LibreOffice-Suite-Math/C2/Matrices-Aligning-Equations/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|
00:04 এই টিউটৰিয়েলত আমি Matrix কেনেকৈ লিখিব লাগে তাক শিকিম
00:08 আৰু এটা নিৰ্দিষ্ট আখৰ সাপেক্ষে কেনেকৈ সমীকৰণবিলাক এলাইন কৰিব লাগে শিকিম|
00:12 এইটোৰ বাবে প্ৰথমে আমি Writer ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো, সেইয়া হৈছে: MathExample1.odt.
00:25 আপুনি তাত Math ব্যৱহাৰ কৰি আমি লিখা সূত্ৰবোৰৰ সকলো উদাহৰণ দেখিবলৈ পাব|
00:30 এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ Control Enter দবাম|
00:39 Insert মেন্যুত ক্লিক কৰি Math কল কৰা যাওক আৰু তাৰ পাছত Object আৰু তাৰ পাছত Formula-ত ক্লিক কৰক.
00:49 গণিতত এটা Matrix হৈছে সংখ্যা বা চিহ্নৰ এটা আয়তাকাৰ সজ্জা যাক elements বুলি কোৱা হয়|
00:59 Math-ৰ Matrix আৰু element বিলাকৰ শাৰী আৰু স্তম্ভ বুজাবলৈ বেলেগ বেলেগ mark up আছে|
01:08 মোৰ ইতিমধ্যে উদাহৰণবোৰ লিখা হৈ আছে, গতিকে সময় বছাবলৈ মই সেইবোৰ কপি আৰু পেইষ্ট কৰিম|
01:24 এই matrix-টোৰ ২ টা শাৰী আৰু ৩ টা স্তম্ভ আছে|
01:29 আমি Formula Editor ৱিণ্ড’ত Matrix’ markup ব্যৱহাৰ কৰিম আৰু তাত element বিলাক মাজু বন্ধনিৰ মাজত যোগ দিম|
01:40 মন কৰক যে এটা শাৰীত থকা elements বিলাক এতিয়া এটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে|
01:48 আৰু শাৰীবিলাক দুটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে|
01:55 ব্ৰেকেটৰ ভিতৰত থকা matrix-টোক আৱদ্ধ কৰিবলৈ সৰু বন্ধনীৰ ব্যৱহাৰ কৰক|
02:01 এতিয়া মন কৰক যে ব্ৰেকেটবিলাক সৰু আৰু ইহঁতে matrix-টোৰ সকলোবিলাক element পূৰাকৈ আৱৰি ধৰিব নোৱাৰে|
02:12 সেইবিলাক প্ৰতিটো element-ৰ আকাৰৰ সমান আৰু সেয়ে সিহঁতক matrix-ৰ আকাৰ সমানকৈ প্ৰকাশ কৰিব নোৱাৰি|
02:22 এইটো সমাধান কৰিবলৈ আমি ‘Left’ আৰু ‘Right’ শব্দ দুটা ব্যৱহাৰ কৰিব পাৰো|
02:28 অৰ্থাত, ব্ৰেকেট বিলাক আকাৰত ডাঙৰ কৰিবলৈ ব্ৰেকেট আৰম্ভ কৰাৰ ঠিক আগতে Left আৰু ব্ৰেকেট বন্ধ কৰাৰ ঠিক আগত Right দিব লাগিব|
02:41 ইয়াৰ পিছৰ উদাহৰণটো মই copy আৰু paste কৰি লও|
02:46 গতিকে, 4 by 1 matrix এটা স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব|
02:52 Writer-ৰ ধূসৰ বাকছটোত আকাৰ সালসলনি কৰিব পৰা ব্ৰেকেটবিলাক মন কৰক|
02:57 মেত্ৰিক্সটোৰ বাবে markup টো স্ক্ৰীণত দেখুওৱা ধৰণৰ|
03:03 ইয়াত আমি সৰু বন্ধনীৰ সলনি বৰ বন্ধনীও ব্যৱহাৰ কৰিব পাৰো|
03:09 মেত্ৰিক্স mark up ব্যৱহাৰ কৰি আমি যিকোনো আকাৰৰ মেত্ৰিক্সবিলাক লিখি ওলিয়াব পাৰো|
03:17 এতিয়া আহক আমি Matrix যোগ কৰিবৰ কাৰণে এটা উদাহৰণ লিখি উলিয়াও|
03:23 Formula Editor ৱিণ্ড’ খনত আমি এডাল নতুন ৰেখালৈ যাও আহক|
03:28 আমি Enter কি-টো দুবাৰ দবাই দুডাল খালী ৰেখা যোগ কৰিব পাৰো|
03:36 প্ৰথমে স্ক্ৰীণত দেখুওৱাৰ দৰে 2 by 3 –ৰ দুটা মেত্ৰিক্সৰ উদাহৰণ উচৰাউচৰিকৈ লিখি লও আহক|
03:46 ইয়াৰ পাছত, যোগ কৰা বুজাবলৈ দুয়ুটা মেত্ৰিক্সৰ মাজত এটা যোগ চিন দিয়া হওক|
03:54 এইটো কৰিবলৈ আমি মাত্ৰ Writer-ৰ ধূসৰ বাকছ্টোত থকা দুয়ুটা মেত্ৰিক্সৰ মাজৰ খালী ঠাইত ক্লিক কৰিলেই হ’ল|
04:03 মন কৰক যে Formula Editor Window-খনত দুয়ুটা matrix mark ups-ৰ ঠিক মাজতে কাৰ্জৰ ডাল প্ৰতিষ্ঠাপিত হৈছে
04:12 এই দুইটা মেত্ৰিক্সৰ মাজত যোগ চিনটো টাইপ কৰক|
04:17 গতিকে, সেইয়া হৈছে যোগ চিহ্ন|
04:20 ইয়াৰ পাছত শেষত দীঘল খালী ঠাইৰে সৈতে সমান চিন যোগ কৰা যাওক|
04:28 আৰু সোঁফালে যোগফল হিছাপে তিনি নম্বৰৰ মেত্ৰিক্সটো দেখা যাব|
04:35 মন কৰক যে আমি আমাৰ উদাহৰণত Greek আখৰ ব্যৱহাৰ কৰিছোঁ|
04:42 গতিকে, দুটা মেত্ৰিক্সৰ এইয়া হৈছে যোগফল|
04:47 আহক আমি এতিয়া আমাৰ কামখিনি ছেভ কৰো|
04:50 ইয়াৰ পাছত এটা মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰা চাও আহক|
04:58 আমি এটা 2 by 3 মেত্ৰিক্স লিখিম আৰু তাক 4 ৰে পূৰণ কৰিম|
05:04 আমি প্ৰথমে মেত্ৰিক্সটোৰ পাছত ‘4 times’ লিখিম|
05:10 এতিয়া মই FEW-ত মেত্ৰিক্সটো কপি আৰু পেইষ্ট কৰিম|
05:17 শেষত দীঘলীয়া খালী ঠাইৰ সৈতে ‘equal to’ চিহ্নটো লিখো আহক
05:24 মেত্ৰিক্স উত্পাদকটোৰ পিছত, মই মেত্ৰিক্স উত্পাদকটোৰ বাবে mark up-টো কপি আৰু পেইষ্ট কৰিছো|
05:33 গতিকে সেইটোৱেই হৈছে এটা 2 by 3 মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰিলে পোৱা পূৰণফল|
05:40 এতিয়া আমি মেত্ৰিক্সবিলাকক ফ’ন্ট, ফ’ন্টৰ আকাৰ, এলাইনমেন্ট বা স্পেচিং বাছি লৈ ফৰমেট কৰিব পাৰো|
05:51 উদাহৰণ হিছাপে, স্পেচিং বাছি লোৱা যাওক|
05:55 সোঁফালে থকা ড্ৰ্প ডাউন শ্ৰেণীবিভাগৰ পৰা আমি Matrices বাছি লও আহক|
06:02 আৰু লাইন স্পেচিং 20 শতাংশ আৰু কলম স্পেচিং 50 শতাংশলৈ বঢ়োৱা যাওক| OK ক্লিক কৰক|
06:17 মেত্ৰিক্সবিলাক আৰু সিহঁতৰ elements বিলাকৰ মাজত কেনেকৈ সঠিকভাৱে খালী ঠাই যোগ হৈছে মন কৰক|
06:23 File আৰু তাৰ পাছত Save-ত ক্লিক কৰি আমাৰ কাম ছেভ কৰো আহক|
06:29 এতিয়া, আমি দুটা বা তিনিটা সমীকৰণ লিখিবলৈ মেত্ৰিক্স ব্যৱহাৰ কৰিব পাৰো আৰু সেইবোৰ এটা নিৰ্দিষ্ট আখৰৰ শাৰীত এলাইন কৰিব পাৰো|.
06:37 উদাহৰণ স্বৰূপে, আমি একে সময়তে দুটা সমীকৰণ লিখিব পাৰো আৰু সিহঁঅতক ‘equal to’ চিহ্নৰ সৈতে এলাইন কৰিব পাৰো|
06:46 এতিয়া আহক আমি স্ক্ৰীণত দেখুওৱাৰ দৰে এযোৰ সমসাময়িক সমীকৰণ লিখো|
06:52 মন কৰক যে সিহঁত ‘equal to’ চিনৰ সৈতে ভালকৈ এলাইন হৈ থকা নাই|
06:58 গতিকে, আমি ইয়াত সিহঁতক এলাইন কৰিবলৈ matrix mark ব্যৱহাৰ কৰিব পাৰো|
07:03 আমি সমীকৰণটোৰ প্ৰতিটো অংশক ভাগ কৰি পেলাব পাৰো আৰু সিহঁতক এটা মেত্ৰিক্সৰ element হিছাপে গন্য কৰিব পাৰো|
07:10 ইয়াত 2x এটা ভাগ, y এটা ভাগ, ‘equal to’ চিনটো এটা ভাগ, ইত্যাদি|
07:20 এন্টাৰ দুবাৰ দবাওক| Mark up-টো কপি আৰু পেইষ্ট কৰক|
07:26 আৰু এনেকৈ নতুন mark up-টো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব|
07:31 ইয়াত আমি matrix mark up ব্যৱহাৰ কৰিছো, সমীকৰণৰ প্ৰতিটো অংশক এটা element হিছাপে গণ্য কৰিছো আৰু সিহঁতক # চিহ্নৰ দ্বাৰা পৄথক কৰিছো|
07:43 আমি দুটা সমীকৰণক পৄথক কৰিবলৈ দাবল হেশ্ব চিহ্ন ব্যৱহাৰ কৰিছো|
07:50 গতিকে এইয়া হৈছে সঠিকভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ|
07:56 আহক আমি অইন এযোৰ সমীকৰণ লিখো|
07:59 ধৰা হওক, ’equal to’ চিহ্নৰ সোঁ আৰু বাওঁফালে সমান সংখ্যক অংশ নাই|
08:09 স্ক্ৰীণত থকা সমীকৰণ কেইটালৈ মন কৰক যে সিহঁত ‘equal to’ চিনৰ লগত এলাইন হৈ থকা নাই|
08:16 সিহঁতক এলাইন কৰিবলৈ mark up-টো পুনৰ লিখি উলিয়াও আহক| এন্টাৰ কি-টো দুবাৰ দবাওক| মই mark up-টো কপি আৰু পেইষ্ট কৰিছো|
08:25 গতিকে ইয়াত আমি ‘equal to’ চিনৰ সোঁ আৰু বাওঁফলে থকা অংশবোৰ এলাইন কৰিবলৈ ক্ৰমে align r আৰু align l ব্যৱহাৰ কৰিছো|
08:36 আৰু এইয়া হৈছে আমাৰ নিখুঁতভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ|
08:41 তেতিয়া হলে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো:
08:43 2x3 matrix-ক 3x1 matrix-ৰে পূৰণ কৰিবলৈ পদক্ষেপসমূহ লিখি উলিয়াওক| ফৰমেটিং ব্যৱহাৰ কৰি ফ’ন্ট, আকাৰ আৰু স্পেচিঙৰ সালসলনি কৰক|
08:56 তিনিযোৰা সমীকৰণ লিখি উলিয়াওক| ‘equal to’ চিন সাপেক্ষে সমীকৰণটো এলাইন কৰক|
09:04 এইখিনিতে আমাৰ LibreOffice Math-ত Matrix আৰু সমীকৰণ এলাইনমেন্ট বিষয়ক টিউট’ৰিয়েলৰ অন্ত পৰিছে|
09:11 চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো:
09:15 এটা মেত্ৰিক্স লিখা আৰু নিৰ্দিষ্ট আখৰ সাপেক্ষে সমীকৰণসমূহক এলাইন কৰা|
09:20 Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ, যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে|
09:32 এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org.
09:37 এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
09:40 এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া DesiCrew solutions-এ এই পাঠৰ ইমানতে সামৰণি মাৰিছো|অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ|

Contributors and Content Editors

Desicrew, Mousumi, Udaya