Introduction-to-Computers/C2/Google-Drive-Options/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | নমস্কাৰ দৰ্শক সকল. Google Drive options ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি Google Drive ত উপলব্ধ বিকল্প সম্পর্কে শিকিম যেনে: |
00:12 | * এটা ডকুমেন্ট, এটা স্প্রেডশীট আৰু এটা প্রেসেনটেশন তৈয়াৰ কৰা। |
00:17 | * ফাইল আৰু ফোল্ডাৰ আপলোড কৰা, |
00:20 | * আৰু বিকল্প শেয়াৰ কৰা। |
00:22 | এই টিউটোৰিয়েলৰ বাবে, এটা কার্যকৰ ইন্টাৰনেট সংযোগ আৰু কোনো এটা ওয়েব ব্রাউজাৰ প্রয়োজন। |
00:29 | আমি Firefox ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিম। |
00:33 | পূর্ব জ্ঞান হিসাবে, আপোনাৰ Gmail সম্পর্কে মৌলিক জ্ঞান থাকিব লাগে। |
00:38 | নহলে, আমাৰ ওয়েবসাইটত প্রাসঙ্গিক Gmail টিউটোৰিয়েল চাওক। |
00:43 | এতিয়া আৰম্ভ কৰো। |
00:45 | ওয়েব ব্রাউজাৰ খুলক আৰু আপোনাৰ gmail একাউন্টত লগ ইন কৰক। |
00:49 | মই এইটো ইতিমধ্যে কৰিছো। |
00:51 | উপৰত সোফালে আমাৰ নামৰ কাষত এটা গ্রিড আইকন দেখিব পাৰো। |
00:56 | আমি এইটোৰ উপৰত মাউস ৰাখিলে, হেপ্ল টেক্সটে কয় Apps. এইটোত টিপক। |
01:02 | এইটোৱে আমাৰ কিছু google apps দেখায় যেনে:
google plus Search YouTube Maps PlayStore News Drive Calendar আৰু অন্যান্য। |
01:18 | আমি তাৰ উপৰত টিপিলে, আমি নির্দিষ্ট google app ত উভতি যাও। |
01:24 | Apps আইকনক অন্য কোনো স্থানত ড্রেগ কৰি আমাৰ পছন্দৰ উপৰত ভিত্তি কৰি এই তালিকা পুনর্বিন্যস্ত(rearrange) কৰিব পাৰি। |
01:32 | এই টিউটোৰিয়েলত আমি বিশেষভাবে Drive সম্পর্কে শিকিম। |
01:35 | সেয়ে, আমি Drive ত টিপো। |
01:39 | এইটোৱে এটা নতুন ট্যাবত Google Drive পৃষ্ঠা খুলিব। |
01:43 | পৃষ্ঠাৰ শীর্ষত, আমি এটা Search বাৰ দেখিব পাৰো। |
01:47 | বাওফালে, কিছু মেনু আছে। |
01:51 | আৰু উপৰৰ সোফালে, কিছু আইকন আছে। |
01:55 | কেন্দ্রত, আমি দুটা ফাইল দেখিব পাৰো। |
01:59 | প্রথমটো Google টীম দ্বাৰা অ্যাকাউন্ট নির্মাণৰ সময়ত আমাৰ সৈতে শেয়াৰ কৰা হৈছিল। |
02:05 | দ্বিতীয়টো, সেই ফাইলটো যি নিজে আগত আপলোড কৰিছিলে। |
02:10 | এতিয়া, বাও ফালৰ মেনু চাও। |
02:14 | আমাৰ উচৰত নিম্নলিখিত মেনু আছে:
New My Drive Shared with me Google Photos Recent Starred আৰু Trash |
02:27 | ডিফল্টৰুপে, My Drive মেনু নির্বাচিত হব আৰু তাৰ বিষয়বস্তু কেন্দ্রত প্রদর্শিত হব। |
02:34 | সকলো ফাইল আৰু ফোল্ডাৰ মাঝৰ অংশত প্রদর্শিত হব। |
02:38 | সেয়ে, আমি PDF আৰু ZIP ফাইল দেখিব পাৰো যি আমি পূর্ববর্তী টিউটোৰিয়েলত আপলোড কৰিছিলো। |
02:47 | আমি যি ফাইল তৈয়াৰ বা আপলোড কৰিছিলো সেইবোৰোও My Driveত সংৰক্ষিত হব। |
02:53 | পিছৰ মেনু হল Shared with me. এইটোত টিপো। |
02:58 | কোনোবায়ে যদি আমাৰ সৈতে এটা ফাইল বা ডকুমেন্ট শেয়াৰ কৰে, এইটো এই মেনুৰ তলত প্রদর্শিত হব। |
03:03 | এতিয়া পর্যন্ত, কোনোয়েও আমাৰ সৈতে কোনো ফাইল শেয়াৰ কৰা নাই, সেয়ে এইটো খালি। |
03:09 | অলপতে Driveত Google Photos অ্যাক্সেস কৰবলৈ Googleএ এটা শর্টকাট লিঙ্ক তৈয়াৰ কৰিছে। |
03:15 | আমি এই টিউটোৰিয়েলৰ বাবে এই বিকল্পটো বাদ দিও। |
03:19 | Recent মেনুএ সেই ফাইল বা ডকুমেন্টৰ তালিকা প্রদর্শন কৰে যি আমি অলপতে খুলিছো। |
03:25 | এইটোৱে My Drive আৰু Shared with me উভয় বিষয়বস্তু প্রদর্শন কৰাব। |
03:30 | সেয়ে, ইয়াত আমি pdf আৰু zip ফাইল দেখিব পাৰো কাৰণ আমি এইটো আগতে খুলিছো। |
03:37 | Starred- আমি Important হিসাবে কোনো ফাইল বা ডকুমেন্ট চিহ্নিত কৰি ৰাখিলে সেই ফাইল এই মেনুৰ তলত প্রদর্শিত হব। |
03:45 | My Drive মেনুত উভতি যাও আৰু আমাৰ pdf ফাইলত সো ক্লিক কৰো। |
03:51 | এতিয়া Add Star বিকল্প চয়ন কৰক। |
03:55 | ইয়াৰ পিছত, Starred মেনুত টিপক। ইয়াত এইটো আমাৰ ফাইল। |
04:00 | এই ফাইলৰ এটা কপি তৈয়াৰ কৰো। |
04:03 | সেয়ে আৰু এবাৰ ফাইলত সো ক্লিক কৰি আৰু Make a copy বিকল্প চয়ন কৰো। |
04:10 | এতিয়া আমাৰ উচৰত দুটা ফাইল আছে। |
04:13 | তাৰে এটাক মুছি পেলাও। এই ফাইল নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক। |
04:20 | Trash মেনুৰ তলত মুছি পেলোৱা ফাইল বা ডকুমেন্ট প্রদর্শিত হব। |
04:25 | যদিও মুছি পেলোৱাটো অস্থায়ী। |
04:28 | আমি Empty Trash বিকল্পটো নির্বাচন কৰি Trash মেনুৰ পৰা সকলো ফাইল স্থায়ীভাবে মুছি পেলাবলৈ পাৰো। |
04:36 | Trash মেনুত যি সকল ফাইল আছে সেইয়া স্বয়ংক্রিয়ভাবে 30 দিনৰ পিছত google serverৰ পৰা স্থায়ীভাবে মুছি যাব। |
04:44 | এতিয়া ফাইল আৰু ফোল্ডাৰ তৈয়াৰ আৰু আপলোড কৰা শিকো। |
04:49 | এইটো কৰাৰ 4 টা উপায় আছে:
প্রথম উপায় হল বাওফালে ৰঙা ৰঙৰ New বোতামত টিপো। |
04:56 | দ্বিতীয় উপায়: My Drive বিকল্পত সো ক্লিক কৰক। |
05:00 | এতিয়া, My Drive ত উভতি আহো।
My Drive বিকল্পত, আমি কেন্দ্রৰ এলাকাত সো ক্লিক কৰিব পাৰো। |
05:09 | অবশেষত, উপৰৰ My Drive ড্রপ ডাউন মেনুত টিপক। |
05:14 | এতিয়া New বিকল্প দি অন্বেষণ কৰো।
New বোতামত টিপক। |
05:19 | এইটোৱে কিছু বিকল্প দেখাব যেনে:
Folder File Upload Google Docs, Sheets, Slides আৰু অন্যান্য। |
05:28 | আমি এটা এটা কৰি প্রতিটো বিকল্প দেখিব পাৰো। |
05:31 | আমি Folder বিকল্প ব্যবহাৰ কৰি এটা ফোল্ডাৰ তৈয়াৰ কৰিব পাৰো। |
05:34 | এইটোত টিপক। অবিলম্বে এইটোৱে আমাৰ নামৰ বাবে অনুৰোধ কৰে। |
05:40 | এই ফোল্ডাৰৰ নাম Spoken Tutorial দিয়ক আৰু Create বোতামত টিপক। |
05:48 | ডিফল্টৰুপে, এই ফোল্ডাৰ My drive ৰ তলত প্রদর্শিত হব। |
05:52 | আমি এইটোক, ইয়াত কেন্দ্রৰ এলাকাত দেখিব পাৰো। |
05:56 | ফোল্ডাৰে আমাৰ ফাইলক ভালমতে আয়োজন কৰি ৰাখিবলৈ সাহায্য কৰে। |
06:00 | সেয়ে আমি পৃথক ফোল্ডাৰ তৈয়াৰ কৰিব পাৰো, উদাহৰণস্বৰুপে, personal, work ইত্যাদি। |
06:07 | কোনো ফাইল আপলোড কৰিবলৈ, প্রথমে New বোতামত টিপি File Upload ত টিপক। |
06:13 | এইটোৱে এটা ফাইল ব্রাউজাৰ উইন্ডো খুলিব। |
06:16 | আপোনি যি ফাইল আপলোড কৰিব বিচাৰে তাক ব্রাউজ কৰি আৰু নির্বাচন কৰক। |
06:19 | মই Desktopৰ পৰা xyz.odt ফাইল নির্বাচন কৰিম আৰু Open বোতামত টিপিম। |
06:26 | তলত সোফালে, আমি আপলোডৰ অগ্রগতি চাব পাৰো। |
06:30 | এইটোৱে ফাইলৰ আকাৰ আৰু ইন্টাৰনেট গতিৰ উপৰত ভিত্তি কৰি কিছু সময় লব পাৰে। |
06:35 | এবাৰ সম্পন্ন হলে, আপলোড কৰা ফাইল কেন্দ্রৰ এলাকাত প্রদর্শিত হব। |
06:41 | এতিয়া, তলৰ প্রোগ্রেস উইন্ডোটো বন্ধ কৰক। |
06:45 | একেই ভাবে, আমি Folder Upload বিকল্প ব্যবহাৰ কৰি, Driveত এটা ফোল্ডাৰ আপলোড কৰিব পাৰো। |
06:52 | এই বৈশিষ্ট্য মাত্র নির্দিষ্ট ব্রাউজাৰত পোৱা যাব পাৰে। যেনে: Google Chrome |
06:59 | কিভাবে আমি আপলোড কৰা ফাইল Spoken Tutorial ফোল্ডাৰত স্থানান্তৰ কৰিব পাৰো? |
07:04 | ফাইল এইভাবে ফোল্ডাৰত মাত্ৰ ড্র্যাগ আৰু ড্রপ কৰক। |
07:09 | এতিয়া, বাও ফালে, My Drive বিকল্প ভালমতে চাওক। |
07:14 | ইয়াৰ বাওফালে এটা সৰু ত্রিভুজ লক্ষ্য কৰক। |
07:18 | এইটোত টিপিলে এইটোৱে My Drive ৰ তলত সাব ফোল্ডাৰ দেখাব। |
07:22 | চাওক, ইয়াত আমাৰ Spoken Tutorial ফোল্ডাৰ আছে আৰু ইয়াত ইয়াৰ ভিতৰত xyz.odt ফাইল আছে। |
07:31 | আমাৰ দৈনিক কামৰ বাবে ডকুমেন্ট, স্প্রেডশীট আৰু প্রেসেনটেশন ব্যবহাৰ কৰো। |
07:36 | তাৰ কি Drive ত তৈয়াৰ আৰু পৰিচালনা কৰা সম্ভব? |
07:39 | হ্যাঁ, সম্ভব। Google Drive ত অন্য Office Suite ৰ নিচিনা আমি ডকুমেন্ট, স্প্রেডশীট আৰু প্রেসেনটেশন তৈয়াৰ কৰিব পাৰো। |
07:50 | ইয়াত ডকুমেন্ট তৈয়াৰ কৰিবলৈ Google Docs |
07:54 | স্প্রেডশীট তৈয়াৰ কৰিবলৈ Google Sheets |
07:57 | আৰু প্রেসেনটেশন তৈয়াৰ কৰিবলৈ Google Slides আছে। |
08:01 | স্পষ্টিকৰণৰ বাবে, আমি Google Docs ব্যবহাৰ কৰি মাত্র এটা ডকুমেন্ট তৈয়াৰ কৰা প্রদর্শন কৰিম। |
08:08 | এটা নতুন ডকুমেন্ট তৈয়াৰ কৰিবলৈ New বোতামত টিপক আৰু Google Docs বিকল্প নির্বাচন কৰক। |
08:14 | এইটোৱে এটা নতুন ট্যাবত এটা খালি ডকুমেন্ট খুলিব। |
08:19 | আমি দেখিব পাৰো যে মেনু আৰু টেক্সট ফর্ম্যাটিং বিকল্প অন্য Office Suiteৰ নিচিনাে একেই আছে। |
08:26 | উপৰত, লক্ষ্য কৰক যে ডকুমেন্টৰ শিৰোনাম হল Untitled document. |
08:31 | এইটো এটা সম্পাদনযোগ্য শিৰোনাম। শিৰোনাম সলাবলৈ টেক্সটত টিপক। |
08:38 | Rename document উইন্ডো খোলে। |
08:41 | ইয়াত আমি ডকুমেন্টৰ বাবে উপযুক্ত শিৰোনাম লিখিব পাৰো। |
08:46 | মই লিখিম My first google doc আৰু OK ত টিপো। |
08:53 | শিৰোনামত পৰিবর্তন লক্ষ্য কৰক। |
08:56 | ইয়াৰ পিছত, ইয়াত কিছু বিষয়বস্তু লিখো, ধৰক Welcome to Google Docs. |
09:02 | এই ডকুমেন্টত যি কোনো সংযোজন, পৰিবর্তন বা মুছি পেলোৱবোৰ স্বয়ংক্রিয় ভাবে সংৰক্ষণ হব। |
09:08 | উপৰত Help বিকল্পৰ উচৰত All changes saved in Drive এই বার্তাটো চাওক. |
09:14 | এইটোত টিপিলে আমি সোফালে Revision History দেখিব পাৰো। |
09:19 | ইয়াত অন্তিম পৰিমার্জিত তাৰিখ আৰু সময় আছে আৰু লগতে দেখায় যে কি পৰিমার্জিত কৰিছে। |
09:26 | এতিয়াৰ বাবে, এই ডকুমেন্টখন কাৰো সৈতে শেয়াৰ কৰা নাই। |
09:30 | সেয়ে আমি তাৰিখ হিসাবে আজিৰ দিন(Today) আৰু সময়ৰ সৈতে মাত্র এজন ইউসাৰ Rebecca Raymond দেখিব পাৰো। |
09:37 | google doc একাধিক ব্যক্তিৰ সৈতে শেয়াৰ কৰা থাকিলে, পৰিমার্জিত তালিকা প্রতিটো ইউসাৰৰ বাবে পৃথক ৰঙ সহ প্রতিটো ইউসাৰৰ দ্বাৰা কৰা সকলো পৰিবর্তন তালিকাভুক্ত কৰিব। |
09:48 | আমি এই বৈশিষ্ট্য পিছৰ টিউটোৰিয়েলত চাম। |
09:53 | Revision History বন্ধ কৰক। |
09:56 | এই ট্যাব বন্ধ কৰো। google doc স্বয়ংক্রিয়ভাবে সংৰক্ষিত হব। |
10:02 | আৰু এবাৰ, আমি My Drive ত আছো আৰু আমাৰ ফাইল ইয়াত দেখিব পাৰো। |
10:07 | এইটো আৰু এবাৰ খুলিবলৈ এইটোত দুইবাৰ টিপক। |
10:10 | এতিয়া আমি Welcome to Google Docs লাইন দুইবাৰ কপি-পেস্ট কৰিম আৰু তাৰপিছত ট্যাব বন্ধ কৰিম। |
10:17 | এইটো খুলিবলৈ আৰু এবাৰ ফাইলত দুইবাৰ টিপক। |
10:20 | আৰু এবাৰ, Welcome to Google Docs লাইন কপি-পেস্ট কৰক। |
10:26 | এতিয়া Revision History ত টিপক। আমি তাৰিখ-সময়ৰ স্ট্যাম্প আৰু ইউসাৰৰ তথ্য সহ ফাইলৰ সকলো ৰিভিশন দেখিব পাৰো। |
10:36 | একাধিক ৰিভিশন নেদেখা গলে, তেনেহলে তলত Show more detailed revisions বোতামত টিপক। |
10:44 | ৰিভিশনবোৰ, উপৰত সর্বশেষ সংস্কৰণৰ সৈতে সময়ানুক্রমিক হিসাবে সজোৱা আছে। |
10:50 | প্রতিটো ৰিভিশনত টিপক আৰু বুঝক যে এই বৈশিষ্ট্যয়ে কিভাবে কাম কৰে। |
10:55 | এতিয়া এই ডকুমেন্ট অন্য দুই ইউসাৰৰ সৈতে শেয়াৰ কৰো। |
10:59 | ইয়াৰ বাবে, উপৰত সোফালে Share বোতামত টিপক। |
11:03 | অন্যান্য ডায়লগ বাক্সৰ সৈতে Share দেখায়। |
11:07 | People টেক্সট বাক্সত, আমি যাৰ সৈতে এই ডকুমেন্ট শেয়াৰ কৰিব বিচাৰো তাৰ email-id দিব লাগিব। |
11:15 | সেয়ে আমি লিখিম 0808iambecky@gmail.com. |
11:23 | লক্ষ্য কৰক যে আমি আগতে যাক ইমেল পাঠিয়াইছো autofill বৈশিষ্ট্য ইয়াত সেই email-idৰ বাবে উপলব্ধ। |
11:31 | ইয়াত তিনটা মোড আছে যত আমি অন্যান্য ইউসাৰৰ সৈতে ডকুমেন্ট শেয়াৰ কৰিব পাৰো। |
11:36 | এই তিনটা মোড দেখিবলৈ ইয়াত এই বোতামত টিপক:
Can edit Can comment Can view |
11:44 | Can edit বিকল্পয়ে, ডকুমেন্টত অন্যান্য ইউসাৰ সকলক নিজেই পৰিবর্তন কৰাৰ অনুমতি দিয়ে। |
11:51 | Can comment বিকল্পয়ে অন্যান্য ইউসাৰক পৰিবর্তনবোৰৰ বিষয়ে পৰামর্শ দিয়াৰ অনুমতি দিয়ে। |
11:56 | Can view বিকল্পয়ে মাত্র অন্যান্য ইউসাৰক চাবলৈ অনুমতি দিয়ে। |
12:00 | তেখেতলোকে কোনো পৰামর্শ বা পৰিবর্তন কৰিব নোৱাৰে। |
12:04 | এতিয়া Can edit বিকল্প 0808iambecky ক দিয়ো। |
12:09 | লগতে মই stlibreoffice@gmail.com যোগ কৰিম। |
12:16 | দুটা email-id ৰ মাঝত কমা বিভাজক ব্যবহাৰ কৰিব নাপাহৰিব. |
12:21 | যেতিয়াই আমি email-id লিখো, এই উইন্ডোত এটা পৰিবর্তন আহে। |
12:25 | আমি এটা Add a note টেক্সট এৰিয়া পাও। |
12:28 | আমি অন্যান্য ইউসাৰক এই ডকুমেন্ট সম্পর্কিত কিছু তথ্য পঠাব চালে, আমি ইয়াত লিখিব পাৰো। |
12:36 | মই লিখিম Please find attached a document for testing purpose. Kindly modify or suggest, as per the permission given to you.
Thanks Ray.Becky |
12:47 | অবশেষত, শেয়াৰিং প্রক্রিয়া সম্পূর্ণ কৰিবলৈ Send বোতামত টিপক। |
12:52 | এইটোৱে আমাৰ বার্তাৰ সৈতে এটা ইমেল পঠায় আৰু অন্যান্য ইউসাৰৰ সৈতে ডকুমেন্ট শেয়াৰ কৰিবলৈ এটা লিঙ্ক পঠায়। |
12:59 | আৰু এবাৰ Share বোতামত টিপক। |
13:02 | তাৰপিছত Advanced ত টিপক। |
13:05 | এতিয়া, stlibreoffice ৰ ইউসাৰৰ বাবে, আমি শেয়াৰিং মোড Can comment ত সলাব পাৰো। |
13:12 | অবশেষত, Save changes বোতামত টিপক আৰু তাৰপিছত Done ত। |
13:18 | আৰু এই ডকুমেন্ট বন্ধ কৰক। |
13:21 | এতিয়া, ধৰক যে উভয় ইউসাৰ শেয়াৰ কৰা ডকুমেন্টত কিছু পৰিবর্তন কৰে। |
13:27 | কিছুক্ষণ পিছত ডকুমেন্ট আৰু এবাৰ খুলিলে আমি অন্যান্য ইউসাৰৰ দ্বাৰা কৰা সম্পাদনা দেখিব পাৰো। |
13:34 | যিহেতু Stlibreoffice@gmail.com ক মাত্র পৰামর্শৰ অনুমতি আছে আমি ইউসাৰৰ দ্বাৰা প্রদত্ত পৰামর্শ দেখিব পাৰো। |
13:43 | মাউস পৰামর্শ বাক্সক, চেকৰ উপৰত আৰু ক্রস মার্ক্সৰ উপৰত লৈ যাওক। |
13:49 | এই চেক মার্কে কয় যে Accept suggestion আৰু ক্রস মাৰ্কে কয় যে Reject suggestion. |
13:56 | এতিয়া এটা পৰামর্শ গ্রহণ কৰি আৰু অন্যটো বাতিল কৰো। |
14:02 | আমি 0808iambeckyৰ পৰা ইয়াত এটা কমেন্ট দেখিব পাৰো। |
14:07 | ইয়াত আমি এটা Resolve বোতাম দেখিব পাৰো। |
14:11 | ইউসাৰ Can edit বিকল্পৰ সৈতে কমেন্ট টেক্সটত টিপি সেই কমেন্টৰ উত্তৰ দিব পাৰে। |
14:18 | কমেন্ট থ্রেড মুছি পেলাবলৈ Resolve বোতামত টিপক। |
14:22 | আমি 0808iambeckyৰ দ্বাৰা ডকুমেন্টত কৰা কোনো পৰিবর্তন দেখিব নোৱাৰো। |
14:29 | আৰু এবাৰ কৰক, এই ইউসাৰক ডকুমেন্টত এডিট কৰাৰ অনুমতি আছে। |
14:34 | সেয়ে, আমি কিভাবে পাব পাৰো যে সেই ইউসাৰে কি কি পৰিবর্তন কৰিছে? |
14:39 | ইয়াৰ বাবে, আমি আমাৰ Revision History চেক কৰিব পাৰো। |
14:43 | এইটোক খুলিবলৈ আমি File ত টিপিম আৰু See revision history ত। |
14:50 | আমি দেখিব পাৰো যে 0808iambeckyএ কিছু পৰিবর্তন কৰিছে আৰু এইটো এটা ভিন্ন ৰঙত দেখা দিয়ে। |
14:58 | আমি stlibreoffice@gmail.com এৰ দ্বাৰা দিয়া পৰামর্শও চাব পাৰো যি ভিন্ন ৰঙত আছে। |
15:05 | আৰু অবশ্যই, অধিকাৰী হোৱাত, আমি আমাৰ নিজৰ কাম ভিন্ন ৰঙত দেখিম। |
15:11 | এতিয়া Revision History উইন্ডো বন্ধ কৰক। |
15:14 | ডকুমেন্ট শেয়াৰ কৰাৰ আৰু এটা উপায় আছে। Share বোতামত টিপক। |
15:20 | Share with others উইন্ডোত, উপৰৰ সো কোণত, আমি Get shareable link টেক্সট দেখিব পাৰো। এইটোত টিপক। |
15:29 | এইটোৱে কয় যে Anyone with the link can view. |
15:32 | এইটোৱে এই ডকুমেন্টত এটা লিঙ্ক তৈয়াৰ কৰিব। |
15:35 | এতিয়া আমি এই লিঙ্কক যি কোনো email-id ত পঠাব পাৰো, যাৰ মানে হল যাৰ উচৰত এই লিঙ্ক আছে তেখেতে এই ডকুমেন্ট দেখিব পাৰে। |
15:44 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
15:47 | সংক্ষিপ্তকৰণ কৰো। |
15:49 | এই টিউটোৰিয়েলত আমি শিকিছো:
Google Drive অ্যাক্সেস কৰা। ফাইল তৈয়াৰ আৰু আপলোড কৰা। Google Docs তৈয়াৰ কৰা। আৰু শেয়াৰিং বিকল্প ব্যবহাৰ কৰা। |
16:00 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটোৱে প্রকল্পক সাৰংক্ষেপে বোঝায়। যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
16:07 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
16:16 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়. এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
16:27 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |