KTurtle/C3/Special-Commands-in-KTurtle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই টিউটৰিয়েললৈ আপোনালোক স্ৱাগতম
00:08 এই টিউটৰিয়েল টোত আমি শিকিম

“learn” কম্মান্দ আৰু

“random” কম্মান্দ ৷

00:15 এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই ব্যৱহাৰ কৰিছো “Ubuntu Linux” OS version 12.04 “KTurtle” version 0.8.1 beta ৷
00:28 আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকাৰী জ্ঞান আছে ৷
00:33 যদি নাই তেনেহ’লে প্রয়োজনীয় টিউটৰিয়ে ৰ বাবে আমাৰ ৱেবচাইট “ http://spoken-tutorial.org” লৈ যাওঁক ৷
00:39 আহক, এটা নতুন KTurtle এপলিকেছন খোলো ৷
00:42 “Dash home” ত ক্লিক কৰক ৷
00:44 “Search bar” ত “KTurtle” বুলি টাইপ কৰক ৷
00:47 “KTurtle” ত ক্লিক কৰক ৷
00:50 আহক, প্রথমতে “learn” কম্মান্দ চাঁও ৷
00:53 “learn” এটা বিশেষ কম্মান্দ, যিহেতু ইয়াক আপুনি নিজৰ কম্মান্দবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷
01:01 'learn' কম্মান্দ এ ইনপুট (input) ল’ব পাৰে আৰু আউটপুত উভতাই দিব পাৰে ৷
01:05 কম্মান্দ এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷
01:10 এটা স্পষ্ট নিৰীক্ষণৰ বাবে, প্ৰোগ্ৰাম টেক্সটক জোম কৰি চাওঁ আহক ৷
01:14 বৰ্গ এটা আকিঁবলৈ, এডিটৰত কোড এটা টাইপ কৰো আহক ৷
01:19 লিখক “repeat 4” কাৰ্লী ব্ৰেকেট ৰ ভিতৰত লিখক

{

forward 10

turnleft 90

}

01:31 ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷
01:37 আহক এতিয়া “learn” কম্মান্দ ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা কম্মান্দ ৰ বিষয়ে অধ্যয়ন কৰো ৷
01:45 বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা কম্মান্দবোৰক আমি “square” নাম দিম ৷
01:50 “learn” কম্মান্দ ৰ পিছত শিকিব বিচৰা কম্মান্দটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷
01:59 আহক, তলত উল্লেখিত কোডসমূহ টাইপ কৰো ৷
02:02 learn স্পেচ square স্পেচ$x
02:10 কাৰ্লী ব্ৰেকেট বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷
02:13 “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷
02:19 নতুনকৈ ব্যাখ্যা কৰা কম্মান্দক “square” বোলা হয় ৷
02:23 “square”এ এটা ইনপুট যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷
02:31 টুকি লওঁক যে যেতিয়া আপুনি এই কোডটো run কৰিব, “square”এ কোনো আউটপুত উভতাই নিদিয়ে ৷
02:37 কম্মান্দ “learn”টো অকল “learning” হয় ৷ আনটো কম্মান্দ “square” পিছত ব্যৱহাৰ হ’ব ৷
02:43 বাকী থকা কোডত “square” কম্মান্দটো সাধাৰণ কোডৰ দৰেই ব্যৱহাৰ হ’ব ৷
02:51 আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷
02:54 আহক টাইপ কৰো

go 200,200

square 100

03:04 কম্মান্দ “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷
03:11 এতিয়া কোডটো ৰান কৰো আহক ৷
03:13 “Turtle” এ কেনভাচত বৰ্গ এটা অংকণ কৰিলে ৷
03:17 আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷
03:22 আহক আকৌ ৰান কৰো ৷
03:23 “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷
03:28 অনুগ্রহ কৰি টুকি ল’ব যে এই কম্মান্দটো কেৱল এই প্ৰোগ্ৰামটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷
03:35 মই এডিটৰ পৰা কৰেন্ট কোডটো clear কৰি দিম ৷
03:38 কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ টাইপ কৰি ৰান কৰি দিয়ক ৷
03:44 ইয়াৰ পিছত আমি “random” কম্মান্দৰ বিষয়ে শিকিম ৷
03:48 “random” কম্মান্দ এ ইনপুট লয় আৰু আউটপুত উভতাই দিয়ে ৷
03:52 “ random” কম্মান্দৰ চিনটেক্চ হ’ল “random X,Y”
03:57 য’ত X আৰু Y দুটা ইনপুট হয় ৷
04:01 Xএ আটাইতকৈ কম সংখ্যক আউটপুত আৰু Yএ আটাইতকৈ বেছি সংখ্যক আউটপুত ধাৰ্য্য কৰে ৷
04:07 আউটপুত হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷
04:13 আহক আমি “random” কম্মান্দক এপলিকেছনত ব্যৱহাৰ কৰো ৷
04:18 টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা কোড আছে ৷
04:22 মই এই কোডটো ব্যাখ্যা কৰিম ৷
04:24 “reset” কম্মান্দ এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷
04:29 ইয়াত, “random1,20” কম্মান্দে যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X ভেৰিয়েবল হিচাপে নিৰূপণ কৰে ৷
04:44 ”repeat” কম্মান্দ আৰু কাৰ্লী ব্ৰেকেটবোৰৰ ভিতৰত থকা কম্মান্দবোৰে এটা বৃত্ত অংকণ কৰে ৷
04:51 মই টেক্সট এডিটৰৰ পৰা কোডটো কপি কৰি “KTurtle”ৰ এডিটৰত পেচ্ট কৰিম ৷
04:58 টিউটৰিয়েলটো পজ (pause) কৰক আৰু আপোনাৰ “KTurtle” এডিটৰত প্ৰোগ্ৰামটো টাইপ কৰক ৷
05:03 প্ৰোগ্ৰামটো টাইপ কৰাৰ পিছত টিউটৰিয়েলটো পুনৰায় আৰম্ভ কৰক ৷
05:08 যেতিয়া আমি এই কোডটো চলাও,
05:10 “Turtle”এ কেনভাচত ১ আৰু ২০ ৰ মাজত থকা radiusৰ (ব্যাসাৰ্দ্ব্যৰ) সৈতে এটা বৃত্ত আকেঁ ৷
05:16 আহক আমি এই কোডটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷
05:20 আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷
05:26 প্রত্যকবাৰেই যেতিয়া আপুনি এই কোডটো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত কেনভাচত অংকিত হ’ব ৷
05:33 আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা কম্মান্দ কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷
05:39 মই এতিয়া কাৰেন্ট (current) কোডটোক এডিটৰৰ পৰা ক্লিয়াৰ (clear) কৰি দিম ৷ কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ আৰু “Run” টাইপ কৰক ৷
05:48 টেক্সট এডিটৰত মোৰ আগৰে পৰাই এটা প্ৰোগ্ৰাম আছে ৷
05:52 মই এতিয়া এই কোডটো ব্যাখ্যা কৰিম ৷
05:55 “reset” কম্মান্দএ “Turtle” ক ইয়াৰ দিফল্ট পজিছনত (default position) চেট কৰে ৷
06:00 “canvassize 300,300”এ কেনভাচখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixelsত চেট কৰে ৷
06:09 $R, $G “ আৰু $B হ’ল তিনিটা ভেৰিয়েবল য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷
06:19 কম্মান্দ canvascolor $R,$G, আৰু $B ত,
06:23 ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B ভেৰিয়েবল ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷
06:34 এই কম্মান্দটো কাৰ্য্যকৰী কৰোতে কেনভাচক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷
06:41 $red, $blue, $green এইবোৰ হ’ল আন এক ধৰণৰ ভেৰিয়েবল ৰ চেট,
06:45 য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনো ধৰণে নিৰূপণ কৰা হ’ল ৷
06:53 ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য pencolor $red, $blue আৰু $green
07:02 ভেৰিয়েবল $red, $green আৰু$blue ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷
07:10 যেতিয়া কম্মান্দটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোতও যিকোনো এটা ৰং চেট কৰা হয় ৷
07:18 penwidth 2 ই কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷
07:25 পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই কোডটো এন্টাৰ কৰিলো ৷
07:30 ইয়াত $xএ বৃত্তটোৰ পৰিমানক সূচাব ৷
07:35 repeat কম্মান্দ আৰু তাৰ পিছত কাৰ্লী ব্ৰেকেট ৰ ভিতৰত অহা কোডটোৱে এটা বৃত্তত অংকণ কৰে ৷
07:43 পৰবৰ্তী কম্মান্দ ৰ চেট, অৰ্থাৎ “go” কম্মান্দ আৰু তাৰ পিছত অহা “circle” কম্মান্দ এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷
07:54 উদাহৰণ স্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত
08:01 ”go” কম্মান্দত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷
08:09 প্রত্যেকটো বৃত্তৰ বাবেই, মই কেনভাচত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷
08:16 টেক্সট এডিটৰ ৰ পৰা কোডটো মই কপি কৰিম আৰু KTurtle ৰ এডিটৰ ত পে্সট কৰিম ৷
08:23 ইয়াত টিউটৰিয়েলটো পজ (pause) কৰক আৰু KTurtle ৰ এডিটৰত প্ৰোগ্ৰাম টো টাইপ কৰক ৷
08:29 প্ৰোগ্ৰাম টো টাইপ কৰাৰ পিছত টিউটৰিয়েল টো আকৌ চলাওক ৷
08:33 মই এই কোডটো “বহু বগত (Fullspeed) ত কাৰ্য্যকৰী কৰিম ৷
08:37 আপুনি এই কোডটো “run” অপছনত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷
08:43 মই এই কোডটো কেইবাৰমান ৰান কৰিম ৷
08:46 আপুনি যিকোনোধৰণে চেট কৰা কলমৰ ৰংৰ মূল্য আৰু কেনভাচৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷
08:54 প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু কেনভাচৰ ৰংৰ সালসলনি মন কৰিব ৷
09:01 আপুনি এই কোডটো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনো ধৰণে চেট কৰা কলম আৰু কেনভাচৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷
09:15 ইয়াৰ লগতে আমি এই টিউটৰিয়েলটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷
09:20 আহক সংক্ষিপ্ত ভাবে চাঁও
09:22 এই টিউটৰিয়েলটোত আমি শিকিলো

“learn” কম্মান্দ আৰু

“random” কম্মান্দ.

09:30 এটা কাৰ্যকৰি হিচাপে আপুনি সমাধান কৰিব লাগিব,
09:32 learn কম্মান্দ ব্যৱহাৰ কৰি আপোনাৰ কেনভাচৰ চাৰিওটা কোণতেই অংকণ কৰক :

pentagon

square

rectangle

hexagon আৰু

09:45 কেনভাচখনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷
09:49 “random” কম্মান্দ ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু
09:55 আপোনাৰ জ্যামিতিক আকাৰ আৰু কেনভাচ কাচটমাইজ (customize) কৰক ৷
10:00 এই লিঙ্কত URL http://spoken-tutorial.org/What is a Spoken Tutorial ত উপলব্ধ ভিদিও চাঁওক ৷
10:04 ই স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ বুজাই ৷
10:08 যদিহে আপোনাৰ ভাল বেন্দৱিথ নাই, তেন্তে আপুনি ইয়াক ডাওনলোদ কৰিও চাব পাৰে ৷
10:13 স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে
10:15 স্পকেন টিউটৰিয়েল বোৰ ব্যৱহাৰ কৰি কিছুমান ৱৰ্কছপ অনুস্ঠিত কৰে৷
10:19 যিসকল লোক অনলাইন টেচ্ট উত্তীৰ্ণ হয়, তেঁওলোকক প্রমানপত্র দিয়া হয় ৷
10:22 অধিক জানিবলৈ, অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক ৷
10:29 ”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷
10:33 National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷
10:40 http://spoken-tutorial.org/NMEICT-Intro ] এই লিংকটোত এই মিছনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷
10:46 এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে
10:50 . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, Pratik kamble