Introduction-to-Computers/C2/Compose-Options-for-Email/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | নমস্কাৰ দৰ্শক সকল. Compose Options for Emails ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:10 | ইমেল প্রাপক(recipients) সম্পর্কে যি হল To, Cc, Bcc. |
00:16 | ইমেল টেক্সটক ফৰম্যাট কৰা। |
00:19 | ইমেলত ফাইল সংযুক্ত কৰা। |
00:22 | Google Drive দ্বাৰা ফাইল শেয়াৰ কৰা। |
00:25 | ইমেলত এটা ছবি বা লিঙ্ক সন্নিবেশ কৰা। |
00:29 | আৰু Compose উইন্ডো বিকল্প সম্পর্কে। |
00:33 | এই টিউটোৰিয়েলৰ বাবে, এটা কার্যকৰ ইন্টাৰনেট সংযোগৰ প্রয়োজন |
00:38 | আৰু এটা ওয়েব ব্রাউজাৰ। |
00:40 | এইটো বর্ণনৰ বাবে আমি Firefox ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিম। |
00:45 | আৰম্ভ কৰো। |
00:46 | আপোনাৰ ওয়েব ব্রাউজাৰ খুলক আৰু লিখক: http://gmail.com. |
00:55 | Login পৃষ্ঠা খোলে। |
00:58 | যথাযত টেক্সট বাক্সত এটা ইউসাৰনেম আৰু পাসওয়ার্ড লিখক। |
01:04 | লগইন পৃষ্ঠা ইউসাৰনেমৰ সৈতে যদি খুলে, ইয়াৰ মানে হল আপোনি ইতিমধ্যে মেশিনৰ পৰা এই অ্যাকাউন্টটো অ্যাক্সেস কৰিছে। |
01:12 | পাসওয়ার্ড লিখক। |
01:15 | আৰু Sign in বোতামত টিপক। |
01:18 | আমি আমাৰ Gmail পৃষ্ঠাত আছো। |
01:21 | এতিয়া, এটা ইমেল লেখাৰ বাবে উপলব্ধ বিকল্পবোৰ চাও। |
01:26 | সেয়ে, প্রথমে Compose বোতামত টিপো। |
01:31 | Compose উইন্ডো খোলে। |
01:34 | To সেগমেন্ট যত আমি প্রাপক নির্দিষ্ট কৰো। |
01:38 | ইয়াত 3 টা বিকল্প আছে, To, Cc আৰু Bcc |
01:44 | Cc ৰ মানে Carbon Copy আৰু Bcc ৰ মানে হল Blind Carbon Copy. |
01:51 | আমি To ফীল্ডত সেই ব্যক্তিৰ ইমেল এড্রেস যোগ কৰিম যাক আমি ইমেল পঠাব বিছাৰো। |
01:58 | ইয়াত এটা স্ক্রিনশট আছে। |
02:01 | আমি একেই মেল একাধিক ব্যক্তিক পঠাব বিছাৰিলে email-id বোৰ To ফীল্ডত যোগ কৰক। |
02:09 | ইয়াত এটা স্ক্রিনশট আছে। |
02:12 | অন্য এজনক ইমেলৰ এটা কপি চিহ্নিত কৰিবলৈ Cc বিকল্পটো ব্যবহাৰ কৰক। |
02:18 | To আৰু Cc ফীল্ডত চিহ্নিত সকলো প্রাপকে অন্যান্য প্রাপকক দেখিব পাৰে। |
02:25 | ইয়াত এটা স্ক্রিনশট আছে। |
02:28 | আমি অন্য এজনক ইমেলৰ এটা ব্লাইন্ড কপি চিহ্নিত কৰিবলৈ Bcc বিকল্প ব্যবহাৰ কৰিব পাৰো। |
02:34 | এই বিকল্পত, To আৰু Cc ৰ প্রাপকে Bcc ত যুক্ত প্রাপকক দেখিব নোৱাৰে। |
02:42 | Bcc ত থকা প্রাপকে To আৰু Cc ৰ প্রাপকক দেখিব পাৰে। |
02:47 | কিন্তু অন্যান্য Bcc প্রাপকক নহয়। |
02:51 | মেইল পঠোৱা জনে সম্পূৰ্ণ প্রাপকৰ তালিকাখন চাব পাৰে. |
02:55 | ইয়াত এটা স্ক্রিনশট আছে। |
02:58 | গুৰুত্বপূর্ণ নোট: |
03:00 | আমি প্রাপকৰ ফীল্ড To, Cc আৰু Bccত যিকোনো সংখ্যৰ ইমেল এড্রেস জুড়াবলৈ পাৰো. |
03:08 | কিন্তু প্রতিদিনে সর্বোচ্চ প্রাপকৰ সীমা 500 হয়. |
03:13 | প্রতিটো মেল আইডি এটা স্পেস বা কমা বা কোলনৰ দ্বাৰা পৃথক কৰা হৈছে। |
03:20 | এতিয়া Gmail Compose উইন্ডোত উভতি যাও। |
03:25 | ডিফল্টৰুপে কার্সাৰ To ফীল্ডত আছে। |
03:29 | এতিয়া প্রাপকৰ এড্রেস নিম্ন ৰুপত লিখক: |
03:33 | To ফীল্ডত, ইমেল আইডি হিসাবে ray.becky.0808@gmail.com লিখক। |
03:46 | Cc ফীল্ডত, 0808iambecky@gmail.com. |
03:55 | Bcc ফীল্ডত, stlibreoffice@gmail.com আৰু info@spoken-tutorial.org. |
04:10 | Subject লাইনত টিপি আপোনাৰ ইমেলৰ বাবে এটা সংক্ষিপ্ত বিবৰণ লিখক। |
04:15 | আমি লিখিম: Partner with us |
04:19 | বিষয়বস্তুৰ এলাকাত, এই ম্যাসেজটো লিখো। |
04:24 | Spoken Tutorial Project is helping to bridge the digital divide. |
04:29 | Gmail এ আমাক ইমেল বডিত টেক্সটক মৌলিক বিন্যাসৰ(basic formatting)ৰ অনুমতি দিয়ে। |
04:35 | এইটো প্রদর্শিত হৈছে, ডিফল্টৰুপে Compose উইন্ডোৰ তলত। |
04:41 | নহলে, ফর্ম্যাটিং toolbar এক্সেস কৰিবলৈ, Formatting options বোতামত টিপক। |
04:47 | ইয়াত, আমাৰ উচৰত বিভিন্ন fonts, sizes, bold, italic, underline, text color, align, numbered, bulleted lists আৰু indentation বিকল্প আছে। |
05:03 | এই বিকল্পবোৰ একেবাৰে কোনো এটা ওয়ার্ড প্রসেসৰ এপ্লিকেশনৰ নিচিনা। |
05:08 | আপোনি নিজেই এই বিকল্পবোৰ অন্বেষণ কৰিব পাৰে। |
05:12 | আমি এইভাবে আমাৰ টেক্সট ফৰম্যাট কৰো। |
05:16 | ফর্ম্যাটিং toolbar লুকাবলৈ Formatting options বোতামত টিপক। |
05:22 | Compose উইন্ডোত, ফাইল, ফটো, লিঙ্ক আৰু ইমোটিকন যোগ কৰাৰ অনেক বিকল্প আছে। |
05:32 | অন্যৰ সৈতে ফাইল বা ডকুমেন্ট শেয়াৰ কৰিব, |
05:35 | আমি Drive বিকল্প ব্যবহাৰ কৰি ফাইল যুক্ত বা ফাইল সন্নিবেশ কৰিব পাৰো। |
05:41 | সকলো মেল প্রদানকাৰীয়ে এটাচমেন্ট হিসাবে ফাইল পঠোৱাৰ অনুমতি দিয়ে। |
05:46 | আপোনি 25 মেগাবাইট পর্যন্ত ফাইল যোগ কৰিব পাৰে। |
05:51 | ইয়াতচে ডাঙৰ ফাইল পঠাবলৈ, আপোনি Drive বিকল্প ব্যবহাৰ কৰি ফাইল সন্নিবেশ কৰিব পাৰে। |
05:59 | এতিয়া এটা pdf file সংযুক্ত কৰক যাৰ আকাৰ 1MB তচে কম। |
06:04 | Attach file আইকনত টিপক যি এখন কাগজৰ ক্লিপৰ নিচিনা দেখাত হয়। |
06:09 | এইটোৱে ফাইল ব্রাউজাৰ খুলিব। |
06:12 | আপোনি মেলৰ দ্বাৰা পঠাবলগীয়া ফাইল ব্রাউস আৰু নির্বাচন কৰক। |
06:16 | ডেস্কটপৰ পৰা, মই myscript.pdf নির্বাচন কৰিম আৰু Openত টিপিম। |
06:23 | আমি দেখিব পাৰো যে আমাৰ ফাইল আমাৰ মেলত যুক্ত হৈছে। |
06:27 | Attach files বিকল্প ব্যবহাৰ কৰি একাধিক ফাইল একেই মেইলত সংযুক্ত কৰা যাব পাৰে। |
06:34 | আপোনি যুক্ত কৰা এটা ফাইল মুছি পেলাবলৈ ফাইল নামৰ সোফালে x চিন্হত টিপক। |
06:41 | এতিয়া, এটা ফাইল যুক্ত কৰক যি হল 30Mbৰ। |
06:46 | মোৰ ডেস্কটপত এটা zip ফাইল আছে যি আকাৰত 30Mbৰ হয়। |
06:52 | আৰু এবাৰ Attach files আইকনত টিপক। |
06:56 | 30Mb zip ফাইল ব্রাউস আৰু নির্বাচন কৰি Open ত টিপক। |
07:02 | আমি নিম্ন পপআপ ম্যাসেজ পাও: |
07:04 | The file you are trying to send exceeds the 25mb attachment limit |
07:09 | আৰু এইটোৱে Google ড্রাইভ ব্যবহাৰ কৰি পঠোৱাৰ বিকল্প দিয়ে। |
07:14 | Send using google drive বোতামত টিপক। |
07:18 | এইটোক কিছুক্ষণৰ বাবে বন্ধ কৰো। |
07:21 | Insert files using Drive বিকল্পত টিপক আৰু আগৰ মতে একেই উইন্ডোও পাও। |
07:28 | ইয়াত, আমি 3 টা ট্যাব দেখিব পাৰো: |
07:31 | My Drive, Shared with me আৰু Upload. |
07:36 | ডিফল্টৰুপে, যি ফাইল ইতিমধ্যে আপলোড হৈ আছে সেইবোৰ My Drive ট্যাবত উপলব্ধ হয়। |
07:43 | ইয়াত আপোনি এটা ফাইল দেখিব পাৰে। |
07:46 | এইটো অ্যাকাউন্ট তৈয়াৰৰ সময়ত Google টিমৰ দ্বাৰা শেয়াৰ কৰা হৈছিল। |
07:51 | Shared with me ট্যাবত টিপক। |
07:55 | ইয়াত আমি এই ম্যাসেজ দেখো: No one's shared any files with you yet! |
08:00 | কোনোবায়ে যদি আপোনাৰ সৈতে ফাইল শেয়াৰ কৰে, এইটো Shared with Me ট্যাবত থাকিব। |
08:06 | এতিয়া, এটা নতুন ফাইল আপলোড কৰিবলৈ Upload ট্যাবত টিপক। |
08:12 | Select files from your computer বোতামত টিপক। |
08:16 | আপোনাৰ মেশিনৰ পৰা যি ফাইল আপলোড কৰিব বিছাৰে তাক ব্রাউস আৰু নির্বাচন কৰক আৰু Open ত টিপক। |
08:23 | আপোনি আৰু ফাইল যুক্ত কৰিব বিছাৰিলে Add more files বোতামত টিপক। |
08:27 | মই এতিয়া এইটো এড়ি দিম আৰু মাত্র একক ফাইল আপলোড কৰি আগবাঢ়িম। |
08:33 | ফাইল যোগ হোৱাৰ পিছত, আমি উল্লেখ কৰিব লাগিব যে এইটো কিভাবে মেলত সন্নিবেশ কৰা হৈছে। |
08:40 | তলত সোফালে দুটা বোতাম লক্ষ্য কৰক যি কয় যে: |
08:44 | Insert as Drive link আৰু |
08:46 | Attachment |
08:48 | ডিফল্টৰুপে, Insert as Drive link নির্বাচিত। |
08:52 | আমি Attachment নির্বাচন কৰিলে ফাইলটো এটাচমেন্ট হিসাবে সন্নিবেশ হব। |
08:57 | আমি এইটো এইভাবে এৰি দিও. |
09:00 | স্ক্রিনৰ তলত বাও কোণত Upload বোতামত টিপক। |
09:05 | এইটো আপলোড কৰা আৰম্ভ কৰিব, কিন্তু এইটো ইন্টাৰনেট গতিৰ উপৰত নির্ভৰ কৰি কিছু সময় লব পাৰে। |
09:11 | এইটো হৈ গলে, কন্টেন্ট এলাকাত, আপলোড কৰা ফাইলৰ লিঙ্ক দেখিব পাৰিব। |
09:17 | এতিয়া ইমেলত ইমেজ সন্নিবেশ কৰিবলৈ Insert Photo বিকল্পত টিপক। |
09:24 | Upload Photos উইন্ডো খোলে। |
09:27 | আমি কম্পিউটাৰৰ পৰা ফটো আপলোড কৰিব পাৰো বা ইমেজৰ ওয়েবসাইট এড্রেস দি। |
09:34 | এতিয়াৰ বাবে, মই কোনো ইমেজ আপলোড কৰিব নিবিছাৰো। |
09:38 | সেয়ে, আমি Cancel বোতামত টিপিম। |
09:41 | আপোনি নিজেই এই বিকল্পটো অন্বেষণ কৰিব পাৰে। |
09:44 | পৰবর্তী বিকল্প হল Insert Link. এইটোত টিপক। |
09:49 | Edit Link ডায়লগ বাক্স খোলে। |
09:53 | Text to display ফীল্ডত, আপোনি লিঙ্ক হিসাবে যি বিছাৰে সেই টেক্সট লিখক। |
09:58 | মই Spoken Tutorial লিখিম। |
10:02 | Link to বিভাগত, ডিফল্টৰুপে, ওয়েব আড্রেস বিকল্পটো নির্বাচিত। |
10:08 | টেক্সট ফীল্ডত, এই url লিখক http://spoken-tutorial.org |
10:20 | আৰু OK বোতামত টিপক। |
10:23 | এতিয়া, আপোনি কন্টেন্ট এলাকাত Spoken Tutorial টেক্সট দেখিব পাৰে যি হাইপাৰলিঙ্ক কৰা আছে। |
10:29 | হাইপাৰলিঙ্ক কৰা টেক্সটত টিপো। |
10:32 | টেক্সটৰ তলত এটা সৰু পপ উইন্ডো খোলে। |
10:35 | এইটোৱে কয় যে- Go to link: |
10:38 | প্রদর্শিত url ত টিপিলে এইটোৱে স্পোকেন টিউটোৰিয়েল ওয়েবসাইটৰ হোমপেজত লৈ যাব। |
10:45 | url সলাবলৈ বা লিঙ্ক মুছি পেলাবলৈ, আমি যথাক্রমে Change বা Remove বিকল্পত টিপিব পাৰো। |
10:53 | আমি এই ইমোটিকন আইকনৰ সাহায্যে বিভিন্ন পিক্টোৰিয়াল উপস্থাপনা ও সন্নিবেশ কৰিব পাৰো। |
10:59 | যেতিয়াই প্রয়োজন হয়, আপোনাৰ ইমেল যোগাযোগত এই বৈশিষ্ট্য ব্যবহাৰ কৰক। |
11:04 | Trash আইকনৰ পূর্বত Saved টেক্সট লক্ষ্য কৰক। |
11:08 | আমি যেতিয়াই বিষয়বস্তু যোগ কৰো বা মুছি পেলাও, আমাৰ ইমেল ডিফল্ট Drafts ফোল্ডাৰত অটো সংৰক্ষিত হব। |
11:16 | কোনো কাৰণত পাওয়াৰ গুচি গলে বা ইন্টাৰনেট সংযোগ নাথাকিলে এইটো লিখিত ম্যাসেজ উভতি পোৱাত খুবেই সহায়ক হয়। |
11:24 | যদি আমি এই ম্যাসেজ মুছি পেলাব বিছাৰো Trash আইকনত টিপক। |
11:28 | এই ক্রিয়ায়ে Drafts ফোল্ডাৰ পৰাও ইমেলটো মুছি যাব। |
11:34 | Trash আইকনৰ উচৰত থাকা More options বিকল্পত টিপক। |
11:39 | Default to full-screen বিকল্পয়ে Compose উইন্ডোক ডাঙৰ কৰিব। |
11:44 | Label - আমি পিছৰ টিউটোৰিয়েলত এই বৈশিষ্ট্য সম্পর্কে শিকিম। |
11:49 | Plain text mode বিকল্পয়ে আমি কৰা সকলো ফৰম্যাটিং মুছি পেলাই আৰু মেলক প্লেন টেক্সটলৈ ৰুপান্তৰ কৰে। |
11:57 | Print বিকল্পয়ে কম্পোস কৰা মেলক ডিফল্ট কনফিগাৰ কৰা প্রিন্টাৰত পঠাব। |
12:03 | Check Spellingএ লিখিত বিষয়বস্তুৰ বানান ছেক কৰিব। |
12:07 | এতিয়া আমি আমাৰ মেল পঠাবলৈ প্রস্তুত। |
12:09 | Send বোতামত টিপক। |
12:12 | আমি পর্দাত নিম্ন ম্যাসেজ পাও: |
12:15 | This Drive file isn't shared with all recipients. |
12:19 | ইয়াৰ কাৰণ হল আমি এই ইমেলত চিহ্নিত কৰা লোকৰ সৈতে ফাইল শেয়াৰ কৰা নাছিলো। |
12:25 | Share & Send বোতামত টিপক। |
12:29 | পর্দাত, আমি দুটা ম্যাসেজৰ যি কোনো এটা চাম: |
12:32 | আপোনাৰ ম্যাসেজ হয় Sending |
12:34 | বাYour message has been sent' |
12:38 | পঠোৱা মেল চাবলৈ View Message লিঙ্কত টিপক। |
12:43 | আমি ইয়াত যি মেল পঠিয়াইছো, সেই ইমেলৰ বিষয়বস্তু দেখিব পাৰি। |
12:47 | এতিয়া এটা এটা কৰি এইবোৰ চাব পাৰো। |
12:50 | ইয়াত এটাচমেন্ট আছে। |
12:52 | আৰু ইয়াত url লিঙ্ক। |
12:55 | মেল এড্রেসৰ তলত, এটা উল্টা ত্রিভুজ(inverted triangle) আছে যি হেডাৰৰ বিবৰণ দেখায়। |
13:00 | এইটোত টিপো। |
13:03 | আমি To, Cc আৰু Bcc ফীল্ডত সকলো প্রাপকৰ ইমেল-আইডি দেখিব পাৰো। |
13:11 | এতিয়া চাও ইমেল কিভাবে প্রাপকৰ তালিকাত দেখাত হয়। |
13:16 | এইটো প্রাপকৰ ইমেল আইডি হয় যি Cc ত চিহ্নিত আছে। |
13:21 | যি ম্যাসেজ পঠোৱা হৈছে আপোনি সেইবোৰ দেখিব পাৰিব। পড়াৰ বাবে এইটো খুলো। |
13:27 | Show Details ত টিপক। |
13:29 | এইটোৱে To আৰু Ccক দেখায় কিন্তু Bcc প্রাপকক নেদেখায়। |
13:35 | এইটো Bcc ত চিহ্নিত এজন প্রাপকৰ ইমেল আইডি হয়। |
13:41 | আপোনি এতিয়া পঠোৱা ম্যাসেজ দেখিব পাৰে। |
13:43 | পড়াৰ বাবে এইটো খুলো। |
13:46 | Show Details ত টিপক। |
13:49 | আপোনি To, Cc আৰু Bcc প্রাপকৰ বিবৰণ দেখিব পাৰে। |
13:55 | এতিয়া প্রেৰকৰ জিমেল এ্যাকাউন্টত উভতি আহো। |
13:59 | ইয়াত চাওক, আমি Bcc ত 2 জন প্রাপকৰ উল্লেখ কৰিছো। |
14:04 | কিন্তু ইয়াত আমি মাত্র এটা ইমেল আইডি দেখিব পাৰো। অন্যটো দৃশ্যমান নহয়। |
14:10 | এইভাবে Bcc বৈশিষ্ট্যয়ে কাম কৰে। |
14:13 | আশা কৰো আপোনি পৰিষ্কাৰভাবে পার্থক্য বুঝিব পাৰিছে। |
14:17 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
14:20 | সংক্ষিপ্তকৰণ কৰো। |
14:22 | এই টিউটোৰিয়েলত আমি শিকিছো: |
14:25 | ইমেলৰ প্রাপক যি হল To, Cc, Bcc |
14:30 | ইমেলৰ টেক্সট ফৰম্যাটিং। |
14:33 | ইমেলত সংযুক্ত ফাইল। |
14:36 | Google Drive দ্বাৰা শেয়াৰ কৰা ফাইল। |
14:39 | ইমেলত ফটো বা লিঙ্ক সন্নিবেশ কৰা আৰু |
14:43 | Compose উইন্ডো বিকল্প সম্পর্কে। |
14:47 | এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
14:52 | এইটোক ডাউনলোড কৰি চাওক। |
14:55 | আমি কর্মশালাৰ আয়োজন কৰো আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ো। |
15:01 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
15:04 | স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
15:11 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
15:16 | এই টিউটোৰিয়েলটো IIT Bombay ত স্পোকেন টিউটোৰিয়েল প্রকল্প দ্বাৰা কৰা হৈছে। |
15:21 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |