক্লিক কৰক। তাৰ পিছত Picture আৰু শেষত From File অপশ্যনত ক্লিক কৰক
00:56 আপুনি “Insert Picture” নামৰ দায়লগ বাকচটো ওলোৱা দেখিব
01:00 যদি আপোনাৰ চিষ্টেমত ছবি ৰাখি থোৱা আছে, তেন্তে “Location”-অৰ খালী ঠাইখিনিত নামটো লিখি দি ছবি বাছি ল’ব পাৰে
01:09 যিহেতু আমাৰ তেনেকুৱা ৰাখি থোৱা ছবি নাই, সেই কাৰণে আমি স্বয়ংক্ৰিয়ভাৱে যিবোৰ বিকল্প দিয়া আছে, তাৰ পৰা এখন ছবি আনি ল’ম
01:16 এতিয়া দায়লগ বাকচটোৰ বাওঁফালে থকা “Picture”–অত ক্লিক কৰক
01:21 এতিয়া ছবিবোৰৰ এখনত ক্লিক কৰক আৰু শেষত “Open” অপশ্যনত ক্লিক কৰক।
01:28 আপুনি দেখা পাব যে এখন ছবি আপোনাৰ Document খনলৈ আহিছে
01:32 আপুনি নিজৰ মতে ছবিখনৰ আকৃতি সলনি কৰি ল’ব পাৰে আৰু ইয়াক সোঁফালৰ ওপৰৰ চুকটোলৈ লৈ যাব পাৰে.
01:38 এতিয়া প্ৰথমে ছবিখনত ক্লিক কৰক। আপুনি দেখিব যে ছবিখনৰ কাষে কাষে ৰঙীন হৈ গৈছে।
01:44 যিকোনো এটা কাষত কাৰ্চৰডাল থওক আৰু মাউচৰ বাওঁফালৰ বুটামটোত হেচি দিয়ক।.
01:50 কাৰ্চৰডাল টানি লৈ ছবিখনৰ আকৃতি নিজৰ মতে দি লওক। পুনৰ আকৃতি দিয়াৰ পাছত ছবিখনত ক্লিক কৰক আৰু সেইখনক editor-অৰ ওপৰৰ সোঁফালৰ চুকটোলৈ টানি নিয়ক
02:01 ছবি অনাৰ অন্য জনপ্ৰিয় সুবিধাবোৰ হৈ: ক্লিপব’ৰ্ডৰ পৰা অনা, স্কেনাৰৰ পৰা অনা বা গেলাৰীৰ পৰা অনা।
02:09 ইয়াৰ পিছত আমি Writer-অত টেবুল কেনেকৈ আনে শিকিম.
02:13 Writer-অত টেবুলে ব্যৱহাৰকাৰীক তথ্যপাতিবোৰ তালিকা আকাৰে থোৱাৰ সুবিধা কৰি দিয়ে।
02:21 আপোনাৰ ডকুমেণ্টলৈ টেবুল এখন আনিবলৈ হয় আপুনি টুলবাৰত থকা ‘Table’ আইকনটোত ক্লিক কৰি টেবুলখনৰ আকাৰটো বাছি ল’ব পাৰে বা মেনুবাৰত থকা “Insert” বিকল্পটোৰ দ্বাৰাও সেইটো কৰিব পাৰে
02:36 তেন্তে “Education Details” শিৰোনামৰ তলত এখন টেবুল আনিবৰ কাৰণে আপুনি শিৰোনামটোৰ তলত কাৰ্চৰডাল থওক.
02:44 এতিয়া মেনুবাৰত থকা “Insert”–অত ক্লিক কৰক আৰু তাৰ পাছত “Tables” বিকল্পটোত ক্লিক কৰক
02:51 এইটোৱে কেইবাটাও খালী ঠাই থকা এটা দায়লগ বাকচ আনিব।
02:55 “Name”-অৰ খালী ঠাইখিনিত আমি টেবুলখনৰ নামটো “Resume Table” বুলি লিখি দিওঁ।
03:01 “Size” শিৰোনামটোৰ তলত “columns”-অৰ সংখ্যা “2” বুলি ৰাখি থওঁ.
03:06 “Rows”-অৰ খালী ঠাইখিনিৰ ওপৰমুৱা কাঁড় চিনডালত ক্লিক কৰক আৰু “Rows”-অৰ সংখ্যা “4” লৈ বৃদ্ধি কৰক.
03:11 এইদৰে আপুনি columns আৰু rows-অৰ ঠাইত থকা ওপৰমুৱা আৰু তলমুৱা কাড় চিন কেইডাল ব্যৱহাৰ কৰি টেবুলখনৰ আকৃতিটো ডাঙৰ কৰিবও পাৰে বা সৰু কৰিবও পাৰে.
03:21 এতিয়া দায়লগ বাকচটোৰ “Auto Format”-অত ক্লিক কৰক.
03:25 এইটোৱে এটা নতুন দায়লগ বাকচ খুলিব, য’ৰ পৰা আপুনি আনিব বিচৰা টেবুলখনৰ গঠনটো কেনেকুৱা লাগে, সেইটো বাছি ল’ব পাৰে.
03:33 “Writer”-এ গঠন বাছি ল’বৰ বাবে কেইবাটাও বিকল্প দিয়ে। আমি “Format”-অৰ তলত “None”- বিকল্পত ক্লিক কৰিম আৰু তাৰ পাছত “OK”-ত ক্লিক কৰিম.
03:43 “OK”-ত আকৌ ক্লিক কৰিম।
03:45 আপুনি দেখা পাব যে শিৰোনামটোৰ তলত দুটা স্তম্ভ আৰু চাৰিটা শাৰী থকা এখন টেবুল আহিছে.
03:53 আমি এতিয়া টেবুলখনত তালিকা আকাৰে যিকোনো তথ্য লিখিব পাৰিম.
03:58 উদাহৰণ হিচাপে, টেবুলখনৰ প্ৰথম শাৰী আৰু প্ৰথম স্তম্ভত থকা বাকচটোত ক্লিক কৰক.
04:04 আমি ইয়াত Secondary School Examination বুলি লিখিম.
04:08 এতিয়া লগতে থকা চেলটোত ক্লিক কৰক আৰু “93%” লিখক। এতিয়া দেখিম যে ৰমেশে মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত শতকৰা ৯৩ পাইছে.
04:20 একেদৰে, আমি টেবুলখনত আৰু অলপ শিক্ষামূলক তথ্য লিখিম.
04:25 Secondary School Examination বুলি লিখি থোৱা চেলটোৰ তলতে থকা চেলটোত ক্লিক কৰক.
04:31 আমি ইয়াত Higher Secondary School Examination বুলি লিখিম আৰু লগৰ চেলটোত “88%” লিখিম
04:41 পাছৰ চেলটোলৈ যাবৰ কাৰণে তৃতীয় শাৰীৰ প্ৰথম চেলটোত ক্লিক কৰক। চেলৰ পৰা চেললৈ যাবলৈ “TAB” key-টোও টিপিব পাৰে.
04:52 এতিয়া TAB-টো হেঁচি দিয়ক আৰু “Graduation” লিখক। লগতে থকা চেলটোত নম্বৰ “75%” লিখক। অন্তিম শাৰীৰ প্ৰথম চেলত ক্লিক কৰক, “Post Graduation” লিখক আৰু কাষৰ চেলত 70% লিখক
05:01 শেষত আমি অন্তিম শাৰীটোৰ প্ৰথম চেলটোত শিৰোনাম “Post Graduation” লিখিলো আৰু লগতে থকা চেলটোত প্ৰাপ্ত সাফল্য “70%” লিখিলো.
05:12 এতিয়া আমি দেখিলো যে resume-অত টেবুলখনে শৈক্ষিক তথ্যখিনি দাঙি ধৰিছে.
05:18 আমি টেবুলখনৰ অন্তিম চেলটোত কাৰ্চৰডাল থওঁ .
05:24 এতিয়া, আপুনি যদি টেবুলখনৰ অন্তিম চেলটোৰ তলত আৰু এটা শাৰী আনিব বিচাৰৰে, তেনে‌হ’লে কী-বৰ্ডৰ “TAB”-কীটো হেঁচি দিয়ক
05:33 আপুনি দেখা পাব যে এটা নতুন শাৰী আহিছে.
05:37 টেবুলখনৰ বাওঁফালে আমি ডিগ্ৰী পোৱা হিচাপে “Phd” লিখিম আৰু সোঁফালে নম্বৰ হিচাপে “65%” লিখিম.
05:49 তেনেহ’লে আমি দেখিলো যে, যেতিয়া কাৰ্চৰ-ডাল অন্তিমটো চেলত থোৱা হয়, তেতিয়া এটা শাৰীৰ তলত অন্য এটা নতুন শাৰী আনিবলৈ “TAB”-কীটোৰ দৰকাৰ হয়.
06:00 TAB আৰু Shift+TAB ব্যৱহাৰ কৰি আমি টেবুলখনৰ ভিতৰত দিশ সালসলনি কৰিব পাৰোঁ.
06:07 টেবুলৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে— “Optimal Column Width” বিকল্পটো, যিয়ে চেলত থকা তথ্যৰ আকাৰ অনুযায়ী স্তম্ভৰ প্ৰস্থ আপোনা-আপুনি নিৰূপন কৰে.
06:18 টেবুলখনৰ দ্বিতীয় স্তম্ভত এই বৈশিষ্টটো প্ৰয়োগ কৰিবৰ কাৰণে প্ৰথমে দ্বিতীয় স্তম্ভটোৰ যিকোনো এঠাইত কাৰ্চৰডাল থওক আৰু ক্লিক কৰক.
06:30 গতিকে আমি অন্তিম চেলটোৰ “65%” লিখি থোৱাৰ পাছতে কাৰ্চৰডাল থওঁ আহক.
06:35 এতিয়া মেনুবাৰত থকা Table মেনুত ক্লিক কৰক আৰু “Autofit” বিকল্পটোলৈ যাওক .
06:42 পৰ্দাত যিখন মেনু ওলাইছে, সেইখনৰ “Optional Column Width” বিকল্পটোত ক্লিক কৰক.
06:49 আপুনি দেখা পাব, স্তম্ভটোৰ চেলবোৰত থকা তথ্য অনুযায়ী স্তম্ভটোৰ প্ৰস্থ আপোনা-আপুনি নিৰূপিত হৈছে.
06:58 আমি একেদৰে এখন টেবুলৰ যিকোনো স্তম্ভতে এনে কৰিব পাৰোঁ.
07:02 আপুনি আপোনাৰ টেবুলখনৰ কাৰণে যিকোনো ধৰণৰ সীমা দি ল’ব পাৰে। সীমাবিহীনৰ পৰা আৰম্ভ কৰি সকলো ভিতৰুৱা আৰু বাহিৰা সীমা দিব পাৰিব.
07:15 তাৰ বাবে, মেনুত থকা Table টেবটো বাছনি কৰক আৰু উপযুক্ত বিকল্পটো বাছিবলৈ Table Properties Option, Borders টেবত বাছনি কৰক.
07:25 ইয়াৰ পাছত আমি hyperlinks কেনেকৈ সৃষ্টি কৰে চাম.
07:30 Hyperlinks অনুসৰণ কৰাটোৱে hypertext-খিনি নেভিগেট কৰা বা ব্ৰাউজ কৰাকে বুজায়.
07:35 তথ্য এটাৰ hyperlink-এ যি সংকেত বা নিৰ্দেশ দিয়ে, সেইটো পঢ়োঁতাজনে প্ৰত্যক্ষভাবে অনুসৰণ কৰিব পাৰে বা আপোনা-আপুনি অনুসৰিত হয়.
07:43 Hyperlink-এ এখন সম্পূৰ্ণ তথ্যলৈ আঙুলিয়ায় বা তথ্যখনৰ ভিতৰৰ নিৰ্দিষ্ট উপাদানলৈ আঙুলিয়ায়.
07:49 Hyperlink-অৰ ফাইল প্ৰস্তুত কৰাৰ আগতে আমি hyperlink হ’ব পৰা ফাইল এটা প্ৰস্তুত কৰিম.
07:56 তাৰবাবে টুলবাৰৰ New Icon-অত ক্লিক কৰিম.
08:00 এটা নতুন তথ্যসূচীৰ লেখ খুলিব। এতিয়া আমি এই নতুন তথ্যসূচীখনত অভিৰুচিৰ কাৰণে নতুন টেবুল প্ৰস্তুত কৰিম.
08:06 তাৰবাবে আমি শিৰোনামটো Hobbies বুলি লিখিম.
08:09 এতিয়া enter-কী হেঁচি দিয়ক.
08:11 এতিয়া কেইটামান অভিৰুচি, যেনে— Listening to music, Playing table tennis আৰু Painting,— এটাৰ তলত আনটো লিখক.
08:20 ফাইলটো save কৰা হল.
08:24 টুলবাৰৰ Save আইকনটোত “Name” বুলি থকা ঠাইখিনিত ফাইলটোৰ নামটো Hobby বুলি লিখক.
08:30 এতিয়া তলৰ শাৰীৰ “Save in Folder”-অত ক্লিক কৰক আৰু লগতে Desktop বিকল্পটোত ক্লিক কৰক। এতিয়া Save বুটামটোত ক্লিক কৰক.
08:40 এনেকৈ ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিব পৰা যায়.
08:43 এতিয়া আমি এই ফাইলটো বন্ধ কৰোঁ। এতিয়া resume.odt-ত এই ফাইলটোৰ এটা hyperlink প্ৰস্তুত কৰোঁ আহক, যিটোৰ দ্বাৰা ফাইলটোৰ তথ্য খুলিব পৰা যাব .
08:53 শৈক্ষিক তথ্য থকা টেবুলখনৰ তলতে শিৰোনামটো “Hobbies” বুলি লিখিম.
09:00 এই “Hobbies” বুলি লিখা কথাখিনি hyperlink কৰিবলৈ প্ৰথমে “Hobbies”-অত কাৰ্চৰডাল টানি লিখাখিনি বাছনি কৰক.
09:09 এতিয়া মেনুবাৰৰ Insert Menu-ত ক্লিক কৰক আৰু তাৰ পাছত Hyperlink বিকল্পটোত ক্লিক কৰক.
09:15 এটা দায়লগ বাকচ ওলাই আহে, য’ত Internet, Mails, News, Documents আৰু New Documents-অৰ দৰে বিকল্প আছে.
09:24 যিহেতু hyperlink-অৰ কাৰণে আমি এটা লেখ তথ্যসূচী প্ৰস্তুত কৰিব লাগে, আমি Document-অত ক্লিক কৰিব লাগিব
09:30 এতিয়া Path field-অৰ Open File বুটামটোত ক্লিক কৰক.
09:36 আগতে প্ৰস্তুত কৰি থোৱা নতুন তথ্যসূচী সুমুৱাবলৈ এতিয়া দায়লগ বাকচৰ Desktop বিকল্পটোত ক্লিক কৰক.
09:44 এতিয়া hobby.odt ফাইলটোত ক্লিক কৰক আৰু তাৰ পাছত Open বুটামটোত ক্লিক কৰক.
09:52 আপুনি Path field-অৰ ভিতৰত সুমুৱাই ৰখা ফাইলটোলৈ যাওক। তাত Path টো দেখা পাব
09:57 এতিয়া Apply Field-অত ক্লিক কৰক আৰু তাৰ পাছত Close বুটামটোত ক্লিক কৰক.
10:02 আপুনি দেখা পাব যে “Hobbies” বুলি লিখা কথাখিনি নীলা ৰঙৰ হৈছে. সেয়েহে আখৰ খিনি এতিয়া হাইপাৰ লিন্ক হৈছে
10:11 এতিয়া Hobbies শিৰোনামটোত কাৰ্চৰডাল থওক আৰু Control+P-ৰ লগতে মাউচৰ বাওঁফালৰ বুটামটো একেলগে হেঁচি দিয়ক .
10:19 আপুনি দেখিব Hobbies থকা ফাইলটো খোল খাইছে।.
10:23 একেদৰে আপুনি ছবি আৰু ৱেবচাইটৰ কাৰণেও hyperlink কৰিব পাৰে.
10:30 ইয়াতে LiberOffice Writer-অৰ প্ৰথম প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে.
10:35 চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:
10:37 Image file এটা ডকুমেণ্ট এখনলৈ কেনেকৈ আনে.
10:39 Writer-অত টেবুল কেনেকৈ আনে
10:42 Writer-অত hyperlink কেনেকৈ কৰে.
10:48 বিস্তাৰিত নিৰ্দেশাৱলী
10:50 Practice.odt ফাইলটো খোলক
10:53 ফাইলটোত এখন ছবি সুমুৱাওক.
10:57 তিনিটা শাৰী আৰু দুটা স্তম্ভৰ এখন টেবুল আনক.
11:01 ফাইলত থকা চবি টো ক্লিক কৰি www.google.com ৱেবচাইতত খুলিবলৈ hyperlink এতা বনাওক.
11:11 তলৰ সংযোগত থকা ভিডিঅ’ চাওক. কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:17 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
11:22 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
11:27 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:31 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক
11:37 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ.
11:41 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
11:50 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
12:00 আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু. এই শিক্ষন সহায়িকা আগবঢ়ালে মৌচম শৰ্মায়ে. মই মৌচুমি মেধি চাইন অফ কৰিচু. সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi