Jmol-Application/C4/Symmetry-and-Point-Groups/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Jmol ত Symmetry and Point Group ৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | এই টিউটৰিয়েলত আমি শিকিম: |
| 00:08 | অণুত পৰমাণুৰ মাধ্যমেৰে লাইন আঁকা অর্থাৎ অক্ষ। |
| 00:12 | অক্ষৰ সৈতে অণুক স্পিন কৰা আৰু ঘোৰোৱা। |
| 00:17 | অণুত পৰমাণুৰ মাধ্যমেৰে প্লেন আঁকা। |
| 00:21 | আৰু পয়েন্ট গ্রুপ শ্রেণীবিভাগ প্রদর্শন কৰা। |
| 00:25 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, অস্নাতক মানৰ কেমিস্ট্রি আৰু Jmol উইন্ডোৰ পৰা তাৰ সম্বন্ধীয় অপাৰেশন সম্পর্কে জানিব লাগিব। |
| 00:35 | নহলে, প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইটত পৰিদর্শন কৰক। |
| 00:39 | টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: |
| 00:42 | উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 14.04, |
| 00:46 | Jmol সংস্কৰণ 12.2.32, |
| 00:50 | জাভা সংস্কৰণ 7 আৰু মোজিলা ফায়াৰফক্স ব্রাউজাৰ 35.0. |
| 00:57 | প্রায়েই অণুত প্রতিসাম্য, প্রতিসাম্য এলিমেন্টৰ দ্বাৰা উল্লেখিত হয়: |
| 01:03 | প্রতিসাম্য অক্ষ, |
| 01:05 | প্রতিসাম্য প্লেন, |
| 01:06 | প্রতিসাম্য কেন্দ্র ইত্যাদি। |
| 01:09 | আমি অণুত এই প্রতিসাম্য এলিমেন্ট প্রদর্শন কৰিবলৈ Jmol ব্যবহাৰ কৰিম। |
| 01:14 | মিথেনৰ মডেলত পৰমাণুৰ মাধ্যমেৰে C3 ৰোটেশনাল অক্ষৰ অঙ্কনৰ দ্বাৰা টিউটৰিয়েলটো আৰম্ভ কৰো। |
| 01:22 | মই ইতিমধ্যে Jmol উইন্ডো খুলিছো। |
| 01:25 | প্যানেলত মিথেনৰ ball and stick মডেল পাবলৈ Modelkit মেনুত টিপক। |
| 01:31 | টুল বাৰত ডিসপ্লে মেনু ব্যবহাৰ কৰি মিথেন অণুত পৰমাণুক লেবেল কৰক। |
| 01:37 | Display ত টিপক, Labelৰ তলত স্ক্রোল কৰক আৰু Number বিকল্পত টিপক। |
| 01:43 | মিথেন অণুত থকা সকলো পৰমাণু এতিয়া সংখ্যায়িত। |
| 01:47 | পৰমাণুৰ মাধ্যমেৰে লাইন আৰু প্লেন আঁকিবলৈ কনসোলত কমান্ড লিখিব লাগিব। |
| 01:53 | কনসোল খুলিবলৈ File মেনুত টিপক। |
| 01:57 | Console ত তলত স্ক্রোল কৰক আৰু এইটোত টিপক। |
| 02:01 | পর্দাত কনসোল উইন্ডো দেখায়। |
| 02:04 | আমি লাইন আৰু প্লেন আঁকিবলৈ কমান্ড লাইনত draw কীওয়ার্ড ব্যবহাৰ কৰিম। |
| 02:10 | Jmol স্ক্রিপ্ট কমান্ডৰ সম্পর্কে বিস্তাৰিত তথ্য এই ওয়েবসাইটত প্রাপ্তিসাধ্য। |
| 02:15 | যি কোনো ওয়েব ব্রাউজাৰতওয়েবসাইটটো খুলক। |
| 02:19 | Jmol ত স্ক্রিপ্ট কমান্ড লেখাৰ বাবে ব্যবহৃত কীওয়ার্ডৰ এখন তালিকাৰ সৈতে এটা ওয়েব পৃষ্ঠা খোলে। |
| 02:26 | তলত স্ক্রোল কৰক আৰু তালিকাৰ পৰা draw শব্দত টিপক। |
| 02:31 | draw কীওয়ার্ডৰ বর্ণন সহ এটা পৃষ্ঠা খোলে। |
| 02:36 | পৃষ্ঠাৰ উপৰতdraw কমান্ডৰ বাবে এটা সাধাৰণ সিনট্যাক্স দিয়া হৈছে। |
| 02:42 | এইটো এই কীওয়ার্ডৰ ব্যবহাৰ সংক্রান্ত তথ্যা দি আছে। |
| 02:47 | এতিয়া Jmol প্যানেলত উভতি যাও। |
| 02:51 | মই কনসোল উইন্ডো ডাঙৰ কৰিবলৈ Kmag স্ক্রীন ম্যাগনিফায়াৰ ব্যবহাৰ কৰিছো। |
| 02:55 | এটা লাইন আঁকিবলৈ যি C3 ৰোটেশনাল অক্ষক উপস্থাপন কৰে: |
| 02:59 | কনসোলত ডলাৰ প্রম্পটত নিম্নলিখিত কমান্ড প্রয়োগ কৰক। |
| 03:04 | কমান্ড লাইন “draw” শব্দৰ দ্বাৰা আৰম্ভ হয় ইয়াৰপিছত অবজেক্টৰ ID থাকে। |
| 03:10 | কমান্ড-লাইনত সংখ্যা 250 লাইনৰ দৈর্ঘ্য বোঝায়। |
| 03:15 | এইটো লাইনৰ অবস্থানৰ দ্বাৰা অনুসৃত কৰা হয়; |
| 03:18 | বন্ধনীত, atom number = 1 আৰু atom number = 2. এন্টাৰ টিপক। |
| 03:26 | প্যানেলক লক্ষ্য কৰক। |
| 03:27 | পৰমাণু 1 আৰু 2 মাধ্যমেৰে পাস কৰা লাইনক মিথেনৰ মডেলত আঁকা হৈছে। |
| 03:33 | এই লাইনটো এতিয়া ঘূর্ণনৰ অক্ষ হিসাবে কাম কৰিব পাৰে। |
| 03:37 | আমি এটা নির্দিষ্ট মডেলত একাধিক লাইন আঁকিব পাৰো। |
| 03:41 | C2 ৰোটেশনাল অক্ষ আঁকিবলৈ: কনসোলত নিম্নলিখিত কমান্ড লিখক। |
| 03:47 | এই কমান্ডত, কাৰ্লী বন্ধনীত থাকা সংখ্যা লাইনৰ বাবে কার্টিজিয়ান স্থানাঙ্কক(Cartesian coordinates) ইঙ্গিত কৰে। |
| 03:54 | পিছত কমান্ড, লাইনৰ ৰঙ চিহ্নিত কৰিবলৈ। এন্টাৰ টিপক। |
| 03:59 | এতিয়া প্যানেলত আমাৰ উচৰত মিথেনৰ সৈতে C2 আৰু C3 ৰোটেশনাল অক্ষ আছে। |
| 04:05 | লাইন 1 ৰ সৈতে ঘোৰাবলৈ, যি হল C3 অক্ষ, নিম্ন কমান্ড লিখক: |
| 04:12 | rotate স্পেস ডলাৰ line1 স্পেস 60. |
| 04:18 | সংখ্যা 60এ ৰোটেশনৰ ডিগ্রী বোঝায়। এন্টাৰ টিপক। |
| 04:24 | line1ৰ সৈতে ঘূর্ণন লক্ষ্য কৰক। |
| 04:27 | line1 সহ অণুক স্পিন কৰিবলৈ নিম্নলিখিত কমান্ড লিখক: |
| 04:32 | spin স্পেস ডলাৰ line1 স্পেস 180 স্পেস 60 |
| 04:39 | সংখ্যা 180 ৰোটেশনৰ ডিগ্রীক বোঝায় আৰু 60 ৰোটেশনৰ গতিক বোঝায়। এন্টাৰ টিপক। |
| 04:48 | প্যানেলত মিথেন মডেল line1 সহ স্পিন কৰে, যি হল C3 অক্ষ। |
| 04:55 | নির্দেশিত কাম হিসাবে: |
| 04:56 | এটা লাইন আঁকক যি ইথেনৰ মডেলত C3 প্রতিসাম্যৰ অক্ষ প্রতিনিধিত্ব কৰে। |
| 05:02 | আৰু C3 অক্ষ সহ মডেলক স্পিন কৰক। |
| 05:06 | Jmol প্যানেলত উভতি আহো। |
| 05:08 | আমি এটা অণুত পৰমাণুৰ সেটৰ মধ্যেমেৰে দি যোৱা প্লেনও আঁকিব পাৰো। |
| 05:12 | এইটো কৰিবলৈ, প্রথমে নিম্নলিখিত কমান্ডটো লিখি মিথেন মডেলত থকা লাইন মুছি দিয়ক। draw স্পেস off. এন্টাৰ টিপক। |
| 05:24 | মিথেন অণুৰ 1, 2 আৰু 3 পৰমাণুৰ দ্ৱাৰা দি যোৱা প্রতিফলিত প্লেন আঁকিবলৈ: |
| 05:31 | কনসোলত নিম্নলিখিত কমান্ড লিখক। |
| 05:35 | কমান্ডত সংখ্যা 300 প্লেনৰ আকাৰ ইঙ্গিত কৰে। এন্টাৰ টিপক। |
| 05:41 | মিথেন মডেলত 1, 2 আৰু 3 পৰমাণুৰ দ্ৱাৰা দি যোৱা প্রতিফলিত প্লেন লক্ষ্য কৰক। |
| 05:49 | পৰমাণু 1, 4' আৰু 5ৰ মাধ্যমেৰে দ্বিতীয় প্রতিফলিত প্লেন আঁকিবলৈ: |
| 05:55 | কনসোলত আপ অ্যাৰো কী টিপক আৰু নিম্নৰুপে কমান্ড সম্পাদনা কৰক: |
| 06:01 | plane1 ক plane2 ত সলাওক, আৰু atomno2 ক 4 ত আৰু atomno3 ক 5ত। |
| 06:12 | লগতে, প্লেনৰ ৰঙ সলাবলৈ নিম্নলিখিত কমান্ড লিখক। |
| 06:17 | সেমিকোলন color স্পেস ডলাৰ plane2 স্পেস blue. এন্টাৰ টিপক। |
| 06:24 | প্যানেলত আমি মিথেন অণুত দুটা প্রতিফলিত প্লেন দেখো। |
| 06:29 | Jmol ব্যবহাৰ কৰি আমি নিম্নৰুপে মিথেনৰ পয়েন্ট গ্রুপ শ্রেণীবিভাগ দেখিব পাৰো। |
| 06:36 | প্যানেলত, মিথেন অণুত টানা প্লেন মুছি পেলাও। |
| 06:41 | কনসোলত লিখক, draw স্পেস off. এন্টাৰ টিপক। |
| 06:47 | মিথেনৰ বাবে সকলো সম্ভব প্রতিসাম্য এলিমেন্টক দেখাবলৈ: কনসোলত নিম্নলিখিত কমান্ড লিখক। |
| 06:54 | draw স্পেস pointgroup. এন্টাৰ টিপক। |
| 06:59 | আমি প্যানেলত মিথেনৰ প্রতিসাম্য এলিমেন্টক দেখিব পাৰো। |
| 07:04 | মিথেনৰ পয়েন্ট গ্রুপ শ্রেণীবিভাগ পাবলৈ নিম্নলিখিত কমান্ড লিখক: calculate স্পেস pointgroup. এন্টাৰ টিপক। |
| 07:14 | Td, মিথেন অণুৰ পয়েন্ট গ্রুপ কনসোলত প্রদর্শিত হৈছে। |
| 07:20 | পয়েন্ট গ্রুপ স্পষ্ট কৰাৰ আৰু এটা সর্বোত্তম উদাহৰণ হল allene. |
| 07:25 | আমি modelkit মেনু ব্যবহাৰ কৰি প্যানেলত allene এৰ গঠন আঁকিব পাৰো বা কেমিকেল স্ট্রাকচাৰ ডাটাবেসৰ পৰা allene এৰ গঠন ডাউনলোড কৰিব পাৰো। |
| 07:37 | আপোনি ইন্টাৰনেটৰ সৈতে যুক্ত থাকিলে, File মেনুত টিপক, Get Mol ত তলত স্ক্রল কৰক আৰু টেক্সট বাক্সত লিখক “allene”. OK ত টিপক। |
| 07:48 | allene এৰ বাবে সকলো সম্ভব প্রতিসাম্য এলিমেন্টক দেখাবলৈ: |
| 07:52 | এই কমান্ড নোপোৱা পর্যন্তলৈকে কনসোলত ডলাৰ প্রম্পটত আপ অ্যাৰো কী টিপি থাকক। |
| 07:59 | draw pointgroup. এন্টাৰ টিপক। |
| 08:02 | প্যানেলক লক্ষ্য কৰক। আমি allene এৰ বাবে সকলো সম্ভব প্রতিসাম্য এলিমেন্টক দেখিব পাৰো। |
| 08:09 | allene এৰ বাবে পয়েন্ট গ্রুপক শ্রেণীবিভাগ পাবলৈ। |
| 08:12 | calculate pointgroup কমান্ড নোপোৱা পর্যন্তলৈকে আকৌ এবাৰ কনসোলত আপ অ্যাৰো কী টিপি থাকক। |
| 08:21 | allene এৰ পয়েন্ট গ্রুপ শ্রেণীবিভাগ যি হল D2d কনসোলত প্রদর্শিত হৈছে। |
| 08:28 | একেইভাবে আপোনি আপোনাৰ পছন্দৰ অণু ডাউনলোড কৰি আৰু তাৰ পয়েন্ট গ্রুপক নিৰুপণ কৰিব পাৰে। |
| 08:34 | সংক্ষিপ্তকৰণ কৰো। এই টিউটৰিয়েলত শিকিছো: |
| 08:38 | মিথেন অণুত পৰমাণুৰ মাধ্যমেৰে লাইন আঁকা যি হল C2 আৰু C3 ৰোটেশনেল অক্ষ। |
| 08:45 | অক্ষ সহ অণুক স্পিন আৰু ঘোৰোৱা। |
| 08:49 | মিথেন অণুত পৰমাণুৰ মাধ্যমেৰে প্রতিফলিত প্লেন আঁকা। |
| 08:54 | allene আৰু মিথেন এৰ উদাহৰণ ব্যবহাৰ কৰি পয়েন্ট গ্রুপ শ্রেণীবিভাগক প্রদর্শন কৰা। |
| 09:01 | নির্দেশিত কাম হিসাবে,dichloromethane ৰ মডেলত প্রতিফলিত প্লেন আঁকক। |
| 09:07 | আৰু অ্যামোনিয়া আৰু বেঞ্জিনৰ বাবে পয়েন্ট গ্রুপ শ্রেণীবিভাগক নিৰুপণ কৰক। |
| 09:12 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 09:15 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
| 09:20 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। |
| 09:27 | এইটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
| 09:33 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |