LibreOffice-Suite-Calc/C2/Working-with-Cells/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিবাৰ অফিচ কেল্কৰ চেলসমূহৰ সৈতে কাৰ্য্য পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ স্বাগতম
00:06 এই টিউটৰিয়েলত আমি শিকিব পাৰিম:
00:08 এখন স্প্ৰেডশ্বিটত কেনেদৰে সংখ্যা, টেক্সট, টেক্সট ৰূপত সংখ্যা, তাৰিখ আৰু সময় অন্তৰ্ভুক্ত কৰা হয়|
00:16 কেনেদৰে ফৰমেট চেলচ্ ডায়লগ বক্স ব্যৱহাৰ কৰা হয়|
00:19 কেনেদৰে চেলসমূহ আৰু শ্বিটসমূহৰ মাজত চলাচল কৰিব পাৰি|
00:23 কেনেদৰে ৰ’, কলম আৰু শ্বিটসমূহৰ বস্তুবোৰ ছিলেক্ট কৰিব পাৰি|
00:29 ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টু 10.04 আৰু লিবাৰ অফিচ চুইট সংস্কৰণ 3.3.4 ব্যৱহাৰ কৰিম|
00:39 গতিকে আহাঁ প্ৰথমে আমি চেলসমূহত ডাটা কেনেদৰে অন্তৰ্ভুক্ত কৰিব লাগে তাকে শিকোঁ|
00:43 আমি “পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ.ods” ফাইলটো খুলিম|
00:49 আপুনি নিৰ্দিষ্ট এটা চেলত ক্লিক কৰিয়েই চেলটোত যিকোনো টেক্সট টাইপ কৰিব পাৰে আৰু তাৰপিছত কীব’ৰ্ড ব্যৱহাৰ কৰি টাইপ কৰি যাব পাৰে|
00:59 ডিফল্ট হিচাপে টেক্সট বাওঁ ফালে সংৰেখিত হয়| ফৰ্মেটিং বাৰত থকা যিকোনো এটা এলাইনমেন্ট টেবত ক্লিক কৰি সংৰেখন সলনি কৰিব পাৰা হয়|
01:08 ইয়াক আন্ডু কৰা যাওঁক|
01:11 এতিয়া স্প্ৰেডশ্বিটত “A1” সূচোৱা চেলটোত ক্লিক কৰা|
01:15 আপুনি দেখিব যে ছিলেক্ট হোৱা চেলসমূহ হাইলাইট হৈছে।
01:20 ইয়াত আমি ইতোমধ্যে কলাম হেডিংসমূহ টাইপ কৰিছো|
01:24 আমি “আইটেম” হেডিংৰ ভিতৰত এটাৰ তলত আনটোকৈ কিছুমান বস্তুৰ নাম টাইপ কৰিম, যেনে “বেতন”, “ঘৰ ভাড়া”, “ইলেক্ট্ৰিচিটি বিল”, “ফোন বিল”, আৰু “অন্যান্য”
01:38 চেলৰ ভিতৰত সংখ্যা অন্তৰ্ভুক্ত কৰিবলৈ, চেলটোত ক্লিক কৰক আৰু সংখ্যাবোৰ টাইপ কৰক|
01:43 এটা ঋণাত্মক সংখ্যা টাইপ কৰিবলৈ, হয় এটা বিয়োগ চিহ্ন প্ৰথমে টাইপ কৰক অথবা সৰু বন্ধনীৰ ভিতৰত তাক বন্ধ কৰক|
01:53 ডিফল্ট ৰূপত, সংখ্যাসমূহ বাওঁ ফালে সংৰেখিত হয় আৰু ঋণাত্মক সংখ্যাসমূহৰ আগত এটা বিয়োগ চিহ্ন থাকে|
02:01 সালসলনিবোৰ আন্ডু কৰা যাওঁক|
02:04 এতিয়া আমাৰ “পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ.ods” স্প্ৰেডশ্বিটত, “SN”এ সূচোৱা ক্ৰমিক নম্বৰ হেডিংৰ ভিতৰত, আমি বস্তুবোৰৰ ক্ৰমিক নম্বৰ এটাৰ তলত আনটো অন্তৰ্ভুক্ত কৰিব বিছাৰোঁ|
02:17 গতিকে “A2” নিৰ্ণয় কৰা চেলটোত ক্লিক কৰক আৰু সংখ্যাসমূহ 1,2,3 হিচাপে এটাৰ তলত আনটো অন্তৰ্ভুক্ত কৰক|
02:27 ক্ৰমিক নম্বৰসমূহ স্বয়ংক্ৰিয় ভাবে ভৰ্তি কৰিবলৈ, “A4” চেলটোত ক্লিক কৰক| চেলটোৰ তলৰ সোঁ কোনত এটা সৰু কলা বাকচ দৃশ্যমান হব| “A7” লৈ তাক ড্ৰেগ কৰক আৰু মাউচৰ বুতামটো এৰি দিয়ক|
02:42 আপুনি দেখিব যে, “A5”ৰ পৰা “A7”লৈ চেলসমূহে নিৰ্দিষ্ট ক্ৰমিক নম্বৰসমূহ লাভ কৰিছে|
02:51 বস্তুবোৰৰ ক্ৰমিক নম্বৰসমূহ অন্তৰ্ভুক্ত কৰাৰ পিছত, “মূল্য” হেডিংৰ ভিতৰত আমি প্ৰত্যেক বস্তুৰ মূল্যসমূহ অন্তৰ্ভুক্ত কৰিম|
02:59 গতিকে “C3” সূচোৱা চেলটোত আমি ক্লিক কৰিম আৰু “ঘৰ ভাড়া” শিতানত খৰছ হিচাপে “6000টকা” টাইপ কৰিম|
03:07 এতিয়া, যদি আমি টকাৰ পৰিবৰ্তে তাৰ চিহ্নটো ব্যৱহাৰ কৰিব খুজোঁ?
03:11 ধৰা হওঁক, আমি “ইলেক্ট্ৰিচিটি বিল” হিচাপে “800 টকা” অন্তৰ্ভুক্ত কৰিব খুজিছো. গতিকে, C4 চেলটোত ৰাইট ক্লিক কৰক আৰু “ফৰমেট চেলচ্” অপশ্বনটোত ক্লিক কৰক|
03:23 ই “ফৰমেট চেলচ্” ডায়লগ বক্সটো অপেন কৰিব|
03:27 প্ৰথম টেবটো হ’ল “সংখ্যা”. যদি ই ছিলেক্ট হৈ নেথাকে তাত ক্লিক কৰক|
03:32 “কেটেগ’ৰি” শিতানত বিভিন্ন বিভাগসমূহ দেখিবলৈ পোৱা যায় যেনে সংখ্যা, শতাংশ, কাৰেঞ্চি, তাৰিখ, সময় আৰু অন্যান্য বহুতো|
03:41 কাৰেঞ্চি ছিলেক্ট কৰা যাওঁক|
03:44 এতিয়া ফৰমেট অপশ্বনৰ ভিতৰত, নিম্নমুখি কাডঁডালত ক্লিক কৰক| ই বিশ্বৰ বিভিন্ন মুদ্ৰা চিহ্নসমূহ দৃশ্যায়িত কৰিব|
03:53 উপৰলৈ স্ক্ৰ’ল কৰক আৰু INR Rupees English India ছিলেক্ট কৰক| ডিফল্ট ৰূপে, Rupee 1234 ছিলেক্ট হ’ল|
04:04 আপুনি ইয়াৰ পূৰ্বাভাষ সোঁফালৰ সৰু প্ৰিভিউ ক্ষেত্ৰত দেকিবলৈ পাব|
04:10 অপশ্বনসমূহৰ ভিতৰত, আমি বিছৰা মতে দশমিক অংকৰ সংখ্যাসমূহ যোগ কৰিব পৰা অপশ্বনটো আৰু আমি বিছৰা শিৰ্ষক শূণ্যসমূহৰ সংখ্যাও পাওঁ|
04:20 মন কৰিব যে আমি শূণ্যৰ সংখ্যা বৃদ্ধি কৰি যোৱাৰ লগে লগে, ফৰ্মেটৰ ছিলেকশ্বন Rupees 1,234 লৈ সলনি হয়| দশমিক শূণ্য শূণ্য ই দুটা দশমিক স্থানক সূচায়|
04:35 পৰিবৰ্তন দৃশ্যায়িত হোৱা প্ৰিভিউ ক্ষেত্ৰলৈ মন কৰক|
04:40 প্ৰত্যক হাজাৰত এটা “কমা” যোগ কৰিবলৈ থাউজেণ্ড ছেপাৰেটৰত ক্লিক কৰক| আকৌ এবাৰ, প্ৰিভিউ ক্ষেত্ৰত হোৱা পৰিবৰ্তন লক্ষ্য কৰক|
04:50 ফন্ট টেবত ক্লিক কৰি কোনোৱে ফন্টৰ ষ্টাইল সলনি কৰিব পাৰে| ইয়াত বিভিন্ন ফন্ট, টাইপফেইচ আৰু আকাৰৰ অপশ্বনসমূহ আছে|
05:00 ফন্ট এফেক্সসমূহৰ আৰু অন্য টেবসমূহৰ বিষয়ে অধিক জানিবলৈ অনুসন্ধান কৰক|
05:05 এলাইনমেন্ট টেবত থকা অপশ্বনসমূহৰ বিষয়ে আমি অন্য এটা টিউটৰিয়েলত পৰৱর্তী পৰ্য্যায়ত শিকিম|
05:11 OKত ক্লিক কৰা যাওঁক|
05:15 800 টাইপ কৰা যাওঁক আৰু এন্টাৰ দবাওঁক| আপুনি লক্ষ্য কৰিব যে 800 সংখ্যাটোৱে দুটা দশমিক স্থানেৰে 800 টকাক প্ৰতিনিধিত্ব কৰিছে|
05:26 এতিয়া, C5ৰ পৰা C7লৈ ছিলেক্ট কৰা যাওঁক| CTRL কীত হেচাঁ মাৰক আৰু G2 চেলটোকো ছিলেক্ট কৰক| মন কৰিব যে ছিলেক্ট কৰা চেলসমূহ হাইলাইট হৈছে|
05:39 হাইলাইট হৈ থকা চেলসমূহৰ যিকোনো এটাত সোঁ-ক্লিক কৰক আৰু ফৰ্মেট চেল ছিলেক্ট কৰক|
05:46 পূৰ্বৰ দৰে একেই অপশ্বন বাছি লওঁক| OKত ক্লিক কৰক|
05:51 এতিয়া, আমি অন্য সকলো খৰছ এটাৰ তলত আনটোকৈ টাইপ কৰিম যেনে “ফোন বিল”ৰ বাবে “600 টকা”, “ধুবিৰ” বাবে “300 টকা”, আৰু “অন্যান্য” শিতানত খৰছৰ বাবে “2000 টকা”|
06:06 “একাউন্ট” হেডিংৰ ভিতৰত “30000 টকা” আমি মাহটোৰ বেতন হিচাপে টাইপ কৰিম|
06:13 কেল্কত তাৰিখ অন্তৰ্ভুক্ত কৰিবলৈ, চেলটো ছিলেক্ট কৰক আৰু তাৰিখ টাইপ কৰক|
06:18 আপুনি তাৰিখ উপাদানসমূহ পৃথক কৰিবলৈ এটা ফৰ্ৱাৰ্ড শ্লেচ্ বা এটা হাইফেন বা 10 অক্টোবৰ 2011ৰ দৰে টেক্সট ব্যৱহাৰ কৰিব পাৰে|
06:27 কেল্কএ বিভিন্ন তাৰিখ ফৰমেট চিনাক্ট কৰে|
06:32 বিকল্প হিচাপে, কোনোৱে চেলটোত ৰাইট ক্লিক কৰি আৰু “ফৰমেট চেলচ্” অপশ্বন বাছি লব পাৰে|
06:38 কেটেগৰিৰ পৰা “ডেইট” বাছি লওঁক আৰু “ফৰমেট”ৰ পৰা ভাল লগা ফৰমেটতো বাছি লওঁক| মই 12,31,1999 টো বাছনি কৰিম| প্ৰিভিউ ক্ষেত্ৰত হোৱা দৃশ্যায়নলৈ মন কৰক|
06:51 ফৰমেট ক’ডটো MM,DD আৰু YYYY ৰূপে তলত দৃশ্যায়িত হ’ব| প্ৰয়োজন অনুসৰি কোনোৱে ফৰমেট ক’ড সলনি কৰি লব পাৰে|
07:02 মই লিখিম DD,MM আৰু YYYY| প্ৰিভিউ ক্ষেত্ৰত পৰিবৰ্তন মন কৰক|

OK ক্লিক কৰক|

07:12 কেল্কত সময় অন্তৰ্ভুক্ত কৰিবলৈ, চেলটো ছিলেক্ট কৰক আৰু সময় টাইপ কৰক|
07:18 সময় উপাদানসমূহ কলন ব্যৱহাৰ কৰি পৃথক কৰিব পাৰে যেনে 10 কলন 43 কলন 20|
07:24 বিকল্প হিচাপে, কোনোৱে চেলটোত ৰাইট ক্লিক কৰিব পাৰে আৰু “ফৰ্মেট চেলচ্” অপশ্বনটো বাছি লব পাৰে|
07:31 কেটেগৰিৰ পৰা “টাইম” আৰু “ফৰমেট”ৰ পৰা ভাল লগা ফৰমেট বাছি লওঁক| মই 13,37,46 বাছি ল’ম| প্ৰিভিউ ক্ষেত্ৰত হোৱা দৃশ্যায়নলৈ মন কৰক|
07:43 ফৰমেট ক’ডটো HH:MM:SS ৰূপে তলত দৃশ্যায়িত হ’ব| প্ৰয়োজন অনুসৰি কোনোৱে ফৰমেট ক’ড সলনি কৰি লব পাৰে| মই টাইপ কৰিম HH:MM|
07:57 প্ৰিভিউ ক্ষেত্ৰত হোৱা পৰিবৰ্তনলৈ মন কৰক|

OKত ক্লিক কৰক|

08:03 সাল-সলনিসমূহ আন্ডু কৰা যাওঁক|
08:06 কেল্কত টেক্সট, সংখ্যা আৰু তাৰিখ লিখিবলৈ শিকাৰ পিছত, আমি এতিয়া শিকিম এখন স্প্ৰেডশ্বিটৰ ভিতৰত এটা চেলৰ পৰা অন্য এটা চেললৈ আৰু এখন শ্বিটৰ পৰা অন্য এখন শ্বিটলৈ কিদৰে যাব পাৰি|
08:17 গতিকে আমি প্ৰথমে চাম কেনেদৰে স্প্ৰেডশ্বিটৰ ভিতৰত এটা চেলৰ পৰা অন্য এটা চেললৈ যাব পাৰি|
08:23 আপুনি সাধাৰণতে এটা নিৰ্দিষ্ট চেলত কাৰ্চাৰৰ দ্বাৰা ক্লিক কৰি তাক এক্সেচ কৰিব পাৰে|
08:29 আপুনি মন কৰিব যে নিৰ্দিষ্ট চেলটো হাইলাইট হৈছে|
08:32 নিৰ্দিষ্ট চেল এটা এক্সেচ কৰাৰ অন্যটো পদ্ধতি হ’ল চেল ৰেফাৰেঞ্চৰ ব্যৱহাৰৰ দ্বাৰা|
08:38 “নেইম বক্স”ৰ সোঁফালে অৱস্থিত সৰু কলা নিম্নমুখি কাড়ঁডালত ক্লিক কৰক|
08:43 এতিয়া আপুনি যাব খুজা চেল ৰেফাৰেঞ্চটো টাইপ কৰক আৰু “এন্টাৰ” দবাওঁক|
08:49 আপুনি “নেইম বক্স”ত ক্লিক কৰিবও পাৰে, মজুত চেল ৰেফাৰেঞ্চটো ডিলিট কৰক আৰু আপুনি বিছৰা চেল ৰেফাৰেঞ্চটো টাইপ কৰক আৰু এন্টাৰ দবাওঁক|
08:58 ইয়াৰ পিছত আমি শিকিম স্প্ৰেডশ্বিটৰ চেলসমূহৰ মাজত কেনেদৰে চলাচল কৰিব পাৰি|
09:03 চেলসমূহৰ মাজত চলাচল কৰা প্ৰথম প্ৰক্ৰিয়াটো হ’ল কাৰ্চাৰৰ ব্যৱহাৰ|
09:09 কাৰচাৰ ব্যৱহাৰ কৰি ফকাচ আতঁৰাবলৈ, আপুনি যি চেলত ফকাচ কৰিব বিচাৰে সেই চেলটোলৈ কাৰচাৰডাল চালনা কৰক আৰু মাউচৰ বুতামত লেফ্ট ক্লিক কৰক|
09:18 ই নতুন চেলটোলৈ ফকাচ সলনি কৰে|
09:22 দুটা চেলৰ মাজৰ দূৰত্ব অতি বেছি হ’লে এই প্ৰক্ৰিয়াটো আটাইতকৈ বেছি ব্যৱহাৰ উপযোগি|
09:28 চেলসমূহৰ মাজত চলাচল কৰিবলৈ অন্যটো প্ৰক্ৰিয়া হ’ল, “টেব” ৰ’ৰ পৰবৰ্তি চেললৈ যাবলৈ|
09:35 “Shift + Tab” ৰ’ৰ পূৰ্ববৰ্তি চেললৈ যাবলৈ,
09:39 “এন্টাৰ” এটা কলামৰ পৰৱৰ্তি চেললৈ যাবলৈ,
09:42 “Shift + Enter” এটা কলামৰ পূৰ্বৱৰ্তি চেললৈ যাবলৈ|
09:46 ইয়াৰ পিছত আমি শিকিম কিদৰে কিব’ৰ্ড ব্যৱহাৰ কৰি কেল্কৰ বিভিন্ন স্প্ৰেডশ্বিটৰ মাজত চলাচল কৰিব পাৰি|
09:53 সক্ৰিয় শ্বিটৰ সোঁফালৰ শ্বিটখন এক্সেচ্ কৰিবলৈ, সমকালীনবাৱে “কন্ট্ৰ’ল” প্লাচ্ “পেইজ ডাওন” চাবি দবাই থাকক|
10:00 চলিত শ্বিটখনৰ বাওঁফালৰ শ্বিটখন এক্সেচ্ কৰিবলৈ, সমকালীন ভাৱে “কন্ট্ৰ’ল” প্লাচ্ “পেইজ আপ” চাবি দবাই থাকক|
10:08 আপুনি কাৰচাৰ ব্যৱহাৰ কৰিও শ্বিটসমূহৰ মাজত চলাচল কৰিব পাৰে|
10:13 “Working with Sheets” টিউটৰিয়েলত এই বিষয়ত সবিশেষ তথ্য উপলবদ্ধ|
10:19 আপোনাৰ যদি বেছি সংখ্যক শ্বিট আছে, তেনে কিছুমান শ্বিট টেব স্ক্ৰিণৰ তলত থকা পথালি স্ক্ৰ’লবাৰ পিছফালে লুকাই থাকিবও পাৰে|
10:28 এনে ক্ষেত্ৰত, শ্বিট টেবৰ নিম্ন-বাওঁ অংশত থকা চাৰিটা বুতামৰ চালনাত টেবসমূহ দৃশ্যায়িত হব পাৰে|
10:36 পৰিবৰ্তনসমূহ আন্ডু কৰা যাওঁক|
10:39 কাৰচাৰৰ দ্বাৰা এক শ্ৰেণীৰ প্ৰতিবেশি চেল ছিলেক্ট কৰিবলৈ, প্ৰথমে এটা চেলত ক্লিক কৰক|
10:45 এতিয়া মাউচৰ বাওঁ বুতামটো দবাওঁক আৰু তললৈ ধৰক|
10:48 কাৰ্চাৰডাল স্ক্ৰিণৰ মাজেৰে লৈ যাওঁক আৰু যেতিয়া বাঞ্চিত চেলৰ ব্লকটো হাইলাইট হ’ব, মাউচৰ লেফ্ট বুতামটো এৰি দিয়ক| আপুনি দেখিব যে ছিলেক্ট কৰা চেলসমূহ হাইলাইট হৈছে|
11:00 গুণিতক প্ৰতিবেশি কলাম আৰু ৰ’ ছিলেক্ট কৰিবলৈ শ্ৰেণীটোৰ প্ৰথম কলাম বা ৰ’টোত ক্লিক কৰক|
11:09 এতিয়া “শ্বিফ্ট” চাবিটো তললৈ ধৰক|
11:12 শ্ৰেণীটোৰ শেষৰ কলাম বা ৰ’ত ক্লিক কৰক|
11:15 অপ্ৰতিবেশি গুণিতক কলাম ব ৰ’ ছিলেক্ট কৰিবলৈ, শ্ৰেণীটোৰ প্ৰথম কলাম বা ৰ’টোত ক্লিক কৰক|
11:23 “কন্ট্ৰল” চাবিটো দবাওঁক আৰু “কন্ট্ৰল” চাবিটো দবাই থাকিয়ে পৰবৰ্তি কলাম বা ৰ’সমূহত ক্লিক কৰক|
11:31 প্ৰতিবেশি গুণিতক শ্বিট ছিলেক্ট কৰিবলৈ, বাঞ্চিত প্ৰথম শ্বিটকনৰ শ্বিট টেবত ক্লিক কৰক|
11:39 এতিয়া শ্বিট টেবৰ উপৰেৰে শেষৰ বাঞ্চিত শ্বিটখনলৈ কাৰচাৰডাল লৈ যাওঁক|
11:43 “শ্বিফ্ট” চাবিটো দবাওঁক আৰু শ্বিট টেবত ক্লিক কৰক|
11:48 এই দুয়োখন শ্বিটৰ মাজৰ টেবসমূহ বগা হৈ পৰিব, যি সকলো ছিলেক্ট হোৱাতো দৰ্শাব|
11:56 এতিয়া আপুনি প্ৰদৰ্শন কৰা যিকোনো কাৰ্য্য সকলো হাইলাইট হোৱা শ্বিটতে ফলৱৰিত হব|


12:01 গুণিতক অপ্ৰতিবেশি শ্বিট ছিলেক্ট কৰিবলৈ, শ্বিট টেবৰ প্ৰথম শ্বিটখনত ক্লিক কৰক|
12:08 এতিয়া তৃতীয়খন শ্বিট টেবলৈ কাৰচাৰডাল লৈ যাওঁক|
12:12 “কন্ট্ৰল” চাবিটো দবাওঁক আৰু শ্বিট টেবটোত ক্লিক কৰক|
12:16 ছিলেক্ট কৰা টেবসমূহ বগা হৈ পৰিব আৰু আপুনি প্ৰদৰ্শন কৰা যিকোনো কাৰ্য্য হাইলাইট হৈ থকা সকলো শ্বিটতে ফলৱৰ্তি হব|
12:24 ইয়াৰ লগে লগে লিবাৰ অফিচ কেল্কৰ কথিত টিউটৰিয়েলৰ সমাপ্তি ঘটিল|
12:30 সাৰাংক্ষিত ৰূপত, আমি শিকিলো:
12:33 কেল্কত কিদৰে সংখ্যা, টেক্সট, টেক্সট ৰূপত সংখ্যা, তাৰিখ আৰি সময় অন্তৰ্ভুক্ত কৰিব পাৰি|
12:40 ফৰমেট চেলচ্ ডায়লগ বক্স কিদৰে ব্যৱহাৰ কৰিব পাৰি|
12:43 চেল আৰু শ্বিটসমূহৰ মাজত কিদৰে চলাচল কৰিব পাৰি|
12:47 ৰ’, কলাম আৰু শ্বিটৰ বস্তুবোৰ কিদৰে ছিলেক্ট কৰিব পাৰি|
12:52 সৰ্বাত্মক অনুশিলনী
12:55 “স্প্ৰেডশ্বিট প্ৰেকটিচ.ods” খোলক|
12:58 “ছিৰিয়েল নম্বৰ”ৰ ভিতৰত 1ৰ পৰা 5লৈ এটাৰ তলত আনটো ক্ৰমিক নম্বৰ টাইপ কৰক|
13:04 কীবোৰ ব্যৱহাৰ কৰি চেলবোৰৰ মাজত চলাচল কৰক|
13:09 ক্ৰমিক নম্বৰৰ ভিতৰত থকা সকলো বস্তু ছিলেক্ট কৰক|
13:13 তাৰিখ আৰু সময়ৰ বাবে এটা কলাম যোগ কৰক|
13:16 ইয়াত ফৰমেট চেলচ্ ডায়লগ বক্স অপশ্বন ব্যৱহাৰ কৰি কিছুমান মূল্য অন্তৰ্ভুক্ত কৰক|
13:21 উল্লেখিত লিংকটোত উপলবদ্ধ ভিডিঅ’টো চাওঁক|
13:24 ই কথিত টিউটৰিয়েল প্ৰজেক্টটোক সাৰাংশিত কৰিছে|
13:27 আপোনাৰ যদি বেণ্ড-ৱুইড্থ ভাল নহয়, আপুনি ডাউনল’ড কৰিও চাব পাৰে|
13:32 স্পকেন টিউটৰিয়েল প্ৰজেক্ট টিমে
13:35 স্পকেন টিউটৰিয়েলসমূহৰ সহায়ত কৰ্মশালা অনিষ্ঠিত কৰে|
13:38 যিসকলে অন লাইন টেষ্টত উত্তিৰ্ণ হয় তেওঁলোকক প্ৰমান পত্ৰ প্ৰদান কৰে|
13:41 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গলৈ লিখক|
13:48 স্পকেন টিউটৰিয়েল প্ৰজেক্ট হ’ল টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ|
13:52 নেছনেল মিছন অন এদুকেছন থ্ৰু ICT, MHRD, গভাৰ্নমেন্ট অফ ইন্দিয়া দ্বাৰা সমৰ্থিত
14:00 এই মিছনৰ বিষয়ে সবিশেষ তথ্য উপলবদ্ধ
14:03 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
14:11 এই টিউটৰিয়েলটো আগবঢ়ালে DesiCrew Solutions Pvt. Ltdএ|
14:16 অংশগ্ৰহনৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Desicrew, Gaurav, Mousumi