LibreOffice-Suite-Calc/C2/Working-with-data/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিবাৰ অফিচ কেল্কৰ ডেটাৰ সৈতে কামৰ বিষয়ক স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|
00:06 এই টিউট’ৰিয়েলত আমি শিকিম:
00:09 ফিল টুলচ আৰু ছিলেকশ্যন লিষ্ট ব্যৱহাৰ কৰি স্পীড আপ কৰা|
00:13 শিটৰ মাজত কন্টেন্টৰ শেয়াৰিং|
00:16 ৰিমভিং ডেটা, ৰিপ্লেছিং ডেটা, চেঞ্জিং পাৰ্ট অফ এ ডেটা|
00:23 ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 10.04 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 3.3.4 ব্যৱহাৰ কৰিছো|
00:32 স্প্ৰেডশ্যিটত ডেটা ভৰোৱা কামটো কষ্ট-সাধ্য হব পাৰে, কিন্তু কেল্ক এ এই কামটো যঠেষ্ট সহজ কৰিবলৈ বিভিন্ন টুলচৰ যোগান দিছে|
00:42 আটাইতকৈ প্ৰাথমিক সক্ষমতাটো হৈছে মাউছৰ সহায়ত এটা চেলৰ কন্টেন্ট বিলাক ড্ৰেগ কৰি নি অইন এটা চেলত দ্ৰপ কৰিব পৰাটো|
00:49 অট’মেটিক ইনপুটৰ বাবে, বিশেষকৈ পুনঃ ব্যৱহাৰ্য মেটেৰিয়েলৰ বাবে কেল্ক এ বহুতো টুলচৰ যোগান ধৰিছে|
00:57 এই টুল বিলাক হৈছে “ফিল টুল”, ছিলেকশ্যন লিষ্টচ”
01:01 এইবিলাকে একেখন ডুকুমেন্টৰ মাল্টিপল শ্যিটত তথ্য ইনপুট কৰিব পাৰে|
01:06 আমি সেই প্ৰত্যেকটোৰ বিষয়ে এটাৰ পিছত এটাকৈ শিকিম|
01:09 আমাৰ “পাৰ্ছ’নেল ফাইনান্স ট্ৰেকাৰ.ods” ফাইলটো অপেন কৰা যাওক|
01:14 ফিল টুলটো হৈছে এখন শ্যিটত থকা কন্টেন্ট বিলাক ডুপ্লিকেইট কৰিবলৈ এটা কামত অহা পদ্ধতি|
01:19 আমাৰ “পাৰ্ছ’নেল ফাইনান্স ট্ৰেকাৰ.ods” ফাইলত, ধৰা হওক আমি “ক’ষ্ট” হেডিঙত থকা ডেটাসমূহ কাষৰ চেলবিলাকলৈ কপি কৰিব বিচাৰিছো|
01:30 প্ৰথমে “6000”থকা চেলটোত ক্লিক কৰি কপি কৰিব লগীয়া সকলো ডেটা ছিলেক্ট কৰা হওক|
01:38 এতিয়া বাওঁফালৰ মাউছ বাটনটো হেঁচি ধৰি মাউছটো ক’ষ্ট এন্ট্ৰি “2000” থকা চেলটোৰ শেষলৈকে ড্ৰেগ কৰক|
01:46 ইয়াৰোপৰি, ডেটা কপি কৰিবলগীয়া সেই চেলবিলাক ছিলেক্ট কৰক|
01:51 এতিয়া বাওঁফালৰ মাউছ বাটনটো এৰি দিয়ক|
01:53 মেন্যু বাৰত থকা “এদিট” অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পাছত “ফিল”অপশ্যনত ক্লিক কৰক|
01:59 পপ আপ মেন্যুত “ৰাইট” অপশ্যনটোত ক্লিক কৰক|
02:03 আপুনি “ক’ষ্ট” হেডিঙত থকা ডেটাবিলাক কাষৰ চেল বিলাকলৈ কপি হোৱা দেখিবলৈ পাব|
02:09 আমি সালসলনিবিলাক আন্ডু কৰো আহক|
02:12 ফিল টুলৰ এটা জটিল ব্যৱহাৰ হৈছে শ্যিটত ডেটা হিচাপে কিছুমান ছিৰিজ ভাৰোৱা|
02:20 কেল্ক এ বছৰ এটাৰ সপ্তাহৰ দিনবোৰ আৰু মাহবোৰৰ সম্পূৰ্ণ আৰু সংক্ষিপ্ত ডিফল্ট লিষ্টৰ যোগান ধৰিছে|
02:27 ই ব্যৱহাৰকাৰীক নিজৰ লিষ্ট তৈয়াৰ কৰিবলেও সুবিধা দিয়ে|
02:34 এতিয়া আমাৰ শ্যিটখনত “ডেয়জ” নামেৰে এটা নতুন হেডিং ভৰোৱা যাওক|
02:38 ইয়াৰ অন্তৰ্গত আমি সপ্তাহটোৰ সাতোটা দিন সয়ংক্ৰিয় ভাৱে প্ৰদৰ্শন কৰিম|
02:43 “ডেয়জ” হেডিঙৰ তলৰ সাতটা চেল ছেলেক্ট কৰা|
02:48 এতিয়া মেন্যু বাৰত থকা “এদিট” click কৰি তাৰ পাছত “ফিল” অপশ্যানলৈ যাওক|
02:53 মেন্যুত “ছিৰিজ” অপশ্যনত ক্লিক কৰক|
02:57 আপুনি “ফিল ছিৰিজ” হেডিঙেৰে সৈতে ডায়্লগ বক্সটো দেখা পাব|
03:02 এতিয়া “ছিৰিজ টাইপ”ৰ অধীনত “অট’ ফিল” অপশ্যনত ক্লিক কৰক|
03:07 “ষ্টাৰ্ট ভেল্যু” ফিল্দত আমি সপ্তাহটোৰ প্ৰথমটো দিন অৰ্থাত “ছান ডে” টাইপ কৰিম|
03:13 বাঢ়নটো ইতিমেধ্য “1”-ত ছেট কৰা আছে|

“অ’ক” বাটনটোত ক্লিক কৰক|

03:18 আপুনি দেখিব যে দিনবিলাক নিজে নিজে চেলবিলাকত ভৰি পৰিছে|
03:23 আপুনি দিন, মাহ বা বছৰ এই পদ্ধতিৰে ভৰাব পাৰে কাৰণ সেইবিলাক ইতিমধ্যে কেল্কত ভৰোৱা হৈ থাকে|
03:32 ছিকুৱেন্সিয়েল ডেটা অট’ ফিলিং কৰাৰ অইন এটা পদ্ধতি হৈছে-
03:37 এটা চেলত “ছান ডে” টাইপ কৰক আৰু এন্টাৰ দবাওক| ইয়ে কলমটোৰ পিছৰ চেলটোলৈ ফ’কাছটো শ্বিফট কৰিব|
03:46 “ছান ডে” টাইপ কৰি থোৱা চেলটোলৈ উলতি যাওক| আপুনি চেলটোৰ সোঁফালে তলত সৰু এটি কলা বাকছ দেখিবলৈ পাব|
03:55 মাউছটোৰে box টোত ক্লিক কৰক|
03:57 ইয়াক তললৈ ড্ৰেগ কৰি নিয়ক যেতিয়ালৈকে আপুনি ছেটাৰ ড’ দেখা নাপায়|
04:04 মাউছ বাটনটো এৰি দিয়ক|
04:06 সপ্তাহটোৰ দিনবোৰ নিজে নিজে চেলটোত ভৰি পৰিব|
04:10 এই কৌশলটো সকলোবোৰ ছিকুৱেন্সিয়েল ডেটাৰ ক্ষেত্ৰত প্ৰযোজ্য|

সালসলনিবোৰ আন্ডু কৰা যাওক|

04:17 আপুনি নাম্বাৰৰ বাবে ষ্টাৰ্ট, এন্দ আৰু ইনক্ৰিমেন্ট ভেল্যু ব্যৱহাৰ কৰি এটা ৱান টাইম ফিল ছিৰিজ তৈয়াৰ কৰিব পাৰে|
04:24 এইটো প্ৰদৰ্শন কৰিবলৈ প্ৰথমে আমি “A1” পৰা “A7”-লৈ ইতিমধ্যে ভৰোৱা ছিৰিয়েল নাম্বাৰ সমূহ ডিলিট কৰিম|
04:33 নাম্বাৰ বিলাক ডিলিট কৰাৰ পিছত “A1” পৰা “A7”-লৈ চেলবিলাক আকৌ ছিলেক্ট কৰক|
04:40 এতিয়া মেন্যু বাৰত “এদিট” আৰু তাৰ পাছত “ফিল” আৰু “ছিৰিজ” অপশ্যনত ক্লিক কৰক|
04:46 আমাৰ সমুখত এটা ডায়লগ বক্স ওলাব|

এতিয়া, “ছিৰিজ টাইপ”-ৰ অধীনত “লিনিয়েৰ” অপশ্যনটোত ক্লিক কৰ যদিহে ই ডিফল্ট ছিলেক্ট হৈ থকা নাই|

04:57 আমি “ষ্টাৰ্ট ভেল্যু” ফিল্ডত প্ৰথম ছিৰিয়েল নাম্বাৰটো টাইপ কৰিম, সেইয়া হৈছে, “1”|
05:03
“এন্দ ভেল্যু” ফিল্ডত আমি অন্তিম ভেল্যু হিচাপে “6” টাইপ কৰিম|
05:08 এতিয়া আমি “ইনক্ৰিমেন্ট” ভেল্যু হিচাপে “1” টাইপ কৰিম আৰু অৱশেষত “অ’কে” বাটনত ক্লিক কৰিম|
05:14 আমি দেখা পাম যে চেলবিলাক সয়ংক্ৰিয় ভাৱে ছিকুৱেন্সিয়েল ছিৰিয়েল নাম্বাৰবিলাকৰ দ্বাৰা ভৰোৱা হৈ গৈছে|
05:21 এই সকলোবোৰ ক্ষেত্ৰত ফিল টুল এ চেলবিলাকৰ মাজত এটা খন্তেকীয়া সংযোগৰ সৄষ্টি কৰে| চেলবিলাক ভৰোৱাৰ পাছত সিহঁতৰ মাজঅত কোনো সংযোগ নাথাকে|
05:32 ফিল টুলচৰ বাহিৰেও আৰু এটা স্পীড আপ টুল আছে যাক “ছিলেকশ্যন লিষ্ট” নামেৰে জনা যায় যিটোৰ ব্যৱহাৰ কেৱল টেক্সটৰ ক্ষেত্ৰত সীমাবদ্ধ|
05:40 এই ছিৰিজৰ পাচৰ টিউট’ৰিয়েলত আমি এই বিষয়ে আলোচনা কৰিম|
05:45 “ফিল টুলচ” আৰু “ছিলেকশ্যন লিষ্টচ”-ৰ বিষয়ে শিকাৰ পিছত আমি এতিয়া শ্যিটৰ মাজত কেনেকৈ কন্টেন্ট শ্বেয়াৰ কৰিব পাৰি তাক শিকিম|
05:52 কেল্ক এ এটা চেলত থকা একেখিনি ইনফৰ্মেশ্যন মাল্টিপল শ্যিটত ভৰাবলৈ ব্যৱহাৰ কাৰীক সুবিধা দিয়ে|
05:58 ইয়াৰ অৰ্থ এয়ে যে প্ৰতিখন শ্যিটত বেলেগে বেলেগে একেখন লিষ্ট ভৰোৱাৰ সলনি ইয়াক সকলোবোৰ শ্যিটত এবাৰতে ভৰাব পাৰি|
06:07 আমাৰ “পাৰ্ছ’নেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত আমাৰ সকলো ডেটা “শ্যিট 1”-ত আছে|
06:14 এতিয়া আমি “শ্যিট 1”-ত থকা একেখিনি ডেটা “শ্যিট 2”-ৰ লগতে “শ্যিট 3”-ত দেখুওৱাব খুজিছো|
06:21 গতিকে আমি মেন্যু বাৰত থকা “এদিট” অপশ্যনঅলৈ যাম আৰু “শ্যিট” অপশ্যনত ক্লিক কৰিম|
06:27 এতিয়া “ছিলেক্ট”-ত ক্লিক কৰক|
06:30 ডায়লগ বক্সটোত শ্বিফট কী ব্যৱহাৰ কৰি আমি “শ্যিট 1”, “শ্যিট 2” আৰু “শ্যিট 3”-ত ছিলেক্ট কৰিম|
06:40 আৰু তাৰ পাছত “অ’কে” বাটনত কৰিম|
06:42 ইয়ে আমাক “শ্যিট 1”-লৈ লৈ যাব|
06:45 এতিয়া “শ্যিট 1”-ত কিছুমাণ ডেটা ভাৰোৱা যাওক|
06:49 উদাহৰণ স্বৰূপে “F12” চেলত আমি টাইপ কৰিম “দিছ ৱিল বি দিজপ্লেইড অন মাল্টিপল শ্যিটচ”|
06:57 এতিয়া শ্যিট 2 আৰু শ্যিট 3 টেবত এটাৰ পাছত এটাকৈ ক্লিক কৰা|
07:02 আমি দেখিম যে প্ৰতিখন শ্যিটৰ “F12” চেলত একেখিনি ডেটা আছে|
07:09 সালসলনি বিলাক আনডু কৰো আহক|
07:12 ইয়াৰ পিছত আমি চেলত থকা ডেটা ডিলিট আৰু এডিত কৰা অইন উপায় বিলাকৰ কথা শিকিম|
07:18 এটা চেলত থকা ডেটাৰ ফৰমেটিংবিলাক ৰিমভ নকৰাকৈ data ডিলিট কৰিবলৈ হ’লে চেলটো ছিলেক্ট কৰক|
07:25 আপুনি “ইনপুট লাইন” ফিল্ডত চেলৰ ডেটাসমূহ দেখিবলে পাব|
07:30 এতিয়া কী-বোৰ্ডৰ “বেক স্পেচ” বাটনটো দবাওক|
07:35 আপুনি ডেটাবিলাক ডিলিট হোৱা দেখিবলৈ পাব|
07:37 সালসলনি বিলাক আনডু কৰো আহক|
07:39 এটা চেলত থকা ডেটা ৰিপ্লেইছ কৰিবলৈ হ’লে চেলটো ছিলেক্ট কৰক আৰু পুৰনা ডেটাখিনিৰ উপৰত টাইপ কৰক|
07:46 নতুন ডেটাবিলাকে আগৰ ফৰ্মেটিংবোৰ ধৰি ৰাখিব|

সালসলনি বিলাক আনডু কৰো আহক|

07:52 এটা চেলত থকা ডেটা বিলাকৰ একো অংশ চেলটোৰ কন্টেন্টবোৰ ৰিমোভ নকৰাকৈ সলনি কৰিবলৈ হ’লে চেলটোত ডাবল ক্লিক কৰক|
08:01 এতিয়া কাৰ্ছৰদাল নেভিগেইট কৰক যাতে আপুনি বিচৰা ধৰণে চেলটো এদিত কৰিব পাৰে|
08:07 সালসলনি বিলাক আনডু কৰো আহক|
08:09 এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্ক বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে:
08:15 চমুকৈ আমি শিকিলো:
08:17 ফিল টুলচ আৰু ছিলেক্শ্যন লিষ্টচ ব্যৱহাৰ কৰি স্পীড আপ কৰা|
08:20 শ্যিটৰ মাজত কন্টেন্ট শ্বেয়াৰিং কৰা|
08:23 ৰিমভিং ডেটা, ৰিপ্লেছিং ডেটা, ডেটাৰ এটা অংশ সলনি কৰা|
08:29 *তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক|
08:32 *ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে|
08:35 *যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে|
08:40 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে
08:43 *স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে|
08:46 যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে|
08:49 *সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক|
08:55 *স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ|
09:00 *ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
09:07 *এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন
09:11 *স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ|
09:18 *এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ|
09:23 *অংশ গ্ৰহণৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Desicrew, Gaurav, Mousumi