LibreOffice-Suite-Base/C4/Access-data-sources/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:04 এই টিউটৰিয়েলত আমি শিকিম, কেনেকৈ
00:08 অন্য ডাটা চ’ৰ্চ একচেচ কৰা হয়,
00:10 .odb ডাটাবেছ ৰেজিষ্টাৰ কৰা হয়,
00:15 ডাটা চ’ৰ্চ চোৱা হয়
00:17 আৰু ৰাইটাৰত ডাটা চ’ৰ্চ ব্যৱহাৰ কৰা হয়
00:22 বেছত অন্য ডাটা চ’ৰ্চ আমি কেনেকৈ একচেচ কৰিব পাৰোঁ, সেই বিষয়ে চোৱা যাওক
00:28 লিবাৰ অফিছে বেছ ডাটাবেছৰ বাহিৰেও অন্য ডাটা চ’ৰ্চ একচেচ কৰাৰ সুবিধা প্ৰদান কৰে
00:37 ই সেইবিলাকক অন্য লিবাৰঅফিছ ডকুমেণ্টলৈ লিংক কৰাৰো সুবিধা দিয়ে
00:43 উদাহৰণ স্বৰূপে, আমি লিবাৰঅফিছ বেছৰ ভিতৰৰ পৰাই কোনো এখন স্প্ৰেডশ্বিট বা সাধাৰণ টেক্সট্‌ ডকুমেণ্ট একচেচ কৰিব পাৰোঁ
00:53 আৰু সেইবিলাকক লিবাৰঅফিছ ৰাইটাৰ ডকুমেণ্টলৈ লিংক কৰিব পাৰোঁ
00:58 উদাহৰণৰ বাবে, লিবাৰঅফিছ কেল্ক ব্যৱহাৰ কৰি এখন উদাহৰণ স্প্ৰেডশ্বিট তৈয়াৰ কৰা যাওক
01:06 ষ্টাৰ্ট মেনুত ক্লিক কৰি All Programত ক্লিক কৰক আৰু লিবাৰঅফিছ চুইট মেনু খোলক
01:16 অথবা যদিহে লিবাৰঅফিছ ইতিমধ্যেই খোল খাই আছে, তেতিয়া আমি এখন নতুন স্প্ৰেডশ্বিট খুলিবলৈ ফাইলত ক্লিক কৰি নিউত ক্লিক কৰিম আৰু তাৰপিছত স্প্ৰেডশ্বিটত ক্লিক কৰিম
01:30 এতিয়া স্প্ৰেডশ্বিটখনত ছবিত দেখুওৱাৰ দৰে কিছুমান চেম্পল ডাটা টাইপ কৰিম
01:46 এই স্প্ৰেডশ্বিটখন এটা ডিৰেক্টৰী লোকেশ্যনত LibraryMembers বুলি চেভ কৰক
01:54 এই লোকেশ্যনটো আমি মনত ৰাখিম, যিহেতু এই ফাইলটো পিছত আমাৰ উদাহৰণত ব্যৱহাৰৰ বাবে প্ৰয়োজন হ’ব
02:02 এতিয়া আমি কেল্ক উইণ্ড’খন বন্ধ কৰি দিওঁ
02:07 ঠিক আছে, এতিয়া লিবাৰঅফিছ বেছৰ পৰা এই স্প্ৰেডশ্বিটখন কেনেকৈ একচেচ কৰিব পাৰি, সেয়া চোৱা যাওক
02:15 ইয়াৰ বাবে, উইণ্ড’জ ষ্টাৰ্ট মেনুৰ পৰা বেছ খোলক অথবা
02:25 যদি লিবাৰঅফিছ ইতিমধ্যেই খোল খাই আছে, তেনেহ’লে আমি ফাইলত ক্লিক কৰি New কৰিম আৰু তাৰপিছত databaseত ক্লিক কৰিম
02:36 ইয়ে ডাটাবেছ উইজাৰ্ড খোলিলে
02:39 ইয়াত আমি Connect to an existing database-অত ক্লিক কৰিম
02:45 তাৰপিছত ড্ৰপডাউনত ক্লিক কৰিম
02:48 এই তালিকাখনত বেছে একচেচ কৰিব পৰা বিভিন্ন ডাটাবেছ চ’ৰ্চ লক্ষ্য কৰক
02:55 আমি ইয়াত স্প্ৰেডশ্বিটত ক্লিক কৰিম
02:59 তাৰ পিছত নেক্সট্‌ বাটনত
03:02 এতিয়া ব্ৰাউজ বাটন ব্যৱহাৰ কৰি আমি আগতে চেভ কৰি থোৱা স্প্ৰেডশ্বিটখন বিচাৰি উলিয়াম
03:10 যদি স্প্ৰেডশ্বিটখনত পাছৱৰ্ড দি থোৱা আছিল, তেনে’হলে আমি ইয়াক দিব লাগিব
03:16 ইয়াত এইটোৰ প্ৰয়োজন নাই
03:19 নেক্সট্ বাটনত ক্লিক কৰা যাওক
03:22 এতিয়া স্প্ৰেডশ্বিটখনক এটা ডাটা চ’ৰ্চ হিচাপে ৰেজিষ্টাৰ কৰা যাওক
03:27 আৰু সম্পাদনাৰ বাবে খোলা যাওক
03:32 ফিনিশ্ব্ বাটনত ক্লিক কৰক
03:36 এতিয়া ইয়াত এটা ডাটাবেছ নাম দিয়ক LibraryMembers বুলি টাইপ কৰক
03:44 চেভ এজ টাইপ লক্ষ্য কৰক: ইয়াত কোৱা হৈছে ODF Database, যিটো আমাৰ ক্ষেত্ৰত হৈছে .odb
03:56 আৰু ইয়াক স্প্ৰেডশ্বিটখন থকা একেটা লোকেশ্যনতে চেভ কৰক
04:01 আমি স্প্ৰেডশ্বিটখন বেছৰ এটা ডাটা চ’ৰ্চ হিচাপে ৰেজিষ্টাৰ কৰিলো
04:07 এতিয়া আমি প্ৰধান বেছ উইণ্ড’ত আছোঁ
04:11 ইয়াৰ বাও পেনেলত থকা টেবুল আইকনত ক্লিক কৰক
04:16 Sheet1, Sheet2 আৰু Sheet3 নামৰ টেবুলকেইখন লক্ষ্য কৰক
04:23 Sheet1 খুলিবলৈ ইয়াত ডবল ক্লিক কৰক আৰু এয়া হৈছে স্প্ৰেডশ্বিটখনৰ ডাটা
04:31 স্প্ৰেডশ্বিট একচেচ কৰাৰ এই পদ্ধতিৰে আমি ইয়াৰ পৰা কোনো সাল-সলনি কৰিব নোৱাৰোঁ
04:39 আমি কেৱল ডাটা চাব পাৰোঁ বা ইয়াত থকা ডাটাক ভিত্তি কৰি কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিব পাৰোঁ
04:47 গতিকে সালসলনি কৰিবলগা হ’লে পোনপটীয়াকৈ স্প্ৰেডশ্বিটত কৰিব লাগিব
04:54 .odb ডাটাবেছ ৰেজিষ্টাৰ কৰিলো
04:59 .odb ডাটাবেছ তৈয়াৰ কৰিব পৰা আন আন প্ৰগ্ৰামো আছে, যেনে— OpenOffice.org
05:11 লিবাৰঅফিছ বেছৰ ভিতৰত এইবোৰ ব্যৱহাৰ কৰিবলৈ প্ৰথমতে এইবোৰ বেছত ৰেজিষ্টাৰ কৰি ল’ব লাগিব
05:19 কোনো .odb ডাটাবেছ ৰেজিষ্টাৰ কৰিবলৈ আমি বেছ খোলিব লাগিব আৰু
05:28 টুলচ্, অপশ্যনচ্, লিবাৰঅফিছ বেছ আৰু ডাটাবেছ বাছনি কৰিব লাগিব
05:36 ৰেজিষ্টাৰ্ড ডাটাবেছৰ অধীনত Newত ক্লিক কৰক
05:42 ডাটাবেছ ক’ত আছে সেয়া ব্ৰাউজ কৰক আৰু ৰেজিষ্টাৰ কৰা নামটো যে শুদ্ধ সেয়া নিশ্চিত কৰক
05:51 আৰু OK বাটনত ক্লিক কৰক
05:55 এতিয়া লিবাৰঅফিছত ডাটা চ’ৰ্চ কেনেকৈ চাব পাৰি, সেয়া চোৱা যাওক
06:01 ইয়াৰ বাবে, আমি বেছত ৰেজিষ্টাৰ কৰা উদাহৰণ স্প্ৰেডশ্বিটখন লোৱা যাওক
06:07 এতিয়া ইয়াক আমি লিবাৰঅফিছ ৰাইটাৰ বা কেল্কত ব্যৱহাৰ কৰিব পাৰোঁ
06:12 উদাহৰণ স্বৰূপে, ইয়াক লিবাৰঅফিছ ৰাইটাৰৰ ভিতৰত কেনেকৈ চাব পাৰি, সেইটো চাওঁ
06:19 প্ৰথমতে বেছ উইণ্ড’ৰ পৰা ৰাইটাৰ খোলক
06:24 ইয়াৰ বাবে, ফাইলত ক্লিক কৰক, তাৰপিছত নিউ আৰু তাৰপিছত টেক্সট্ ডকুমেণ্টত ক্লিক কৰক
06:33 এতিয়া আমি ৰাইটাৰ উইণ্ড’ত উপস্থিত হ’লো
06:36 উপলব্ধ ডাটা চ’ৰ্চবোৰ চাবলৈ আমি ওপৰত থকা ভিউ মেনুত ক্লিক কৰিম আৰু তাৰপিছত ডাটা চ’ৰ্চত ক্লিক কৰিম
06:46 ইয়াৰ সলনি আমি F4 কী টিপিব পাৰোঁ
06:52 এতিয়া আমি ওপৰৰ বাওঁফালে ৰেজিষ্টাৰ্ড ডাটাবেছৰ এখন তালিকা দেখা পাইছোঁ য’ত আমি এইমাত্ৰ তৈয়াৰ কৰা LibraryMembers নামৰ ডাটাবেছটোও আছে
07:03 ডাটাবেছটো চাবলৈ ডাটাবেছৰ নামৰ বাওঁফালে থকা প্লাছ চিম্বলত ক্লিক কৰি ইয়াক আমি এক্সপান্দ্ কৰিম মানে বহলোৱাম
07:14 আৰু টেবুলবিলাকো এক্সপান্দ্ কৰিম
07:18 ইয়াত Sheet1, 2 আৰু 3 আছে
07:24 Sheet1-অত ক্লিক কৰক
07:28 ৰাইটাৰ উইণ্ড’ৰ ওপৰৰ সোঁফালে আমাৰ ডাটা প্ৰদৰ্শিত হৈছে
07:36 এতিয়া, আমাৰ উদাহৰণ ৰাইটাৰ ডকুমেণ্টত আমি কেনেকৈ এই ডাটা ব্যৱহাৰ কৰিব পাৰোঁ, সেয়া চাম
07:43 যদি ওপৰৰ টেবুলৰ পৰা সকলোবোৰ ডাটা ব্যৱহাৰ কৰিব বিচাৰোঁ, তেনেহ’লে আমি প্ৰথমতে তাত থকা সকলোবোৰ ৰেকৰ্ড চিলেক্ট কৰিম
07:55 ইয়াৰ বাবে প্ৰথমটো ৰেকৰ্ডৰ প্ৰথম কলমৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰক
08:05 তাৰ পিছত চিফট্‌ কী টিপি ধৰি থাকি শেষৰটো ৰেকৰ্ডৰ প্ৰথম কলমৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰক
08:17 লক্ষ্য কৰক যে সকলোবোৰ ডাটা হাইলাইটেড হৈ গৈছে
08:21 এতিয়া আমি ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰি এইয়া, তলৰ ৰাইটাৰ ডকুমেণ্টলৈ নিম
08:30 ইয়াৰ পিছত আমি ইনচাৰ্ট ডাটাবেছ কলমছ নামৰ এখন পপআপ উইণ্ড’ দেখা পাইছোঁ
08:37 ইয়াত ওপৰফালে থকা টেবুল অপশ্যনত ক্লিক কৰিম
08:42 আৰু তাৰপিছত সকলোবোৰ ফিল্ড বাওঁফালৰ পৰা সোঁফালৰ তালিকালৈ নিবলৈ ডবল এৰো বাটনত ক্লিক কৰিম
08:52 ইয়াত থকা বিভিন্ন পছন্দবোৰ লক্ষ্য কৰক
08:56 এতিয়াৰ বাবে আমি সাধাৰণভাৱে অ’কে বাটনত ক্লিক কৰিম
09:00 আৰু এয়াই হৈছে ডকুমেণ্টটোৰ ডাটাৰ সম্পূৰ্ণ টেবুল
09:05 ইয়াৰ পিছত কেনেকৈ ইণ্ডিভিজুৱেল ফিল্ড সুমুৱাব পাৰি, সেয়া চাম
09:13 ৰাইটাৰ ডকুমেণ্টৰ ওপৰলৈ যাওক আৰু দুবাৰ এণ্টাৰ কী টিপক আকৌ ওপৰৰ বাওঁফালে যাওক
09:22 ইয়াত মেমবাৰ্চ নেম কলমত টাইপ কৰক
09:28 আৰু তাৰপিছত ওপৰৰ সোঁফালে থকা ডাটা চ’ৰ্চ এৰিয়াৰ নেম কলমত ক্লিক কৰক
09:36 এতিয়া ইয়াক আমি টাইপ কৰা টেক্সটৰ কাষলৈ ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰিম
09:43 আৰু আমি টেব কী টিপিম আৰু ফোন নাম্বাৰ কলমত টাইপ কৰিম
09:51 আৰু আমি জানো কি কৰিব লাগিব, নহয়নে বাৰু?
09:55 ওপৰৰ পৰা ফোন কলমটো ক্লিক আৰু ড্ৰেগ কৰি আনি আমাৰ টেক্সটৰ কাষত ড্ৰপ কৰিম
10:04 ইয়াৰ পিছত প্ৰথম ৰেকৰ্ডৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰি ৰেকৰ্ডটো হাইলাইট কৰিম
10:13 আৰু তাৰপিছত Data to fields আইকনত ক্লিক কৰিম
10:19 ইয়াক ওপৰৰ ফালে ফৰমেটিং টুলবাৰৰ তলত থকা টেবুল ডাটা টুলবাৰত পোৱা যায়
10:27 লক্ষ্য কৰক যে ওপৰৰ টেবুলৰ ডাটা এতিয়া ৰাইটাৰ ডকুমেণ্টত দেখা গৈছে
10:35 অন্য এটা ৰেকৰ্ড আনিবলৈ আমি একেদৰে ৰেকৰ্ডটো হাইলাইট কৰিব লাগিব আৰু ডাটা টু ফিল্ডচ আইকন আকৌ ব্যৱহাৰ কৰিব লাগিব
10:46 গতিকে আমি লিবাৰঅফিছ ডকুমেণ্টৰ ভিতৰত ডাটা চ’ৰ্চ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেয়া শিকিলো
10:54 ইয়াতে আমাৰ লিবাৰঅফিছ বেছত অন্য ডাটা চ’ৰ্চ একচেচ কৰা সম্পৰ্কীয় টিউটৰিয়েলৰ অন্ত পৰিছে
11:01 সাৰাংশ হিচাপে, আমি শিকিলো কেনেকৈ:
11:05 অন্য ডাটা চ’ৰ্চ একচেচ কৰা হয়
11:07 .odb ডাটাবেছ ৰেজিষ্টাৰ কৰা হয়
11:12 ডাটা চ’ৰ্চ চোৱা হয়
11:14 আৰু ৰাইটাৰত ডাটা চ’ৰ্চ ব্যৱহাৰ কৰা হয়
11:19 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
11:23 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে
11:30 এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে
11:35 এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
11:40 এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে
11:44 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya