LibreOffice-Impress-on-BOSS-Linux/C3/Custom-Animation/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00.00 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত Custom Animation (কাষ্টম এনিমেচন) সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ।
00.07 এই টিউটৰিয়েলত আমি ইমপ্ৰেছত কাষ্টম এনিমেচন সম্পৰ্কে শিকিম।
00.12 ইয়াত আমি GNU লিনাক্স আৰু লিবাৰ অফিছ চুইট ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছোঁ।
00.21 প্ৰথমে Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক।
00.26 Slides (শ্লাইড) পেনৰ পৰা Potential Alternatives থাম্বনেইলত ক্লিক কৰক।
00.32 শ্লাইডখন এতিয়া Main পেনত প্ৰদৰ্শিত হৈছে।
00.36 আমাৰ প্ৰেজেণ্টেশ্যন অধিক আকৰ্ষণীয় কৰিবলৈ কেনেকৈ কাষ্টম এনিমেচন ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে শিকো অাহক।
00.43 শ্লাইডৰ বাওঁফালে থকা প্ৰথম টেক্সট্ বক্সটো চিলেক্ট কৰক।
00.47 ইয়াৰ বাবে টেক্সটত ক্লিক কৰক আৰু তাৰপিছত দৃশ্যমান হোৱা সীমাৰেখাত ক্লিক কৰক।
00.54 Impress (ইমপ্ৰেছ) উইণ্ড’ৰ সোঁফালে থকা Tasks পেনৰ Custom Animation ত ক্লিক কৰক।
01.01 addত ক্লিক কৰক।
01.03 Custom Animation ডায়লগ বক্স ওলাই আহে।
01.07 লক্ষ্য কৰক যে Entranceটেবটো খোল খাই আছে।
01.10 স্ক্ৰীনত আইটেম কেনেকৈ ওলাব, সেইটো Entranceটেবে নিয়ন্ত্ৰণ কৰে।
01.15 অন্যান্য টেবৰ বিষয়ে আমি এই চিৰিজৰ পৰৱৰ্তী কোনোবা টিউটৰিয়েলত শিকিম।
01.21 Basicৰ অধীনত Diagonal Squares বাছনি কৰক।
01.25 আপোনাৰ এনিমেচন প্ৰদৰ্শন হোৱা স্পীডো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে।
01.30 Speed field ৰ ড্ৰপ ডাউন বক্সত ক্লিক কৰক, Slow বাছনি কৰক আৰু OKত ক্লিক কৰক।
01.37 Effect ফিল্ডে এনিমেচনৰ বিভিন্ন অপশ্যন চেট কৰিবলৈ সুবিধা দিয়ে।
01.43 Effect ফিল্ডৰ তলত থকা বক্সটোৱে প্ৰেজেণ্টেশ্যনটোত যোগ দি থোৱা এনিমেচনবোৰ প্ৰদৰ্শন কৰে।
01.51 লক্ষ্য কৰক, প্ৰথম এনিমেচনটো এনিমেচনৰ তালিকাত যোগ দিয়া হৈ আছে।
01.56 স্ক্ৰল ডাউন কৰক আৰু Play ত ক্লিক কৰক।
02.00 আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ এতিয়া মেইন পেনত প্লে’ হ’ব।
02.08 এতিয়া, শ্লাইডত দ্বিতীয় টেক্স বক্সটো চিলেক্ট কৰক। Custom Animation ৰ অধীনত থকা Add ত ক্লিক কৰক।
02.18 ওলাই অহা Custom Animation dialog বক্সৰ Basic Animation ৰ অধীনত থকা Wedge চিলেক্ট কৰক।
02.25 স্পীড Medium বুলি চেট কৰক। OK ত ক্লিক কৰক।
02.31 লক্ষ্য কৰক যে এই এনিমেচনটো বক্সটোত যোগ হৈ গৈছে।
02.36 মন কৰক, তালিকাখনত আপুনি তৈয়াৰ কৰা ক্ৰম অনুসৰি এনিমেচনবিলাক আছে।
02.42 দ্বিতীয় এনিমেচনটো চিলেক্ট কৰক। Play বাটনত ক্লিক কৰক।
02.47 প্ৰিভিউৰ বাবে এখনতকৈ বেছিকৈয়ো এনিমেচন চিলেক্ট কৰিব পাৰি।
02.51 ইয়াৰ বাবে এনিমেচন চিলেক্ট কৰাৰ সময়ত Shift কীটো টিপি ধৰি থাকক।
02.57 Play ’ত ক্লিক কৰক। আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ প্লে’ হৈছে।
03.05 এতিয়া তৃতীয় টেক্সট্ বক্সটো চিলেক্ট কৰক। লেআউটৰ পৰা Add ত ক্লিক কৰক।
03.12 Entrance টেবত Basic ৰ অধীনত থকা Diamond চিলেক্ট কৰক।
03.17 স্পীড Slow বুলি চেট কৰক। OK ত ক্লিক কৰক।
03.22 প্ৰত্যেকেটা এনিমেচনৰ কিছুমান ডিফল্ট বৈশিষ্ট্য থাকে।
03.26 Change Order বাটন ব্যৱহাৰ কৰি আপুনি এনিমেচনৰ ক্ৰমো সলনি কৰিব পাৰে।
03.32 প্ৰত্যেকটো এনিমেচনৰ ডিফল্ট বৈশিষ্ট্যবোৰ চোৱা যাওক আৰু সেইবোৰ কেনেকৈ মডিফাই কৰিব পাৰি, সেই বিষয়ে শিকা যাওক।
03.40 তালিকাৰ প্ৰথম এনিমেচনত ডবল ক্লিক কৰক। এইটো হৈছে Diagonal Squares অপশ্যন।
03.46 Effects Options ডায়লগ বক্স ওলাই আহে।
03.50 ডিফল্ট হিচাপে Effects টেবটো দৃশ্যমান হৈ আছে।
03.54 Settings ৰ অধীনত Direction ড্ৰপ ডাউনত ক্লিক কৰক আৰু From right to top চিলেক্ট কৰক।
04.01 ইয়ে এনিমেচনটো সোঁফালৰ পৰা আৰম্ভ কৰে আৰু আগবাঢ়ি যোৱাৰ লগে লগে ওপৰলৈ নি থাকে।
04.08 ডায়লগ বক্সটো বন্ধ কৰিবলৈ OK ত ক্লিক কৰক।
04.12 আপুনি যোগ দিয়া এনিমেচনটো চাবলৈ Play বাটনত ক্লিক কৰক।
04.17 এনিমেচনটোত আকৌ ডবল ক্লিক কৰক। Effect Options ডায়লগ বক্সটো ওলাই আহে।
04.24 Timing টেবত ক্লিক কৰক।
04.26 Delay ফিল্ডত ডিলে (delay)ৰ পৰিমাণ 1.0 sec ইয়ালৈ বঢ়াই দিয়ক। ইয়ে এনিমেচনটো এক ছেকেণ্ডৰ পিছত আৰম্ভ কৰায়। OK ত ক্লিক কৰক।
04.39 এতিয়া, প্ৰথম এনিমেচনটো চিলেক্ট কৰক।
04.43 Play বাটনত ক্লিক কৰক।
04.45 এনিমেচনটোত আপুনি কৰা সাল-সলনিবোৰ এতিয়া মন কৰিব পাৰে।
04.50 তালিকাৰ দ্বিতীয় এনিমেচনটোত ডবল ক্লিক কৰক। এইটো হৈছে আমি চেট কৰি থোৱা Wedges অপশ্যন।
04.58 Effects Options ডায়লগ বক্স ওলাই আহে।
05.02 Text Animation টেবত ক্লিক কৰক।
05.05 Text Animation টেবে টেক্সটৰ এনিমেচন কৰিবৰ বাবে বিভিন্ন অপশ্যন আগবঢ়ায়।
05.10 Group text ফিল্ডত By 1st level paragraphs চিলেক্ট কৰক।
05.16 এই বাছনিয়ে প্ৰত্যেকটো বুলেট পইণ্ট বেলেগ বেলেগকৈ প্ৰদৰ্শন কৰে।
05.20 পিছৰ পইণ্টটোলৈ যোৱাৰ আগতে যেতিয়া আপুনি এটা নিৰ্দিষ্ট পইণ্ট বিতংভাৱে আলোচনা কৰিব বিচাৰে, তেতিয়া এই অপশ্যন ব্যৱহাৰ কৰিব পাৰে।
05.28 OK ত ক্লিক কৰক, Play ত ক্লিক কৰক।
05.32 টিউটৰিয়েলটো এইখিনিতে ৰখাওক আৰু এই এচাইনমেণ্টটো কৰক।
05.36 বেলেগ বেলেগ এনিমেচন তৈয়াৰ কৰক আৰু প্ৰতিটোৰে Effect অপশ্যন পৰীক্ষা কৰক।
05.43 এতিয়া আমি তৈয়াৰ কৰা এনিমেচন এফেক্ট চাবলৈ শিকা যাওক।
05.48 Slide Show বাটনত ক্লিক কৰক। তাৰপিছত এনিমেচনটো চাবৰ বাবে স্ক্ৰীনৰ যিকোনো ঠাইত ক্লিক কৰক।
05.59 এটা প্ৰেজেণ্টেশ্যনৰ monotony মানে একঘেয়ামী ভাঙিবৰ বাবে এনিমেচন এটা ভাল উপায়। ই অন্যভাৱে বুজাবলৈ অসুবিধা হোৱা কিছুমান পইণ্ট ভালকৈ ব্যাখ্যা কৰাত সহায় কৰে।
06.09 যি কি নহওক, ইয়াত যাতে অতিৰঞ্জন নহয়, তাৰ বাবে সাৱধান হ’ব !
06.13 অতিমাত্ৰা এনিমেচনে দৰ্শকৰ মনোযোগ আলোচনাৰ বিষয়বস্তুৰ পৰা অন্যফালে লৈ যাব পাৰে।
06.20 এইখিনিতে আমাৰ এই টিউটৰিয়েলৰ অন্ত পৰিছে।
06.23 এই টিউটৰিয়েলত আমি কাষ্টম এনিমেচন, এফেক্ট অপশ্যনৰ বিষয়ে শিকিলো।
06.30 আপোনাৰ বাবে এটা এছাইনমেণ্ট।
06.33 তিনিটা বুলেট পইণ্টৰ সৈতে এটা টেক্সট্ বক্স তৈয়াৰ কৰক।
06.36 এটা লাইনৰ পিছত আনটো লাইন প্ৰদৰ্শন হোৱাকৈ টেক্সট্‌খিনি এনিমেট কৰক।
06.41 এনিমেচনটো প্লে’ কৰক।
06.44 এই লিংকত থকা ভিডিঅ চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
06.51 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
06.55 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
07.04 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
07.11 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
07.22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই লিংকত পোৱা যাব।
07.33 এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .
07.38 যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya