Java/C2/First-Java-Program/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 First java program-ৰ সৈতে আৰম্ভণিৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম।
00:09 এই টিউটৰিয়েলত আমি
00:11 সাধাৰণ জাভা প্ৰগ্ৰাম তৈয়াৰ কৰিবলৈ
00:14 প্ৰগ্ৰামটো কম্পাইল কৰিবলৈ
00:16 প্ৰগ্ৰামটো ৰান কৰিবলৈ আৰু
00:19 জাভাত নেমিং কনভেনশ্যনৰ বিষয়ে শিকিম।
00:24 আমি ইয়াত উবুণ্টু ভাৰচন 11.10 আৰু JDK 1.6 ব্যৱহাৰ কৰিছোঁ।
00:32 এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ চিষ্টেমত JDK 1.6 ইনষ্টল হৈ থাকিব লাগিব।
00:39 যদি নাই, সেই সম্পৰ্কীয় টিউটৰিয়েলৰ বাবে প্ৰদৰ্শন কৰা আমাৰ ৱেবচাইট চাওক।
00:46 এতিয়া আমি আমাৰ প্ৰথম জাভা প্ৰগ্ৰামটো লিখোঁ আহক।
00:51 তাৰ বাবে আপোনাক এটা টাৰমিনেল আৰু এটা টেক্স্‌ট এডিটৰৰ প্ৰয়োজন হ’ব।
00:56 মই মোৰ টেক্সট এডিটৰ হিচাপে gedit ব্যৱহাৰ কৰিছোঁ।
01:01 টেক্সট এডিটৰত আমি প্ৰথমে HelloWorld নামৰ ক্লাছটো তৈয়াৰ কৰিম।
01:06 গতিকে class HelloWorld বুলি টাইপ কৰক। HelloWorld হৈছে ক্লাছটোৰ নাম।


01:17 আৰু কাৰ্লি ব্ৰেকেট অপেন কৰক। এণ্টাৰ দিয়ক আৰু কাৰ্লি ব্ৰেকেট ক্লজ কৰক।
01:24 এই দুই কাৰ্লি ব্ৰেকেটৰ মাজৰ ক’ড HelloWorld বোলা ক্লাছটোৰ অধীনৰ হ’ব।
01:33 এতিয়া ওপৰত থকা Save আইকনত ক্লিক কৰি ফাইলটো চেভ কৰক।
01:37 সঘনাই ফাইল চেভ কৰি থকাটো এটা ভাল অভ্যাস।
01:43 Save As ডায়লগ বাকচটো ওলায়।
01:46 য’ত আপুনি ফাইলটো চেভ কৰিব বিচাৰে সেই ঠাই ব্ৰাউজ কৰক।
01:51 ইয়াত, হ’ম ডিৰেক্টৰীত মই এটা ফল্ডাৰ তৈয়াৰ কৰিম।
01:57 ইয়াক Demo বুলি নাম দিওঁ আৰু এণ্টাৰ টিপোঁ।
02:02 তাৰপিছত এই ফল্ডাৰটোৰ ভিতৰত ফাইলটো চেভ কৰিম।
02:08 Name টেক্সট বাকচত ক্লাছটোৰ নাম টাইপ কৰক।
02:13 জাভাত ক্লাছৰ নাম আৰু ফাইলৰ নাম একে হ’ব লাগে।
02:20 মনত পেলাওক যে আমি HelloWord বুলি ক্লাছ তৈয়াৰ কৰিছিলো।
02:25 গতিকে আমি ফাইলটো HelloWorld dot java বুলি চেভ কৰিম।
02:33 Dot java হৈছে জাভা ফাইলক দিয়া ফাইল এক্সটেনশ্যন।
02:39 তাৰপিছত Save বাটনত ক্লিক কৰক। এতিয়া ফাইলটো চেভ হ’ল।
02:47 ক্লাছৰ ভিতৰত আমি main মেথডটো লিখিম।
02:53 গতিকে টাইপ কৰক:
02:54 public static void main parentheses inside parentheses String arg Square brackets
03:10 Main ফাংশ্যনে প্ৰগ্ৰামৰ আৰম্ভণি বিন্দুটো চিহ্নিত কৰে।
03:15 কোনো এটা পৰৱৰ্তী টিউটৰিয়েলত আমি public, static, void আৰু String arg-ৰ বিষয়ে বৰ্ণনা কৰিম।
03:23 তাৰ পিছত আকৌ এবাৰ কাৰ্লি ব্ৰেকেট অপেন কৰক।
03:27 এণ্টাৰ টিপক আৰু কাৰ্লি ব্ৰেকেট ক্লজ কৰক।
03:32 এই দুই কাৰ্লি ব্ৰেকেটৰ মাজৰ ক’ড main মেথডৰ অধীনৰ হ’ব।
03:41 টাৰমিনেলত এটা লাইন প্ৰদৰ্শন কৰাবলৈ আমি এতিয়া এটা ক’ড লিখিম।
03:46 গতিকে main মেথডৰ ভিতৰত টাইপ কৰক— System dot out dot println parentheses semi-colon
03:59 এটা লাইন প্ৰিণ্ট কৰিবলৈ ব্যৱহাৰ কৰা এইটোৱেই হৈছে ষ্টেটমেণ্ট।
04:05 এটা লাইন শেষ কৰিবলৈ চেমি-কোলন ব্যৱহাৰ কৰা হয়।
04:10 এতিয়া কি প্ৰিণ্ট কৰিব লাগিব, সেইটো জাভাক কওঁ আহক।


04:13 গতিকে parentheses in double quotes –ৰ ভিতৰত টাইপ কৰক— My first java program exclamation mark.
04:30 এতিয়া Save আইকনত ক্লিক কৰি ফাইলটো চেভ কৰোঁ।
04:36 এতিয়া টাৰমিনেললৈ যোৱা যাওক।
04:38 এইটো নিশ্চিত কৰক যে আপুনি HelloWorld.java ফাইলটো চেভ কৰা ডিৰেক্টৰীতে আছে।
04:46 মনত ৰাখিব যে মই মোৰ হ’ম ডিৰেক্টৰীত আছোঁ।
04:50 So type cd Space Demo and hit Enter

গতিকে, টাইপ কৰক— cd Space Demo আৰু এণ্টাৰ টিপক।

04:56 ls
04:59 আমি দেখা পাওঁ যে HelloWorld.java ফাইলটো Demo ডিৰেক্টৰীত আছে।
05:06 ফাইলটো কম্পাইল কৰা যাওক; গতিকে টাইপ কৰক— javac Space HelloWorld dot java আৰু এণ্টাৰ টিপক।
05:21 আমি তৈয়াৰ কৰি থোৱা ফাইলটো ই কম্পাইল কৰে।
05:25 ফাইলটো এতিয়া কম্পাইলড হ’ল আৰু কোনো ভুল-ত্ৰুটি দেখা পোৱা নগ’ল।
05:30 HelloWorld.class ফাইলটো তৈয়াৰ হোৱা আমি দেখা পাইছোঁ।
05:36 এই ফাইলটো য’তে-ত’তে ৰান কৰিব পাৰে।
05:38 অৰ্থাৎ যিকোনো অপোৰেটিং চিষ্টেমতে।
05:41 তদুপৰি জাভা কম্পাইলাৰৰো কোনো প্ৰয়োজন নাই।
05:45 সেয়েহে জাভাক সঠিকভাৱেই “write once, run anywhere” বুলি বৰ্ণনা কৰা হৈছে।


05:51 গতিকে, সফল কম্পিলেশ্যনৰ পিছত প্ৰগ্ৰামটো এই কমাণ্ড দি ৰান কৰক—
05:56 java (এইবাৰ c নালাগে) space HelloWorld (dot java এক্সটেনশ্যন নালাগে) আৰু এণ্টাৰ টিপক।
06:07 আপুনি এই ধৰণে আউটপুট পাব— My first java program!
06:13 গতিকে আমি আমাৰ প্ৰথম জাভা প্ৰগ্ৰামটো লিখিলো। এতিয়া এডিটৰলৈ উভতি যোৱা যাওক।
06:22 এতিয়া ষ্টেটমেণ্টৰ শেষত থকা চেমি-কোলনটো গুচাই পেলাওক।
06:27 Save আইকনত ক্লিক কৰক।
06:29 এতিয়া টাৰমিনেললৈ উভতি যাওঁ।
06:33 এই কমাণ্ডটো ৰান কৰক— javac HelloWorld dot java
06:41 কম্পাইলাৰে এটা ইৰৰ দেখুৱাব।
06:44 ইয়াত কোৱা হৈছে যে পঞ্চম লাইনত এটা চেমি-কোলন দিব লাগে।
06:52 আপ এৰোৱে ইৰৰ ষ্টেটমেণ্টটো দেখুৱায়।
06:57 এডিটৰলৈ উভতি যোৱা যাওক।
07:01 জাভাত সকলোবোৰ ষ্টেটমেণ্ট চেমি-কোলনেৰে শেষ হয়।
07:06 গতিকে পঞ্চম লাইনলৈ যাওক আৰু এটা চেমি-কোলন বহুৱাওক।
07:13 Save আইকনত ক্লিক কৰক। কম্পাইলিঙৰ আগতে ফাইলটো চেভ কৰা প্ৰয়োজন।
07:22 টাৰমিনেললৈ উভতি যাওঁ।
07:25 javac HelloWorld dot java ব্যৱহাৰ কৰি ফাইলটো কম্পাইল কৰক।
07:32 ফাইলটো সফলতাৰে কম্পাইলড হয় আৰু আমি কোনো ভুল-ভ্ৰান্তি দেখা নাপাওঁ।
07:36 এতিয়া java HelloWorld কমাণ্ড ব্যৱহাৰ কৰি প্ৰগ্ৰামটো ৰান কৰক, আৰু
07:45 আমি আউটপুটটো দেখা পাওঁ— My first java program!
07:49 জাভাত এইদৰেই ভুল-ভ্ৰান্তি নিয়ন্ত্ৰণ কৰা হয়।
07:54 আগবাঢ়ি যোৱাৰ লগে লগে আমি ভুল-ভ্ৰান্তি সম্পৰ্কে অধিক শিকিম।
08:02 এতিয়া আমি, জাভাত নেমিং কনভেনশ্যননো কি, সেই বিষয়ে চাম।
08:06 * ক্লাছনেমটো CamelCase-অত হোৱা উচিত।
08:10 * ইয়াৰ অৰ্থ হ’ল, প্ৰত্যেকটো নতুন শব্দ এটা আপাৰকেচ লেটাৰেৰে আৰম্ভ হয়।
08:14 * উদাহৰণ হিচাপে: class HelloWorld, class ChessGame.
08:19 গতিকে Hello-ৰ H আৰু World-অৰ W আপাৰকেচত আছে।
08:25 সেইদৰে Chess আৰু Game-অৰ C আৰু G আপাৰকেচত আছে।
08:31 মেথডৰ নাম mixed case হোৱা উচিত।
08:35 যাৰ অৰ্থ হ’ল, প্ৰথম শব্দটো এটা লৱাৰ কেচেৰে আৰম্ভ হোৱা উচিত।
08:39 আৰু তাৰ পিছৰ সকলো নতুন শব্দ এটা আপাৰকেচেৰে আৰম্ভ হোৱা উচিত।
08:44 মেথড নামটো এটা ক্ৰিয়াপদো (verb) হ’ব লাগে।
08:48 উদাহৰণ হিচাপে: showString(), main(), goToHelp(). ইয়াত show-ৰ s লৱাৰ কেচত আছে আৰু String-ৰ S আপাৰকেচত আছে।
09:02 ভেৰিয়েবলৰ নাম সংখ্যাৰে আৰম্ভ হ’ব নালাগে।
09:06 আমাৰ ক্লাছ, মেথড বা ভেৰিয়েবল নামৰ বাবে আমি কিৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰোঁ।
09:13 উদাহৰণ হিচাপে: public, private, void, static আৰু এনেকুৱা বহুবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ।
09:22 গতিকে এই টিউটৰিয়েলত আমি এটা সৰল জাভা প্ৰগ্ৰাম লিখিবলৈ, কম্পাইল কৰিবলৈ আৰু ৰান কৰিবলৈ শিকিলো।
09:30 জাভাত মানি চলা নেমিং কনভেনশ্যনো আমি দেখা পালো।
09:35 নিজৰ পৰীক্ষণৰ বাবে Java file name and class name should be same বুলি প্ৰিণ্ট কৰা এটা সৰল জাভা প্ৰগ্ৰাম লিখক।
09:47 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ
09:50 ইয়াত থকা ভিডিঅ চাওক— [1]
09:58 ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
10:02 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
10:08 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে
10:10 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে।
10:13 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
10:17 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org— এই ঠিকনাত লিখক।
10:25 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10:30 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
10:38 এই মিশ্যন সম্পৰ্কত অধিক তথ্য ইয়াত পোৱা যাব— [2]
10:49 ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে।
10:51 যোগদান কৰাৰ বাবে ধন্যবাদ।
10:53 এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble