Koha-Library-Management-System/C2/Add-Budget-and-Allocate-Funds/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Add a Budget and allocate Funds স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম -
Budget যোগ কৰিবলৈ, duplicate Budget বনাবলৈ আৰু Funds নিৰ্ধাৰিত কৰিবলৈ |
00:19 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:33 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:39 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:45 | আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
00:49 | অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:56 | আহক শিকো Budget কেনেকৈ যোগ কৰা হয় |
01:01 | আৰম্ভ কৰাৰ আগতে, আহক Budgets কি হয় বুজো ।
Acquisitions সম্বন্ধীয় accounting মানক ট্ৰেক কৰিবলৈ Budgets ব্যৱ্হাৰ কৰা হয় |
01:13 | ফান্দ বনোৱাৰ আগতে Budget এখন সূচীত কৰিব লাগিব |
01:18 | উদাহৰণস্বৰূপে - বৰ্তমান বৰ্ষ 2017 ৰ বাবে Budget এখন বনাওঁক |
01:25 | ইয়াক বিভিন্ন ক্ষেত্ৰৰ বাবে Fund ত ভগাওঁক যেনে Books, Journals আৰু Databases |
01:38 | অনুগ্ৰহ কৰি মন কৰিব, Budgets বনাব পাৰি আৰম্ভৰ পৰা বা যিকোনো আগৰ বৰ্ষৰ Budget ক দুপ্লিকেত কৰি |
01:50 | বা তুৰন্তে আগৰ বৰ্ষৰ Budget ক দুপ্লিকেত কৰি, বা তুৰন্তে আগৰ বৰ্ষৰ Budget ক বন্ধ কৰি |
02:00 | আগৰ টিউট’ৰিয়েলত উল্লেখ কৰাৰ দৰে, Superlibrarian ত ইউজাৰনেম Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক |
02:10 | 'Koha' Home page ত Acquisitions ত ক্লিক কৰক |
02:16 | বাওঁফালে অপচনৰ পৰা, Budgets ত ক্লিক কৰক |
02:21 | এতিয়া, New budget টেবত ক্লিক কৰক |
02:26 | প্ৰথমে, আমি এই Budget ৰ বাবে সময় সীমা বাচিব লাগিব |
02:31 | Budget ক এটা Academic year, Fiscal year বা Quarter year ৰ বাবে বনাব পাৰি |
02:39 | মই এটা Fiscal year ৰ বাবে Budget বনাম |
02:43 | পাছত Start আৰু End dates বাচক |
02:48 | মই বাচিম -
Start date: 04/01/2016 (MM/DD/YYYY) End date: 03/31/2017 (MM/DD/YYYY) |
03:07 | পাছত আমি আমাৰ Budget ৰ বাবে এটা বৰ্ণনা দিব লাগিব |
03:11 | ই আমাক পাছত অৰ্দাৰিঙৰ সময়ত ইয়াক চিহ্নিত কৰিবলৈ সহায় কৰিব |
03:17 | ইয়াত, মই লিখিম: Spoken Tutorial Library 2016-2017 Phase I |
03:26 | Amount বক্সত, আমি এই বিশেষ Budget ৰ বাবে ৰাশি ভৰাব লাগিব |
03:32 | ই হৈছে Spoken Tutorial Library ৰ বাবে, প্ৰদত্ত সময় সীমাত, আমি খৰচ কৰিবলৈ ভবা সৰ্বমুঠ ৰাশিৰ পৰিমান |
03:41 | মন কৰিব এই ফিল্দে মাত্ৰ সংখ্যা আৰু দেচিমেলহে গ্ৰহণ কৰে |
03:47 | বিশেষ কেৰেক্তাৰ আৰু চিহ্নক অনুমতি নিদিয়ে |
03:51 | আমি ভৰোৱা Amount টো, সেই লাইব্ৰেৰীৰ বাবে স্বীকৃত Budget অনুসৰি হ’ব লাগিব |
03:57 | ইয়াত, মই Amount হিচাবে Rs. 5,00,000/- যোগ কৰিম |
04:03 | পাছত, Make a budget active ত ক্লিক কৰক |
04:08 | তেনে কৰিলে, Acquisitions মদিউলত orders কৰোতে budget ব্যৱ্হাৰ যোগ্য হয় |
04:17 | আৰু ই তেনেদৰেই থাকে, আনকি যদি order Budget End date ৰ পাছত দিয়া হয় |
04:24 | ই লগতে আমাক আগৰ বৰ্ষৰ Budget ত দিয়া অৰ্দাৰ ৰেকৰ্দ কৰিবলৈ অনুমতি দিয়ে |
04:31 | পাছৰটো Lock budget ৰ চেক-বক্স হয় |
04:35 | যি বুজায় পাছত library staff ৰ দ্বাৰা Funds সংশোধিত কৰিব নোৱাৰি |
04:41 | মই এই চেক-বক্সটো খালি ৰাখিম |
04:45 | সকলোখিনি ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক |
04:52 | এটা নতুন পৃষ্ঠা Budgets administration খুলিছে |
04:57 | ইয়াত, আমি আগতে +New Budget পৃষ্ঠাটোত যোগ কৰা সবিশেষ দেখিছো |
05:04 | এই পৃষ্ঠাটোত দৰ্শিত সবিশেষ হৈছে - |
05:08 | Budget name টেবত বৰ্ণনা,
Start date:, End date:, Total amount:, Actions: |
05:19 | আমি লগতে প্ৰয়োজন অনুসৰি কোনো বিশেষ Budget ক এদিত, দিলিত বা দুপ্লিকেত কৰিব পাৰো |
05:25 | তাক কৰিবলৈ, Budget name ৰ সোফালে অৱস্থিত Actions টেবত ক্লিক কৰক |
05:33 | দ্ৰপ-দাউনৰ পৰা, যিকোনো এটা অপচন বাচক:
Edit, Delete, Duplicate, Close বা Add fund |
05:44 | আহক Fiscal year ৰ বাবে ফান্দ নিৰ্ধাৰিত কৰিবলৈ শিকো |
05:49 | একেখন টেবুলত, বিশেষ Budget Name ত ক্লিক কৰক যালৈ ফান্দটো নিৰ্ধাৰিত কৰিব লাগে |
05:56 | মই Spoken Tutorial Library 2016-2017 Phase 1 ত ক্লিক কৰিম |
06:05 | এটা নতুন পৃষ্ঠা Funds for 'Spoken Tutorial Library 2016-2017 Phase 1' খুলিছে |
06:14 | Funds for 'Spoken Tutorial Library 2016-2017 Phase 1’ ৰ ওপৰত, New টেবত ক্লিক কৰক |
06:26 | দ্ৰপ-দাউনৰ পৰা, New fund for Spoken Tutorial Library 2016-2017 Phase 1 বাচক |
06:36 | খোল খোৱা নতুন পৃষ্ঠাটোত, সবিশেষ ভৰ্ত্তি কৰক যেনে:
Fund code: Books Fund name: Books fund |
06:47 | Amount : 25000 ভৰ্ত্তি কৰক
Warning at (%): 10 |
06:55 | Warning at (amount): ৰ বাবে, যিহেতু মই ইতিমধ্যে Warning at (%) ভৰালো, মই এই ফিল্দ এৰিম |
07:02 | মই লগতে Owner: আৰু Users ফিল্দকো এৰিম |
07:08 | Library: ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Spoken Tutorial Library বাচক |
07:14 | মই Restrict access to: ক এনেদৰেই এৰিম |
07:19 | মই Statistic 1 done on আৰু Statistic 2 done on: ক খালী ৰাখিম |
07:27 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Submit বুটামত ক্লিক কৰক |
07:34 | বিশেষ লাইব্ৰেৰীৰ সম্বন্ধিত সকলো ফান্দ নিৰ্ধাৰণ সবিশেষ এতিয়া এখন তালিকাবদ্ধ ফৰ্মত দৰ্শিত হৈছে |
07:42 | বাওঁফালে অপচনৰ পৰা, Budgets ত ক্লিক কৰক |
07:47 | মই এতিয়া বাজেতক দুপ্লিকেত কৰিবলৈ দেখুৱাম |
07:51 | কিন্তু তাৰ আগতে, আমি প্ৰথমে বাজেতক কিয় দুপ্লিকেত কৰিব লাগে শিকিব লাগিব |
07:57 | ধৰক বাজেতৰ ৰাশি আৰু ফান্দৰ ৰাশি পাছৰ financial year ৰ বাবে সমান । তেনে ক্ষেত্ৰত, আমি বাজেতক দুপ্লিকেত কৰিব পাৰো |
08:08 | ই Library staff ক বহুতো সময় আৰু প্ৰচেষ্টা বচোৱাত সহায় কৰিব |
08:14 | তাক কৰিবলৈ, Budget name ৰ সোফালে অৱস্থিত Actions টেবত ক্লিক কৰক |
08:22 | দ্ৰপ-দাউনৰ পৰা, Duplicate বাচক |
08:26 | এটা নতুন পৃষ্ঠা Duplicate Budget খুলিছে |
08:30 | নতুন Start date আৰু End date ভৰ্ত্তি কৰক । মই পাছৰ বৰ্ষৰ বাজেতৰ বাবে তাৰিখ ভৰ্ত্তি কৰিম - |
08:39 | Start date: 04/01/2017 (MM/DD/YYYY)
End date: 03/31/2018 (MM/DD/YYYY) |
08:53 | পাছৰটো হৈছে Description |
08:56 | মন কৰিব Description সবিশেষ এনেকুৱা হ’ব লাগে যাতে ইয়াক পাছত কোনো বিশেষ বাজেতৰ সৈতে সহজে চিনিব পাৰি । দিফল্টভাবে Koha ই , আগতে ভৰ্ত্তি কৰা বিবৰণ দেখুৱায় |
09:10 | কিন্তু, মই ইয়াক সলাই Spoken Tutorial Library 2017-2018, Phase II কৰিম । আপুনি নিজৰ লাইব্ৰেৰী সম্বন্ধীয় কিবা ভৰাব পাৰে |
09:24 | Change amounts by: ফিল্দত, যোৱা বৰ্ষৰ বাজেতৰ পৰা উলিয়াব লগীয়া পাৰচেন্তেজটো ভৰ্ত্তি কৰক বা একেটা ৰাশিকে আগবহাওঁক |
09:38 | মনত ৰাখিব, Spoken Tutorial Library ৰ বাবে Rs 5,00,000/- ৰ ৰাশিক স্বীকৃত কৰা হৈছিল |
09:45 | গতিকে, মই Rs 1,00,000/- ৰ ৰাশি ল’বলৈ -20% (মাইনাচ 20 পাৰচেন্ত) ভৰাম |
09:54 | পাছৰ ফিল্দটো হৈছে If amounts changed, round to a multiple of:
মই ফিল্দটো খালি ৰাখিম |
10:03 | আগলৈ যাওঁতে, আমাৰ Mark the original Budget as inactive চেক-বক্সটো আছে |
10:10 | তাক কৰিলে, মূল বাজেতক আৰু ব্যৱ্হাৰ কৰিব নোৱাৰিব । পুনৰ, মই এই বক্সটো খালি ৰাখিম |
10:19 | শেষত, আমাৰ Set all funds to zero চেক-বক্সটো আছে |
10:25 | এই বক্সটোক চেক কৰক যদি আপুনি নতুন বাজেতৰ ফান্দৰ গাঠণিটো আগৰ বাজেতৰ দৰে হোৱাটো বিচাৰে |
10:32 | কিন্তু মন কৰিব- আপুনি মেনুৱেলি ফান্দত ৰাশি এটা ভৰ্ত্তি নকৰা লৈকে কোনো নিৰ্ধাৰণক অনুমতি দিয়া নহ’ব । মই ইয়াকো এতিয়াৰ বাবে খালি ৰাখিম |
10:44 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Save changes ত ক্লিক কৰক |
10:52 | দুপ্লিকেত বাজেত Spoken Tutorial Library 2017-2018 Phase II ৰ বাবে ভৰ্ত্তি কৰা সবিশেষ Budgets administration পৃষ্ঠাটোত দৰ্শিত হৈছে |
11:04 | আপুনি এতিয়া Koha ৰ Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰিব পাৰে |
11:09 | তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক । পাছত দ্ৰপ-দাউনৰ পৰা, Log out বাচক |
11:21 | আহক মূলভাব চাওঁ -
এই টিউট’ৰিয়েলটোত, আমি শিকিলো - Budget যোগ কৰিবলৈ, duplicate Budget বনাবলৈ আৰু Funds নিৰ্ধাৰিত কৰিবলৈ |
11:34 | Budget ৰ বাবে অনুশিলনী:
50 লাখ টকাৰ নিৰ্ধাৰণৰ সৈতে Financial year বাজেতৰ লগত এখন নতুন বাজেত যোগ কৰক |
11:44 | ফান্দ নিৰ্ধাৰণৰ বাবে অনুশিলনী:
Non-print material ৰ বাবে 20 লাখ টকাৰ ফান্দ নিৰ্ধাৰণ কৰক |
11:53 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
12:01 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
12:09 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
12:13 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
12:25 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |