Java/C3/Exception-Handling/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | Exception Handling ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | ইয়াতে আমি শিকিম: exception কি, exceptions চেক আৰু আনচেক কৰা, try-catch block আৰু finally block দ্বাৰা exceptions নিয়ন্ত্ৰণ কৰা। |
00:20 | ইয়াতে আমি ব্যবহাৰ কৰিছো: Ubuntu Linux 16.04 OS JDK 1 .8 আৰু Eclipse 4.3.1. |
00:32 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
00:39 | নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলবোৰৰ বাবে, আমাৰ ওয়েবসাইটত যাওক। |
00:45 | exception এটা অপ্ৰত্যাশিত ঘটনা, যি প্ৰোগ্ৰাম নিষ্পাদনৰ সময়ত ঘটে। |
00:52 | এইটোৱে প্ৰোগ্ৰামৰ স্বাভাবিক ফ্লো ব্যাহত কৰে আৰু ফলাফল ভুল হয়। |
01:00 | সেই ঘটনাৰ ভিত্তিত, exceptions ক unchecked exceptions আৰু checked exceptions হিচাবে বর্গীকৃত কৰা হৈছে। |
01:08 | এতিয়া eclipse খুলিম আৰু ExceptionDemo নামৰ নতুন প্ৰজেক্ট বনাম। |
01:16 | এই প্ৰজেক্টত exception handling প্ৰদর্শন কৰিবলৈ প্ৰয়োজনীয় ক্লাস বনাম। |
01:24 | এতিয়া নতুন ক্লাস Marks বনাম। |
01:28 | Marks ক্লাস প্ৰদর্শন কৰিবলৈ নিম্ন কোড লিখক। |
01:34 | এই প্ৰোগ্ৰামটোৱে 5 জন শিক্ষার্থীৰ মার্ক্স প্ৰিন্ট কৰে যি অ্যাৰে marksত সংৰক্ষিত। |
01:41 | এই প্ৰোগ্ৰামটো ৰান কৰি আৰু আউটপুট চেক কৰো। |
01:45 | আমি দেখো যে অ্যাৰেত ভ্যালু প্ৰিন্ট হৈছে। |
01:50 | এতিয়া চাও যে যদি আমি এটা অ্যাৰে এলিমেন্ট অ্যাক্সেস কৰাৰ চেষ্টা কৰো যি বিদ্যমান নাই, তেতিয়া কি হব। |
01:57 | এতিয়া নিম্ন কোড লিখক। |
02:00 | আমি জানো যে অ্যাৰেত মাত্ৰ 5 টা এলিমেন্ট আছে। |
02:04 | কিন্তু এই স্টেটমেন্টত index 50 ত এলিমেন্ট অ্যাক্সেস কৰাৰ চেষ্টা কৰিছো যি বিদ্যমান নাই। |
02:12 | এতিয়া এই প্ৰোগ্ৰাম ৰান কৰো। |
02:15 | আমি দেখো যে প্ৰোগ্ৰামটোৱে লাইনৰ সংখ্যা 7ত এৰৰ ম্যাসেজ ArrayIndexOutOfBoundsException সহ টার্মিনেট হয়। |
02:25 | এৰৰ ম্যাসেজ exceptionৰ বর্ণন দেখায় যেনে exceptionৰ ধৰণ, এইটো ক'ত ঘটিছে আৰু অন্য বিবৰণ। |
02:35 | উল্লেখ্য যে print statement নিষ্পাদিত নহয় কাৰণ প্ৰোগ্ৰাম এৰৰৰ পিছত টার্মিনেট হৈছে। |
02:42 | এইটো Unchecked exception ইয়াৰ এটা উদাহৰণ। |
02:46 | Unchecked exceptions ক Runtime exception বোলে কাৰণ এইটো মাত্ৰ নিষ্পাদনৰ সময়ত চেক হয়। |
02:54 | এইটোৱে প্ৰোগ্ৰামিং বাগ আৰু লজিক্যাল এৰৰ পৰিচালনা কৰে যেনে শূন্য দ্বাৰা সংখ্যা ভাগ কৰা আৰু অ্যাৰে এলিমেন্ট অ্যাক্সেস কৰা যি বিদ্যমান নাই। |
03:07 | এতিয়া শিকো যে try catch block দ্বাৰা exceptionক কিভাবে নিয়ন্ত্ৰণ কৰে। |
03:13 | try blockত কোডৰ এই অংশক exception ৰেজ কৰিব পাৰে। |
03:19 | সংশ্লিষ্ট catch blockএ অবজেক্ট e ত exception ইয়াৰ বিবৰণ পাব পাৰে। |
03:26 | catch blockত এৰৰৰ ম্যাসেজ প্ৰদর্শন কৰা বা এৰৰ পৰা বাঁচিবলৈ কোড লিখিব পাৰি। |
03:34 | এতিয়া eclipseত যাওক। |
03:37 | প্ৰথমে কোডত try block জুড়ক যি এই ধৰণৰ exceptionৰ কাৰণ হয়। |
03:44 | এতিয়া অনুৰুপ catch block জুড়াব লাগিব। |
03:48 | নিম্ন কোড লিখক। |
03:51 | ইয়াতে কাস্টম মেসেজ Array Overflow Exception occurred প্ৰিন্ট কৰিছো। |
03:57 | প্ৰথম বন্ধনীত ArrayIndexOutOfBoundsException ইয়াৰ উদাহৰণ বনাইছো। |
04:05 | সেয়ে এই ব্লক ArrayIndexOutOfBoundsException ইয়াৰ exceptionsক, catch কৰিব পাৰে। |
04:11 | এতিয়া প্ৰোগ্ৰাম ৰান কৰো। |
04:14 | আমি দেখো যে এৰৰ ম্যাসেজ প্ৰিন্ট হয়। |
04:18 | কিন্তু এই সময়ত, প্ৰিন্টিংত ধ্যান দিয়ক যে marks array ও নিষ্পাদিত হয়। |
04:24 | এইভাবে আমি exceptions পৰিচালনা কৰিব পাৰো। |
04:27 | ইয়াৰপিছত চাও যে একাধিক catch blocks কিভাবে ব্যবহাৰ কৰে। |
04:32 | আমি সেইবোৰক ব্যবহাৰ কৰিব পাৰো যেতিয়া ব্লক দ্বাৰা বিভিন্ন ধৰনৰ exceptions ৰেজ হয়। |
04:38 | try blockত নিম্ন কোড লিখক। |
04:42 | কোডৰ এই লাইনে array element ক শূন্য দ্বাৰা বিভাজিত কৰে কাৰণ a ইয়াৰ ভ্যালু হল 0. |
04:49 | প্ৰথমে এটা ArithmeticException ৰেজ হয়। |
04:53 | ArithmeticException নিয়ন্ত্ৰণ কৰিবলৈ আৰু এটা catch block জুড়ক। |
04:58 | বিদ্যমান catch block ইয়াৰ পিছত নিম্ন কোড লিখক। |
05:03 | আবাৰ প্ৰোগ্ৰাম ৰান কৰো। |
05:06 | Arithmetic Exception occurred এৰৰ ম্যাসেজ প্ৰিন্ট হয় কাৰণ এইটো আগতে ধৰা পড়িছে। |
05:13 | কোডৰ বাকি অংশ try catch block ইয়াৰ বাহিৰত নিষ্পাদিত হয়। |
05:19 | এতিয়া checked exception সম্পর্কে শিকো। |
05:23 | Checked exceptions, compile timeত চেক হয়। |
05:27 | সেয়ে সেইটোক প্ৰোগ্ৰাম ৰান কৰাৰ পূর্বে পৰিচালনা কৰা উচিত। |
05:31 | উদাহৰণস্বৰুপে: ফাইল অ্যাক্সেস কৰা যি বর্তমানত বিদ্যমান নাই বা নেটওয়ার্ক সিস্টেম অ্যাক্সেস কৰা যেতিয়া নেটওয়ার্ক ডাউন হয়। |
05:41 | এতিয়া Eclipseত যাওক আৰু নতুন ক্লাস MarksFile বনাওক। |
05:47 | main method যোগ কৰক। |
05:50 | এতিয়া কম্পিউটাৰত স্থিত এটা ফাইল পড়িব বিছাৰো। |
05:54 | নিম্ন কোড লিখক। |
05:57 | ইয়াতে FileReader অবজেক্ট fr null হিসাবে ইনিসিয়েলাইজ হয়। |
06:03 | FileReader অবজেক্টৰ ব্যবহাৰ নির্দিষ্ট ফাইলক অ্যাক্সেস কৰা আৰু পড়িবলৈ ব্যবহিত কৰা হয়। |
06:08 | Eclipseএ এটা এৰৰ দেখাব। |
06:11 | এৰৰ সংশোধন কৰিবলৈ, ইয়াতে ক্লিক কৰক আৰু import FileReader java dot io ত ডাবল ক্লিক কৰক। |
06:19 | FileReader class ক java dot io package পৰা ইম্পোর্ট কৰা হৈছে। |
06:25 | আমি package আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে পিছৰ টিউটোৰিয়েলত শিকিম। |
06:31 | Marks নামৰ ফাইল অ্যাক্সেস কৰিবলৈ fr ইয়াৰ অনুমতীৰ বাবে নিম্ন কোড লিখক, যি হোম ফোল্ডাৰত স্থিত। |
06:40 | ইয়াতে দেখোৱা পাথক সিস্টেমৰ হোম ফোল্ডাৰৰ সৈতে সলাওক। |
06:46 | এটা এৰৰ দেখায়। এইটোৱে কয় যে কোডৰ এই লাইনে FileNotFoundException বনাব পাৰে। |
06:55 | এৰৰ ক্লিক কৰক আৰু Surround with try/catchত ডাবল ক্লিক কৰক। |
07:00 | আমি দেখো যে এই এৰৰ সংশোধন কৰিবলৈ Eclipse নিজেই try catch block সন্নিবেশ কৰে। |
07:08 | আমি বুজিব পাৰো যে এইটো checked exception. |
07:12 | এতিয়া finally block ইয়াৰ ব্যবহাৰ কৰা চাও। |
07:16 | নিম্ন কোড লিখক। |
07:18 | finally block সাধাৰণতে try-catch block অনুসৰণ কৰে। |
07:22 | এই ব্লকৰ কোড নিষ্পাদিত হয়, exception হওক বা নহওক। ইয়াতে print statement আছে। |
07:32 | এতিয়া finally blockত ফাইল ৰেফাৰেন্স বন্ধ কৰক। |
07:37 | লিখক fr dot close |
07:40 | এতিয়া Eclipse দেখায় যে এইটো এটা IOException ৰেজ কৰিব। |
07:45 | এৰৰ ক্লিক কৰক আৰু Surround with try/catchত ডাবল ক্লিক কৰক। |
07:51 | এতিয়া প্ৰোগ্ৰাম ৰান কৰো। |
07:54 | আমি দেখো যে FileNotFoundException ম্যাসেজ প্ৰিন্ট হয়। |
07:59 | কাৰণ হোম ফোল্ডাৰত Marks নামৰ কোনো ফাইল নাই। |
08:04 | আমি NullPointerException ও দেখিব পাৰো কাৰণ fr ইয়াৰ ভ্যালু এতিয়াও নাল হয়। |
08:12 | কিন্তু আমি দেখো যে finally blockত print statement নিষ্পাদিত হয়। |
08:18 | হোম ফোল্ডাৰত Marks টেক্সট ফাইল বনাওক। |
08:23 | আপোনি উইন্ডোজ ইউসাৰ হলে, লোকেল ড্রাইভত টেক্সট ফাইল বনাওক আৰু পাথ উল্লেখ কৰক। |
08:29 | উদাহৰণস্বৰুপে এইটো D:\\Marks.txt হিসাবে নির্দিষ্ট হব পাৰে। |
08:37 | এতিয়া আকৌ এবাৰ প্ৰোগ্ৰাম ৰান কৰো। |
08:40 | আমি চেক কৰিব পাৰো যে Marks ফাইল তৈয়াৰ হোৱাৰ পিছত তাত কোনো exceptions নাই। |
08:46 | Inside finally block প্ৰিন্ট হয়। |
08:50 | cleanup operation অর্থাৎ FileReader অবজেক্ট fr বন্ধ কৰাত, এইটো সফলভাবে নিষ্পাদিত হয়। |
08:58 | ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।। |
09:02 | সংক্ষেপে: |
09:04 | ইয়াতে শিকিছো: Exception কি আৰু Checked আৰু Unchecked Exceptions, try-catch block আৰু finally block দ্বাৰা Exceptions নিষ্পাদিত কৰা। |
09:17 | অনুশীলনী হিসাবে, NullPointerException নামৰ আৰু এটা Runtime Exception সম্পর্কে শিকক। |
09:24 | এই টিউটোৰিয়েলৰ Assignment লিঙ্কত দিয়া Demo.java নামৰ জাভা প্ৰোগ্ৰাম চাওক। |
09:31 | এটা exception ৰেজ হব যেতিয়া এই কোডটো ৰান কৰিব। |
09:35 | কোডটো সনাক্ত কৰক যি exception ইয়াৰ বাবে দায়ী। |
09:40 | try-catch block দ্বাৰা এইটোক সঠিক কৰক। |
09:43 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটো চাওক। |
09:52 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। অধিক জানিবলৈ আমালৈ লিখক। |
10:04 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য। |
10:15 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। |
10:23 | অংশগ্ৰহনৰ বাবে ধন্যবাদ। |