Koha-Library-Management-System/C2/Koha-installation-on-Linux-16.04/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Ubuntu Linux OSKoha ৰ ইনষ্টলেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি Ubuntu Linux OS 16.04Koha Library Management System ইনষ্টল কৰিবলৈ শিকিম আৰু ইনষ্টলেচনটো প্ৰমাণিত কৰিম
00:24 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা হৈছে  : Ubuntu Linux OS 16.04,

Koha ভাৰ্চন 16.05,

00:35 gedit text editor আৰু Firefox web browser ব্যৱ্হাৰ কৰি
00:41 আৰম্ভ কৰাৰ আগতে, আপোনাৰ মেচিনত- Ubuntu Linux OS 16.04,
00:50 যিকোনো text editor, হয়তো Firefox বা Google Chrome web browser থকাতো নিশ্বিত কৰক
00:57 নিম্নতম প্ৰয়োজনীয় hardware হৈছে - i3 processor বা অধিক,
01:05 500GB hard disk বা অধিক,
01:09 নিম্নতম 4GB RAM আৰু Network সুবিধা
01:15 এই টিউট’ৰিয়েলটোত ব্যৱহৃত কমান্দ সমূহ প্লেয়াৰৰ তলত, ক’দ ফাইলচ (Code Files) লিংকত উপলদ্ধ
01:22 মই এই ফাইলটো মোৰ মেচিনত gedit text editorত খোলিছো আৰু, প্ৰদৰ্শনৰ সময়ত কমান্দ সমূহ ক’পি-পেষ্ট কৰিবলৈ মই একেটা ফাইল ব্যৱ্হাৰ কৰিম
01:33 আহক আৰম্ভ কৰো । কীব’ৰ্দত Ctrl, Alt আৰু T কীজ একেলগে টিপি টাৰ্মিনেলটো (terminal) খোলক
01:43 আমি সৰ্বপ্ৰথমে নিশ্বিত কৰিব লাগিব যে আমাৰ Ubuntu Linux ইনষ্টলেচনটো আপ-তু-দেত হয়
01:50 তাৰ বাবে, এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
01:59 এতিয়াৰ পৰা, এই ইনষ্টলেচনত যেতিয়াই বিচাৰে System password টো লিখিব আৰু এন্টাৰ (Enter) টিপিব
02:10 এই কমান্দটোৱে koha.list নামৰ ফাইল এটা বনাব আৰু package repository টো আপদেত কৰিব
02:19 অনুগ্ৰহ কৰি মন কৰিব: এই টিউট’ৰিয়েলটো বনোৱাৰ সময়ত Koha 16.05 স্থিৰ ভাৰ্চন আছিল
02:28 এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
02:37 তেতিয়া, ই gpg.asc file টো দাউনল’দ কৰিব আৰু signature key টো আপদেত কৰিব
02:47 এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
02:57 এতিয়া, এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
03:07 ই নতুন repositories আপদেত কৰিব
03:11 এতিয়া, লিখক sudo apt-get install koha-common আৰু এন্টাৰ (Enter) টিপক
03:22 Y টিপক যেতিয়া সোধে আপুনি আগবাহিব বিচাৰেনে আৰু এন্টাৰ (Enter) টিপক
03:30 ই আপোনাৰ চিষ্টেমত Koha ইনষ্টল কৰিব । ইনষ্টলেচনটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক । ই কিছু সময় ল’ব
03:40 এতিয়া, আমি conf file টো text editor এটাত খুলিব লাগিব Koha ৰ বাবে প’ৰ্ত নাম্বাৰটো সলাবলৈ
03:49 মই gedit text editor ব্যৱ্হাৰ কৰিম । আপুনি নিজৰ পচন্দৰ যিকোনো text editor ব্যৱ্হাৰ কৰিব পাৰে
03:57 এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
04:06 ফাইলটো text editor ত খোল খাইছে
04:10 INTRAPORT = 80 বুলি কোৱা শাৰীটো বিচাৰক
04:16 808080 লৈ সলাওঁক । ই port নাম্বাৰটো 8080 লৈ সলাব
04:26 তেতিয়া save কৰক আৰু ফাইলটো বন্ধ কৰক
04:30 টাৰ্মিনেলটোলৈ ঘূৰি আহক
04:33 এতিয়া, আমি database টো সজাব লাগিব
04:38 এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । এন্টাৰ (Enter) টিপক
04:47 Y টিপক যেতিয়া সোধে আপুনি আগবাহিব বিচাৰেনে আৰু এন্টাৰ (Enter) টিপক
04:57 পাছত, databaseroot user ৰ বাবে পাচৱৰ্দটো admin123 হিচাবে চেত কৰক
05:05 আপুনি যদি বিচাৰে বেলেগ পাচৱৰ্দ এটা দিব পাৰে
05:10 এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । এন্টাৰ (Enter) টিপক
05:19 পাছত, এই কমান্দ দুটাক এটা এটাকৈ ক’পি কৰক, টাৰ্মিনেলত (terminal) পেষ্ট কৰক আৰু এন্টাৰ (Enter) টিপক
05:26 sudo a2enmod rewrite
05:35 sudo a2enmod cgi
05:43 Kohamodules সক্ৰিয় কৰিব
05:48 তাৰপাছত লিখক: sudo service apache2 restart
05:55 apache services ৰিষ্টাৰ্ত কৰিব । এন্টাৰ (Enter) টিপক
06:02 library নামৰ Koha instance এটা বনাবলৈ - এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
06:16 পাছত, আমি Apache server ক ক’ব লাগিব যে আমি port 8080 ব্যৱ্হাৰ কৰি আছো
06:24 তাৰ বাবে, আমি ports.conf ফাইলটো text editor এটাত খুলিব লাগিব
06:31 এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
06:40 ports.conf ফাইলটোত, Listen 80 শাৰীটো বিচাৰক
06:47 সেই শাৰীটোৰ পাছত, Listen 8080 যোগ কৰক
06:53 save কৰি ফাইলটো বন্ধ কৰক
06:57 তেতিয়া apache services ৰিষ্টাৰ্ত কৰক । এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । এন্টাৰ (Enter) টিপক
07:10 পাছত, এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
07:20 ই হৈছে 000-default চাইত নিস্ক্ৰিয় কৰিবলৈ
07:27 বাৰ্তাটোৱে জনায় যে ই নিস্ক্ৰিয় হ’ল । আহক আগবাহো
07:34 এই কমান্দ দুটাক এটা এটাকৈ ক’পি কৰক, টাৰ্মিনেলত (terminal) পেষ্ট কৰক আৰু এন্টাৰ (Enter) টিপক
07:41 sudo a2enmod deflate আৰু এন্টাৰ (Enter) টিপক
07:52 sudo a2ensite library আৰু এন্টাৰ (Enter) টিপক
08:03 টাৰ্মিনেলত (terminal) বাৰ্তাটোৱে জনায় যে site library টো সক্ৰিয় হ’ল
08:10 এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । আৰু এন্টাৰ (Enter) টিপক
08:20 তেতিয়া লিখক sudo su আৰু এন্টাৰ (Enter) টিপক
08:26 আমি এতিয়া superuser ত আছো যি হৈছে root user মোদ
08:33 এই কমান্দটো ক’দ ফাইলৰ পৰা ক’পি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । এন্টাৰ (Enter) টিপক
08:41 যেতিয়াই সোধে পাচৱৰ্দটো লিখক, admin123 আৰু এন্টাৰ (Enter) টিপক
08:49 আমি এতিয়া আমাৰ MariaDB prompt ৰ ভিতৰত আছো
08:54 MariaDB prompt ত, লিখক: use mysql semicolon আৰু এন্টাৰ (Enter) টিপক
09:03 MariaDBmysql database ব্যৱ্হাৰ কৰিবলৈ ক’ব
09:09 টাৰ্মিনেলত (terminal) দৰ্শিত হোৱা বাৰ্তাটোৱে কয় Database সলনি হ’ল
09:15 মন কৰিব যে MariaDB prompt এ কয় mysql
09:22 এতিয়া তলৰ কমান্দটো দেখুৱা ধৰণে সাবধানে লিখক আৰু এন্টাৰ (Enter) টিপক
09:30 user koha_library ৰ বাবে পাচৱৰ্দ koha123 হিচাবে চেত কৰিব
09:39 আমি টাৰ্মিনেলত (terminal) এটা বাৰ্তা দেখিছো যি কয় “Query OK
09:45 পাছত, লিখক: flush privileges semicolon আৰু এন্টাৰ (Enter) টিপক । ই নতুন সলনি খিনিক আপদেত কৰিব
09:58 পুনৰ এবাৰ আমি টাৰ্মিনেলত (terminal) এটা বাৰ্তা দেখিছো যি কয় “Query OK
10:04 শেষত, লিখক: quit semicolon আৰু এন্টাৰ (Enter) টিপক Mariadb ৰ পৰা বাহিৰ হ’বলৈ
10:13 আমি এতিয়া root user প্ৰমপ্তলৈ ঘূৰি আহিলো
10:17 আমি এতিয়া koha-conf.xml ফাইলটো text editor এটাত খুলিম
10:25 মই তাক gedit text editor ব্যৱ্হাৰ কৰি কৰিম
10:30 এই ফাইলটোত, mysql কীৱৰ্দটো বিচাৰক
10:37 তললৈ যাওঁক আৰু এই শাৰীটো বিচাৰক
10:41 alphanumeric মানটোক 'koha123' ৰে সলাওঁক
10:47 ধৰক যে এইটোৱেই হৈছে পাচৱৰ্দ যি আমি আগতে আমাৰ database ৰ বাবে টাৰ্মিনেলৰ দ্বাৰা চেত কৰিছিলো
10:55 ফাইলটো ছেভ কৰক আৰু editor উইন্দ’ বন্ধ কৰক
10:59 এতিয়া যিকোনো web browser খোলক । মই Firefox web browser খুলিম
11:06 address bar ত, লিখক: 127.0.0.1:8080 আৰু এন্টাৰ (Enter) টিপক
11:21 ব্ৰাউজাৰত Koha web installer page দৰ্শিত হৈছে
11:26 login কৰিবলৈ, আমি আগতে চেত কৰা সবিশেষ ব্যৱ্হাৰ কৰক
11:31 মই লিখিম username koha_library হিচাবে আৰু password koha123 হিচাবে
11:42 যদি আপুনি এটা বেলেগ ইউজাৰনেম আৰু পাচৱৰ্দ দিছে, তেন্তে তাক লিখক
11:48 এতিয়া তলত সোফালে Login বুটামত ক্লিক কৰক
11:53 আমি Koha web installerStep 1 ত আছো
11:58 language দ্ৰপ-দাউনত, English ৰ বাবে en ক নিৰ্বাচিত কৰক, যদিহে দিফল্টভাবে ই নিৰ্বাচিত হৈ থকা নাই
12:06 এতিয়া তলত সোফালে Next বুটামত ক্লিক কৰক
12:10 এতিয়া উইন্দ’খনে দুটা বাৰ্তা দেখুৱায় । বাৰ্তাদুটাই জনাই যে সকলো Perl modules আৰু সকলো dependencies ইনষ্টল হ’ল
12:21 তলত সোফালে Next বুটামত ক্লিক কৰক
12:25 আমি এতিয়া Step 2 – Database settings ত আছো
12:30 ইয়াত মন কৰক, আমি আগতে দিয়া সকলো মানসমূহক
12:36 পাছত তলত Next বুটামত ক্লিক কৰক
12:40 তেনে কৰিলে, আমি এটা বাৰ্তা দেখো যি কয় “Connection established
12:46 ইয়াৰ লগত আৰু দুটা কনফাৰমেচন বাৰ্তা আহিছে
12:51 তলত Next বুটামত ক্লিক কৰক
12:54 আমি Step 3 লৈ আহিলো
12:57 স্ক্ৰিনত যি দৰ্শিত হৈছে তাক পঢ়ক আৰু Next বুটামত ক্লিক কৰক
13:03 সোনকালে আমি আমাৰ স্ক্ৰিনত এটা Success বাৰ্তা দেখিম । ই জনায় যে আমাৰ database tables নিৰ্মান হ’ল
13:13 এতিয়া তলত Next বুটামত ক্লিক কৰক
13:18 লগে লগে, আমাক এই screen লৈ অনা হয়
13:21 দৰ্শিত আখৰ পঢ়ক আৰু তেতিয়া install basic configuration settings লিংকত ক্লিক কৰক
13:29 তেনে কৰিলে, আমাৰ MARC flavor নিৰ্বাচিত কৰিবলৈ ক’ব । মই MARC21 নিৰ্বাচিত কৰিম
13:38 পাছত তলত Next বুটামত ক্লিক কৰক
13:42 এই স্ক্ৰিনত, তলত Mandatory চেকচনলৈ যাওঁক
13:47 ইয়াত, আমি দেখিছো যে Default MARC21 চেক-বক্সসমূহ নিৰ্বাচিত হৈ আছে
13:54 Optional চেকচনৰ ভিতৰত, দেখুৱা ধৰণে সকলো অপচন নিৰ্বাচিত কৰক
14:01 তললৈ যাওঁতে, আমি দেখিছো যে Other data ৰ ভিতৰত, সকলো চেক-বক্স ইতিমধ্যে নিৰ্বাচিত হৈ আছে
14:09 পৃষ্ঠাটোৰ তললৈ গৈ থাকক
14:13 তলত আৰু এটা Optional চেকচন আছে, যি অতি দীঘল
14:18 ইয়াত, “Some basic currencies” অপচনটো বিচাৰক আৰু নিৰ্বাচিত কৰক
14:24 ইয়াৰ পাছত, “Useful patron attribute types” অপচনটো নিৰ্বাচিত কৰক
14:30 এতিয়া পৃষ্ঠাটোৰ তললৈ যাওঁক আৰু Import বুটামত ক্লিক কৰক
14:36 Koha ত সকলো নিৰ্বাচিত ফাংচনেলিতিজক সক্ৰিয় কৰিব
14:41 আমাক এতিয়া এটা নতুন পৃষ্ঠালৈ অনা হ’ল । এই পৃষ্ঠাটোৰ তললৈ যাওঁক আৰু স্ক্ৰিনত দৰ্শিত হোৱা সকলো আখৰ পঢ়ক
14:50 আমি এটা সফলতা বাৰ্তা “All done” দেখিছো
14:54 এতিয়া, Finish বুটামত ক্লিক কৰক
14:57 আমি স্ক্ৰিনত অন্তিম বাৰ্তাটো দেখিছো যি জনায় যে আমাৰ ইনষ্টলেচনটো সফল হৈছে
15:04 আমি এতিয়া Koha interface লৈ যাম
15:08 ইউজাৰনেম (username) koha_library হিচাবে আৰু password koha123 হিচাবে লিখক
15:16 দ্ৰপ-দাউনৰ পৰা My Library নিৰ্বাচিত কৰক
15:20 পাছত Login বুটামত ক্লিক কৰক
15:23 আমাক Koha Administration পৃষ্ঠালৈ অনা হ’ল
15:27 আমি এই পৃষ্ঠাটোত বিভিন্ন টেব দেখিছো
15:31 আমি ইহতক কেনেকৈ ব্যৱ্হাৰ কৰা হয় পাছত এই চিৰিজত শিকিম
15:37 এতিয়া, No Library Set ত ক্লিক কৰক আৰু Logout অপচনটো নিৰ্বাচিত কৰক
15:45 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । আহক মূলভাব চাওঁ
15:50 এই টিউট’ৰিয়েলটোত, আমি Ubuntu Linux OS 16.04Koha Library Management System ইনষ্টল কৰিবলৈ আৰু ইনষ্টলেচনটো প্ৰমাণিত কৰিবলৈ শিকিলো
16:03 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
16:12 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
16:22 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
16:26 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
16:39 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9